written by | October 11, 2021

মীন পালন ব্যৱসায়

×

Table of Content

মীন পালন ব্যৱসায় কিদৰে আৰম্ভ কৰিব

মাছৰ ফাৰ্মবোৰে বাণিজ্যিক অথবা ঘৰুৱা ব্যৱহাৰৰ বাবে। এটা নিয়ন্ত্ৰিত পৰিবেশত বিভিন্নতধৰণৰ মাছ উৎপাদন কৰিব পাৰি। একেবাৰে কম দামৰ  পৰা পৰিবেশৰ লগত মিলাকৈ বিদেশী মাছৰ প্ৰজাতি উৎপন্ন কৰা হয়।মাছ উৎপন্ন কৰা,ফচল আৰু ৰেষ্টুৰেণ্টত বিক্ৰী কৰাৰ বাহিৰেও  বহুতে আকৌ নিজে অথবা পৰিয়ালৰ লোকৰ সৈতে মাছ মৰাটো এক ফূৰ্তি হিচাপে লৈ ফাৰ্ম খোলে।

মাছৰ ফাৰ্ম কেনেদৰে আৰম্ভ কৰিব আৰু আপোনাৰ বাবে এইয়া সঠিক হয়নে নহয় জানক।

৯টা সহজ পদক্ষেপ মানি চলি মাছৰ ফাৰ্ম আৰম্ভ কৰক-

আপুনি এটি নিখুত ব্যৱসায়িক ধাৰণা ওৈছে আৰু পৰৱৰ্তী পৰ্যায়লৈ সাজু হৈছে। অকল পঞ্জীয়ন কৰাৰ উপৰিও এই ব্যৱসায়ত বহু কিবা-কিবি আছে। এই আটাইখিনি লৈ আমি চমু কৰি আপোনাৰ বাবে মাছৰ ফাৰ্ম খোলাৰ নিয়মাৱলী হিচাপে লৈ আহিছো।এই পদক্ষেপবোৰে নিশ্চিত কৰিব যে আপোনাৰ নতুন ব্যৱসায়  সুপৰিকল্পিত,পঞ্জীয়নভূক্ত আৰু আইনীভাৱে দক্ষ।

পদক্ষেপ-১   ব্যৱসায়িক পৰিকল্পনা

ব্যৱসায়ী হিচাপে সফল হবলৈ  এটি নিৰ্ভেজাল দৰকাৰী পৰিকল্পনা লাগিব। এইটোৱে আপোনাক ব্যৱসায়ৰ নিৰ্দিষ্টটাবোৰ বিচৰাত সহায় কৰিব আৰু কিছুমান নজনা দিশ ও আৱিস্কাৰ কৰিব।

ব্যৱসায় আৰম্ভ কৰা আৰু চলি থকাৰ খৰচ কিমান?

আপোনাৰ বজাৰৰ লক্ষ্য কি?

গ্ৰাহকৰ পৰা কিমান দাম লব?

ব্যৱসায়ৰ নাম কি দিব?

সৌভাগ্যক্ৰমে আমি আপোনাৰ বাবে এই আটাইবোৰ গৱেষণা কৰিছো।

এখন মাছৰ ফাৰ্ম খোলোতে কি কি খৰচ জড়িত হৈ থাকে?

আপোনাৰ ব্যৱসায়ৰ আকাৰ আৰু প্ৰসাৰৰ ওপৰত নিৰ্ভৰ কৰি খৰচবোৰ ভিন্ন হয়।

এটা একুৱাৰিয়াম ভিত্তিক ফাৰ্ম খুলিবলৈ হলে আপোনাক লাগিব—

-টেংকী আৰু পাম্প

-মাছৰ খাদ্য আৰু ৰেফ্ৰিজাৰেটৰ

-পানীৰ সজুলি

-পানী পৰীক্ষা কৰা কিট আৰু সজুলি

-আৰম্ভণিতে মাছৰ কণীৰ বাবে কৰা বিনিয়োগ

যদি আপুনি ব্যৱসায়িক ভিত্তিক মাছৰ ফাৰ্ম খুলিব বিচাৰে তেনহলে আপোনাক প্ৰয়োজন হব-

-পুখুৰীৰ বাবে মাটি

-পুখুৰী খন্দা যন্ত্ৰ

-ব্যৱসায়িক আকাৰত পাম্প,এৰেটৰ আৰু পানীৰ উৎস/ পুনস্থাপন যন্ত্ৰ

-নাও,মটৰ আৰু পুখুৰীটো চাফা কঐাৰ যন্ত্ৰ

-ওদ্যৌগিক মাছৰ খাদ্য যোগান

– প্ৰেৰণ আৰু ৰপ্তানিৰ বাবে মাছৰ প্ৰক্ৰিয়াৰ সজুলি

এখন মাছৰ ফাৰ্মৰ চলি থকা খৰচবোৰ কি কি-

কি ধৰণৰ মাছ আৰু কিমান মাছ আপুনি বঢ়াব বিচাৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি খৰচো বেলেগ বেলেগ হয়। গড়ে উদ্ভৱ হোৱা খৰচবোৰ হল–

-মাছৰ কণী বা পোণা কিনাৰ বাবে

-মাছৰ খাদ্য আৰু ভালে ৰখাৰ বাবে

-পাম্প আৰু অক্সিজেন/এৰেচন চিষ্টেম পুনস্থাপন

-নতুন পুখুৰী খন্দা আৰু অতিৰিক্ত টেংকী কিনা

-প্ৰতিমাহৰ বিদ্যুৎ

-পানীৰ সজুলি ভালে ৰখা

-কৰ্মচাৰী আৰু ব্যৱসায়ৰ বীমা

– ফাৰ্মলৈ মাছ অনা-নিয়াৰ বাবে যাতায়ত

 বজাৰখন কেনেকুৱা হব?

কেনেকুৱা ধৰণৰ মাছ ডাঙৰ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি গ্ৰাহক ও বেলেগ হব। খেলৰ বাবে, পুনঃ জমা কৰিবলৈ অথবা ব্যৱসায়িক খাদ্যৰ বাবে মাছ তুলিছে তেনেহলে বেছি মাছৰ বাবে আপোনাৰ ভেটিটো ডাঙৰ হব।ৰাজ্যিক আৰু কেন্দ্ৰীয় প্ৰতিষ্ঠানৰো কিছুমান গ্ৰাহক হব পাৰে যিয়ে পুন সংস্থাপনত গুৰুত্ব দিয়ে।

যদিয়ে একুৱাৰিয়ামত ডাঙৰ কৰে, তেনেহলে গ্ৰাহকসমূহ পোহনীয়া মাছ বিচৰা আৰু মাছৰ এজেণ্ট হব।

এখন মাছৰ ফাৰ্মৰ দ্বাৰা কেনেকৈ অৰ্জন কৰিব?

পোহনীয়া মাছৰ দ্বাৰাই মাছৰ ফাৰ্মে অৰ্জন কৰে।যদিহে গ্ৰাহকক আপোনাৰ পুখুৰীত মাছ মৰাৰ সুবিধা কৰি দিয়ে তেনেহলে মাছধৰা সজুলিবোৰৰ দাম লব লাগিব।

যদিহে আপুনি বিদেশী বা বিশেষধৰণৰ মাছ পোহে তেতিয়াহলে বজাৰ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি দাম কম-বেছি হব। কিছুমান বিদেশী মাছৰ দাম প্ৰতিটোত ১০০০ ডলাৰ পৰ্যন্ত। সম্ভাৱ্য  গ্ৰাহকৰ প্ৰতি মনত ৰাখি আপোনাৰ ঠাইখিনিত কি মাছ পুহিলে লাভ হব চাই লব।

আপোনাৰ ব্যৱসায়েৰে অধিক লাভান্বিত কেনেকৈ হব?

কিছুমান মাছ ব্যৱসায়ীয়ে তেওঁৰ ব্যৱসায় বৃদ্ধিৰ বাবে মাছৰ লগত জয়িত সজুলি যেনে খাদ্য, পাম্প,এৰেটৰ, পানী পৰীক্ষণ সজুলি ইত্যাদিও বিক্ৰী কৰে। এই অতিৰিক্ত সামগ্ৰীসমূহ বিক্ৰী কৰিও মাছ ব্যৱসায়ীয়ে সম্ভাৱ্য গ্ৰাহকৰ লগত সম্পৰ্কত থাকিব পাৰে।

পদক্ষেপ-২

আইনগত নিয়ম গঠন কৰা

এটি ব্যৱসায়িক আইনগত নিয়মৰ সংস্থাপন যেনে এল এল চিয়ে আপোনাক ব্যক্তিগতভাৱে ৰক্ষা কৰিব যদিহে কোনোবাই আপোনাৰ মাছৰ ব্যৱসায়ৰ ওপৰত কেচ কৰে। বহুতো ব্যৱসায়িক গঠনৰ পৰা বাচি লব পাৰে যেনে- কৰ্পৰেচন,এল এল চি আৰু ডি বি এ।

পদক্ষেপ-৩

কৰৰ বাবে পঞ্জীয়নভুক্ত কৰা

ব্যবসায় খোলাৰ আগতে বিভিন্ন ধৰণৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় কৰৰ বাবে পঞ্জীয়নকৰিব লাগে। কৰৰ পঞ্জীয়নৰ বাবে ই আই এনত আবেদন কৰিব লাগে। এইয়া অতি সহজ আৰু বিনামূলীয়া।

পদক্ষেপ-৪

এটি বেংক একাউণ্ট খোলক আৰু ক্ৰেডিট কাৰ্ড

ব্যক্তিগত সম্পত্তি ৰক্ষা কৰিবলৈ এটি ব্যৱসায়িক বেংক একাউণ্ট আৰু ক্ৰেডিট একাউণ্ট খোলক।

ব্যক্তিগত আৰু ব্যৱসায়িক একাউণ্ট লগ হলে যদি কেতিয়াবা ব্যৱসায়ৰ ওপৰত কেচ হয় তেতিয়া ব্যক্তগত সম্পত্তিও বিপদত পৰে।ব্যৱসায়িক আইনত এইয়া ব্যৱসায়িক আৱৰণ উদঙাই দিয়া বুলি কয়।

লগতে,ব্যৱসায়িক ক্ৰেডিট কেনেদৰে বনাব সেইটোৱে ক্ৰেডিট কাৰ্ড আৰু ব্যৱসায়ৰ নামত অন্যান্য অৰ্থসাহায্য পাব সেয়াও সহায় কৰে যিয়ে গাণিতিক আৰু কৰ ভূগতানত সহায় কৰে।

পদক্ষেপ-৫ 

ব্যৱসায়িক গণণাকৰণ 

বিভিন্ন খৰচ আৰু উপাৰ্জনৰ উৎসবোৰৰ তথ্য ৰাখি ব্যৱসায়ৰ অৰ্থব্যৱস্থাৰ বিষয়ে গম পাব পাৰি। সূক্ষ্ম আৰু বিস্তৃত গণনাই কৰ দিয়াত সহায় কৰে। সকলো হিচাপ লিপিবদ্ধ কৰাৰ অভ্যাস এটা গঢ়ি তোলক।

পদক্ষেপ-৬ 

দৰকাৰী অনুজ্ঞাপত্ৰ আৰু লাইচেঞ্চ

এই দুটা বস্তু নাথাকিলে যথেষ্ঠ ফাইন ভৰাৰ সম্ভাৱনাৰ লগতে ব্যৱসায় বন্ধও হব পাৰে।

মীন পালনৰ বাবে যাৱতীয় পাৰ্মিট আৰু অনুজ্ঞাপত্ৰৰ কাম খিনি কৰি লৈহে ব্যৱসায়ত আগবাঢ়িব।

খাদ্য নিয়মাৱলী

খাদ্য বিক্ৰী কৰোতে স্থানীয় স্বাস্থ্য বিভাগৰ পৰা লাইচেঞ্চ লাগিব।খাদ্য বিক্ৰী কৰা প্ৰতিষ্ঠানে স্বাস্থ্য

 পৰিদৰ্শন পাচ কৰিব লাগিব।খাদ্যৰ লগতে স্বাস্থ্য আৰু সুৰক্ষাৰ কথাটোও জড়িত হৈ আছে গতিকে ব্যৱসায়ী হিচাপে গ্ৰাহকৰ এই দিশটোও মন কৰিব লাগিব।

পদক্ষেপ-৭

ব্যৱসায়িক বীমা প্ৰাপ্তি

ব্যৱসায়িক বীমাই লোকচানৰ সময়ত কোম্পানীটোক ৰক্ষা কৰে।প্ৰতিটো ব্যৱসায়ৰ বাবে বেলেগ ধৰণৰ বীমা আছে। যদিহে আপুনি ব্যৱসায়ৰ লগত জড়িত বিপদৰ কথা নাজানে তেনেহলে সাধাৰণ বীমা কৰক। ব্যৱসায় আৰম্ভ কৰোতে ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে এটা আৱশ্যকীয় বস্তু।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।