written by | October 11, 2021

চেণ্ডেলৰ ব্যৱসায়

×

Table of Content


জোতা চেন্দেলৰ ব্যৱসায়

যদিহে আপুনি এনে এক ব্যৱসায় আৰম্ভ কৰিব বিছাৰে যিতোৰ চাহিদা কেতিয়াও শেষ নহয় তেনেহ’লে জোতা চেন্দেলৰ ব্যৱসায় একঅন্যতম ব্যৱসায় । কিয়নো ভাৰতত অধিকপৰিমানে জোতা আৰূ চেন্দেল পৰিধান কৰা হয়।  জোতা চেন্দেলৰ ৰিটেল দোকানেৰে আপুনি ব্যৱসায় আৰম্ভ কৰিব পাৰে। এইটো ক্ষেত্ৰত আপুনি গুৰুত্ব দিব লাগে যাতে সামগ্ৰীৰ লগতে আপোনাৰ ব্যৱহাৰও উকৃষ্ট মানৰ হয় যিহেতু মানুহে ব্যক্তিগত ভাবে আপোনাৰ পৰা সামগ্ৰী গ্ৰহণ কৰিব ।

নিজৰ ব্যক্তিগত জোতা চেন্দলৰ কোম্পানি খুলি এই ব্যৱসায় আৰম্ভ কৰিব পৰা যায় । ইয়াত মূলতঃ আপুনি গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিব লাগে ।তেতিয়াহে আপোনাৰ ব্যৱসায় সাফল্য হ’ব । ইয়াৰ উপৰিও আপুনি নিজ হাতেৰে প্ৰস্তুত কৰা জোতা চেন্দেল বিভিন্ন সাংস্কৃতিক অনুস্থানত বিক্ৰী কৰিব পাৰে আৰু অনলাইন যোগেও বিক্ৰী কৰিব পাৰে , বৰ্তমান সময়ত এনে সামগ্ৰীৰ চাহিদাৰ পৰিমান অতি বেছি।  ইয়াৰ উপৰিও জোতা চেন্দেল ভাল কৰা ব্যৱসায় ও কৰি লাভাম্বিত হ’ব পৰা যায় । ইয়াৰ উপৰিও হৌল্দচেল দোকানৰ দ্বাৰা অধিক পৰিমানে লাভাম্বিত হ’ব পৰা যায় । যিহেতু এনে ব্যৱসায়ত আপোনাৰ গ্ৰাহক ৰিতেল ব্যৱসায়ী হ’ব সেয়ে যিমান দোকান আকৰ্ষণ কৰিব সিমানে আপোনাৰ ব্যৱসায় ভাল হ’ব । লগতে অনলাইন যোগে বৰ্তমান সময়ত জোতা চেন্দেলৰ ব্যৱসায় কৰি অত্যাধিক লাভ পোৱা যায় । 

আপুনি আপোনাৰ সম্পৰ্কীয় সিনাক্ত কৰিব নোৱাৰে কিন্তু নিজৰ ব্যৱসায় নিশ্চিত কৰিব পাৰে। জোতা ছেণ্ডেল ৰ ব্যৱসায় এনে এক ব্যৱসায় যিটো কম মূলধনতে আৰম্ভ কৰি অন্য ব্যৱসায়ৰ লগত বেশেষ প্ৰত্যয়োগিতা নোহোৱাকৈ বিকাশ সাধন কৰিব পৰা যায়। 

ভাৰতবৰ্ষ হল এনে এখন দেশ যি জোতা আৰু ছেণ্ডেল ব্যৱহাৰৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত তৃতীয় স্থানত আছে , প্ৰথম আৰু দ্বিতীয় স্থানত ক্ৰমে ইউ এছ এ , আৰু চিন আছে । কিন্তু অতি কম সময়ৰ ভিতৰতে ভাৰতক দ্বিতীয় স্থান অধিকাৰ কৰিব বুলি আশা কৰা হৈছে।

ভাৰতবৰ্ষত ক্ৰমে ২.১ বিলিয়ন জোতা ছেণ্ডেল তৈয়াৰ কৰা হয় আৰু যাৰ ভিতৰত ৯০% দেশৰ ভিতৰতে ব্যৱহাৰ কৰা হয় আৰু বাকী থকা পৰিমাণ ব্ভিন্ন ইউৰোপীয় দেশ আদিত পঠিওৱা হয়। বৰ্তমান সময়ত জোতা ছেণ্ডেলৰ ব্যৱসায় ৰ জৰিয়তে ক্ৰমে ২০% ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰত প্ৰভাৱ পেলোৱা দেখা গৈছে আৰু ইয়াৰ মূল কাৰণ অন্য দেশলৈ পঠোৱা সামগ্ৰীৰ দ্বাৰা পোৱা হয়।

ব্যৱসায় আৰম্ভ কৰাৰ আগতে আপুনি নিজৰ প্ৰতিয়োগিৰ বেশয়ে অৱগত হোৱাটো অতি গুৰুত্বপূৰ্ণ। যিহেতু জোতা ছেণ্ডেলৰ ব্যৱসায়ত আপোনাৰ প্ৰতিযোগী থকা তো নিশ্চিত সেই বাবে আপুনি মূলতঃ৫০ কিলো মিটাৰ অঞ্চলৰ দোকানৰ খবৰ ৰাখি লগতে যিবোৰ দোকান অতি জনপ্ৰিয় তাৰ কাৰণ বিচাৰ কৰি তাৰ পৰা জ্ঞান লৈ কেনেকৈ নিজৰ জোতা ছেণ্ডেল ৰ ব্যৱসায়ত প্ৰয়োগ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিব লাগে। পাৰিলে নিজে গ্ৰাহক হিচাপে এনে দোকান বোৰ পৰিদৰ্শন কৰিব লাগে ।

আপুনি জোতা ছেণ্ডেলৰ দোকান খোলাৰ আগতে কেনেকুৱা ধৰণৰ লোকক আকৰ্ষণ কৰিব বিচাৰে তাৰ ওপৰত গুৰুত্ব দিব লাগে। আপুনি মূলতঃ দুই ধৰণৰ জনসাধাৰণৰ প্ৰয়ো জৰ্নিয়াতৰ ওপৰত গুৰুত্ব দিব পাৰে। আপুনি মধ্যবিত তথা সাধাৰণ মানুহে ক্ৰয় কৰিব পৰা কৈ জোতা ছেণ্ডেলৰ ব্যৱসায় কৰিব পাৰে , এনে ব্যৱসায়ত সাধাৰণ মানুহক অধিক পৰিমানে আকৰ্ষিত কৰিব পৰা যায় আৰু লগতে এনে ধৰণৰ সামগ্ৰী বেকৰী কৰিব লাগে যাতে সাধাৰণ মানুহে কিনিব পাৰে। 

দ্বিতীয়তে , আপুনি উচ্চ শ্ৰেণী ৰ মানুহক আকৰ্ষণ কৰিব পৰাকৈ জোতা ছেণ্ডেলৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে যত উন্যত মানৰ জোতা ছেণ্ডেলৰ লগতে ব্ৰেণ্ডেড সামগ্ৰী বিক্ৰী কৰিব পাৰে যিয়ে ধনী শ্ৰেণী মানুহক আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

জোতা ছেণ্ডেলৰ ব্যৱসায় আৰম্ভ কৰিবলৈ হলে আপোনাৰ প্ৰধান কাম হল এক উপযোক্ত স্থান নিশ্চিত কৰা । আপুনি আপোনাৰ দোকানখন কোনটো স্থানত আৰম্ভ কৰে তাৰ ওপৰত আপোনাৰ ব্যৱসায়ৰ পৰিমাণ অতি পৰিমানে নিৰ্ভৰ কৰে । জোতা ছেণ্ডেলৰ বাবে স্থান এনেকুৱা অঞ্চল হব লাগে যাৰ ওচৰত অধিক পৰিমানৰ মানুহ গোট খাই থাকে। এই স্থান মূলতঃ চুপাৰ মাৰ্কেটৰ ওচৰত হলে তাৰ পৰা লাভবান হোৱাৰ পৰিমাণ অতি বেছি। কিয়নো এনে অঞ্চলত সকলো ধৰণৰ মানুহ তথা জনসাধাৰণ থাকে। 

ইয়াৰ উপৰিও যদি আপুনি আপোনাৰ জোতা ছেণ্ডেলৰ ব্যৱসায় শ্বপিং মল আদিৰ কাষত প্ৰতিষ্ঠিত কৰে তেনেহলে আপোনাৰ ব্যৱসায়ৰ পৰিমাণ অধিক হোৱাৰ আশা থাকে। 

ইয়াৰ উপৰিও আপুনি জনবহুল অঞ্চল যেনে পার্ক , চিনেমা ঘৰ আদিৰ ওচৰত ও আপোনাৰ জোতা ছেণ্ডেলৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে ,এনে অঞ্চলত অৱস্থিত দোকান প্ৰবাহ বোৰৰ বিক্ৰীৰ পৰিমাণ বেছি হোৱা দেখিবা পোৱা যায়। কাৰণ এনে অঞ্চল সমূহ সকলো সময়তে জনবহুল হোৱা দেখিবলৈ পোৱা যায় । গতিকে আপুনি এনে এটা অঞ্চল চিনাক্ত কৰিব লাগে যত জনবহুল হোৱাৰ পৰিমাণ বেছি ,লাগিলে পৰিমাণ কম অ হওক বা বেছি । জনপ্রিয় অঞ্চল বিশেষত আপোনাৰ জোতা ছেণ্ডেলৰ ব্যৱসায় আৰম্ভ কৰিলে নিশ্চয় জনপ্ৰিয় হবলৈ সক্ষম হব যদিহে আপুনি গ্ৰাহকৰ প্ৰয়োজনীয়তা ৰ তথা কোনটো বস্তুৰ চাহিদা বেছি হৈ আছে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে । যিহেতু মানুহৰ কেৱল একে ধৰণৰ অ জোতা ছেণ্ডেল ৰ প্ৰয়োজন নাহয় অনুষ্ঠান অনুযায়ী বেলেগ বেলেগ ধৰণৰ জোতা ছেণ্ডেল প্ৰয়োইজন হয় ,উদাহৰণস্বৰূপে খেলাৰ বাবে বেশেষ জোতা , বিয়া তথা অন্য দৰকাৰী অনুষ্ঠানৰ বাবে বেলেগ জোতা ছেণ্ডেল , বিদ্যালয় তথা মহাবিদ্যালয় ৰ বাবে বেলেগ জোতা ছেণ্ডেলৰ দৰকাৰ হয় সেই বাবেই আপোনাৰ ব্যৱসায়ত ব্যভিন্ন ধৰণৰ জোতা চেনেডল থকা তেও বাঞ্চনীয় । তেতিয়াহে আপুনি জোতা ছেণ্ডেল ৰ ব্যৱসায় অধিক পৰিমানে আগুৱাই নিব পাৰিব । গতিকে জোতা ছেণ্ডেল ৰ ব্যৱসায় আৰম্ভ কৰাৰ লগতে এনে কেচিমান গুৰুত্বপূৰ্ণ কথাৰ ওপৰত গুৰুত্ব দিলে নিশ্চয় আপুনি সহজে লাভাম্বিত হব পাৰিব। 

বৰ্তমান সময়ত মানুহে যিহেতু নিজৰ আভ্যন্তৰীণ ৰূপৰ ওপৰত অধিক পৰিমানে গুৰুত্ব আৰোপ কৰা দেখিবলৈ পোৱা যায়  সেই বাবে জোতা ছেণ্ডেল ৰ বগাবাসায় কৰি তাৰ পৰা লাভাম্বিত হোৱা আশা অধিক পৰিমানে  থাকে । বৰ্তমান সময় হৈছে এনে এক সময় যত মানুহে সমাজত নিজৰ মানদণ্ড বজাই ৰাখিবলৈ হলে নিজৰ বেশ ভুছা আদিৰ ওপৰত অতিকৈ গুৰুত্ব আৰোপ কৰিব লগা হয়। কিন্তু ইয়াৰ লগত অতিকৈ গুৰুত্ব পূৰ্ণ কথা হল যে আপুনি আপোনাৰ দোকানত আধুনিক সময়ত প্ৰচাৰ হোৱা জোতা ছেণ্ডেল ৰ প্ৰতি গুৰুত্ব ৰাখি আপোনাৰ দোকানত তাক উপলব্ধ কৰাব লাগিব , কাৰণ তেনে কৰিলে হে আপোনাৰ ওচৰত অহা গ্ৰাহক নিৰাশ নহব আৰু এবাৰ বিচৰা সামগ্ৰী পোৱাৰ পিছত আকৌ এবাৰ আপোনাৰ দোকানত আহিবলৈ বাধ্য হব। গতিকে এনেধৰণৰ কথা বোৰ গুৰুত্ব দি সকলো মানুহৰ প্ৰয়োইজন সাপেক্ষে আপোনাৰ জোতা ছেণ্ডেল দোকানত উপলব্ধ কৰাব লাগিব ।তেনে কৰিলে আপুনি অধিক পৰিমানে গ্ৰাহক আকৰ্ষণ কৰিবলৈ সমৰ্থন হব । আৰু তেতিয়া আপোনাৰ ব্যৱসায়ত ও অগ্ৰগতি হব। এনে কিছুমান গুৰুত্বপূৰ্ণ কথা ৰ ওপৰত নিৰ্ভৰ কৰি আপুনি জোতা ছেণ্ডেল ৰ ব্যৱসায় কৰিলি নিশ্চয় এ লাভাম্বিত হব।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।