written by | October 11, 2021

ভাৰতত সৌৰ ফলকৰ

×

Table of Content


সৌৰ শক্তি পেনেল লগোৱা ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব 

প্ৰতিদিনে  বিশ্বত ন ন উদ্ভাৱন আৰু আৱিষ্কাৰ হৈ আছে। এই উদ্ভাৱন সমূহে বিশ্বক আগবঢ়াই নি আছে। আমি প্ৰকৃততে আমাৰ প্ৰকৃতিৰ প্ৰতি দয়া মমতা ৰাখি কামবোৰ কৰিছোনে। ২০১৮-১৯ বৰ্ষত মুঠ বিদ্যুত উৎপাদন হৈছে ১৫৪৭ ট্ৰিলিয়ন ৱাটৰ। সময়ৰ লগে লগে টেকনলজিৰ বহু পৰিবৰ্তন হৈছে ।আমাৰ বিদ্যুত উৎপাদনৰ প্ৰক্ৰিয়া খুউব পাৰম্পৰিক। য‘ত আমি পৃথিৱীৰ উৎপাদিত সামগ্ৰী ব্যৱহাৰ নকৰি সংৰক্ষণ কৰো। ইয়াৰ মাজৰ এটা হ‘ল সৌৰ শক্তি।আমি দিনৰ ভাগত সূৰ্য্যৰ পৰা পোহৰ আৰু তাপ পাওঁ ৷ সূৰ্য্যৰ পৰা পোৱা এই পোহৰ আৰু তাপ শক্তিৰ একোটা ৰূপ মাথোন ৷ সূৰ্য্য হ’ল শক্তিৰ অপৰিসীম উৎস ৷ এই উৎসৰ পৰা তাপ আৰু পোহৰৰ ৰূপত বিকীৰিত হোৱা শক্তিৰ এক ক্ষুদ্ৰ অংশ আহি পৃথিৱীত পৰে আৰু সেই শক্তিৰ ওপৰত নিৰ্ভৰ কৰিয়েই পৃথিৱীত জীৱৰ বিকাশ সম্ভৱ হৈছে ৷সূৰ্য্যৰ পৰা প্ৰত্যক্ষ আৰু পৰোক্ষ্যভাৱে পৃথিৱীত আহি পৰা পোহৰ আৰু তাপ শক্তিকেই আমি সৌৰ শক্তি বুলি কওঁ ৷ এই পোহৰ আৰু তাপ শক্তিয়েই পৃথিৱীত বিভিন্ন জীৱ আৰু উদ্ভিদ জগতৰ চালিকা শক্তি ৷ আমাৰ দৈনন্দিন জীৱনত সৌৰ শক্তিৰ প্ৰয়োজনীয়তা আৰু ব্যৱহাৰ অপৰিসীম৷

বর্তমান ভাৰত তথা দেশৰ অন্যান্য ৰাজ্যত বিভিন্ন উৎসৰ পৰা শক্তিৰ আহৰণ ক্ষমতা বাঢ়িছে।কিন্তু তাৰ লগতে  শক্তিৰ ব্যৱহাৰ তথা প্ৰয়োজনীয়তাও বাঢ়িছে।বিভিন্ন অপাৰম্পৰিক শক্তিৰ উৎসৰ ভিতৰত সৌৰ শক্তি, জলবিদ্যুৎ, বায়ু শক্তি, জৈবিকশক্তিৰ উৎস অন্যতম।এইবোৰৰ ভিতৰত সৌৰ শক্তি অন্যতম।সৌৰ শক্তি পেনেল লগোৱা ব্যৱসায়ৰ চাহিদা বৃদ্ধি পাইছে। এয়া নতুন ব্যৱসায় ও লাভজনক ব্যৱসায়। সৌৰ শক্তি পেনেল ৰ উৎপাদন ,বিক্ৰী, লগোৱা, ডিষ্ট্ৰীবিউটশ্যনে বহু সংখ্যক নিয়োগৰ সৃষ্টি কৰিছে। সেয়ে  চৰকাৰো এই বিষয়টোক জনপ্ৰিয় আৰু সম্প্ৰসাৰণৰ বাবে আগবাঢ়ি আহিছে।  

জানো আহক সৌৰ শক্তি পেনেল লগোৱা ব্যৱসায় কেনেদৰে  আৰম্ভ কৰিব পাৰি

এটা সঠিক পৰিকল্পনা

এই ব্যৱসায়টো কেনেধৰণৰ হব জানি লোৱাটো উচিত। আপুনি  খুচুৰা ব্যৱসায় কৰিব নে বেটেৰী বনোৱা ব্যৱসায় কৰিব?এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী।  এই ব্যৱসায় আৰম্ভ কৰাৰ আগেয়ে আপুনি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জ্ঞান আহৰণ কৰিব লাগিব। তদুপৰি ক্ষেত্ৰভিত্তিক অধ্যয়ন, ব্যৱসায়টোৰ যোগাত্মক দিশ, দুৰ্বলতা, সৃষ্টি হ’ব পৰা সুযোগ তথা ভাবুকি আদিৰ বিষয়ে সঠিকভাৱে জানি লোৱা উচিত। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ।আপুনি অনলাইন নে অফলাইন ষ্ট‘ৰ কৰিব?যদি অফলাইন তেন্তে বঢ়িব পৰাকৈ নে কেৱল বিক্ৰী কৰাৰ চিন্তা আৰু যদি অনলাইন তেন্তে আপোনাৰ সামগ্ৰী বোৰ ক‘ত ৰাখিব আৰু কিমান পৰিধিৰ ভিতৰত আবদ্ধ কৰিব। সদায়েই মনত ৰাখিব যাতে এই ব্যৱসায় ৰ বাবে আপোনাৰ এটা সঠিক পৰিকল্পনা থাকে। এই ব্যৱসায়ত মূলধনৰ উপৰিও সামগ্ৰী সমূহ ৰখাটো কিছু চিন্তা জনক।আপুনি তেতিয়াহে  লাভবান হব পাৰিব যেতিয়া  এই ব্যৱসায়ত বিনিয়োগ  আৰু সময় দিব পাৰিব। সদায়েই বেয়া দিনৰ বাবেও সাজু থাকিব। কিমান সামগ্ৰীৰ উৎপাদন ও খৰচ হৈ আছে সকলোৰে  এটা নিয়ন্ত্ৰণ ৰাখিব। 

বজাৰৰ পৰ্যবেক্ষণ কৰক 

সৌৰ শক্তি পেনেল লগোৱা ব্যৱসায় কৰাতো খুউব এটা সহজ কথা নহয়। আপোনাৰ বজাৰ, চাহিদা, যোগান সকলোবোৰ কেনেকুৱা হব জানি লোৱাটো উচিত। সৌৰ শক্তি পেনেলে  খুউব ৰক্ষণাবেক্ষণ বিচাৰে। সেয়ে আপুনি ভালদৰে পৰ্যবেক্ষণ কৰক। নজৰ দিব যাতে আপোনাৰ সামগ্ৰী নষ্ট হৈ নাযায়।  চৰকাৰে সুৰক্ষাৰ বাবে  যিবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে সেই সকলোবোৰ মানি চলিব। সৌৰ শক্তি পেনেল ৰাখিবৰ বাবে ডাঙৰ ঠাইৰ প্ৰয়োজন হয়। আপোনাৰ যদি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জ্ঞান তেন্তে সেয়া আপোনাৰ ব্যৱসায়ৰ বাবে ভাল। 

দক্ষতা আহৰণ কৰক বা দক্ষ হওঁক 

বহু ধৰণৰ সৌৰ চালিত  পেনেল পোৱা যায়। প্ৰায় সংখ্যাক লোকে সেইবোৰ ক্ৰয় কৰিব খোজে। যিহেতু সেইবোৰ এটা শক্তি লাভৰ আন এক সাধন। সদায়েই আপোনাৰ প্ৰডাক্টটোৰ বিষয়ে আতিগুৰি মাৰি জানি লব। কেনে ধৰণে পেনেলে কাম কৰে সকলো বোৰ শিকি লব। যাতে আপুনি আপোনাৰ গ্ৰাহকক সকলো বুজাব পাৰে। 

লাইসেন্স আৰু অনুমতি পত্ৰ 

ইয়াৰ বাবে লাইচেঞ্চ লোৱাতো খুবেই জৰুৰী। এখন  সামগ্ৰীৰ দোকান খুলিবলৈ চৰকাৰৰ পৰা বহু ধৰণৰ  অনুমতি লব লাগে। প্ৰথমে আপুনি অনুমতি লব লাগিব ঘৰৰ মালিকৰ পৰা(যদিহে ভাৰা) , জি এছ টি পঞ্জীকৰণ আৰু বহুতো। এইবোৰ লাভ কৰাৰ পাছতহে দোকান খুলিবলৈ পাৰিব।

এডোখৰ ভাল ঠাই বাচনি 

এডোখৰ ভাল ঠাই বাচনি কৰি লোৱাটো খুবেই জৰুৰী। বহু এনে দোকান থকা ঠাইৰ পৰা কিছু নিলগত আপুনি আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠান টো আৰম্ভ কৰক। অথাৎ বাচনি কৰক। প্ৰতিদ্বন্দী থাকিলেও যদিহে এলেকাটোত জনবহুল হয় তেন্তে তেনে স্হান বাচনি কৰিব পাৰে।ঠাইডোখৰ  ভাড়ালৈ ও লব পাৰে ।মাত্ৰ ভাড়ালৈ লওঁতে আপুনি মন কৰিব যাতে আপোনাৰ উৎপাদিত সামগ্ৰীবোৰ ভালদৰে ৰাখিব পাৰি।

ব্যৱসায় সম্প্ৰসাৰণৰ আশা 

সৌৰচালিত সামগ্ৰীৰ ব্যৱসায় এটা অ পাৰম্পৰিক আৰু কম লোকৰ বোধগম্য হোৱা এক ব্যৱসায়। সেয়ে এই ব্যৱসায়ৰ বিষয়ে সাধাৰণ ৰাইজক   জনোৱা উচিত।  এবাৰেই বিনিয়োগ কৰিব লগীয়া  লাভজনক  সামগ্ৰী সেয়ে গ্ৰাহকে এনে সামগ্ৰী ক্ৰয় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব। আপুনি এই বিষয়ে জনাবৰ বাবে মহাবিদ্যালয় আৰু কাৰ্যালয়সমূহত ছেমিনাৰৰ আয়োজন কৰিব।ৱেবিনাৰৰো আয়োজন কৰিব আৰু ব্যৱসায় সম্প্ৰসাৰণৰ চেষ্টা কৰিব। যাতে আপুনি লাভান্বিত হ‘ব পাৰে। 

মাৰ্কেটিং আৰু চছিয়েল মাধ্যম

যিকোনো ব্যৱসায় আৰম্ভ কৰিলে তাৰ মাৰ্কেটিং টো ভালদৰে জনা উচিত ।যিহেতু এটা ব্যৱসায়ৰ বাবে মাৰ্কেটিং গুৰুত্বপূৰ্ণ । এনে ব্যৱসায় আৰম্ভ কৰাৰ সময়ত এনে মানুহৰ সৈতে চিনাকী ৰখা ভাল যি আপোনাক গ্ৰাহক দিয়াত সহায় কৰে ।এনে সামগ্ৰী ভাল পোৱা মানুহৰ সহায়েৰে আপোনাৰ মাৰ্কেটিং হব পাৰে ।আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ উপৰিও ভিন্ন চছিয়েল মিডিয়াৰ মাধ্যমেৰে আপুনি আপোনাৰ মাৰ্কেটিং কৰিব পাৰে।বনাব। ছচিয়েল মিডিয়া ব্যৱহাৰ কৰক। এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী।আজিকালি ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলোৱা সহজ। আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক।মাজে মাজে ৰেহাই মূল্যত আপোনাৰ প্ৰডাক্টবোৰ দিব যাতে সেয়াই গ্ৰাহকক আকৰ্ষিত কৰিব পাৰে । গ্ৰাহকৰ প্ৰতিক্ৰিয়াও জানিবলৈ চেষ্টা কৰিব ।পাৰিলে হোৱাটছ এপ প্ৰফাইল বনাব আৰু তাত মাজে মাজে গ্ৰাহকক তেওঁলোকৰ প্ৰয়োজন অনুযায়ী অফাৰ দিব পাৰিব । তদুপৰি বিজ্ঞাপন দিয়াৰ ব্যৱস্হা কৰিব। 

ভাৰতত বিশ্বৰ ভিতৰতে আটাইতকৈ বৃহৎ  সৌৰ চালিত পেনেল ইনষ্টল কৰা আছে। চৈধ্য হেজাৰ হেক্টৰ মাটিত বিয়পি আছে। আমাৰ দেশত চৰকাৰে এই ক্ষেত্ৰখন   আগবঢ়াবৰ বাবে ৰেহাইৰ সুবিধা ও প্ৰদান কৰিছে। যদিহে আপুনি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এইটো এটা সঠিক সময়।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।