written by | October 11, 2021

মাৰ্বল আৰু গ্ৰেণাইটৰ ব্যৱসায়

×

Table of Content


মার্বেল আৰু গ্রেনাইটৰ ব্যৱসায় কেনেদৰে আৰম্ভণি কৰিব :

পাথৰেৰে নিৰ্মাণ কৰা সামগ্ৰী বিশেষকৈ মাৰ্বল আৰু গ্ৰেনাইট বৰ্তমান সময়ত যথেষ্ট জনপ্ৰিয়। যদি আপুনি এজন দক্ষ উদ্যোগী তেন্তে আপুনি জানে এই ব্যৱসায় কিমান গুৰুত্বপূৰ্ণ। 

আপোনাৰ ব্যৱসায়ৰ মডেল নিৰ্ধাৰণ কৰক :

মাৰ্বল আৰু গ্ৰেনাইটৰ ব্যৱসায় ৰ জগতখনত খোজ দিয়াৰ বিভিন্ন উপায় আছে। 

সমগ্ৰ বিশ্বৰ কুৱেৰী বোৰৰ পৰা মাৰ্বল আৰু গ্ৰেনাইট আমদানি কৰা হয়। 

 বিল্ডাৰ আৰু  ইন্টিৰিৱৰ ডিজাইনাৰক  গ্রেনাইট আৰু মার্বল বিতৰণ কৰা 

 গ্রেনাইট বা মার্বল ফ্যেব্রিকেশ্যনৰ দোকান  পৰিচালনা কৰা 

 গ্রেনাইট আৰু মার্বল  ইনস্টল কৰা 

 গ্রেনাইট আৰু মার্বলৰ সামগ্ৰী  পৰিস্কাৰ,  চিলিং, মেৰামতি  অথবা পুনৰুদ্ধাৰ

  আপোনাৰ ব্যৱসায়ত ইয়াৰ ভিতৰত যিকোনো এটা বা দুটা বা তাতকৈ অধিক সেৱা লব পাৰে। উদাহৰণস্বৰূপে আপুনি এইটো নিশ্চিত কৰক যাতে আপোনাৰ ব্যৱসায় পৰিচালনা দক্ষ আৰু অভিজ্ঞ শ্ৰমিক ৰ প্ৰয়োজন হব যি গ্ৰেনাইট আৰু মাৰ্বল সজোৱা, পৰিস্কাৰ, মেৰামতি ৰ কাম কৰিব পাৰে।  এই সময়ত আপুনি আপোনাৰ দায়িত্ব ভালকৈ বুজিব লাগিব। যাতে আপোনাৰ ক্ষমতা অনুসৰি  এই ব্যৱসায় কৰিব পাৰে। 

এটা সঠিক পৰিকল্পনা 

এই ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে তাৰ বিষয়ে জনাতো জৰুৰী। কেনেকৈ, কাৰ লগত, কিদৰে কৰিব এই সকলোবোৰ জানি থোৱা ভাল। এবাৰ এই সকলোবোৰ জনাৰ পিছত আপোনাক প্ৰয়োজন হব মূলধনৰ। বজাৰত তীক্ষ্ণ দৃষ্টি ৰাখিব, আপোনাৰ প্ৰতিদ্বন্দী ৰ ওপৰত নজৰ ৰাখিব।যিহেতু পাথৰৰ ব্যৱসায় এটা ভাল উপাৰ্জনৰ পথ। তদুপৰি এই ব্যৱসায় ৰ বাবে জৰুৰী লাইসেন্স,ৰেভিনিউ চাৰ্ভিচ, কৰ্মচাৰী পৰিচয় নম্বৰ(EIN) দৰকাৰ হয়। এই ব্যৱসায়ৰ স্বৰূপ টোৱে আপোনাক এটা নতুন দিশ দিব। এই ব্যৱসায় ত ভিন্ন প্ৰয়োজনীয় কাগজ পত্ৰ ও সাঙোৰ খাই থাকে। 

আপোনাৰ ব্যৱসায়ৰ স্বৰূপ 

১) মূলধন ক’ৰপৰা পাব 

২) ব্যৱসায় আগবঢ়োৱা কমিটি 

৩) ব্যৱসায় ৰ বিষয়ে জনোৱা মানুহবোৰ 

৪) নিত্য ব্যৱসায় ৰ পৰিচালনা 

৫) ব্যৱসায় ৰ মাৰ্কেটিং 

৬) ব্যৱসায় ৰ লাভ আৰু খৰছ 

৭) ব্যৱসায় ৰ বাবে সঠিক স্হান

 ব্যৱসায়ৰ পৰা উপাৰ্জন কৰিবলৈ মনত ৰাখিব যে কোনবোৰ সৰঞ্জাম আপোনাৰ ব্যৱসায়ৰ বাবে উপযুক্ত। গ্ৰেনাইট আৰু মাৰ্বল পাথৰৰ ব্যৱসায় কৰিবলৈ আপোনাৰ হাতত উপযুক্ত অনুমতি পত্ৰ লাগিব। লগতে  আপুনি আপোনাৰ ব্যৱসায়ৰ বীমা ও কৰাই ৰাখিব। 

ব্যৱসায় ৰ উন্নতি ৰ বাবে আপুনি আপোনাৰ ব্যৱসায়টো পঞ্জীয়ন কৰিব। যিহেতু আপোনাৰ ব্যৱসায়ৰ ওপৰত আপোনাৰ সম্পূৰ্ণ অধিকাৰ। কৰ্মচাৰীৰ পৰিচয় নম্বৰ (EID) পঞ্জীয়ন কৰাটোও আৱশ্যক।  যিহেতু আপুনি কৰ আদায় কৰিব লাগিব। 

স্হান বাচনি কৰা: 

সঠিক স্হান বাচনি কৰা খুউব জৰুৰী। যদি আপুনি বিক্ৰী আৰু প্ৰতিষ্ঠা কৰিব বিচাৰে তেন্তে আপুনি এটা  কাৰ্যালয় স্থাপন কৰিব লাগিব। য’ত সঠিক পাৰ্কিঙৰ ব্যৱস্থা আৰু সামগ্ৰী বোৰ ৰখা হব। যদিহে আপুনি বৃহৎ পৰিমাণে ব্যৱসায়টো কৰিব বিচাৰে তেন্তে আপোনাক বেছি সা সৰঞ্জামৰ আৰু শ্ব ৰুমৰ প্ৰয়োজন। 

ব্যৱসায়টোৰ বাবে আপোনাক এটা মোটা অংকৰ মূলধন লাগিব। ইয়াৰ বাবে আপুনি বেংকৰ পৰা ঋণ ল’ব পাৰে, গোটাব পাৰে। প্ৰথমে, আপোনাৰ  কাৰ্যালয়,গাড়ী বা অন্যান্য ৰ বাবে ভাড়া লব পাৰে। এই কামৰ বাবে আপোনাক প্ৰয়োজন দক্ষ শ্ৰমিক আৰু যদি আপুনি নিজে বিক্ৰী আৰু পৰিচালনা কৰে তেন্তে বেছি লাভজনক। 

গ্ৰাহকৰ সৈতে সু সম্পৰ্ক:

গ্ৰেনাইট আৰু মাৰ্বল পাথৰৰ ব্যৱসায় ত খুউব জৰুৰী এটা সু সম্পৰ্ক গঢ়ি তোলা যোগান ধৰোতা, বিক্ৰী কৰোঁতাৰ লগত। মাৰ্বল আৰু গ্ৰেনাইট এটা উচ্চ  সামগ্ৰী, সেয়ে প্ৰায় ইয়াৰ ক্ৰেতাসকলে ভিন্ন ৰৃপ বিচাৰে আৰু সেয়ে আপোনাক প্ৰয়োজন হব ভিন্ন ৰঙ আৰু ৰূপৰ বাবে যোগান ধৰোতা। যোগান ধৰোতা ৰ সৈতে আপোনাৰ সু সম্পৰ্ক থকা উচিত। তেওঁ লোকৰ প্ৰতিষ্ঠান আৰু শ্ব ৰুমলৈ  আপুনি নিজে গৈ সকলোখিনি বুজ লৈ আহিব। তেওঁ লোকৰ লগত অংশীদাৰী ব্যৱসায় কৰিবও পাৰে যি টো আপোনাৰ ব্যৱসায়ৰ বাবে লাভজনক। 

ব্যৱসায়টোৰ সপক্ষে:

এই ব্যৱসায়ৰ সৈতে সংযুক্ত  হৈ থকা আন ব্যৱসায় যেনে প্লামবিং ফিকচাৰকে আদি কৰি ব্যৱসায় প্ৰতিষ্ঠান সমূহৰ সৈতে সু সম্পৰ্ক বজাই ৰাখিব। মাৰ্বল আৰু গ্ৰেনাইট পাথৰে বিশেষকৈ প্লামবিং বিচাৰে। যিবোৰ ঘৰ বনোৱা, প্ৰতিষ্ঠান, কোম্পানীৰ নবীকৰণ আৰু আন ব্যৱসায়তো জড়িত হৈ থাকে। আপোনাৰ ব্যৱসায়ৰ বাবে এটা প্ৰাথমিক ৱেবছাইট, এটা ফেচবুক পেজ, ইনষ্টাগাম ৰাখিব পাৰে য’ত আপোনাৰ ব্যৱসায়ৰ কথা উল্লেখ থাকে। 

মাৰ্বেল আৰু গ্ৰেণাইট ব্যৱসায়ৰ সামগ্ৰীবোৰ গুণাগুণ নিয়ন্ত্ৰণঃ      

  • সামগ্ৰীৰ গুণাগুণ মানে কি●  

ব্যৱসায়ী এজনে সামগ্ৰী উৎপাদন বা সেৱাৰ সৃষ্টি কৰে গ্ৰাহখৰ চাহিদা পুৰণ কৰিবলৈ আৰু লগতে এই কাৰ্যৰ জৰিয়তে লাভ অৰ্জনৰ উদ্দেশ্য নিহিত হৈ থাকে। গ্ৰাহকৰ ৰুচি বা অভ্যাসৰ সময়ে সময়ে সলনি হৈ থাকে সেয়েহে গ্ৰাহকৰ ৰুচি আৰু বিকল্ফ সামগ্ৰীৰ ওপৰত নজৰ ৰাখি সামগ্ৰীৰ গুণাগুণৰ ওপৰত গুৰুত্ব দিব লাগে। সামগ্ৰী বিধৰ গুণাগুণৰ ক্ষেত্ৰত তলত উল্লেখ কৰা কাৰক সমূহে বিশেষ প্ৰভাৱ পেলায়—

১/সামগ্ৰী বিধৰ নক্সা।(design”)

২/সামগ্ৰী বিধৰ ওপৰত গ্ৰাহকৰ আস্থা(Reliability)

৩/সামগ্ৰীবিধৰ স্থায়ীত্ব (Durability)

৪/গ্ৰাহকৰ দিশৰ পৰা সামগ্ৰী বিধৰ ব্যৱহাৰৰ যোগ্যতা।

৫/সামগ্ৰীবিধৰ বিশেষীকৰণ

(Specifications)

৬/বজাৰ আৰু সেৱাৰ (Service)

সুবিধা।

৭/সহজে ব্যৱহাৰ কৰিব পৰা”(handling)

৮/সহজে আকৰ্ষণ কৰিব পৰা।

৯/সামগ্ৰীবিধৰ ওজন,আয়তন

আকাৰ ইত্যা

সামগ্ৰীৰ গুণাগুণ নিয়ন্ত্ৰণ

সামগ্ৰীৎ গুণাগুণ নিয়ন্ত্ৰণ বুলি ক’লেগুণা গুণৰ উন্নতিকৰণকে বুজায়।

*মাৰ্বেল আৰু গ্ৰেণাইটৰ গুণাগুণ নিয়ন্ত্ৰনৰ ক্ষেত্ৰত তলত উল্লেখ কৰা পদক্ষেপ সমূহ ল’ব লাগে*

১/সামগ্ৰী বিধৰ বিচৰা ধৰণে ওজন,আকাৰ আয়তন ,ৰং ,সবলতা আদি গুণাগুণৰ ওপৰত ভিত্তি কৰি এটা আদৰ্শ ৰূপ আগতীয়াকৈ নিৰ্দ্ধাৰণ কৰি ল’ব লাগে।

২/উৎপাদন পদ্ধতিটো যাতে সামগ্ৰী বিধৰ আদৰ্শৰূপৰ বাবে খাপখোৱাকৈ হয় তাৰ বাবে চকু দিব লাগে।

৩/গুণাগুণৰ প্ৰভাৱ পেলোৱা বিভিন্ন কাৰক সমূহ নিয়ন্ত্ৰণ কৰিব লাগে।

৪/উৎপাদ হোৱা সামগ্ৰী বিধক ভালদৰে অনুসন্ধান কৰিব লাগে যাতে সি আদৰ্শ ৰূপ পোৱাত সহায়ক হয়।

সামগ্ৰী গুণাগুণ নিয়ন্ত্ৰণৰ বহুতো সুবিধা আছে‌

*এই ব্যৱস্থাই অপচয় কমাই।

*শ্ৰমিকৰ মজুৰি খৰছ কমাই।

*প্ৰক্ৰমটোৰ দক্ষতা বঢ়ায়।

*নতুশ সৃষ্টিশীলতাৰ প্ৰতি উদগণি যোগায়।

*গ্ৰাহকৰ সন্তুষ্টি বঢ়ায়।

*বজাৰৰ মচল্য বৃদ্ধি কৰে।

*অধিক লাভৱান হোৱাত সহিয়ক হয়‌।

ব্যৱসায়টোৰ উন্নতিৰ বাবে আন দুটা সূত্ৰ

মাৰ্বল আৰু গ্ৰেনাইট পাথৰৰ চাফা কৰা, মেৰামতি কৰা আৰু নতুন ৰূপ দিয়া কামবোৰ অৱহেলা নকৰিব। এনে কামৰ দ্বাৰা  ধন উপাৰ্জন কৰাৰ লগতে সেইজন গ্ৰাহক ৰ সৈতে এটা সম্পৰ্ক গঢ়ি তুলিব পাৰিব। যদিহে আপুনি সেই গ্ৰাহক জনৰ লগত এটা ভাল সম্পৰ্ক ৰাখে তেন্তে সময়ে সময়ে তেওঁক আনবোৰ কাম কৰি দিয়া ৰ বিনিময়ত টকা পইচা লব পাৰে। 

 আপোনাৰ  আন উৎপাদিত সামগ্ৰী বোৰ যেনে মাৰ্বল ৰ টেবুল, ভিন্ন ধৰণৰ টাইলছ আৰু কাপ বৰ্ড ৰ দুৱাৰো তেওঁ লোকক অফাৰ কৰিব পাৰে। এই সামগ্ৰী সমূহ আপোনাৰ পেলনীয়া মাৰ্বল ৰ টুকুৰা ৰে বনোৱা হয়। যাৰ দ্বাৰা এনেবোৰ বিক্ৰী কৰোঁতে আপোনাৰ  উপাৰ্জন বেছিকৈ হয়।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।