written by | October 11, 2021

বিউটি পাৰ্লাৰৰ ব্যৱসায়

×

Table of Content


বিউটী পাৰ্লাৰৰ ব্যৱসায়িক পৰিকল্পনা,ইয়াৰ সুবিধাসমূহ। কেনেদৰে এখন বিউটী পাৰ্লাৰ আৰম্ভ কৰিব

এজন বিউটীচিয়ানৰ হাতৰ পৰশত সাধাৰণ ৰূপেও অসাধাৰণ হিচাপে বিকশিত হয়।বৰ্তমান যুগত মানুহ আটাইতকৈ বেছি সচেতন হয় স্বাস্থ্য আৰু সৌন্দৰ্যক লৈ। অকল মহিলা বুলিয়েই নহয়,পুৰুষ-মহিলা উভয়ে আজিকালি নিজক লৈ অধিক সজ্ঞান হোৱা দেখা গৈছে। নিশ্চয়কৈ এইয়া এক ভাল খবৰ। স্বাস্থ্য আৰু সৌন্দৰ্যৰ  প্ৰতি সচেতন ব্যক্তি এজনৰ আত্মবিশ্বাস বাঢ়ে, স্বাস্থ্য ভালে থাকে আৰু  তেও নিজৰ লগতে আনকো সুন্দৰ দৃষ্টিৰে চাব লয়।সৌন্দৰ্য চৰ্চা অকল আজিৰ দিনৰে বিষয়বস্তু নহয়। এইয়া  যুগ যুগ ধৰি চলি আহি আছে। প্ৰাচীন কালত নানান ধৰণৰ প্ৰাকৃতিক উপাদানেৰে তৈয়াৰী সৌন্দৰ্য বৰ্ধক সামগ্ৰীৰে নিজৰ সুন্দৰতা অটূত ৰখা হৈছিল। ভাৰতবৰ্ষত পুৰণি বহু কিতাপত এনেবোৰ কথাৰ উল্লেখ আছে।অতীতত ৰূপচৰ্চা কৰাৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লৈ সেই মতে প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিছিল।  গতিকে এই প্ৰাচীনকলীয়া আটাইৰে পচন্দৰ বিষয়বস্তু এটাক যদি আমি আজি আধুনিক যুগত সেই একেদৰেই উপস্থাপন কৰি ব্যৱসায় হিচাপে আৰম্ভ কৰো তেনেহলে তাতকৈ ভাল কথা চাগে আৰু একো নহব।বিয়া-সবাহ,নানান উৎসৱ ,ঘৰুৱা পৰ্ব,টি ভি শ্বো, ফুৰিবলৈ যোৱা , আনকি ছচিয়েল মিডিয়াত লাইভ অহা বা ফটো দিয়ালৈকে আজিকালি আটাইয়ে পেছাদাৰী বিউটী পাৰ্লাৰ ব্যৱসায়ৰ লগত জড়িত মানুগ বিচাৰে। বিউটী পাৰ্লাৰৰ ব্যৱসায় কেনেদৰে কৰিব তাৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম।

এক ব্যৱসায়িক চিন্তাধাৰা

বিউটী পাৰ্লাৰৰ ব্যৱসায়ত নামাৰ আগতে আপুনি মানসিকভাৱে প্ৰস্তুত হৈ লওক যে আপুনি এগৰাকী পেছাদাৰী ব্যৱসায়ী আৰু আপোনাৰ ব্যৱসায়ৰ প্ৰতি আপুনি একান্তভাৱে নিয়োজিত। এটা প্ৰসাধনৰ ব্যৱসায় আৰম্ভ কৰিবলৈ যিখিনি নীতি- নিয়ম পালন কৰিব লাগে। আপোনাৰ ব্যক্তিত্ব,ব্যৱহাৰ, সাজ-পোচাকত আপোনাৰ সেই ভাব ফুটি উঠাটো প্ৰয়োজন যাতে গ্ৰাহকে আপোনাৰ পাৰ্লাৰত আহিয়েই এটা মনৰ সন্তুষ্টি লাভ কৰে।

   আপোনাৰ বিউটী পাৰ্লাৰৰ ব্যৱসায়ৰ বাবে এটা নাম নিৰ্ধাৰণ কৰক যিটোৱে আপুনি প্ৰদান কৰা সেৱাৰ লগত গ্ৰাহকে নিজক সংযুক্ত কৰিব পাৰে।

স্থান নিৰ্বাচন

প্ৰথমে আপোনাৰ বিউটী পাৰ্লাৰ ব্যৱসায়ঘৰৰ পৰাই আৰম্ভ কৰক। নিজৰ ঘৰ অথবা ভাড়া লোৱা এটা স্থানৰ পৰা এই ব্যৱসায় আৰম্ভ কৰক। আৰম্ভণিতে ডাঙৰ ঠাই এটি ভাড়ালৈ লৈ মূলধন বিনিয়োগ কৰাতকৈ পৰাপক্ষত নিজৰ ঘৰৰ পৰাই কৰিওে ভাল।এটি ব্যৱসায়ৰ আৰম্ভণিতে বিভিন্ন কামত ধন বিনিয়োগ কৰিব লগা হয়। গতিকে হিচাপমতে খৰচ কৰি প্ৰতিটো বিভাগত যিমান পাৰি সিমান খৰচ কমাবলৈ চেষ্টা কৰিব লাগে। কিন্তু পিছলৈ বিউটী পাৰ্লাৰ খন প্ৰসাৰ কৰিব পৰা এটা ব্যৱস্থা ৰাখিব লাগে কাৰণ স্পা,ফেচিয়েল আদি কামৰ বাবে  গ্ৰাহকৰ সুবিধা অনুযায়ী বেছি ঠাইৰ প্ৰয়োজন হয়।

বিশেষজ্ঞ নিয়োগ কৰক

বিউটী পাৰ্লাৰৰ কামটোত জ্ঞান আৰু অভিজ্ঞতা দুয়োটাই প্ৰয়োজনীয়। প্ৰসাধনৰ সামগ্ৰীবোৰ যিমান পাৰি প্ৰাকৃতিক উপাদানৰ লব লাগে যাতে ছাল অথবা চুলিৰ কোনো ক্ষতি নহয়। বিউটী পাৰ্লাৰৰ কাম শিকা বিশেষজ্ঞই  আপোনাৰ গ্ৰাহকৰ বাবে সঠিক সামগ্ৰী পৰীক্ষা কৰি কি উপাদান কিমান পৰিমাণত দিব লাগিব আৰু কিমান কমাব লাগিব তেও কব পাৰিব। লগতে কেনেধৰণৰ চুলিৰ ষ্টাইল বা কেনেকৈ সাজ সজ্জাৰ লগত মিলাকৈ কি মেক -আপ খাপ খাব তাৰো পৰামৰ্শ দিব পাৰে।এটি দীৰ্ঘদিনীয়া ব্যৱসায়ৰ কাৰণে গুণাগুণ অটুট থকাটো খুবেই জৰুৰী যাতে ভৱিষ্যতলৈ গ্ৰাহকে আপোনাৰ সামগ্ৰীৰ ওপৰত বিশ্বাস কৰিব পাৰে। ব্ৰাইডেল মেক-আপৰ আজিকালি যথেষ্ট গুৰুত্ব। জীৱনৰ সেই বিশেষ দিনটোৰ বাবে যিমান  পইচা খৰচ কৰি হলেও নিজক শ্ৰেষ্ঠ ৰূপত দেখিবলৈ ইচ্ছা কৰে। গতিকে প্ৰশিক্ষণপ্ৰাপ্ত অভিজ্ঞ বিউটিচিয়ান এজনে এইখিনি কাম নিখুতকৈ কৰিব পাৰে।

পঞ্জীয়ন আৰু অনুমতি পত্ৰ

আপুনি বিউটী পাৰ্লাৰৰ ব্যৱসায় কৰাৰ আগতে পঞ্জীয়নৰ কামখিনি ঠিকে-ঠাকে কৰি লব।দোকান খুলিবলৈ অনুমতি পত্ৰ আৰু আন যাৱতীয় অনুমতিৰ বাবে সকলো কাম পৰ্যায়ক্ৰমে কৰি লওক। 

       ব্যৱসায় অনলাইনে হওক বা দোকানৰ জড়িয়তেই হওক যাৱতীয় তথ্যপাতি সঠিকভাৱে থাকিব লাগে।লকডাউনত বহুদিন বন্ধ হৈ থকা পাৰ্লাৰৰ ব্যৱসায়ৰ লগত জড়িতসকলে গ্ৰাহকৰ পৰা অনলাইন এপইণ্টমেণ্ট লৈ ঘৰতে সেৱা আগবঢ়াব পাৰে।

এডভাৰটাইজিং

বিউটী পাৰ্লাৰৰ ব্যৱসায়ৰ এডভাৰটাইজিংয়ে আপোনাৰ সেৱা  আৰু গ্ৰাহকৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰিব। এডভাৰটাইজিংৰ কামটো হল যিকোনো বস্তু বা সেৱাৰ গুণাগুণ সহকাৰে তাৰ বহুল প্ৰচাৰ কৰা।বৰ্তমান যুগত নানান ধৰণৰ এডভাৰটাইজিংৰ সহায়ত গ্ৰাহকক আকৃষ্ট কৰা হয়। বজাৰত প্ৰতিটো বস্তুৱেই হওক বা নৱ গঠিত কোম্পানী এটিয়ে হওক সকলোৰে প্ৰতিদ্বন্দ্বী থাকে। বজাৰত তিষ্ঠি থাকিবলৈ হলে নিজৰ কোম্পানীৰ সামগ্ৰীৰ গুণাগুণ অদ্বিতীয় হব লাগিব। আপুনি সামগ্ৰীৰ এডভাৰটাইজিংৰ সময়ত গ্ৰাহকক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিলেহে আপোনাৰ প্ৰসাধনৰ ব্যৱসায়ে  বজাৰত ভালদৰে  খোপনি পুতিব। যিকোনো ব্যৱসায়ত গ্ৰাহকৰ সন্তুষ্টিয়েই সৰ্বোত্তম আৰু তেওলোকৰ  মতামতৰ ওপৰত নিৰ্ভৰ কৰে ভৱিষ্যতৰ গ্ৰাহকসমূহ। 

সামাজিক মাধ্যম

গ্ৰাহকে আজিকালি চছিয়েল মিডিয়াত সঘনাই দেখা বস্তুবোৰ আৰু সেইবোৰৰ ওপৰত আনে দিয়া মতামতবোৰ চাইহে বহুখিনি সিদ্ধান্ত লয়। আপোনাৰ বিউটী পাৰ্লাৰৰ  ব্যৱসায় আৰম্ভ কৰাৰ সমান্তৰালভাৱে ৱেৱছাইট, ব্লগ অথবা আপোনাৰ সেৱা  ব্যৱহাৰ কৰা গ্ৰাহকক সেই বিষয়ে তেওৰ অভিজ্ঞতাৰ কথা লিখিব কব পাৰে। ৱেৱছাইটত সেৱাসমূহৰবিৱৰণ দিয়ক। ব্লগত প্ৰতিদিনে এটা হলেও আপদেট দিয়ক যাতে সম্ভাৱ্য গ্ৰাহকৰ দৃষ্টিৰ পৰা আপোনাৰ  ব্যৱসায়ৰ কোনো এটা খবৰ আতৰি নাযায়। সামাজিক মাধ্যমে আপোনাৰ বিউটী পাৰ্লাৰৰ ব্যৱসায়ত যথেষ্ট গ্ৰাহক আনিব পাৰে। ব্ৰাইডেল মেক-আপ,মেহেন্দী আদিৰ বাবে আগতীয়াকৈ অনলাইন বুকিংৰ ব্যৱস্থা কৰক।

 গ্ৰাহকে  আগতীয়াকৈ অনলাইনত বুকিং কৰি থলে সেই মতে আপোনাৰ আৰু গ্ৰাহকৰ উভয়ৰে বহুত সুবিধা হয় আৰু আপুনি তেও বিচৰা ধৰণে সেৱা আগবঢ়াব পাৰে। নিয়মিত গ্ৰাহকৰ কাৰণে কিছু  দাম ৰেহাই দিব পাৰে। তেওলোকে আপোনাৰ সেৱাৰ দ্বাৰা উপকৃত হৈ আপোনাৰ বিউটী পাৰ্লাৰৰ ব্যৱসায়ৰ কথা আনকো কব যাৰ দ্বাৰা গ্ৰাহক বৃদ্ধি হব।

প্ৰসাধন আৰু বিউটী পাৰ্লাৰৰ  সামগ্ৰীৰ বজাৰখনে এক বিস্তৃত পৰিসৰ দখল কৰি আছে। সকলো সময়তে এগৰাকী পুৰুষ বা মহিলাই নিজক শ্ৰেষ্ঠ দেখাবলৈ লগতে নিজৰ পৰিচৰ্যাৰ নামত এক বুজন পৰিমাণৰ ধন খৰচ কৰিবলৈ কুণ্ঠাবোধ নকৰে। আজিকালি সৰু-সুৰা কিবা পৰ্বই হওক বা বিয়া-সবাহৰ দৰে ডাঙৰ অনুষ্ঠান হওক নতুন নতুন মেক-আপ  বা হেজাৰ ডিজাইনিংৰ অঘোষিত প্ৰতিযোগিতা। চছিয়েল মিডিয়া ট্ৰেণ্ডেও আজিকালি মানুহৰ মাজত জীৱনশৈলীৰ পৰিৱৰ্তন ঘটিছে। গতিকে বিউটী পাৰ্লাৰৰ ব্যৱসায় আৰম্ভ কৰিব খোজাটো এটা অতি লাভজনক আৰু সুবিধাজনক উপায়। নিষ্ঠা,সততা আৰ পৰিশ্ৰমেৰে আগবঢ়া ব্যৱসায়ে আপোনাক উন্নতিৰ শিখৰলৈ লৈ যাব। থ্ৰেডিং, হেয়াৰ কাটৰ পৰা আৰম্ভ কৰি ফেচিয়েল, মেনিকিউৰ,পেডিকিউৰ এতিয়া প্ৰতিজনৰে জীৱনৰ এটি অবিচ্ছেদ্য অংগ। আৰম্ভণিৰ পিছৰে পৰা সময়ে সময়ে আপোনাৰ সেৱাৰ উন্নীতকৰণ কৰি থাকক। আৰম্ভণিতে যিকোনো ব্যৱসায়ে কিছুমান বাধা-বিঘিনিৰ মাজেৰে আগবাঢ়ে। তথাপি মনোবল অটুট ৰাখি আপোনাৰ বিউটী পাৰ্লাৰৰ ব্যৱসায় আগবঢ়াই লৈ যাওক। আৰম্ভণিৰে পৰা প্ৰতিটো বস্তুৰ লগত জড়িত হিচাপবোৰ সুন্দৰকৈ লিখি যাওক যাতে বিনিয়োগবোৰ গম পোৱা যায়। আপুনি যিহেতু ঘৰৰ পৰাই পাৰ্লাৰৰ ব্যৱসায় আৰম্ভ কৰিব সেই ক্ষেত্ৰত কিছুমান বিভাগত আপুনি খৰচ নকৰিলেও সমস্যা নাই। উৎসৱ অনুযায়ী দাম ৰেহাই অথবা ফ্ৰী সেৱাৰ  প্ৰস্তাৱ দিয়ক। কিবা সমস্যা থাকিলেও প্ৰাৰম্ভিক পৰ্যায়তেই সমাধান কৰাৰ চেষ্টা কৰক। সম্পূৰ্ণ নিজস্ব প্ৰচেষ্টাৰে আৰম্ভ কৰা এই ব্যৱসায়ে আপোনাৰ লগতে বহুতকে  স্বাৱলম্বিতাৰ পথ দেখুৱাব আৰু আনকো অনুপ্ৰাণিত কৰিব।বিউটী পাৰ্লাৰৰ ব্যৱসায়ত ভৱিষ্যতলৈ যথেষ্ট সম্ভাৱণা আৰু লাভ অৰ্জনৰ বাট আছে । গতিকে দেৰী নকৰি আপুনিও এই ব্যৱসায়ত আগবাঢ়ক।আনৰ ওপৰত নিৰ্ভৰ কৰাতকৈ নিজৰ হাতৰ বিদ্যাত বিশ্বাস ৰাখক।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।