written by | October 11, 2021

জীম অথবা শৰীৰ চৰ্চাৰ ব্যৱসায়।

×

Table of Content


জীমৰ ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব 

আপুনি নিশ্চয় কোৱা শুনিছে শৰীৰটো এটা মন্দিৰ,আপোনাক ডাঙৰ সকলে নিশ্চয় কয় শৰীৰটো প্ৰতিপালন কৰিবলৈ। সেয়ে দৈনিক এনে কাম কৰিব লাগে যাতে আপোনাৰ দেহাটো সুস্থ থাকে। শৰীৰ সুস্থ-সবল হৈ থাকিলেহে কৰ্মোদ্যমৰ গৰাকী হৈ সকলো কাম সুকলমে সম্পন্ন কৰাটো সম্ভৱ। এনে শৰীৰৰ অধিকাৰীয়ে বেমাৰ-আজাৰ দূৰ কৰি জীৱণ ধাৰণ সাৰ্থক কৰিব পাৰে। দেহ সুস্থ-সবল কৰি ৰাখিবলৈ ঘাইকৈ নিয়মিতভাৱে সুষম খাদ্য গ্ৰহণ তথা ব্যায়ামৰ অনুশীলন কৰাটো অত্যাৱশ্যকীয়। বহুতো লোকে আজিকালি ব্যয়াম কৰিবলৈ লৈছে যাৰ নিয়মীয়া অনুশীলনে শৰীৰ সুস্থ-সবল কৰি দীৰ্ঘ জীৱন দান দিয়াৰ উপৰি বাৰ্দ্ধক্য প্ৰতিৰোধ কৰে।শৰীৰ চৰ্চা কেন্দ্ৰসমূহ অকল যে শৰীৰ গঠনতে ব্যৱহৃত তেনে নহয়, ইয়াত এজন মানুহৰ জীৱনটোৱে পূৰ্নতা পোৱাৰ সুবিধা পায়। কিয়নো এজন মানুহে নিজস্ব জ্ঞানবুদ্ধিৰে জীৱনত সকলো আহৰণ কৰিব পাৰে। নোৱাৰে যদি কেৱল এক ধুনীয়া অবয়বৰ সুস্থ শৰীৰ। জীৱনত সৰ্বোচ্চ উপাৰ্জনকাৰীয়েও সকলো থকা সত্ত্বেও জীৱনটো উপভোগ কৰিব নোৱাৰে একমাত্ৰ এটা ৰুগীয়া শৰীৰৰ বাবেই।জীমৰ ইতিহাস পুৰণি, গ্ৰীচৰ পৰা আহিছে জীম অথাৎ শৰীৰ চৰ্চা। আনহাতে বহু লোকে অভিনয় মডেলিঙৰ যোগেদি নিজকে সুন্দৰ ৰূপত প্ৰদৰ্শন কৰিবলৈ আগ্ৰহ কৰে।নিয়মিত শৰীৰ চৰ্চাই শৰীৰৰ গঠন সুন্দৰ আৰু দৃষ্টিনন্দন কৰি তোলে।যাৰ কাৰণে বহু লোকে জীমৰ প্ৰতি আগ্ৰহী হৈ পৰিছে।

সময়ৰ লগে লগে শৰীৰ চৰ্চাৰ প্ৰতি মানুহৰ আকৰ্ষণ বৃদ্ধি পাইছে। জীম একে এক ব্যৱসায় য’ত স্বাস্থ্যৰ সজাগতা আৰু উপাৰ্জন দুয়োটাই কৰিব পাৰি। এই দিশটোলৈ লক্ষ্য কৰি বহু যুৱকে জীমৰ ব্যৱসায় আৰম্ভ কৰিছে।

যদি আপুনি জীমৰ ব্যৱসায়ৰ প্ৰতি আগ্ৰহী তেন্তে এই নিবন্ধটোৱে আপোনাক সহায় কৰিব। 

১) কি কি সেৱা আগবঢ়াব 

এটা জীমৰ ভিতৰত বহু সেৱা উপলদ্ধ। যোগসাধনা, জুম্বা, জুছ বাৰ, প্ৰটিন কাউন্টাৰ আৰু বহুতো আছে। সেয়ে আপুনি এইবোৰ আপোনাৰ জীমত উপলব্ধ কৰাব পাৰে যাতে আপোনাৰ গ্ৰাহকে ভিন্ন ধৰণৰ সুবিধা লাভ কৰিব পাৰে। 

২)ব্যৱসায়ৰ আকাৰ 

এই ব্যৱসায় ত আগবাঢ়িবৰ বাবে বহু সুযোগ সুবিধা আছে । কিন্তু মনত ৰাখিব ইয়াৰ বাবে  আপোনাৰ সময় প্ৰয়োজন। আপোনাৰ জীমত এনেবোৰ সুবিধা ৰাখিব যাতে নতুন নতুন  গ্ৰাহকক আকৰ্ষিত কৰিব পাৰে আৰু আপুনি লাভান্বিত হ’ব পাৰে। 

৩)লাইসেন্স আৰু অনুমতি পত্ৰ 

ভাৰতত যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এই দুয়োটা খুবেই প্ৰয়োজন। মনত ৰাখিব যাতে আপুনি চৰকাৰী অনুমতি পত্ৰ লাভ কৰে। ভৱিষ্যতে কোনো বিপদৰ সন্মুখীন নহয়। ব্যৱসায়ৰ বহুতো অনুজ্ঞাপত্ৰ আছে। যেনে ব্যৱসায়ৰ নাম ৰেজিট্ৰেশ্যন, ঠাইডোখৰৰ অনুমতি পত্ৰ,জি এছ টি পঞ্জীকৰণ, ট্ৰেড লাইসেন্স আৰু বহুতো। এইবোৰ লাভ কৰাৰ পাছতহে ব্যৱসায় আৰম্ভ কৰিব পাৰে  । 

৪)সৰঞ্জাম 

সেই দিনবোৰ এতিয়া নাই, যেতিয়া সাধাৰণ ট্ৰেড মিল, লেগ প্ৰেছ আৰু কিছুমান ডাম্বাল ৰাখি জীম চলোৱা হৈছিল। কিন্তু আজিকালি মানুহে জীমৰ আকাৰ আৰু তাত উপলব্ধ আধুনিক সৰঞ্জামবোৰৰ বাবে টকা দিব সাজু আছে। সেয়ে আপুনি বেছি মূলধন খটুৱাব লাগিব। এই দিশত অলপ গৱেষণা আপুনি কৰাতো ভাল। যদিহে আপুনি ইয়াৰ বিষয়ে কিছু জ্ঞান আহৰণ কৰিছে তেন্তে খুউব ভাল। 

৫) দক্ষ আৰু প্ৰমাণপত্ৰ লাভ কৰা প্ৰশিক্ষক নিয়োগ কৰক 

শৰীৰটোৱেই মানুহ এজনৰ একমাত্ৰ “নিজা সম্পদ।”আপুনি কেতিয়াও নিবিচাৰে এজন নজনা ব্যক্তিৰ হাতত নিজক সমৰ্পন কৰিব। জীম বা ফিটনেছ চেন্টাৰ বোৰত ট্ৰেইনাৰছ খুউব জৰুৰী অংগ। ভাল পৰিনাম পাবলৈ ট্ৰেইনাৰজনো দক্ষ আৰু পাৰদৰ্শী হব লাগিব। ভাল শৰীৰ থকা মানুহজন মানে ভাল ট্ৰেইনাৰ নহয়। ট্ৰেইনাৰৰ বাবে প্ৰমাণ পত্ৰ আৱশ্যক। য’ত তেওঁ লোকে শৰীৰ চৰ্চা আৰু পুষ্টিকৰ খাদ্যৰ বাবে জ্ঞান আহৰণ কৰে।  সাধাৰণ শৰীৰ চৰ্চা, যোগ, বা আন ব্যায়ামবোৰ কৰোতে দক্ষ ট্ৰেইনাৰহে থাকিব লাগে।  যদিহে আপোনাৰ গ্ৰাহকৰ  কিবা ক্ষতি হয় তেতিয়া সেই ট্ৰেইনাৰবোৰহে জগৰীয়া হব। 

৬)এডোখৰ ভাল ঠাই ক্ৰয় বা ভাৰালৈ লওক 

জীম বা ফিটনেছ চেন্টাৰ কলেজ কেম্পাচৰ কাষত হ’লে ভাল। যিহেতু যুৱচামক আকৰ্ষিত কৰিলে লাভবান হ’ব। আপোনাৰ ব্যৱসায়ৰ  বাবে এডোখৰ ভাল ঠাই বাচনি কৰি লোৱাটো খুবেই জৰুৰী।  এই দিশটো মনত ৰাখিয়েই আপুনি আপোনাৰ ব্যৱসায়ৰ ঠাইডোখৰ নিৰ্বাচন কৰিব যাতে সেই ঠাইডোখৰত আপোনাৰ ব্যৱসায়েই আটাইতকৈ আকৰ্ষণীয় হয়। ঠাইডোখৰ  ভাড়ালৈ ও লব পাৰে বা ক্ৰয়ো কৰিব পাৰে  । য’ত  জন সমাগম বেছি আৰু ব্যস্ততাপূৰ্ণ এলেকাত হয়।  

৭)ছচিয়েল মিডিয়া আৰু মাৰ্কেটিং 

আপোনাৰ সেৱা সমূহৰ বিষয়ে জানিবলৈ অনলাইনত ভাল এটা ৱেবছাইট বনাব। ছচিয়েল মিডিয়া ব্যৱহাৰ কৰক।বজাৰৰ ক্ষেত্ৰত  আজিকালি ই কৰ্মাচে সকলো সহজ কৰি তুলিছে। এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী। আজিকালি ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলোৱা সহজ। আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক। ৰেহাইৰ সুবিধা আগবঢ়াওক। লিফটলেট, পাম্পলেট আদি প্ৰচাৰ পত্ৰিকাৰে বজাৰ দখলৰ চেষ্টা চলাওক। পাৰিলে হোৱাটছ এপৰ জৰিয়তে গ্ৰাহকক ৰেহাই মূল্য ৰ বিষয়ে অৱগত কৰিব। মনত ৰাখিব যাতে গ্ৰাহক আপোনাৰ ব্যৱহাৰত সন্তুষ্ট হৈ থাকে।

৮)মূলধন

সকলোতকৈ প্ৰয়োজনীয় দিশটো হ’ল মূলধন।ব্যৱসায়ত বহু ধৰণৰ সা সঁজুলি  প্ৰয়োজন। সেয়ে এই ব্যৱসায়ত বিনিয়োগৰ পৰিমাণ বেছি। ব্যৱসায়টো আৰম্ভ কৰাৰ পূৰ্বে ই পৰিয়ালৰ সদস্য, বন্ধুবান্ধৱ, আত্মীয় স্বজন সকলোৰে পৰা টকা পইচা ৰ ব্যৱস্থা কৰি লোৱা উচিত।সেয়ে সুচাৰুৰূপে ব্যৱসায় আগবঢ়োৱাৰ বাবে বিত্তীয় দিশটো খুউব গুৰুত্বপূৰ্ণ।এজন ব্যৱসায়ীৰ সকলো ব্যৱসায়ৰ লগতে ব্যক্তিগত বিলবোৰ পৰিশোধ কৰাৰ বাবে পৰ্যাপ্ত অৰ্থ অথাৎ ধন থকা উচিত। 

৯)প্ৰভাৱশালী ব্যক্তিৰ  সহায় লওক 

ছচিয়েল মিডিয়াই বহু সুপ্ত প্ৰতিভাক বিকাশৰপথ দিছে। খেল আৰু শৰীৰ চৰ্চা এনে এটা বিভাগ য’ত  বহু ভাল ক্ৰীয়াবিদ আছে। আপুনি আপোনাৰ জীম ৰ বাবে তেওঁলোকৰ পৰা সহায় ল’ব। বিনিময়ত দুয়ো পক্ষ লাভান্বিত হ’ব। 

প্ৰযুক্তিৰ  বিকাশ আৰু অগ্ৰগতিয়ে নতুন প্ৰজন্মৰ মাজত উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতি আকৃষ্ট কৰাটো পৰিলক্ষিত হৈছে। যিটো দেশৰ অৰ্থনীতি তথা সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ বাবে এক আশাব্যঞ্জক ঘটনা।

এটা  ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এই ব্যৱসায়টো আপোনাৰ বাবে নতুন,সেয়ে  বেয়া দিনৰ বাবেও সাজু থাকিব । সঠিক পৰিকল্পনা আৰু মাৰ্কেটিং কৰাৰ পাছতো কেতিয়াবা ব্যৱসায়ত উন্নতি নহয় তেতিয়া আপুনি ভালদৰে পৰ্যবেক্ষণ আৰু দৃঢ়প্ৰতিজ্ঞ হব। যিকোনো ব্যৱসায়ত ভাল বেয়া সকলো দিন আহে। আপুনি সংকল্প লৈ আগবাঢ়িব। যদিহে আপুনি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এইটো এটা সঠিক সময়।

—শুভকামনাৰে

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।