written by | October 11, 2021

কাৰ্পেটৰ ব্যৱসায়

×

Table of Content


কাৰ্পেটৰ ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব পাৰি

           লক্ষণীয় বিষয় এই যে, শিক্ষাগত অৰ্হতা তথা দক্ষতা থাকিলেওঁ বহু ক্ষেএত্ আমাৰ ৰাজ্যখনৰ যুবক -যুৱতীয়ে চৰকাৰী তথা ব্যক্তিগত প্ৰতিষ্ঠানত আশা কৰা মতে  নিযুক্তি পোৱা টো সম্ভৱ নহয়।ফলত ৰাজ্য খনত নিৱণুৱা সমস্যা ভয়ঙ্কৰ ৰূপ লৈছে।

 আমি সকলোৱে বুজা উচিত যে ,কেবল চাকৰিৰ দ্বাৰা নিবণুৱা সমস্যা সমাধান কেতিয়াওঁসম্ভৱ নহয়। চাকৰিৰ বাহিৰেওঁ সৰু -বৰ উদ্যোগ গঢ়ি বা ব্যৱসায় বাণিজ্যৰ জৰিয়তে নিজে উপাৰ্জন হৈ উঠাৰ লগতে আনকো নিয়োগৰ সুবিধা প্ৰদান কৰিব পাৰি। এই সম্পৰ্কে চৰকাৰী ,বেচৰকাৰী,স্বেচ্ছাসেৱী অনুষ্ঠান আৰু ছাত্ৰ সংগঠন সমূহে ৰাজ্যখনৰ সকলো অঞ্চলতে সজাগতা আৰু কৰ্মশালা আয়োজন কৰি ছাত্ৰ ছাত্ৰী তথা যুৱক যুৱতী সকলোক কেন্দ্ৰীয়  আৰু ৰাজ্যচৰকাৰৰ বিভিন্ন আচনি সমূহৰ বিষয়ে ভালদৰে বুজাই দিয়াৰ লগতে বিভিন্ন ধৰণৰ ঋণ আগবঢ়োৱা বিত্তীয় অনুষ্ঠান সমূহৰ বিষয়েওঁ বিতংকৈ জনাব লাগে।

এতিয়া আহো আমি কেনেকৈ

কাৰ্পেটৰ ব্যৱসায় আৰম্ভ কৰিব পাৰো।

কেচা সামগ্ৰী কি কি লাগিব:

   প্ৰথমতে লাগিব মোটা সূতা  ,ৰঙ ,শুকাবৰ কাৰণে ইয়াত কেইবাপ্ৰকাৰৰ ৰঙ ইয়াত ব্যৱহাৰ কৰা হয়। উপযুক্ত মেচিন আৰু ড্ৰাই মেচিন আৰু বহুতো এৰাব নোৱাৰা লাগতিয়াল সামগ্ৰী।

নিৰ্মাণ প্ৰক্ৰিয়া:

কটন কাৰ্পেট বনাবলৈ সাধাৰণতে ধাগা অৰ্থাত মোটা সূতা বোৰ ,পানীপথ,দিল্লী  ৰামপুৰৰ মন্দিঅ’ৰ পৰা বেছিকৈ সংগ্ৰহ কৰা হয়। পোন প্ৰথমে এই মোটা সূতাবোৰত বিভীন্ন ৰঙ ব্যৱহাৰ কৰি বিভিন্ন ৰঙেৰে ৰঙীণ কৰি লোৱা হয়।এই ৰঙ বোৰ আইজল্ ফ্ৰি কেমিকেল হোৱা উচিত ।নহলে সামগ্ৰীবোৰৰ কাৰণে ই লোকচান দায়ক হয়।ৰঙ কৰাৰ পিছত এই কটন সূটা বোৰ মেচিনৰ দ্বাৰা পানীটৌ চেপি উলিয়াই দিয়া হয়।তাৰ পিছত এই ধাগা অৰ্থাৎ মোটা সূটাবোৰ ছা ঠাইত মেলি দি শুকোৱা হয়।শুকোৱাৰ পিচত এইবোৰ বেচি বেচিকৈ একে লগ কৰি বান্ধি বান্ধি থোৱা হয়।ইয়াৰ পিছত আৰম্ভ হয় এই ধাগা বোৰৰ বাটি কাৰা কাম। বাটি কাৰা হোৱাৰ পিছত এই সূতাবোৰ ৰাহা এখন লৈ তাত সুমাই সুমাই পৰিপাটী কৰি লোৱা হয়। তাৰ পিছত ৰাহাৰ পিছ ফালে বোৱা তোলা হয়।অসমীয়া শালৰ আৰ্হিত এইবোৰ বনোৱা হয়।আমি গামোছা ,মেখেলা ছাদৰ আদি যেনেকৈ শালত তৈয়াৰ কৰো ঠিক তেনেকৈ শাল খন প্ৰস্তুত কৰি লোৱা হয়। তলত গৰকা ব্যৱহাৰ কৰে। গৰকাৰ সহায়ত সূতাবোৰ বিপৰীত ফালে আপ ডাউন হৈ থাকে। তাৰ পিছত আৰম্ভ কৰে বিভিন্ন ৰঙৰ সূতাৰে ডিজাইন কৰা আৰম্ভ।ভৰিৰে গৰকাত ভিৰ দি শালত সূতাটো দাঙি দিয়া হয় ,তাৰ পিছত শিপিনীয়ে হাতেৰে বিভিন্ন ৰঙৰ সূতাবোৰৰে দিজাইন  দি দি  সূতাবোৰ সুমাই দি ৰাহা খন টানি সূতাটো বহাই দিয়ে। এনেকৈ তৈয়াৰ কৰা সামগ্ৰীবোৰ বিভিন্ন প্ৰকাৰে আমি ব্যৱহাৰ কৰিব পাৰো‌ যেনে,দুৱৰ মেট, পাৰ্চ, হেণ্ড বেগ ,বিভিন্ন কামৰ বাবে বহা আসন,আলমিৰা ,ফ্ৰিজ আদিৰ ওপৰত পৰা কভাৰ ,ড্ৰয়িং ৰুম বেড ৰুমত পৰা কাৰ্পেট আদি  বিভিন্ন কামত আমি ব্যৱহাৰ কৰিব পাৰো।এইবো উৎপাদন  কৰি দেশৰ বিভিন্ন ৰাজ্যত বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হয়।

মানব সমাজৰ সকলো সামগ্ৰী বা সম্পদ একেলগে বা একে ঠাইতে পোৱা সম্ভৱ নহয়‌।

বেহা -বেপাৰ বা ব্যৱসায় বাণিজ্যই ইয়াৰ বিভিন্ন প্ৰক্ৰিয়া তথা কাম-কাজৰ যোগেদি কিছু প্ৰতিদানৰ বিনিময়ত এই প্ৰয়োজনীয় সামগ্ৰীসমূহ মানৱ সমাজে সংগ্ৰহ কৰোঁতে সংগ্ৰহ কৰি দিয়ে।

সফল কাৰ্পেট ব্যৱসায়ীৰ বাবে কিছুমান প্ৰয়োজনীয় গুণৰ প্ৰয়োজন:

১/কাৰ্পেট ব্যৱসায়ীজনৰ ব্যৱসায়টোৰ প্ৰতি আন্তৰিকতা তথা আস্থা থকা প্ৰয়োজন।তেতিয়াহে তেওঁ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ব্যৱসায়টোত মনোনিবেশ কৰিব পাৰি।

২/কাৰ্পেট ব্যৱসায়ীজনে তেওঁৰ আকৰ্ষণীয়  ব্যক্তিত্ব তথা

আচৰণৰ দ্বাৰা সংগঠনটোৰ কৰ্মচাৰী তথা গ্ৰাহক সকলৰ লগত সু-সম্পৰ্ক বজাই ৰখাৰ বাবে তেওঁ ব্যৱসায়টোৰ লগত সংগতি ৰাখি উপস্থিত বুদ্ধি তথা কৌশল প্ৰয়োগ কৰিব পাৰি।

৩/কাৰ্পেট ব্যৱসায়ীজন সৎ আৰু নিষ্ঠাবান হোৱা দৰকাৰ।

৪/একেধৰণৰ প্ৰতিযোগী ব্যৱসায়ীৰ  কাৰ্যকলাপৰ ওপৰত সদায় নজৰ  দিব লাগে।তদুপৰি কেঁচামালৰ উৎস,উৎপাদন, ক্ষমতা,ব্যৱসায়ৰ পৰিসৰ,ভৱিষ্যত বিক্ৰীৰ সম্ভাৱনা,অনিশ্চিত বিপদৰ সম্ভাৱনা ইত্যাদিৰ বিষয়ে দুৰদৃষ্টি  জ্ঞান থকাৰ প্ৰয়োজন।

৫/ইয়াৰ উপৰি প্ৰচলিত আইনগত বিধি ব্যৱস্থা সমূহৰ বিষয়ে সম্যক জ্ঞান  থকা প্ৰয়োজন।

   কাৰ্পেটৰ। ব্ৱসায় ক’ত খুলিব সেই সম্পৰ্কে প্ৰথমতে সিদ্ধান্ত ল’ব লাগিব।এটা যদি ১০০০ৰ পৰা ১৫০০স্কুইয়াৰ ফুটৰ কোঠা লোৱা হয়,তেতিয়াহ’লে তাত আহল বহলকৈ ব্যৱসায়টো আৰম্ভ কৰিব পাৰি ।     

*কাক আপুনি কামৰ বাবে ল’ব*

 কাৰ্পেট ব্যৱসায় এটা অকলে কেতিয়াওঁ উৰ্দ্ধগামী ৰাষ্টাত নিব নোৱাৰি।কাৰণ ব্যৱসায়ত অকলে দৌৰি ফুৰা অসম্ভৱ কথা। সেয়েহে সুদক্ষ পৰিচালকৰ দৰকাৰ।

আপুনি কাৰ্পেট দাম কেনেকৈ নিৰ্ধাৰণ  কৰিব‌     :

গ্ৰাম্যঞ্চলত  সামগ্ৰীৰ  বজাৰবোৰৰ লাভাজনক সুবিধা নাথাকে‌।বজাৰত দ’ৰ যোগান আৰু চাহিদাৰ ওপৰত নিৰ্ভৰ কৰে।প্ৰথমে বিক্ৰেতাৰ হাতত অতি কম পৰিমাণৰ লাভ থাকে। 

ব্যক্তিগত  কাৰ্পেট ব্যৱসায়ৰ কিছুমান বিশেষ সুবিধা    

১/এনে ধৰণৰ ব্যৱসায় আৰম্ভ কৰা তুলনামূলক ভাবে অইন ব্যৱসায়তকৈ সহজ। আইনগত বাধ্যবাধকতা নোহোৱা বাবে অতি সহজে ব্যক্তিগত ব্যৱসায় আৰম্ভ কৰিব পাৰি।অতি কম মূলধনেৰে কম পৰিসৰত ব্যক্তিগত ব্যৱসায় হ’ল সহজ ব্যৱসায় সংগঠন।

২/ যিহেতু কাৰ্পেট ব্যৱসায়টোত হোৱা লাভ -লোকচানৰ পৰিমাণ মালিকৰ নিজৰ,গতিকে ব্যৱসায়ীজনে সৰ্ব্বোচ্চ লাভৰ বাবে নিষ্ঠা সহকাৰে কঠোৰৰ পৰিশ্ৰম কৰাৰ বাবে প্ৰেৰণা পায়।

৩//মালিকে ননিজে ব্যৱসায়টো নিয়ন্ত্ৰণ কৰে।।কাৰ্পেট ব্যৱসায়ীজনে নিজৰ বিচাৰ-বুদ্ধি ব্যৱসায়টোত খটুৱাব পাৰে,এই ক্ষেত্ৰত কোনেও তেওঁক হস্তক্ষেপ কৰিব নোৱাৰে।তদুপৰি ব্যৱসায়ৰ গোপনীয় কথাবোৰ মালিকৰ মাজতে সীমাৱদ্ধ থাকে।

৪/পৰৱৰ্ত্তিত পৰিস্থিতিৰ লগত সঙ্গতি ৰাখি অতি কম সময়তে ব্যৱসায়িক সিদ্ধান্ত ল’ব পাৰে।

৫/স্বাধীন চিতীয়া মনৰ মানুহৰ বাবে ব্যক্তিগত ব্যৱসায় অতি উপযুক্ত ব্যৱসায়।।

কিছুমান অসুবিধা   

১/বৃহৎ মুলধনেৰে বৃহৎ পৰিসৰত ব্যক্তিগগত ব্যৱসায় আৰম্ভ কঠিন।

২/কিছুমান। ক্ষেত্ৰত মালিকৰ দক্ষতা আৰু অভিজ্ঞতাৰ অভাৱৰ ফলতো ব্যক্তিগত ব্যৱসায়ত অসুবিধাৰ সৃষ্টি হয়।

৩/এনে ধৰণৰ ব্যৱসায়ত অসীমিত দেনা থকা হেতুকে ব্যৱসায়টোত হ’ব পৰা সম্পূৰ্ণ লোকচানৰ পৰিমাণ ব্যৱসায়ীজনে নিজেই বহন কৰিব লগা হয়।

৪/স্থায়িত্বৰ অনিশ্চয়তা

এই কাৰ্পেট ব্যৱসায়ৰ আন এটা অসুবিধা।ব্যৱসায়ী জনৰ অসুস্থতা তথা মৃত্যয়ে ব্যৱসায়টোৰ ভৱিষ্যত অনিশ্চিত কৰি তুলিব পাৰে।

সেয়েহে কাৰ্পেট ব্যৱসায়টো আৰম্ভ কৰাৰ লগে লগে সকলো কথা চালি জাৰি চাইহে আৰম্ভ কৰিব লাগে।

কাৰ্পেট উদ্যোগীজনে সততে মন কৰিবলগীয়া কিছুমা।ন বিষয়* 

এজন সফল উদ্যোগীৰ বাবে সততে তলত উল্লেখ কৰা বিষয়সমূহলৈ মন কৰিব লাগে,যেনে–

গোটটিৰ হিচাপৰক্ষণ সঘনে পৰীক্ষা কৰক।এজন হিচাপৰক্ষকে লিপিৱদ্ধ

কৰা হিচাপবোৰ অইন এজনে নিয়মিত ভাৱে পৰীক্ষা কৰাৰ ব্যৱস্থা থাকিব লাগে।হিচাপ কৰবাত ভুল হ’লে,এইবোৰ অতি সোনকালে সংশোধনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।।

উদ্যোগ গোটটিত এজন বিশ্বাসী। সহযোগী লোক থাকিলে ভাল। গতিকে উদ্যোগীজনে। এজন সুদক্ষ কাৰিকৰী লোকক বন্ধু ,কৰ্মী বাঅংশীদাৰ হিচাপে ল’ব পাৰে।

এনেকৈয়ে সকলোৰে সহযোগত কাৰ্পেট ব্যৱসায়টো উন্নতিৰ জখলাত  বগাব পাৰে।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।