written by | October 11, 2021

বস্ত্ৰ উৎপাদনৰ ব্যৱসায়।

×

Table of Content


টেক্স্টাইলৰ(বস্ত্ৰশিল্প) ব্যৱসায় কেনেদৰে আৰম্ভণি কৰিব

আমি কি পিন্ধো বা দেখিবলৈ কেনে  এই প্ৰশ্নটো প্ৰত্যেকৰে মনৰ। মাত্ৰ নতুন ষ্টাইল বা ৰঙৰ পোছাক পৰিধান কৰিলেই নহয় লগতে কাপোৰসাজৰ গুণগত মানদণ্ডটোও জনাটো উচিত। অনলাইন সেৱাসমূহত এই বিষয়ে সকলো বিৱৰণ লিখা থাকে। আজিকালি কাপোৰৰ গুণগত মানদণ্ডৰ ওপৰত মানুহৰ জ্ঞান বাঢ়িছে। যিকোনো পোছাক তেতিয়াহে ভাল লাগে  যেতিয়া কাপোৰসাজৰ গুণগত মানদণ্ড উচ্চ হয়। কাপোৰৰ প্ৰকাৰ এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। বজাৰত বিভিন্ন ধৰণৰ কোৱালিটিৰ কাপোৰ  উপলব্ধ। টেক্স্টাইল এনে এক মেটেৰিয়েল য‘ত বহু ধৰণৰ উপাদানেৰে আমি ভাল ভাল কাপোৰ তৈয়াৰ কৰো । এনে কাপোৰবোৰেৰে বিচনা চাদৰ, চোফা কভাৰ ইত্যাদি বনোৱা হয়।  টেক্স্টাইলৰ (বস্ত্ৰৰ) উৎপাদন, বিক্ৰী আৰু খুচুৰা ব্যৱসায় এই সকলোবোৰ টেক্স্টাইল ব্যৱসায়ৰ অংশ। এই উদ্যোগটো আজিৰ সময়ৰ এটা অতি লাভজনক আৰু দ্ৰুতগতিত আগবঢ়া ব্যৱসায়। কেৱল স্হানীয় বজাৰতেই নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ভাল ব্যবসায় এই ক্ষেত্ৰখনৰ। ভাৰতৰ টেক্স্টাইলৰ খণ্ডটোৱে ২০২০ চনৰ শেষলৈকে ২৩০ বিলিয়ন ইউ এছ ডলাৰৰ ব্যৱসায় কৰাৰ সম্ভাৱনা আছে। আনুমানিক ভাৰতৰ টেক্স্টাইলৰ উৎপাদন  চাৰি ভাগৰ এভাগ মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি হয়। এই ব্যৱসায়ৰ জৰিয়তে  আপুনি বিশ্বৰ ভিতৰতে ফেশ্বন আৰু ডিজাইনিং উদ্যোগৰ লগত এটা ব্যৱসায়িক  সম্পৰ্ক গঢ়ি তুলিব পাৰে। টেক্স্টাইল ব্যৱসায়টো  দুই ধৰণৰ,এটাৰ দ্বাৰা সকলো ধৰণৰ বস্ত্ৰ  বিক্ৰী কৰিব পাৰি আৰু আনটোৰ দ্বাৰা কেৱল মাথো নিদিষ্ট কিছুমান বস্ত্ৰহে বিক্ৰী কৰিব পাৰি।

এই ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে কেতবোৰ জানিবলগীয়া লাগতিয়াল কথা— 

আকাৰ নিৰ্ধাৰণ কৰিব 

টেক্স্টাইলৰ(বস্ত্ৰশিল্প) ব্যৱসায়ত আগবাঢ়িবৰ বাবে বহু সুবিধা আছে। কিন্তু মনত ৰাখিব যাতে আপুনি এটা নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছে। সেই ব্যৱসায়ত আপুনি এশ শতাংশ দিব লাগিব। আপোনাৰ ক্ষমতা অনুসৰি আপোনাৰ ব্যৱসায়ৰ আকাৰ নিৰ্ধাৰণ কৰিব। ব্যৱসায়ত ভাল,বেয়া দিন আহিব পাৰে যিকোনো সময়ত । সকলো দিশৰ বাবে সাজু থাকিব। অপ্ৰয়োজনীয় খৰছ নকৰিব। আৰম্ভ কৰাৰ সময়ত এইটো বিবেচনা কৰাৰ প্ৰয়োজন যে আপোনাৰ দোকানৰ পৰা গ্ৰাহকে  কেনেধৰণৰ  সুবিধা লাভ কৰিব। আপুনি দোকানখন কেনেদৰে দিয়ে সেয়া আপুনি বিবেচনা কৰিব ।

সামগ্ৰী নিৰ্ধাৰণ কৰিব

বহু ধৰণৰ ডিজাইন বৰ্তমান বজাৰত উপলব্ধ।সেয়ে প্ৰথমে বাচি লব কোনখিনি আপোনাৰ ব্যৱসায়ৰ বাবে প্ৰয়োজনীয়। আপুনি  কেৱল মহিলাৰ সাজ পোচাক যেনে চুৰিদাৰ, শাৰী নে পুৰুষৰ সাজ পোচাক যেনে চাৰ্ট ইত্যাদি সামগ্ৰী নাইবা ঘৰ সজোৱা পৰ্দা, কাৰ্পেট ইত্যাদি বিক্ৰী কৰিব? বৰ্তমান বজাৰত বহু ধৰণৰ সামগ্ৰী আছে সেয়ে সামগ্ৰী ভালদৰে বাচনি কৰিব। যদিহে আপুনি আপোনাৰ  ব্ৰেন্দ লৈ সামগ্ৰী বিক্ৰী কৰিব তেন্তে বজাৰৰ সৈতে সামঞ্জস্য ৰাখি আপোনাৰ সামগ্ৰী ৰ মূল্য নিৰ্ধাৰণ কৰিব। আপুনি কেনেদৰে গ্ৰাহকক আকৰ্ষিত কৰিব পাৰে সেয়া শিকি লব। বিক্ৰী সোনকালে হোৱা সামগ্ৰীবোৰ বেছিকৈ ৰাখিব। অৰ্ডাৰৰ পূৰ্বে সাৱধান হওঁক। যি কোনো সামগ্ৰী নাৰাখিব। এই ব্যৱসায়টোত আপোনাৰ লাভ হোৱাতো নিশ্চিত কিন্তু আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কেনেধৰণে প্ৰডাক্টবোৰ ৰাখে । 

মূলধন

হস্ততাত বস্ত্ৰশিল্পৰ (টেক্স্টাইল)ব্যৱসায়ত বহু ধৰণৰ সা সঁজুলি আৰু কেচা সামগ্ৰী প্ৰয়োজন। সেয়ে এই ব্যৱসায়ত বিনিয়োগৰ পৰিমাণ বেছি। ব্যৱসায়টো আৰম্ভ কৰাৰ পূৰ্বে ই পৰিয়ালৰ সদস্য, বন্ধুবান্ধৱ, আত্মীয় স্বজন সকলোৰে পৰা টকা পইচা ৰ ব্যৱস্থা কৰি লোৱা উচিত।সেয়ে সুচাৰুৰূপে ব্যৱসায় আগবঢ়োৱাৰ বাবে বিত্তীয় দিশটো খুউব গুৰুত্বপূৰ্ণ।এজন ব্যৱসায়ীৰ সকলো ব্যৱসায়ৰ লগতে ব্যক্তিগত বিলবোৰ পৰিশোধ কৰাৰ বাবে পৰ্যাপ্ত অৰ্থ অথাৎ ধন থকা উচিত। 

লাইসেন্স আৰু অনুমতি পত্ৰ 

ভাৰতত যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এই দুয়োটা খুবেই প্ৰয়োজন। মনত ৰাখিব যাতে আপুনি চৰকাৰী অনুমতি পত্ৰ লাভ কৰে। ভৱিষ্যতে কোনো বিপদৰ সন্মুখীন নহয়। ব্যৱসায়ৰ বহুতো অনুজ্ঞাপত্ৰ আছে। যেনে ব্যৱসায়ৰ নাম ৰেজিট্ৰেশ্যন, ঠাইডোখৰৰ অনুমতি পত্ৰ,জি এছ টি পঞ্জীকৰণ, ট্ৰেড লাইসেন্স আৰু বহুতো। এইবোৰ লাভ কৰাৰ পাছতহে দোকান খুলিবলৈ পাৰিব। যদিহে আপুনি আপোনাৰ ব্ৰেন্দ বনাই তেন্তে পেটেন্ট লবলৈ নাপাহৰিব। 

ঠাই আৰু সৰঞ্জাম 

যদিহে আপুনি উৎপাদন নাইবা আন ব্ৰেন্দৰ সামগ্ৰী বিক্ৰী কৰিছে তেন্তে আপোনাক এডোখৰ ঠাইৰ আৱশ্যক হব।মনত ৰাখিব যাতে আপোনাৰ ঠাইডোখৰ ডিজাইনাৰ,টেইলাৰ, সহায়কাৰী সকলেও ব্যৱহাৰ কৰিব পৰা জোখাৰে  হয়। ইয়াত যিহেতু কেঁচা সামগ্ৰী আৰু মেচিনৰ প্ৰয়োজন সেয়ে এইবোৰ সা সঁজুলিৰো যোগাৰ কৰিব। 

সঠিক ডিষ্ট্ৰীবিউটৰ বাচনি কৰক 

প্ৰথমতেই এইটো কৰণীয়। এই ব্যৱসায়  ডিষ্ট্ৰীবিউটৰ নোহোৱাকৈ খোলা টান। সেয়ে এখন তালিকা প্ৰস্তুত কৰক কি কি সেৱা আগবঢ়াব । ডিষ্ট্ৰীবিউটৰে যাতে আপোনাক উন্নত মানৰ সামগ্ৰীৰ যোগান ধৰিব পাৰে। যদিহে আপুনি সামগ্ৰীখিনি নিজেই প্ৰস্তুত কৰিছে তেন্তে কেঁচা সামগ্ৰীবোৰ সময়মতে আৰু কম দামত পাবৰ বাবে ও প্ৰয়োজন।মনত ৰাখিব যাতে আপোনাৰ গ্ৰাহকে সূদা হাতে উভতিব লগা নহয়।স্হানীয় বজাৰত আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ বিচাৰিব। মনত ৰাখিব আপুনি যদি গ্ৰাহকক কিবা প্ৰতিশ্ৰুতি দিয়ে তেন্তে সেয়া সদায়েই বজাই ৰাখিব। যিহেতু এই ব্যৱসায়  সুনামেৰেহে চলে। 

কেল ফৰ লোকেল 

স্হানীয় বুটিক আৰু দৰ্জীৰ সহায় লব আৰু সিহঁতক চেম্পলবোৰ দিব।  যাতে  আপোনাৰ দোকানৰ বিষয়ে প্ৰচাৰ চলাব পাৰে। পৰাপক্ষত তেওঁলোকক ৰেহাই দিব। এনে কৰিলে বজাৰ বেয়া হ‘লেও আপোনাৰ সামগ্ৰী বিক্ৰী অব্যাহত ৰাখিব পাৰিব। 

ছচিয়েল মিডিয়া আৰু মাৰ্কেটিং 

আপোনাৰ সামগ্ৰীবোৰ অনলাইন যোগে বিক্ৰী কৰিবৰ বাবে ভাল এটা ৱেবছাইট বনাব।আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী।গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক। ৰেহাইৰ সুবিধা আগবঢ়াওক। লিফটলেট, পাম্পলেট আদি প্ৰচাৰ পত্ৰিকাৰে বজাৰ দখলৰ চেষ্টা চলাওক। পাৰিলে হোৱাটছ এপৰ জৰিয়তে গ্ৰাহকক ৰেহাই মূল্য ৰ বিষয়ে অৱগত কৰিব।সৰুকৈ ঠায়ে ঠায়ে হৰ্ডিং আৰু বেনাৰো লগাব।

এটা ব্ৰেন্দ আৰু লগ

আপোনাৰ উৎপাদিত সামগ্ৰীবোৰ বিক্ৰী কৰিবলৈ এটা ব্ৰেন্দ নাম আৰু এটা লগ‘ বনাব লাগিব। বজাৰত বহু ব্ৰেন্দ উপলব্ধ। জনপ্ৰিয় ৰেমণ্ড, বৰ্ধমান ইত্যাদি ব্ৰেন্দ সমূহৰ নাম বোধহয় আপুনি শুনিছে। সেয়ে আপোনাৰো যদি নিজা নাম প্ৰতিষ্ঠিত কৰাৰ ইচ্ছা নামটো পেটেন্ট কৰিব। 

এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এই ব্যৱসায়টো আপোনাৰ বাবে নতুন,সেয়ে  বেয়া দিনৰ বাবেও সাজু থাকিব । সঠিক পৰিকল্পনা আৰু মাৰ্কেটিং কৰাৰ পাছতো কেতিয়াবা ব্যৱসায়ত উন্নতি নহয় তেতিয়া আপুনি ভালদৰে পৰ্যবেক্ষণ আৰু দৃঢ়প্ৰতিজ্ঞ হব। যিকোনো ব্যৱসায়ত ভাল বেয়া সকলো দিন আহে। আপুনি সংকল্প লৈ আগবাঢ়িব। যদিহে আপুনি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এইটো এটা সঠিক সময়।

শুভকামনাৰে

 

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।