written by | October 11, 2021

মাংসৰ ব্যৱসায়

×

Table of Content

এটি সফল মাংস ব্যৱসায় আৰম্ভ কৰাৰ টিপচ

আপোনাৰ ওচৰ-চুবুৰীয়াই দৈনিক প্ৰ’টিনৰ কাৰণে মাংসৰ বজাৰ নহলে কচাইৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি যদি এই  মুখ্য সাম্প্ৰদায়িক খাদ্যৰ এটি অংশ হব বিচাৰে, তেনেহলে কিছুমান কাৰকৰ বিষয়ে জানিব লাগিব। কচাইৰ ব্যৱসায় আৰম্ভ কৰাৰ আগতে সাধাৰণ জ্ঞান আৰু সদা প্ৰস্তুত হৈ থাকিব লাগিব যাতে আপুনি নিজৰ লক্ষ্যত উপনীত হব পাৰে। আপুনি মাংসৰ ব্যৱসায় কৰাৰ আগতে এই পাচটা পদক্ষেপৰ বিষয়ে জানিব লাগিব।

১.বজাৰৰ সংজ্ঞা নিৰ্ধাৰণ কৰক আৰু ঠাই নিৰ্বাচন

এটা প্ৰকৃত মাৰ্কেটিং আৰু বিক্ৰীৰ পৰিকল্পনাই গ্ৰাহকক আকৰ্ষাত কৰে।আপুনি বিক্ৰীৰ কোনো পৰিকল্পনা কৰাৰ আগত প্ৰথমে ভাবি লওক কোনখিনি গ্ৰাহকে আপোনাৰ বস্তু কিনিব। বিশেষধৰণৰ মাংস যদি বিক্ৰী কৰিব বিচাৰিছে তেনেহলে আগ্ৰহী গ্ৰাহক হব সেইবোৰ যিয়ে গ’ৰমেট কুকিং অৰ্থাৎ বিশেষধৰণৰ মাংস বনোৱাত গুৰুত্ব দিয়ে। পৰিয়ালবোৰক গড়ে প্ৰয়োজন হোৱাকৈ আপুনি আন আন মাংসও বিক্ৰী কৰিব পাৰে। আপোনাৰ ওচৰ-চুবুৰীয়াৰ বাবে এক গুৰুত্বপূৰ্ণ অংশ হবলৈ হলে আপোনাৰ দোকানখন চকুত লগা ঠাইত হব লাগিব। আনৰ চকুত পৰাকৈ আপুনি বাটৰ কাষৰ ঠাইত দোকান দিব পাৰিব নেকি চাই লওক। যিয়ে সদায় সেই বাটেৰে নিজৰ কামলৈ যায় তেওঁলোকে বুজিব যে ৰাতিৰ আহাৰৰ বাবে মাংস কিনিবলৈ এইখন দোকানেই ভাল।

২. এখন সম্পূৰ্ণ তালিকা আৰু যোগানকাৰীৰ লগত সংযোগ স্থাপন

ভাল গুণাগুণৰ মাংসই হ’ল প্ৰধান গুৰুত্বপূৰ্ণ বিষয়। যোগানকাৰীৰ লগত সম্পৰ্কই হল কচাই দোকানৰ জৰুৰী অংগ। আপুনি ফাৰ্মৰ সতেজ বিশেষ মাংস বিচাৰে নেকি?  জাতীয় যোগানকাৰী এজনৰ পৰা বিস্তৃতভাৱে নিৰ্বাচন কৰিব বিচাৰে নেকি? আপোনাৰ ব্যৱসায়ৰ লক্ষ্যই এই প্ৰশ্নৰ উত্তৰবোৰ প্ৰভাৱিত কৰিব । প্ৰতিজন যোগানকাৰীৰ তালিকা আৰু দামেও আপোনাৰ পচন্দ নিভৰ কৰিব। কিছুমান যোগানকাৰীয়ে আৰম্ভণিতে বিনামূলীয়া সামগ্ৰী , লেবেল আৰু মেচিনেৰেও সহায় কৰিব।ব্যৱসায় চলি থকা দিনলৈ দোকানী হিচাপে এই ব্যৱসায়িক সম্পৰ্কসমূহ চলি থাকিব। ব্যৱসায়িক সম্পৰ্কসমূহৰ এক বিস্তৃত বিৱৰণে আপোনাক সহায় কৰিব কেতিয়া আপুনি কেতিয়া এজন বিক্ৰীকৰ্তা ৰাখিব বা নতুন এজন বিচাৰিব। এই তথ্যবোৰে আপোনাৰ বাজেটৰ ক্ষেত্ৰটো সহায় কৰিব। কিছুমান চেলচ মেনেজমেণ্ট টুলচে  আপোনাৰ খৰচ-পাতিৰো হিচাপ ৰাখিব।

৩. বিশ্বাসযোগ্য কৰ্মচাৰী নিয়োগ কৰক আৰু অনুসূচী এখন বনাওক

আপোনাৰ যদি বাজেট আছে তেনেহলে ব্যৱসায় চলাবলৈ কৰ্মচাৰী নিয়োগ কৰিব পাৰে। তেওঁলোকে গ্ৰাহক সেৱা কৰিব আৰু আপুনি ব্যৱসায় সম্প্ৰসাৰণ কৰাত মন দিব পাৰে।পাৰ্ট টাইম কৰ্মচাৰীয়েও আপোনাক সহায় কৰিব পাৰে। আপোনাৰ অঞ্চলত গড়ে এটি  যুক্তিপূৰ্ণ  দাম ধাৰ্য  কৰক । এবাৰ আপোনাৰ কৰ্মচাৰীখিনি বিশ্বাসী হৈ উঠাৰ পিছত আপুনি তালিকামতে ব্যস্ত সময়ৰ কামবোৰ ভগাব পাৰিব। প্ৰথমবাৰলৈ কচাই দোকান খোলোতে আপুনি হয়তো গম নাপাব যে কোনখিনি আটাইতকৈ ব্যস্ত সময়। বিক্ৰীৰ তথ্যখিনি মন কৰিলে গম পাব যে কোনখিনি আটাইতকৈ ব্যস্ত সময়। এইখিনি গম পোৱাৰ পিছত অতি ব্যস্ত সময়খিনিত অধিক কৰ্মচাৰী নিয়োগ কৰি ব্যৱসায়িক দাবী পূৰণ কৰিব পাৰে।

সেইকাৰণে ফুল টাইম আৰু পাৰ্ট টাইম কৰ্মচাৰী দুয়োবিধ দৰকাৰ।

৪. সঠিক সা-সজুলি আৰু মেচিনাৰী লওক

হোটেল ৰেষ্টুৰেণ্ট আদিত বিভিন্ন খাদ্যত মাংসৰ বিভিন্ন আকাৰত দিবলগীয়া হয়। কচাইৰ কামটোও এটা কলা আৰু এটি কলাক ৰূপ দিওতে কিছুমান যোগাৰ লাগে। মাংসৰ বজাৰটো কিছুমান চোকা সৰঞ্জামৰ দৰকাৰ। এখন নিৰ্ভেজাল কচাইৰ দোকানত থাকিব লগা বস্তুসমূহ হ’ল-

  -ভাল গুণাগুণৰ চুৰী আৰু চুৰী ধাৰ দিয়া যন্ত্ৰ

  -মাংস বিভাজক

-খুন্দনা আৰু অন্য কাৰ্য সম্পাদন কৰা মেচিন

– স্কেল

-ৰেফ্ৰীজাৰেটৰ আৰু ফ্ৰীজাৰ

-টেবুল,কাউণ্টাৰ আৰু কাৰ্ট

-সুৰক্ষা দিয়া গ্ল’ভছ, ক্লথিং আৰু গাডচ

-সদায় ব্যৱহাৰ হোৱা সামগ্ৰী যেনে ট্ৰে,চাবোন আৰু প্লাষ্টিক আৱৰণ

আমি আপোনাক আৰু এটা কথাত সমৰ্থন আগবঢ়াম। পইণ্ট অফ চেল হ’ল আপোনাৰ ব্যৱসায়ৰ সকলো ধৰণৰ বিক্ৰী,খৰচ,জমা বস্তুৰ তালিকাৰ হিচাপ ৰখা চিষ্টেম। কিছুমান সৰ্বেসৰ্বা পইণ্ট অফ চেল (পি ও এচ)সৰু ব্যৱসায়ৰ লগত মিলাকৈ পৰিকল্পনা আৰু উচিত দামত পায়। সঠিক পি ও এচ নিৰ্বাচন কৰি আপোনাৰ বাজেটৰ লগত মিলাকৈ ডাঙৰ ব্যৱসায়বোৰৰ দৰে কিনিব পাৰে। এনেকুৱা বিশেষত্বৰ কথা ভাৱক যিটোৱে আপোনাৰ ব্যৱসায়ৰ বাবে অতি সহায়কাৰী। আধুনিক বজাৰৰ লগত মিলাকৈ কাৰ্ড ৰীডাৰ আৰু পেমেণ্টে আপোনাক সহায় কৰিব। আজিকালি প্ৰায়ে কাৰ্ড পেমেণ্ট বা মোবাইল পেমেণ্ট কৰে গতিকে অকল নগদ ধন আৰু চেকৰ ব্যৱহাৰে আপোনাক আনতকৈ পিছত পেলাব। কাৰ্ড মেচিন কিনোতে মন কৰিব  যাতে আটাইবোৰ মেজৰ বেংকৰ কাৰ্ড গ্ৰহণ কৰে।

৫. বিক্ৰীৰ সৈতে পৰীক্ষা আৰু বিশ্বাসৰ অনুষ্ঠান

কৰ্মৰ পদোন্নতিৰ লগে লগে মাংসৰ ব্যৱসায়ৰ লগত চেষ্টা আৰু ভূলো জড়িত থাকিব। নতুন টেকনলজী প্ৰয়োগেৰে  কোনটো আপোনাৰ ব্যৱসায়ৰ লগত আটাইতকৈ ভালকৈ খাপ খাব সেইটো চাওক। পি ও এচ চিষ্টেমে বিক্ৰীৰ তথ্য আৰু পদোন্নতিৰ বিশেষত্বৰে এই কাম সহজ কৰি তোলে। উদাহৰণস্বৰূপে পি ও এচ চিষ্টেমে  বি আৰ ক্লাবৰ সৈতে আহে এটি বিশ্বাসৰ অনুষ্ঠান যাক বেলেগকৈ ধন নালাগে।

৬. ব্যৱসায়িক লোন অথবা আগতীয়াকৈ ধন অনা

আপোনাৰ জমা ধন খৰচ কৰি ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে যদিও আপোনাৰ মাংসৰ ব্যৱসায়ত যদি অত্যাধুনিক প্ৰযুক্তিৰে আনতকৈ আগুৱাই যোৱাৰ সম্ভাৱনা আছে তেনেহলে বিনিয়োগকাৰীয়ে আপোনাৰ ব্যৱসায়ত আগতীয়াকৈ ধন বিনিয়োগ কৰি পিচলৈ সেই ধন ঘূৰাই দিব পাৰে। জীৱনৰ বহুতো প্ৰত্যাহ্বানে লোন এটা পোৱাটো কঠিন কৰি তোলে, আগতীয়া ধনে এই ক্ষেত্ৰত সহায় হব পাৰে।

কিন্তু আৰম্ভণিৰ ব্যৱসায়ত বেছি ধন খৰচ কৰাতকৈ বুদ্ধিমত্তাৰে খৰচ কৰি চলাটো ভাল। প্ৰতিটো ক্ষেত্ৰত বিনিয়োগৰ সঠিকভাৱে কৰা লিপিবদ্ধতাই পিচলৈ আপোনাক প্ৰতিটো ক্ষেত্ৰত সহায় কৰিব। 

পি ও এচৰ সহায়েৰে মাংসৰ দোকান প্ৰবন্ধন কৰক

আমাৰ পি ও এচ চিষ্টেমে আপোনাৰ মাংসৰ দোকান প্ৰবন্ধন কৰা আৰু বিক্ৰী কৰাৰ কাৰণে লগা আটাইখিনি  সুবিধা লৈ আহে। লাভালাভৰ বাবে সজুলি সমূহ আৰু চফটৱেৰ একেলগে কাম কৰা,প্ৰদানকাৰীৰ লগত আপোনাৰ সম্পৰ্ক নিৰূপণ কৰা আৰু আগতকৈ বেছি ভাল গ্ৰাহক সেৱা দিয়া ইয়াৰ কাম। এই চিষ্টেমটো কিনি আপোনাৰ নতুন ব্যৱসায়ত বিনিয়োগ কৰক অথবা আপোনাৰ নিজৰ মনে মিলাকৈ বনাবলৈ অনুৰোধ জনাওক।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।