written by | October 11, 2021

মোবাইল দোকান প্ৰতিষ্ঠা কৰাৰ বাবে এখন সম্পূৰ্ণ গাইড।

×

Table of Content


    আপুনি নিজৰ মোবাইলৰ দোকান কেনেদৰে খুলিব

আজিৰ যুগত আটাইতকৈ ব্যৱহাৰ হোৱা বস্তুটোৱেই হৈছে মোবাইল। মানুহে সকলো বাদ দি থাকিব পাৰে কিন্তু মোবাইল অবিহনে এক মূহৰ্তও থাকিব নোৱাৰে।ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে চকুৰ আগত মোবাইলটো লৈ থকাটো এক প্ৰকাৰ অভ্যাস হৈ পৰিছে। চছিয়েল মিডিয়া ব্যৱহাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইৰ খবৰ, বেংকি,অনলাইন অৰ্ডাৰ আৰু শেহতীয়াকৈ আৰম্ভ হোৱা অনলাইন শিক্ষাৰ বহুল ব্যৱহাৰে মোবাইলক মানৱ জীৱনৰ অবিচ্ছেদ্য অংগ কৰি তুলিছে।আগতে মোবাইলৰ ব্যৱহাৰ ইমান নাছিল যদিও এণ্ড্ৰইডৰ প্ৰচলনে প্ৰতিটো বয়সৰ মানুহক শিশুৰ পৰা বৃদ্ধলৈ মোবাইলৰ প্ৰতি আসক্ত কৰি তুলিছে। আৰু জিও নেটৱৰ্কৰ আনলিমিটেড ডাটাৰ ব্যৱহাৰে মোবালকেই  নিজৰ বন্ধু বুলি আকোৱালি লৈছে।  

মোবাইল ফোনৰ ব্যৱসায়টো এতিয়াৰ দিনত এক বজাৰ দখল কৰা ব্যৱসায়। দিনে দিনে মোবাইল ব্যৱহাৰ কৰা লোকৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে আৰু অনাগত দিনবোৰত আৰু বৃদ্ধি হোৱাৰ সম্পূৰ্ণ আশা আছে। মোবাইলৰ লগত আনুষংগিক বস্তুৰ ব্যৱসায় ও কৰাৰ ভালেখিনি অৱকাশ আছে। মোবাইলৰ দোকান এখন খোলাৰ আগতে কেইবাটাও কাৰকৰ প্ৰতি লক্ষ্য ৰাখি এক সঠিক পৰিকল্পনাৰ মাজেদি আগবাঢ়িব।

 

মোবাইলৰ লিষ্ট

দোকান খোলাৰ আগতে বজাৰত কি কি কোম্পানীৰ মোবাইলে দপদপাই আছে, কোন কোমানীৰ মোবাইলে শীৰ্ষস্থান দখল কৰি আছে সেইটো খবৰ কৰক। এটা সময়ত মট’ৰলা নকিয়া আদিয়ে দপদপাই থকা বজাৰখনত বৰ্তমান ৰেডমি,ভিভ’ আদিয়ে স্থান দখল কৰিছে। গতিকে বজাৰৰ অৱস্থা কেতিয়া সলনি হয় আপুনি নিজেও গম নাপাব। সেইকাৰণে মোবাইলৰ দোকান খোলাৰ আগতে এই অৱস্থাবোৰৰ ওপৰত নজৰ দিব লাগে। বিভিন্ন কোম্পানীৰ মোবাইলসমূহৰ এখন লিষ্ট তৈয়াৰ কৰি লওক আৰু কোনবিধ মোবাইল বৰ্তমান সময়ত আটাইতকৈ বেছি গ্ৰাহকৰ প্ৰিয় পইণ্ট আউট কৰক। যিহেতু মাৰ্কেট ট্ৰেণ্ডৰ মতেহে গ্ৰাহকেও মোবাইল নিৰ্বাচন কৰিব সেই কাৰণে মোবাইল দোকান খোলাৰ আগত এইখিনি চাই লব লাগে।

 

মোবাইলৰ আনুষংগিক বস্তুৰ ব্যৱসায়

মোবাইলৰ লগতে মোবাইলৰ আনুষংগিক আন আন বস্তু যেনে ব্লুটুথ,হেডফোন,চাৰ্জাৰ,পাৱাৰ বেংক, কাভাৰ, মোবাইল কেচ আদি নানান ধৰণৰ ইলেকট্ৰনিক সামগ্ৰী আজিকালি উপলদ্ধ। গ্ৰাহকে মোবাইল কিনাৰ লগতে তাৰ লগত ব্যৱহাৰ কৰিব পাৰা অতিৰিক্ত সামগ্ৰীবোৰ কিনি লয়।গতিকে আপোনাৰ মোবাইল দোকানৰ ব্যৱসায়ত অকল মোবালেই নহয় তাৰ লগত জড়িত হব পৰা আন বস্তুবোৰৰো বিক্ৰী হোৱাৰ সম্ভাৱনা অধিক।

 

গ্ৰাহক

মোবাইলৰ দোকানখন খোলাৰ লগে লগে আপোনাৰ কাম হব সম্ভাৱ্য গ্ৰাহক বিচৰা। মোবাইলৰ দোকানখন যদি একেবাৰে চহৰাঞ্চলত অৱস্থিত তেনেহলে সেই ঠাইৰ মানুহৰ জীৱনশৈলী,জীৱিকা,উপাৰ্জন আদিৰ লগত মিলাকৈ মোবাইলো আধুনিক প্ৰযুক্তি যুক্ত হব যিয়ে গ্ৰাহকৰ সকলো কাম অতি সহজে সম্পন্ন কৰিব পাৰে।কিন্তু মোবাইলৰ দোকানখন যদি অলপ ভিতৰুৱা অঞ্চলত হয় তেনেহলে সেই ঠাইৰ গ্ৰাহকৰ প্ৰয়োজন অনুসৰি অলপ কম মূল্যৰ মোবাইল বেছিকৈ দোকানত ৰাখিলে ভাল। 

 

প্ৰযুক্তিৰ জ্ঞান

এণ্ড্ৰইড মোবাইলবোৰত আজিকালি নানান ধৰণৰ নতুন নতুন বৈশিষ্ট উপলদ্ধ। প্ৰতিটো সংস্কৰণৰ পিছতে উন্নীতকৰণ হৈ থাকে। মোবাইলৰ দোকানৰ  ব্যৱসায়ী হোৱাৰ লগতে প্ৰযুক্তিৰ জ্ঞান থকাটোও জৰুৰী। গ্ৰাহকে মোবাইলত থকা বৈশিষ্টসমূহৰ বিষয়ে জানিব বিচৰাৰ লগতে মোবাইলৰ দোকানী হিচাপে বহু ক্ষেত্ৰত মতামতো বিচাৰিব। গতিকে এজআ গ্ৰাহকৰ প্ৰয়োজন অনুসৰি তেওক কেনেকুৱা ধৰণৰ মোবাইলে খাপ খাব সেইটো পৰামৰ্শ দিয়াৰ দায়িত্ব মোবাইল দোকানৰ দোকানীজনৰ। 

 

স্থান নিৰ্বাচন

মোবাইলৰ দোকান এখন খোলোতে ব্যৱসায়ী হিচাপে স্থান নিৰ্বাচন কৰাতো এটা টান কাম। কাৰণ সেই স্থান নিৰ্বাচন কৰি দোকান খোলোতে গ্ৰাহকৰ আহ-যাহৰ ওপৰত নিৰ্ভৰ কৰিব। চহৰাঞ্চলৰ এখন দোকানৰ কাৰণে মানুহৰ সঘন আহ-যাহ হোৱা অঞ্চলত দোকান দিব লাগে। এইটো ঠিক কৰি লব যে বিশেষ কোনটো ব্ৰেণ্ডৰ দোকান আপুনি দিব বিচাৰে। কিছুমান প্ৰাৰম্ভিক পৰ্যায়ৰ দোকানত ব্ৰেণ্ডেও সহায় কৰে। বজাৰত মোবাইলৰ দোকান বহু বেছি আছে কিন্তু তাৰ ভিতৰতো আপোনাৰ দোকানখনে অদ্বিতীয় হৈ থিয় দিব পৰাৰ কৃতিত্ব ব্যৱসায়ী জনৰ ওপৰত। গাও অঞ্চলত দোকান-পোহাৰ তুলনামূলকভাৱে কম। গতিকে এখন সুন্দৰকৈ প্ৰতিষ্ঠা কৰা মোবাইলৰ দোকানে যথেষ্ট খিনি গ্ৰাহকক আকৰ্ষিত কৰিব। এখন চকুত লগা আকৰ্ষণীয় দোকানৰ অৱস্থিতিয়ে বাটেৰে যোৱা মানুহকো এবাৰ দোকানত সোমাই যাবলৈ বাধ্য কৰিব। গাও হওক বা চহৰেই হওক যিমানেই প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰ হৈছে সিমানেই এণ্ড্ৰইড মোবাইলৰ প্ৰয়োগ সকলো দিশতে বৃদ্ধি হৈছে। সৰু সৰু প্ৰতিটো কথাৰ কাৰণে মোবাইল আৰু ইণ্টাৰনেটৰ সহায় নোহোৱাকৈ যেন একোৱেই সম্পূৰ্ণ নহয়। ছাত্ৰ-ছাত্ৰীৰ পঢ়া- শুনাৰ পৰা আৰম্ভ কৰি সকলোৰে কামত অহাকৈ মোবাইলৰ প্ৰয়োজন সকলোৰে। গতিকে মোবাইল দোকানৰ ব্যৱসায় এটা অতি লাভজনক আৰু ভৱিষ্যমুখী ব্যৱসায়।

 

মূলধন আৰু বিনিয়োগ

ব্যৱসায় যিয়েই হওক, আৰম্ভণিতে ঢেৰ পইচা বিনিয়োগ কৰাটো উচিত নহয়। বজাৰৰ অৰ্থনৈতিক অৱস্থাতো চাইহে তাত কিমান বিনিয়োগ কৰিব সেইটো সিদ্ধান্ত লওক। প্ৰতিটো ব্ৰেণ্ডৰ মোবাইলৰ দাম বেলেগ আৰু বজাৰত গ্ৰাহকৰ দাবীও বেলেগ বেলেগ।আপোনাৰ মোবাইলৰ ব্যৱসায়ৰ দোকানত সম্ভাৱ্য গ্ৰাহকৰ পচন্দ আৰু দাবী অনুযায়ী মোবাইল ফোনৰ ষ্টক কৰক।প্ৰথমে কমকৈ আৰু লাহে লাহে সেই বিক্ৰীৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্তী ষ্টক ৰাখক। এনেদৰে আপোনাৰ মোবাইলৰ ব্যৱসায়ত গ্ৰাহকৰ মনৰ কথাও বুজিব লগতে  বিনিয়োগ ও বুজন পৰিমাণত হব। ইয়াৰ উপৰিও দোকানৰ ভাড়া, ইলেকট্ৰিচিটী বিল, কৰ্মচাৰীৰ দৰমহা আদিও আছেই। গতিকে আৰম্ভণিতে এই আটাইবোৰ দিশ সামৰি খৰচ আৰু উপাৰ্জনৰ হিচাপবোৰ লিখি গলে শেষত হিচাপ উলিয়াবলৈ কোনো সমস্যা নহয়।

 

প্ৰতিদ্বন্দী

ব্যৱসায়ত প্ৰতিদ্বন্দ্বী থাকিবই । আপুনি মোবাইলৰ দোকান এখন দিয়াৰ আগতে মনত ৰাখিব যে বজাৰত ইতিমধ্যে বহুতো মোবাইলৰ দোকানে এই ব্যৱসায়ত জড়িত হৈ আছে । সেই আটাইবোৰৰ মাজত আপুনি কিদৰে নিজৰ ব্যৱসায়ত অদ্বিতীয় হৈ গ্ৰাহকক সেৱা আগবঢ়াব সেইটোহে লক্ষণীয় হব।ব্ৰেণ্ডিং আৰু গ্ৰাহক সেৱাই এটি ব্যৱসায়ক আনৰ পৰা পৃথক কৰি তোলে। অকল মোবাইল দোকানৰ ব্যৱসায়ৰ পৰা বিক্ৰীয়েই নহয় তাৰ পিছতো  গ্ৰাহকৰ তৰফৰ পৰা যিকোনো  অভাৱ অভিযোগৰ বাবে সদায় সেৱাৰ মনোভাৱেৰে প্ৰস্তুত থাকিব লাগে।

মোবাইল ফোন এটা কিনাৰ লগে লগে তাৰ সকলো প্ৰয়োজন শেষ হৈ নাযায়। চফটৱেৰ আপদেট কৰা,নতুন চফটৱেৰ ইনষ্টল কৰা, তাক উন্নীত কৰণ কৰিবলৈ আনুষংগিক বস্তু কিনা,বেটাৰী বা চাৰ্জাৰৰ সমস্যা ইত্যাদি নানান কাম পিছলৈও থাকে। মোবাইলৰ দোকানৰ ব্যৱসায়টো অকল এবাৰতেই গ্ৰাহকৰ লগত সম্পৰ্ক শেষ হোৱা ব্যৱসায় নহয়।

 

আইনী কামবোৰ

দোকানখন আৰম্ভ কৰোতে প্ৰথম সেই নিৰ্দিষ্ট ঠাইত পাতিব পৰাকৈ অনুমতি পত্ৰৰ প্ৰয়োজন। তাৰ পিছত আহিব দোকানখন পঞ্জীয়ন কৰাৰ প্ৰক্ৰিয়া।মোবাইল ব্যৱসায়ৰ দোকান এখন খুলিবলৈ লগা আটাইখিনি আইনী প্ৰক্ৰিয়াৰ কাম কৰি নথি-পত্ৰ সকলো ঠিকে-ঠাকে ৰাখক। 

   তাৰ উপৰি আপোনাৰ মোবাইল দোকানখনে বিশেষকৈ কোনটো ব্ৰেণ্ডৰ লগত ব্যৱসায় স্থাপন কৰিব বিচাৰিছে তেওলোকৰ লগতো লেন দেনৰ এখন চুক্তি পত্ৰ বনাই থোৱাটো প্ৰয়োজন নহলে পিছত কিমান বিক্ৰীৰ ওপৰত কিমান লাভ হল,তেওলোকে কিমান অংশ পাব এই আটাইবোৰৰ বিস্তৃত বিৱৰণ থকাটো অতি দৰকাৰী। এজন পেছাদাৰী ব্যৱসায়ীৰ লক্ষণ এইটোৱেই যে তেওৰ লগত আটাইবোৰ যাৱতীয় কাগজ-পত্ৰ সঠিকভাৱে আছে। 

এই আটাইখিনি নিয়মাৱলী অনুসৰণ কৰি আপুনি মোবাইলৰ দোকানৰ ব্যৱসায়ৰ কাৰণে আগবাঢ়িব পাৰে। বৰ্তমান বিশ্বৰ ভিতৰতে মোবাইল আৰু ছচিয়েল মিডিয়া ব্যৱহাৰ কৰা দেশৰ শাৰীত ভাৰত অগ্ৰণী স্থানতেই আছে । মোবাইলৰ ব্যৱহাৰ আৰু মানুহৰ ইয়াৰ প্ৰতি আসক্তিয়ে ভাৰতত মোবাইল ব্যৱসায়ত বিনিয়োগৰ কাৰণে বাট মুকলি কৰি দিছে। ভৱিষ্যতেও এই বজাৰখনত বিনিয়োগ আৰু লাভ অৰ্জনৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ এক সুন্দৰ উপাৰ্জনৰ পথ মুকলি কৰি অৰ্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ এই সুযোগ এৰি নিদিব। কম মূলধনেৰে প্ৰথম এই ব্যৱসায়  আৰম্ভ কৰি লাহে লাহে প্ৰসাৰ কৰি সুন্দৰকৈ লাভ অৰ্জনৰ দিশে আগবাঢ়ক।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।