written by | October 11, 2021

চিমেণ্টৰ ইটা বনোৱা ব্যৱসায়

×

Table of Content


কিদৰে  চিমেন্টৰে ইটা বনোৱা ব্যৱসায়  আৰম্ভণি  কৰিব

চীনক অনুকৰণ কৰি  ইটা বনোৱা দেশ হিচাপে  বিশ্বৰ দ্বিতীয় স্হান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰত। বছৰ পাছত বছৰ ধৰি ইটা শিল্প ব্যাপক ভাৱে বৃদ্ধি পাই আহিছে যে উচ্চাকাংক্ষী ব্যৱসায়ীয়ে ইয়াক সফল উদ্যোগ হিচাপে গ্ৰহণ কৰিছে। অন্যান্য ব্যৱসায়ৰ দৰে নহয়, ই আশাব্যঞ্জক কিন্তু তুলনামূলকভাৱে অধিক প্ৰতিযোগিতা মূলকো। তদুপৰি ইটা আৰু ব্লক ব্যৱসায় বৃদ্ধি পাইছে আৰু অনাগত সময়ত আৰু অধিক বৃদ্ধি পাব। 

ভাৰতীয়  ইটা আৰু ব্লক ব্যৱসায় বিকাশৰ খুউব আশাব্যঞ্জক যদিও ভাৰতত চিমেণ্ট ইটা ব্যৱসায় ত নিবেশ কম ।সেয়ে বহুতে এই ব্যৱসায় কৰাৰ ইচ্ছা প্ৰকাশ কৰে। বজাৰৰ উঠা নমা দৰদাম ৰ ক্ষেত্ৰত ই বিশেষ প্ৰভাৱ নেপেলায় । 

‘ইন্ডিয়া ব্রিকস অ্যান্ড ব্লকস মার্কেট ২০২১ ‘ অনুসৰি ভাৰত বিশ্বত চীনৰ পাছত দ্বিতীয় স্হানত। আঞ্চলিক স্তৰত বিশেষকৈ ক্ষুদ্ৰ উদ্যোগবোৰৰ দ্বাৰা প্ৰস্তত হৈ থকা ভাৰতৰ  ইটা উদ্যোগটো মূল ৰূপত অসংগঠিত আৰু বৈশিষ্ট্যযুক্ত। ভাৰতৰ ইটা উদ্যোগে কিছু বছৰ ধৰি যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হৈছে কিয়নো নিৰ্মাণ কাৰ্য আৰু ইনফ্ৰাষ্টচাৰ বৃদ্ধি পাইছে । ভাৰতৰ জনসংখ্যা, উপাৰ্জন,অৰ্থনৈতিক উন্নতি, উদ্যোগিকৰণ, নগৰীকৰণেও ইটা উদ্যোগ ৰ উন্নতি ৰ কাৰণ। CAGR ৰিপৰ্ট অনুসৰি ভাৰতত ইটা ব্যৱসায়ে 

FY’2011-FY’2016 ত INR বিলিয়ন ৰ পৰা INR বিলিয়নলৈ বৃদ্ধি পাইছে। 

ইটা বনোৱা ব্যৱসায় কিদৰে আৰম্ভণি কৰিব 

ইটা বনোৱা ব্যৱসায় আন ব্যৱসায় ৰ দৰে বহু ধৰণৰ প্ৰক্ৰিয়াৰে আৰম্ভ হয়। এই ব্যৱসায় প্ৰতিষ্ঠিত কৰিবৰ বাবে কিছুমান দিশ আপুনি জনাতো প্ৰয়োজন। 

1, এটা ব্যৱসায়িক পৰিকল্পনা

যি কোনো ব্যৱসায় প্ৰতিষ্ঠা কৰিবৰ বাবে এটা পৰিকল্পনা খুবেই প্ৰয়োজন। ইয়াৰ বাবে এটা  ব্যৱসায়িক পৰিকল্পনা কৰা উচিত   য’ত মাৰ্কেটিং, অপাৰেশ্যন, কৰ্মচাৰী বাচনি আৰু অৰ্থ দিশটোও সাঙোৰ খাই থাকে।  সকলো দিশ গুৰুত্বপূৰ্ণ  ভাৱে লৈ ব্যৱসায় দিশটো আগবঢ়াব পৰা যায়। 

2, ইটা বনোৱা সামগ্ৰী 

বৰ্তমান সময়ত ইটা প্ৰস্তুতকাৰী উদ্যোগ সমূহে মেচিনৰ সহায়ত কাম কাজ বোৰ চলায়। ভাৰতত ইটা বনোৱা কোম্পানীয়ে দুই ধৰণৰ মেচিন ব্যৱহাৰ কৰে

1) ষ্টেশ্যনেৰী ব্লক মেকিং মেচিন- এই মেচিনে এটা শাৰীত এটাতকৈ বেছি ইটা বনায় 

2)এগ লেয়াৰ মেচিন-এই মেচিনে কনক্ৰীট খাচাত ইটা বনায়। 

চিমেন্টেৰে ইটা বনোৱা ব্যৱসায়ৰ  বিশেষ সুবিধা    

১/এনে ধৰণৰ ব্যৱসায় আৰম্ভ কৰা তুলনামূলক ভাবে অইন ব্যৱসায়তকৈ সহজ। আইনগত বাধ্যবাধকতা নোহোৱা বাবে অতি সহজে ব্যক্তিগত ব্যৱসায় আৰম্ভ কৰিব পাৰি।অতি কম মূলধনেৰে কম পৰিসৰত ব্যক্তিগত ব্যৱসায় হ’ল সহজ ব্যৱসায় সংগঠন।

২/ যিহেতু  ব্যৱসায়টোত হোৱা লাভ -লোকচানৰ পৰিমাণ মালিকৰ নিজৰ,গতিকে ব্যৱসায়ীজনে সৰ্ব্বোচ্চ লাভৰ বাবে নিষ্ঠা সহকাৰে কঠোৰৰ পৰিশ্ৰম কৰাৰ বাবে প্ৰেৰণা পায়।

৩//মালিকে ননিজে ব্যৱসায়টো নিয়ন্ত্ৰণ কৰে।। ব্যৱসায়ীজনে নিজৰ বিচাৰ-বুদ্ধি ব্যৱসায়টোত খটুৱাব পাৰে,এই ক্ষেত্ৰত কোনেও তেওঁক হস্তক্ষেপ কৰিব নোৱাৰে।তদুপৰি ব্যৱসায়ৰ গোপনীয় কথাবোৰ মালিকৰ মাজতে সীমাৱদ্ধ থাকে।

৪/পৰৱৰ্ত্তিত পৰিস্থিতিৰ লগত সঙ্গতি ৰাখি অতি কম সময়তে ব্যৱসায়িক সিদ্ধান্ত ল’ব পাৰে।

৫/স্বাধীন চিতীয়া মনৰ মানুহৰ বাবে ব্যক্তিগত ব্যৱসায় অতি উপযুক্ত ব্যৱসায়।।

*চিমেন্টৰে ইটা বনোৱা ব্যৱসায়ত।কিছুমান অসুবিধা*     

১/বৃহৎ মুলধনেৰে বৃহৎ পৰিসৰত ব্যক্তিগগত ব্যৱসায় আৰম্ভ কঠিন।

২/কিছুমান। ক্ষেত্ৰত মালিকৰ দক্ষতা আৰু অভিজ্ঞতাৰ অভাৱৰ ফলতো ব্যক্তিগত ব্যৱসায়ত অসুবিধাৰ সৃষ্টি হয়।

৩/এনে ধৰণৰ ব্যৱসায়ত অসীমিত দেনা থকা হেতুকে ব্যৱসায়টোত হ’ব পৰা সম্পূৰ্ণ লোকচানৰ পৰিমাণ ব্যৱসায়ীজনে নিজেই বহন কৰিব লগা হয়।

৪/স্থায়িত্বৰ অনিশ্চয়তা

এই ব্যৱসায়ৰ আন এটা অসুবিধা।ব্যৱসায়ী জনৰ অসুস্থতা তথা মৃত্যয়ে ব্যৱসায়টোৰ ভৱিষ্যত অনিশ্চিত কৰি তুলিব পাৰে।

সেয়েহে চিমেন্টেৰে ইটা বনোৱা ব্যৱসায়টো আৰম্ভ কৰাৰ লগে লগে সকলো কথা চালি জাৰি চাইহে আৰম্ভ কৰিব লাগে।

উদ্যোগীজনে সততে মন কৰিবলগীয়া কিছুমা।ন বিষয়: 

এজন সফল উদ্যোগীৰ বাবে সততে তলত উল্লেখ কৰা বিষয়সমূহলৈ মন কৰিব লাগে,যেনে–

গোটটিৰ হিচাপৰক্ষণ সঘনে পৰীক্ষা কৰক।এজন হিচাপৰক্ষকে লিপিৱদ্ধ

কৰা হিচাপবোৰ অইন এজনে নিয়মিত ভাৱে পৰীক্ষা কৰাৰ ব্যৱস্থা থাকিব লাগে।হিচাপ কৰবাত ভুল হ’লে,এইবোৰ অতি সোনকালে সংশোধনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।।

উদ্যোগ গোটটিত এজন বিশ্বাসী। সহযোগী লোক থাকিলে ভাল। গতিকে উদ্যোগীজনে। এজন সুদক্ষ কাৰিকৰী লোকক। বন্ধু ,কৰ্মী বাঅংশীদাৰ হিচাপে ল’ব পাৰে।

এনেকৈয়ে সকলোৰে সহযোগত ইটা বনোৱাব্যৱসায়টো উন্নতিৰ জখলাত  বগাব পাৰে।

ব্যৱসায় ৰ স্হান:

এটা ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে স্হান নিৰ্ণয় কৰাতো খুবেই প্ৰয়োজন।  স্হান বাচনি কৰোঁতে গুৰুত্ব দিব লাগে মুকলি ঠাই। ইটা বনোৱা সামগ্ৰী  ৰাখিবৰ বাবে 

এখন মুকলি  ঠাইৰ খুবেই প্ৰয়োজন। লগতে তাপমাত্ৰা উৎপন্ন কৰা আৰু তাপমাত্ৰা ধৰি ৰখাৰ বাবে এটা ভাটা। এনেকুৱা ব্যৱসায় প্ৰতিষ্ঠা কৰিবৰ বাবে  এডোখৰ মুকলি ঠাইৰ খুবেই প্ৰয়োজন।

 ইটা প্ৰস্তুত কৰোতে এইখিনি দিশ মন কৰিব 

শ্ৰমিক নিয়োগ কৰা 

এনেকুৱা শ্ৰমিক নিয়োগ কৰা উচিত যিয়ে চিমেণ্ট ৰ    ইটা বনাব জানে বা অভিজ্ঞ । তেওঁ লোকে নিৰ্মাণ কাৰ্য ও জানিব লাগিব। তদুপৰি এনে শ্ৰমিক ৰ প্ৰয়োজন যি আপোনাৰ আশে পাশে থাকে আৰু লাগতিয়াল সময়ত আপুনি তেওঁ লোকক কাষত পায়। ব্যৱসায় ৰ জোখ অনুসৰি আপুনি নিজে নিৰ্ধাৰণ কৰিব যে আপোনাক কিমান জন শ্ৰমিকৰ প্ৰয়োজন। 

গ্ৰাহক বিচৰা 

যেতিয়া সকলো বোৰ সাজু হৈ উঠিব তেতিয়া আপুনি আপোনাৰ ব্যৱসায়টো আগবঢ়াবলৈ গ্ৰাহক বিচাৰিব। 

আপোনাৰ গ্ৰাহক নতুন ঘৰ বনোৱা, ব্যৱসায় প্ৰতিষ্ঠান বনোৱা বা বিল্ডিং আৰু প্ৰতিষ্ঠান বনোৱা হব পাৰে। যদি আপুনি ডাঙৰ বা বৃহৎভাৱে গ্ৰাহক পায় তেতিয়া আপুনি আপোনাৰ অফাৰটো আগবঢ়াব পাৰে। ব্যৱসায় ৰ বাবে সঠিক ভাৱে  মাৰ্কেটিং কৰাতো গুৰুত্বপূৰ্ণ। 

ইটা বনোৱা খুউব সহজ প্ৰক্ৰিয়া ।আপুনি জনাতো উচিত যে ইটা কেনেদৰে বনায় আৰু এই ব্যৱসায় ক কেনেদৰে প্ৰতিষ্ঠিত কৰিব পাৰে। প্ৰক্ৰিয়াটোত মাটি, পানী আৰু ক্লে মিহল কৰা হয়। মাটি গুৰুত্বপূৰ্ণ ইটা প্ৰস্তুতৰ ক্ষেত্ৰত। এই মিশ্ৰণ টো খাচাত দি হেঁচা মাৰি ভিন্ন ৰূপত কাটিব পাৰি। প্ৰকৃততে উচ্চ মানদণ্ডৰ ইটাৰ জোখ 14″×10″×4″। বনোৱা ইটাবোৰক ভাটাৰ উচ্চ তাপত দিয়া হয়। এই প্ৰক্ৰিয়াত কিছু ইটা ভাঙি যায় যাক আমি পাছলৈ ব্যৱহাৰ কৰিব পাৰো। 

নতুন পদ্ধতি আৰু মেচিনৰ সহায়ত কম সময়ৰ ভিতৰতে বহু ইটা বনোৱা সম্ভৱ। আপুনি  ডি আই ৱাই মেচিন ক্ৰয় কৰিব পাৰে যি দৈনিক তিনি হেজাৰ ইটা বনাব পাৰে। ইটা ৰখা আৰু পেকেজিং কৰাৰ বাবে অভিজ্ঞতা ৰ প্ৰয়োজন। 

ইটা ব্যৱসায় কৰাৰ পূৰ্বে কিছু ব্যৱসায়ৰ পাঠ যেনে  অৰ্থ, বেলেন্স শ্বীট, বিক্ৰী আৰু মাৰ্কেটিং জনাতো জৰুৰী।

এটা ব্যৱসায়িক পৰিকল্পনা, য’ত নিৰ্মাণ, অপাৰেশ্যন, মাৰ্কেটিং, কৰ্মচাৰী নিয়োগ আৰু অৰ্থ থকাটো জৰুৰী। আপোনাৰ ব্যৱসায়ৰ পৰিকল্পনা ই আপোনাক এটা স্পষ্ট ছবি দাঙি ধৰিব, কেনেদৰে আপোনাৰ ব্যৱসায়টো প্ৰতিষ্ঠা কৰিব পাৰে।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।