written by | October 11, 2021

WhatsApp মাৰ্কেটিং

×

Table of Content


WhatsApp মাৰ্কেটিং কি আৰু ইয়াৰ দ্বাৰা কেনেদৰে ব্যৱসায় প্ৰসাৰ কৰিব পাৰি

প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰৰ লগে লগে বিভিন্ন  ক্ষেত্ৰত পৰিৱৰ্তনশীল মাৰ্কেটিং তথা ব্যৱসায়ৰ সূচনা হৈছে। ডিজিটেল যুগৰ সূচনাৰ লগে লগে পৰম্পৰাগত ব্যৱসায়ৰ সম্প্ৰসাৰণৰ বাবে নানান পদ্ধতি অৱলম্বন কৰা হৈছে। অতি কম সময়তে বেছি মানুহৰ মাজলৈ এক বাৰ্তা প্ৰেৰণ কৰা মাধ্যমসমূহৰ মাজত বৰ্তমান হোৱাটচ এপৰ জনপ্ৰিয়তা অতি বেছি।ব্যক্তিগতভাৱে অথবা সমূহীয়াভাবে এটি গ্ৰুপৰ মাজত নিজৰ যিকোনো ব্যৱসায়ৰ প্ৰচাৰ কৰিবলৈ এইয়া এক অতি  উৎকৃষ্ট মাধ্যম।এটি সাধাৰণ উদাহৰণ এইখিনিতে আমি লব পাৰো যে বৰ্তমান সময়ছোৱাত লকডাউন,মহামাৰী আদিয়ে জুৰুলা কৰি থৈ  যোৱাৰ পিছত বহুতৰে ব্যৱসায় বাণিজ্যত যথেষ্ট ক্ষতিসাধন হৈছে।তথাপিতো সেই পৰিস্থিতি মোকাবিলা কৰিবলৈ আৰু নিজৰ জীৱনটো আগৰদৰেই আগুৱাই নিবলৈ বহুসংখ্যক লোকে ডিজিটেল মাধ্যমৰ সহায় লৈছে। আত্মনিৰ্ভৰশীল ভাৰতৰ আহ্বানত সঁহাৰি জনাই বহুতেই অকল চাকৰিৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকি ব্যৱসায়ৰ ক্ষেত্ৰটো সমানে মনোনিবেশ কৰিছে।

       কোনো ধৰণৰ বিনিয়োগ নকৰাকৈ নিজৰ ব্যৱসায় তথা বস্তুৰ বিষয়ে আনক জনোৱাৰ সহজ উপায় হ‘ল হোৱাটচএপ। আপোনাৰ পচন্দ আৰু ৰুচি অনুযায়ী যিকোনো ব্যৱসায়ৰ আৰম্ভণি কৰি প্ৰথমে সেইয়া হোৱাটচএপৰ জৰিয়তে নিজৰ আত্মীয়–স্বজন তথা বন্ধু–বৰ্গৰ মাজত প্ৰচাৰ আৰম্ভ কৰক। তাৰ পিছত এই কামখিনিকেই এটি প্ৰফেছ‘নেল লুক দি আগবঢ়াৰ চেষ্টা কৰক। আপোনাৰ সামগ্ৰী যদি তেওঁলোকে ভাল পায় নিশ্চয়কৈ তেওঁলোকেও নিজৰ ফ্ৰেইণ্ড লিষ্টৰ আটাইলৈকে এই ব্যৱসায়ৰ সামগ্ৰীসমূহৰ বিৱৰণ পঠিয়াব আৰু ইচ্ছুক ব্যক্তিয়ে নিজৰ পচন্দানুযায়ী সেই সামগ্ৰী ক্ৰয় কৰিব পাৰে। এনেদৰেই প্ৰথমে গঢ় লৈ উঠক আপোনাৰ সপোনৰ ব্যৱসায়ৰ।

হোৱাটচএপ মাৰ্কেটিং এটি নতুন ধাৰণা যদিও অতি কম সময়ৰ ভিতৰতে ই যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। কাৰণ ইয়াৰ বহল পৰিসৰে অকল নিজৰ ঠাইতেই নহয় তাৰ উপৰিও আন্তৰ্জাতিক বজাৰতো সম্ভাব্য গ্ৰাহকৰ বৃদ্ধি কৰিব পাৰে। থলুৱা উৎপাদিত সামগ্ৰীৰ ভালদৰে কৰা বাণিজ্যিকীকৰণে বস্তুৰ চাহিদা বৃদ্ধিত সহায় কৰিব। প্ৰতিটো দিনেই মাত্ৰ অলপ সময় বিনিয়োগ কৰি কম সময়তে বহুখিনি মানুহৰ মাজলৈ নিজৰ আইডিয়া আৰু সামগ্ৰীৰ বিতৰণ হোৱাটচ এপে অতি সুন্দৰকৈ কৰিব পাৰে। প্ৰতিদিনে যদি এজন ব্যৱসায়ীয়ে অলপ সময় হ‘লেও নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে হোৱাটচএপত সময় বিনিয়োগ কৰে তেনেহ‘লে ইয়াৰ অতি সুন্দৰ ফল তেওঁ পাব পাৰে।কেৱল মাত্ৰ মনোৰঞ্জনৰ বাবে হোৱাটচএপ ব্যৱহাৰ কৰাতকৈ ইয়াৰ জৰিয়তে যে মাৰ্কেটিং কৰি উপাৰ্জন ও কৰিব পাৰি সেইয়া হয়তো বহুতৰে জ্ঞাত নহয়।

২০০৯ চনৰ ৩ মেত আনুষ্ঠানিকভাৱে  প্ৰথম হোৱাটচ এপ মুকলি কৰা হয়। আমেৰিকাই বনোৱা এইবিধ চফটৱেৰে অতি কম সময়ৰ ভিতৰতে যুৱ প্ৰজন্ম তথা প্ৰতিজনৰ মাজত বিশেষ সঁহাৰি লাভ কৰে। লাহে লাহে ভাৰতবৰ্ষতো প্ৰতিজন ব্যক্তিৰ এণ্ড্ৰইদ মোবাইলত স্থান পালে হোৱাটচ এপে। সুৰক্ষিত মেছেজ লগতে বিভিন্ন ধৰণৰ বিশেষত্বই হোৱাটচ এপক কৰি তুলিলে আৰু আকৰ্ষণীয়। আমি যদি এটি আন্তৰ্জাতিক ফোন কৰিব লগা হয় তেনেহ‘লে যথেষ্ট পইচা খৰচ কৰিব লগা হয়। প্ৰতি মিনিট বা চেকেণ্ডৰ হিচাপত ভৰিব লগা হয় বৃহৎ ধনৰাশি। কিন্তু হোৱাটচ এপৰ পৰিসৰিত বিশেষ গুণবোৰত বিনামূলীয়া ফোনকলৰ ব্যৱস্থা আছে  যাৰ কাৰণে আমি যিকোনো ঠাইত থকা ব্যক্তিৰ লগত বিনামূলীয়াকৈ কথা পাতিব পাৰো।

ব্যৱসায়িক ভিত্তিক হোৱাটচ এপ মাৰ্কেটিংৰ প্ৰসাৰ আৰম্ভ হোৱাৰ লগে লগে নানান ধৰণৰ আকৰ্ষণীয় ফীচাৰছ যোগ কৰি গ্ৰাহকক আকৰ্ষণ কৰিবলৈ  বাণিজ্যিকীকৰণ কৰা হৈছে। উদাহৰণস্বৰূপে, মোবাইলত এটি হোৱাটচ নম্বৰ বিশেষভাৱে অকল ব্যৱসায় সংক্ৰান্তীয় কামৰ বাবে ৰাখিব লাগে। বিজনেচ প্ৰফাইলবোৰৰ প্ৰফেশ্যনেল লুক এটাতথকাটো বাঞ্ছনীয় যাতে আনে ভাবিবলৈ বাধ্য হয় যে এই প্ৰফাইলটোৰ লগত জড়িত মানুহজন নিজৰ ব্যৱসায় লৈ যথেষ্ট চিৰিয়াছ আৰু তেওঁ নিজৰ ব্যৱসায়টোক অতি গুৰুত্বসহকাৰে লৈছে। প্ৰফাইল মেইনটেনেঞ্ছ অতি গুৰুত্বপূৰ্ণ যিহেতু প্ৰথম ইম্প্ৰেচনেই শেষ ইম্প্ৰেচন। গ্ৰাহকৰ লগত এটি সম্পৰ্ক স্থাপন হোৱাৰ লগে লগে সেইয়া যাতে চিৰস্থায়ী হয় তাৰ ওপৰত ও গুৰুত্ব দিব লাগে কাৰণ ব্যৱসায় বাণিজ্য এদিনীয়া বস্তু নহয়। গ্ৰাহকৰ বিশ্বাস আৰু আস্থাৰ প্ৰতি সন্মান জনাই ব্যৱসায়ীজনেও নিজৰ বস্তুৰ মানদণ্ড উন্নত কৰি ৰাখিব লাগে।

বিজনেচ প্ৰফাইল এটি প্ৰস্তুত কৰি তোলাৰ লগে লগে পৰৱৰ্তী পৰ্য্যায়টো হল নিজৰ কণ্টেক্ত লিষ্টৰ মানুহখিনিৰ লগত যোগাযোগ আৰম্ভ কৰা লিষ্টৰ মানুহখিনি প্ৰথমে কিছুমান লেবেল দি সেইখিনি ভাগ কৰি লব লাগে। আগ্ৰহী গ্ৰাহক , সম্ভাব্য গ্ৰাহক তথা নিশ্চিত গ্ৰাহকৰ তালিকা এখন বনাই লওক। প্ৰতিটো  ভাগত আপোনাৰ চিনাকী মানুহৰ নামবোৰ ভৰাই লৈ সেই অনুযায়ী কামবোৰ কৰিবলৈ আৰম্ভ কৰক। প্ৰডাক্ট ডিটেইলছ আৰু তাৰ বিশেষত্ব সমূহ সুন্দৰকৈ লিখি প্ৰতিজন ব্যক্তিলৈ প্ৰেৰণ কৰক। আকৰ্ষণীয় ফটোসহ বিৱৰণ দি গ্ৰাহকক আকৃষ্ট কৰাৰ এইয়া এক উত্তম উপায়।

যিহকল ব্যক্তিয়ে আপোনাৰ ব্যৱসায়ৰ বিষয়ে হোৱাটচ এপ মাৰ্কেটিংৰ জৰিয়তে অৱজ্ঞ হ‘ল তেওঁলোকে নিশ্চয়কৈ আপোনাক যোগাযোগ কৰিব। দাম আৰু প্ৰডাক্ট কোৱালিটীৰ বিষয়ে বিশদ বিৱৰণ তথা ডেমো প্ৰকাক্ট তেওঁলোকে চাব বিচাৰিব পাৰে যাৰ বাবে ব্যৱসায়ী হিচাপে আপোনাৰ দায়িত্ব হ‘ব এই আটাইখিনি বস্তু সুন্দৰকৈ পৰিচালনা কৰা। তেওঁলোকৰ লগত মেছেজ অথবা হোৱাটচ এপ কলৰ জৰিয়তে যোগাযোগ কৰি এই বিষয়ে সম্যক জ্ঞান দিব পাৰে। তেওঁলোকেও এই বিষয়ত যি ধৰণৰ  প্ৰশ্ন বা জানিবৱগীয়া কিবা থাকে আপোনাৰ পৰা উত্তৰ পাব পাৰে। ব্যক্তিগতভাৱে কথা পতাৰ ফলত দুয়োপক্ষৰ মাজত এক বিশ্বাস আৰু বুজাবুজিয়ে গঢ় লয়।  এটি ব্যৱসায় দীৰ্ঘদিনীয়া হবলৈ হলে উভয়পক্ষৰ  মাজত  এটি সু সম্পৰ্কৰ অতি প্ৰয়োজন।

হোৱাটচ এপ মাৰ্কেটিংত আৰু এটা জৰুৰী দিশ হ‘ল কমিউনিকেচন অৰ্থাৎ উভয়পক্ষৰ মাজত বাৰ্তা বিনিময়। যেতিয়াই কোনোবা ব্যক্তিয়ে মেছেজ দিয়ে পৰাপক্ষত লগে লগে তাৰ উত্তৰ দিবলৈ যত্ন কৰা উচিত যাতে সম্ভাৱ্য গ্ৰাহকে তেওঁৰ প্ৰতি সেইয়া এক ইতিবাচক সঁহাৰি বুলি ধৰি লয়। সম্ভাষণ জনোৱা, বিভিন্ন ধৰণৰ অফাৰ , নতুন প্ৰডাক্টৰ বিষয়ে জনোৱা ইত্যাদি কাৰণত হোৱাটচ এপ যোগে একে সময়তে বহুতো ব্যক্তিলৈ মেছেজ পঠাব পাৰি। এই সুবিধাবোৰৰ বাবে হোৱাটচ এপক ব্যৱসায়িক দৃষ্টিভংগীৰে এক সফল মাধ্যম বুলি কব পাৰি। এই ব্যৱসায়ক সফল কৰি তুলিবলৈ  প্ৰফেচ‘নেল ব্যৱসায়ী হিচাপে সময় দিয়াটো উচিত। এখন দোকান খুলি গোটেই দিনটো তাত বহাটো যেনেকৈ এখন নিৰ্দি ষ্ট ৰুটিনৰ মাজেৰে অতিবাহিত হয় ঠিক তেনেকৈ হোৱাটচ এপ মাৰ্কেটিংত ও এক নিৰ্দিষ্ট সময় দিয়াটো অতি জৰুৰী। আপোনাৰ সময় আৰু বুদ্ধিমত্তা লগতে  আনৰ লগত ৰখা সুম্পৰ্কই কৰি তুলিব পাৰে এক সফল ব্যৱসায়ী হিচাপে। লগতে গ্ৰাহকৰ যিকোনো প্ৰশ্ন আৰু মনৰ খুদুৱনিৰ উত্তৰসমূহ যিমান পাৰে সিমান সুন্দৰকৈ বুজাই দিয়াৰ চেষ্টা কৰক যাতে তেওঁলোকৰ মনত বস্তু এটা ক্ৰয় কৰাৰ আগতে  কোনোধৰণৰ খুদুৱনি নাথাকে। তাৰ পিচৰ পৰ্যায়ত আহে গ্ৰাহকৰ অৰ্ডাৰ। হোৱাটচ এপঐ জৰিয়তে তেওঁলোকে পচন্দ কৰা সামগ্ৰীসমূহৰ অৰ্ডাৰ কৰিব। অতি নিখুতভাৱে এখন তালিকা বনাই প্ৰতিজন গ্ৰাহকৰ বিৱৰণ সহ তেওঁলোকে পচন্দ কৰা বস্তুখিনিৰ নাম আৰু দাম লিখি ৰাখক। ডেলিভাৰীৰ আগতে পুনৰ এবাৰ আটাইবোৰ বস্তু ভালদৰে মিলাই চাওক যাতে একো ভূল ৰৈ যোৱা নাই। 

ব্যৱসায়ী হিচাপে সফল হবলৈ হ‘লে একাগ্ৰতা,নিষ্ঠা তথা নিয়মানুৱৰ্তী হোৱা অতি প্ৰয়োজন। হোৱাটচ এপ মাৰ্কেটিংৰ জৰিয়তে বৰ্তমান বহু উদ্যমী পুৰুষ –মহিলাই নিজকে এক সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা কৰিছে। পৰম্পৰাগত পদ্ধতিৰে আৰম্ভ কৰা এটি ব্যৱসায়ৰ বাবে ঠাই , যথেষ্ট মূলধন আৰু লগতে বহুধৰণৰ বিনিয়োগ আহি পৰে  যাৰ বাবে কম মূলধন থকা ব্যক্তিয়ে বহুতো সা–সুবিধাৰ পৰা বঞ্ছিত হয়। কিন্তু হোৱাটচ এপ এনেকুৱা এখন মঞ্চ যত বিনিয়োগ, এডভাৰটাইজিং, মেছেজ তথা ফোনকল আদি বহু সুবিধা বিনামূলীয়া।গতিকে এই সুবিধাবোৰ গ্ৰহণ কৰি এজনে নিজকে ব্যৱসায়ী হিচাপে আত্মনিবেশ কৰিব পাৰে। 

প্ৰযুক্তিবিদ্যাৰ অৱদানেৰে পৰিপুষ্ট এনেকুৱা সুবিধাবোৰ লৈ ব্যৱসায়িক কামত হোৱাটচ এপক আগবঢ়াই নি নিজক প্ৰতিষ্ঠা কৰক। এক বিনামূলীয়া সেৱা যিহেতু পাই আছে তেনেহ‘লে সেই সেৱাৰ উপযুক্ত প্ৰয়োগ কৰি লাভৱান হোৱাহে কথা। গতিকে নিজৰ ব্যৱসায় হোৱাটচ এপৰ জড়িয়তে প্ৰসাৰ কৰক আৰু লাভৱান হওক।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।