written by | October 11, 2021

মণিহাৰী দোকানৰ ব্যৱসায়।

×

Table of Content


এখন ফেন্সী দোকান কেনেদৰে আৰম্ভ কৰিব 

আত্মনিৰ্ভৰশীল হ‘বলৈ চৰকাৰে জনোৱা আহ্বানক আমাৰ দেশত বহু ডেকা গাভৰুৱে এটা প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছে আৰু নিবনুৱা সমস্যা সমাধানৰ বাবে বজাৰলৈ নতুন ব্যৱসায়ী ৰূপে আগবাঢ়ি আহিছে। থলুৱা বজাৰৰ সম্প্ৰসাৰণ আৰু অৰ্থনৈতিক বিকাশৰ সুযোগ আদিয়ে নতুন প্ৰজন্মক ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰখনলৈ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিগত দশকত ক্ষুদ্ৰ উদ্যোগৰ লগতে অতি ক্ষুদ্ৰ উদ্যোগৰ বিকাশ আৰু অগ্ৰগতিয়ে নতুন প্ৰজন্মৰ মাজত উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতি আকৃষ্ট কৰাটো পৰিলক্ষিত হৈছে। যিটো দেশৰ অৰ্থনীতি তথা সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ বাবে এক আশাব্যঞ্জক ঘটনা।ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ উদ্যোগসমূহত কম মূলধনৰ বিনিয়োগৰ বিপৰীতে অধিক নিয়োগ লাভৰ সুবিধা থাকে। এনে উদ্যোগ স্থাপনৰ জৰিয়তে নিজে সংস্থাপিত হোৱাৰ ওপৰিও আন বহুকেইজনৰ বাবে নিয়োগৰ সুবিধা সৃষ্টি কৰব পৰা যায়।

ভাৰত এখন জনবহুল দেশ য‘ত সামগ্ৰীৰ চাহিদা খুউব বেছি। সেয়ে কম মূল্যৰ সামগ্ৰী বোৰে বেছি আকৰ্ষিত কৰে। যিহেতু আমাৰ দেশৰ প্ৰতি গৰাকী মানুহৰ আয় কম। দেখা গৈছে যে নতুন ব্যৱসায়ী সকলে সৰু উদ্যোগৰ পৰা আৰম্ভণি কৰিব লাগে।  যিহেতু পূজি সীমিত। ইয়াক লৈ চিন্তা কৰাৰ কোনো কাৰণ নাই যিহেতু সৰু আৰু লঘু উদ্যোগৰ ওপৰত চৰকাৰৰ নজৰ আছে। চৰকাৰী এম এছ এম ই এ তেওঁ লোকক বিভিন্ন ধৰণে সহায় আগবঢ়ায়। যিহেতু সেই বিভাগত মূলধনৰ বেছি প্ৰয়োজন নহয় সেয়ে যথেষ্ট সংখ্যক লোক ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহিছে। 

এটা ভাল ব্যৱসায় ফেন্সী দোকানৰ ব্যৱসায়। য‘ত ঘহা, পিহা সামগ্ৰী,উপহাৰ, কৃত্ৰিম গহণা,সজোৱা বস্তু  কে আদি কৰি আনুসংগিক সামগ্ৰী বিভিন্ন সামগ্ৰী লাভ কৰা হয়। এইটো এটা লাভজনক ব্যৱসায় যিকোনো ঠাইতে খুলিব পৰা। জিঅ‘ নেটৱৰ্ক অহাৰ পাছত প্ৰত্যেকখন ঘৰতেই ইন্টাৰনেট সেৱা উপলদ্ধ হৈছে আৰু এই সেৱাৰ জৰিয়তে ভিন্ন ধৰণৰ তথ্য ভিন্ন ঠাইলৈ প্ৰেৰণ হৈছে।  ফলস্বৰূপে ফেন্সী দোকান মধ্যবিত্ত ৰ মাজতে সীমাবদ্ধ নাথাকি উচ্চ মধ্যবিত্ত সকলেও এনে সামগ্ৰী ক্ৰয় কৰা হৈছে। ইয়াৰ সামগ্ৰী বোৰত লাভৰ পৰিমাণটো বহু বেছি। কেতিয়াবা ৫০ ৰ পৰা ৬০ শতাংশ লাভ হব পাৰে। 

কেনেদৰে আৰম্ভণি কৰিম জানো আহক 

প্ৰডাক্ট বাচনি কৰক 

বজাৰত বহু ধৰণৰ সামগ্ৰী ভিন্ন দামত উপলব্ধ।সেয়ে আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব কোনবোৰ সামগ্ৰী আপুনি বিক্ৰী কৰে। ফেন্সী সামগ্ৰীবোৰ সময়ৰ লগে লগে সলনি হয়। কেতিয়াবা ডাঙৰ বা সৰু,দামী বা কম দামী হব পাৰে। ইয়াত আপুনি অলংকাৰকে আদি কৰি বিভিন্ন সামগ্ৰী পাব।  মনত ৰাখিব আপুনি কোনবোৰ সামগ্ৰী বিক্ৰী কৰিব খোজে আৰু গ্ৰাহকক  আকৰ্ষিত কৰিব পাৰে। 

ভাল ঠাই এডোখৰ বাচনি কৰি ভাড়ালৈ বা ক্ৰয় কৰক  

আজিকালি গ্ৰাহকৰ আকৰ্ষণ অনলাইনৰ ফালে বেছি হৈছে। মনত ৰাখিব ফেন্সী দোকান খন এনে ঠাইত হব লাগে য‘ত মানুহৰ সমাগম বেছি।  আপোনাক  বিশেষ বেছি ঠাইৰো আৱশ্যক নাই মাত্ৰ 10×15sq.ft ঠাই হে প্ৰয়োজন। 

এটা পৰিকল্পনা কৰক 

আপুনি অফলাইন নে অনলাইন দোকান খুলিব বিচাৰে?সঠিক পৰিকল্পনা কৰাতো উচিত। বজাৰত নজৰ ৰাখিব, কি সামগ্ৰী বিক্ৰী কৰিব পাৰে  বুজ লব। এনে নহয় যে আপুনি দোকানত ৰখা সকলো সামগ্ৰী বিক্ৰী হব কেতিয়াবা কম পৰিমাণৰ সামগ্ৰী বিক্ৰী হব পাৰে। বেয়া দিনৰ বাবেও সাজু থাকিব। 

আন্তঃগাঁথনি আৰু আলোকসজ্জা 

এখন ফেন্সী দোকান ৰ আন্তঃগাঁথনি সাধাৰণ হব পাৰে। দোকানখনত কাউন্টাৰ, শ্বেলফৰ লগতে সৰু সৰু এল ই ডি বাল্বৰে দোকানখন সজাবলৈ চেষ্টা কৰিব। এয়াই আপোনাক এটা নতুন ৰূপ দিব আৰু আপোনাৰ দোকান খন সুন্দৰ দেখা হব। সামগ্ৰীবোৰ ভাল আৰু শৃংখলাবদ্ধ ভাৱে ৰাখিব। গ্ৰাহকে কেনে সামগ্ৰী ভাল পায়  গ্ৰাহকৰ মনবোৰ জানিবলৈ চেষ্টা কৰিব। তেওঁলোক ৰ বহাৰ ব্যৱস্থা ও ৰাখিব। খুউব ধুনীয়াকৈ দোকানখনৰ সন্মুখ খিনি সজাব। 

ফেন্সী দোকানখন এনে ধৰণে সজাব যি আপোনাক লাভান্বিত কৰিব পাৰে ,ইয়াৰ বাবে দক্ষ ডিজাইনাৰৰ সহায় লব পাৰে । আলোকসজ্জা আৰু দেৱালৰ ৰং খুউব আকৰ্ষণীয় হোৱা উচিত ।ফেন্সী দোকানখনৰ আকৰ্ষণীয় আলোকসজ্জাই প্ৰতি ধাউতি বৃদ্ধি কৰিব আৰু অধিক গ্ৰাহকক আকৰ্ষিত কৰিব ।ইয়ে আপোনাৰ ব্যৱসায় সফল কৰাত সহায় কৰিব । আপোনাৰ ফেন্সী দোকানখনখনলৈ মানুহৰ সমাগম বৃদ্ধি কৰিব । এনেদৰেই আপোনাৰ ফেন্সী দোকানখন লাহে লাহে আপোনাৰ অঞ্চলত জনপ্ৰিয় হৈ পৰিব ।

লাইসেন্স আৰু অনুমতি পত্ৰ 

এখন  দোকান খুলিবলৈ চৰকাৰৰ পৰা বহু ধৰণৰ  অনুমতি লব লাগে। আপোনাক  লাগিব ব্যৱসায়ৰ লাইসেন্স ,ডি বি এ চাৰ্টিফিকেট, ৰিচেল চাৰ্টিফিকেট,  জি এছ টি পঞ্জীকৰণ,ঠাইৰ প্ৰমাণ পত্ৰ  আৰু বহুতো। এইবোৰ লাভ কৰাৰ পাছতহে দোকানখন খুলিবলৈ পাৰিব। সদায় কাগজবোৰ সাজু কৰি ৰাখিব যাতে বিচাৰিলে নিজৰ সুৰক্ষাৰ বাবে দেখুৱাব পাৰে। 

সঠিক ডিষ্ট্ৰীবিউটৰ বাচনি কৰক 

এখন দোকান ডিষ্ট্ৰীবিউটৰ নোহোৱাকৈ খোলাটো কঠিন ।  মনত ৰাখিব যাতে আপোনাৰ গ্ৰাহকে সূদা হাতে উভতিব লগা নহয়। ডিষ্ট্ৰীবিউটৰে সময়মতে সামগ্ৰী যোগান ধৰিব পাৰিবনে নাই তাৰ খবৰ ৰাখিব। 

গ’ অনলাইন 

ঘৰত দোকান খুলিলে প্ৰথমতে ওচৰ চুবুৰীয়া আৰু আশে পাশে থকা মানুহৰ লগত সু সম্পৰ্ক গঢ়ি তুলিব লাগে।বজাৰৰ ক্ষেত্ৰত  আজিকালি ই কৰ্মাচে সকলো সহজ কৰি তুলিছে। এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী। ৱেবছাইটোত সামগ্ৰী  সন্দৰ্ভত বিতং ভাৱে জনাব। আপোনাৰ ডেলিভাৰী এলেকাতো নিৰ্ধাৰণ কৰি লব। ৱেবছাইটো আকৰ্ষণীয় কৰি ৰাখিবৰ বাবে ভিন্ন ধৰণৰ বস্তুৰে সজাই ৰাখিব। সময়ৰ লগে লগে মানুহৰ চাহিদা অনলাইনৰ প্ৰতি বৃদ্ধি পাইছে । ইয়াৰ বাবে এজন দক্ষ টেকনিচিয়ানৰ সহায় লব পাৰে।যি প্ৰতি সময়তে আপোনাৰ ৱেবছাইট কোনো সমস্যা নোহোৱাকৈ চলাব পাৰে ।এই ব্যৱস্হাই আপোনাৰ গ্ৰাহকৰ সুবিধা কৰিব। অনলাইনৰ ব্যৱস্হাটো খুউব মসৃণভাৱে সকলো বয়সৰ গ্ৰাহকৰ সুবিধা হোৱাকৈ ৰাখিব ।ই আপোনাৰ ব্যৱসায় আগবঢ়োৱাত সহায় কৰিব আৰু গ্ৰাহকৰ চাহিদা বৃদ্ধি কৰাব ।

ছচিয়েল মিডিয়া মাৰ্কেটিং 

আপোনাৰ উৎপাদিত সামগ্ৰীবোৰ অনলাইন যোগে বিক্ৰী কৰিবৰ বাবে ভাল এটা ৱেবছাইট বনাব। ছচিয়েল মিডিয়া ব্যৱহাৰ কৰক।বজাৰৰ ক্ষেত্ৰত  আজিকালি ই কৰ্মাচে সকলো সহজ কৰি তুলিছে।  আজিকালি ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলোৱা সহজ। আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক। ৰেহাইৰ সুবিধা আগবঢ়াওক। লিফটলেট, পাম্পলেট আদি প্ৰচাৰ পত্ৰিকাৰে বজাৰ দখলৰ চেষ্টা চলাওক। পাৰিলে হোৱাটছ এপৰ জৰিয়তে গ্ৰাহকক ৰেহাই মূল্য ৰ বিষয়ে অৱগত কৰিব। মনত ৰাখিব যাতে গ্ৰাহক আপোনাৰ ব্যৱহাৰত সন্তুষ্ট হৈ থাকে। 

দেখা গৈছে যে নতুন প্ৰজন্মই ব্যৱসায়ৰ প্ৰতি ধাউতি প্ৰকাশ কৰিছে আৰু সফলো হৈছে।  কোনো ডাঙৰ বা সৰু নহয়। মূলধন আৰু লাভে একো প্ৰভাব নেপেলায়,প্ৰভাৱ পেলায় মাত্ৰ আপোনাৰ সামগ্ৰীৰ গুণগত মানদণ্ড আৰু নতুনত্ব থকাটো। কামটো শিকক আৰু আগবাঢ়িবলৈ চেষ্টা কৰক। 

শুভকামনাৰে

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।