written by | October 11, 2021

কেটাৰীং ব্যৱসায়।

×

Table of Content


কেটেৰিং  ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব 

বৰ্তমান সময়ত সকলো মানুহ ব্যস্ত হৈ পৰিছে। তেনেস্হলত বিভিন্ন উৎসৱ,  বিবাহ আদিত সকলোদিশৰ পৰা আলহীক আপ্যায়ন কৰিবলৈ সময়ৰ নাটনি হয়। তেনে ক্ষেত্ৰত মানুহে এক অতি জনপ্ৰিয় সেৱাৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। সেয়ে হ‘ল কেটেৰিং ছাৰ্ভিচ”। চেফ সকলে খাদ্যসমূহ তৈয়াৰ কৰে আৰু তেনেবোৰ পৰিৱেশন কৰিবলৈ যি সেৱাৰ প্ৰয়োজন তাক আমি কেটাৰিং ছাৰ্ভিচ বুলি ক’ব পাৰোঁ। আমি দেখিবলৈ পাওঁ যে বিভিন্ন উৎসৱ, যেনে-সভা-সমিতি, বিবাহ আদিত আমি কেটাৰিং ছাৰ্ভিচ দেখিবলৈ পাওঁ। কেটাৰিং ছাৰ্ভিচৰ জৰিয়তে বিভিন্ন ঠাইত প্ৰয়োজন সাপেক্ষে বিভিন্ন ধৰণৰ খাদ্য আমাৰ বাবে পৰিৱেশন কৰা হয়। সাধাৰণভাৱে ক’বলৈ গ’লে আমি বিবাহসমূহত দেখা পাওঁ কেনেধৰণে কিছুমান ব্যক্তিয়ে সুন্দৰভাৱে পৰিৱেশন কৰে।কেটাৰিং সেৱাত খাদ্য তৈয়াৰ কৰাৰ পৰা খাদ্য সুৰক্ষালৈ সম্পূর্ণ দায়িত্ব। এজন সফল কেটাৰাৰ হ‘বলৈ বিভিন্ন ধৰণৰ তথ্যৰ লগতে দক্ষতা থকা প্রয়োজন। চেফৰ মূল দায়িত্ব খাদ্য বনোৱা আৰু কেটাৰাৰ মূল দায়িত্ব খাদ্যসমূহ পৰিৱেশন কৰা। কেটাৰাৰ এজনৰ দায়িত্ব থাকে খাদ্য পৰিবেশন কৰাৰ লগতে অন্যান্য প্রয়োজনীয় দিশসমূহতো মনোযোগ দিয়াটো। বৰ্তমান সময়ত মানুহৰ জীৱন প্ৰণালী খুউব আধুনিক হৈ পৰিছে তেনে সময়ত কেটেৰিং চাৰ্ভিচৰ ব্যৱসায় অতি জনপ্ৰিয় হৈ পৰিছে। 

জানো আহক এই ব্যৱসায় কেনেদৰে আৰম্ভণি কৰিব 

এটা সঠিক পৰিকল্পনা কৰক

এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এটা ব্যৱসায় আৰম্ভ কৰাৰ আগেয়ে সুপৰিকল্পিত এখন আঁচনি,মূলধনৰ প্ৰয়োজনীয়তা, আদিৰ বিষয়ে বিতংকৈ জানি লোৱা দৰকাৰ ।

আপোনাৰ দক্ষতা

এজন ব্যক্তিয়ে তেনে কেটেৰিং চাৰ্ভিচ  পছন্দ কৰে  যি সুস্বাদু হোৱাৰ উপৰিও সুন্দৰভাৱে কৰিব পাৰে  । যিয়ে  বিভিন্ন ধৰণৰ বা বিভিন্ন সোৱাদ থকা খাদ্য তৈয়াৰ কৰি উলিয়ায়। বৰ্তমান সময়ত  ইয়াৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। এই ব্যৱসায়ৰ বাবে আপোনাৰ দক্ষতা আৰু ধৈৰ্য ৰ আৱশ্যক হব।আপোনাৰ ব্যৱসায়ৰ সম্প্ৰসাৰণৰ লগে লগে গ্ৰাহকৰ সকলো ইচ্ছা পূৰ্ণ কৰাতো আপোনাৰ ব্যৱসায়ৰ বাবে সম্ভৱ নহয়।প্ৰতিটো দিশ জানি বুজি লোৱাটো উচিত

কৰ্মচাৰী নিয়োগ 

এনে কথা নহয় যে  ব্যৱসায়টো   কেৱল লাভৰ বাবে খুলিছে। এই ব্যৱসায়ৰ মাধ্যমেৰে আপুনি  আপোনাৰ ‘প্ৰেজেন্টেছন‘  আৰু সৃষ্টিশীলতাক দেখুৱাৰ বাবে এখন মঞ্চ লাভ কৰিব । আপোনাৰ ব্যৱসায়ৰ বাবে চেফ আৰু বেকাৰ্চ নিয়োগ কৰিব যি অভিজ্ঞ আৰু এই বিষয়ত পাৰদৰ্শী হয়।এটা টিম লাগিব লাগিব  যিসকলে সুন্দৰভাৱে ততালিকে কাম সমূহ পৰিচালনা কৰিব।  ইয়াৰ লগে লগে সেৱা আগবঢ়োৱা,বিল বনোৱা, লোড কৰা কৰ্মচাৰী ও নিয়োগ কৰিব। যদিহে আপুনি ভাবে ভৱিষ্যতে  আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ ঘটাব তেন্তে কিছুমান বিশ্বাসী কৰ্মচাৰী য়ে আপোনাক সহায় কৰিব।বিশ্বাসী দল এটা গঠন কৰিব।

লাইসেন্স আৰু অনুমতি পত্ৰ 

ইয়াৰ বাবে লাইচেঞ্চ লোৱাতো খুবেই জৰুৰী। এই ব্যৱসায় কৰিবলৈ চৰকাৰৰ পৰা বহু ধৰণৰ  অনুমতি লব লাগে। প্ৰথমে আপুনি অনুমতি লব লাগিব ঘৰৰ মালিকৰ পৰা(যদিহে ভাৰা) , জি এছ টি পঞ্জীকৰণ, এফ এছ এছ এ আই লাইসেন্স,অগ্নি বিভাগৰ লাইসেন্স,পৌৰ নিগমৰ পৰা স্বাস্থ্যৰ লাইসেন্স আৰু বহুতো। এইবোৰ লাভ কৰাৰ পাছতহে ব্যৱসায় আৰম্ভ কৰিব পাৰিব।

সৰঞ্জাম

এই ব্যৱসায় কৰিবৰ বাবে এটা ডাঙৰ পাকঘৰৰ প্ৰয়োজন হব।কেটেৰিং ব্যৱসায়টো ভালদৰে চলাবলৈ আপোনাক সা সৰঞ্জাম লাগিব। য‘ত আপুনি খাদ্য ৰান্ধিব, জমা ৰাখিব, পৰিবেশন কৰিব আৰু ডেলিভাৰী কৰিব পাৰে। সেয়ে এখন তালিকা প্ৰস্তুত কৰিব। বাচন বৰ্তনৰো প্ৰয়োজন হব। ব্যৱসায় সম্প্ৰসাৰণৰ লগে লগে  হোৱাৰ লগে লগে ঠাই বঢ়াই নিব লাগিব আৰু বাচনৰ আকাৰো। অন্যথা অসুবিধাৰ সৃষ্টি কৰিব।

সঠিক ডিষ্ট্ৰীবিউটৰ বাচনি কৰক 

প্ৰথমতেই এইটো কৰণীয়। এই ব্যৱসায়  ডিষ্ট্ৰীবিউটৰ নোহোৱাকৈ খোলা টান। সেয়ে এখন তালিকা প্ৰস্তুত কৰক কি কি সেৱা আগবঢ়াব । মনত ৰাখিব যাতে আপোনাৰ গ্ৰাহকে সূদা হাতে উভতিব লগা নহয়।স্হানীয় বজাৰত আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ বিচাৰিব। যাতে সতেজ আৰু ভাল সামগ্ৰী আপুনি ক্ৰয় কৰিব পাৰে। মনত ৰাখিব আপুনি যদি গ্ৰাহকক কিবা প্ৰতিশ্ৰুতি দিয়ে তেন্তে সেয়া সদায়েই বজাই ৰাখিব। যিহেতু এই ব্যৱসায়  সুনামেৰেহে চলে। 

আপোনাৰ  গ্ৰাহকক বুজক 

সদায় গ্ৰাহকৰ প্ৰয়োজন টো বুজিবলৈ চেষ্টা কৰিব। তেওঁ লোকে কি ভাল পায়, কি বিচাৰে সেয়া ও জানিবলৈ চেষ্টা কৰিব। তাৰ বাবে উন্নত ষ্টক ৰাখিব।কেটেৰিং ব্যৱসায়ত মানুহবোৰে সদায়েই নতুনত্ব বিচাৰে। কম খৰচত তেওঁলোকৰ চাহিদা পূৰণ কৰিব পাৰে তেন্তে আপুনি এই ব্যৱসায়ৰ জৰিয়তে ভাল উপাৰ্জন কৰিব পাৰে। তেওঁ লোকৰ প্ৰতিক্ৰিয়া বোৰ জানিবলৈ চেষ্টা কৰিব।  মনত ৰাখিব যাতে সদায়  তেওঁ লোকে এটা নতুনত্ব অনুভৱ কৰিব পাৰে।অন্যথা আপুনি লাভৰ পৰা বঞ্চিত হব।

ডেলিভাৰী সেৱা

আপোনাৰ ব্যৱসায় আপোনাৰ গ্ৰাহকৰ সৈতে জড়িত কৰিবৰ বাবে ডেলিভাৰী সেৱা খুবেই জৰুৰী। মনত ৰাখিব যাতে এটা বিশ্বাসী ডেলিভাৰী প্ৰক্ৰিয়া ব্যৱহাৰ কৰে। এই প্ৰক্ৰিয়াটো ভালদৰে আৰু কিছুমান নীতি নিয়ম আৰু শৃংখলাবদ্ধ ভাৱে কাম কৰিব লাগে। ইয়াত কিন্তু কিবা খেলিমেলিৰ সৃষ্টি হ‘লে আপোনাৰ আৰু গ্ৰাহকৰ মাজৰ সম্পৰ্কটো বেয়া হৈ যাব পাৰে। গ্ৰাহক এজনে  ব্যৱসায় টো তেতিয়া ভাল পাব যেতিয়া তেওঁ সময়ানুসৰি, শৃংখলাবদ্ধভাৱে এই সুবিধা লাভ কৰিব।

মূলধন সংগ্ৰহ 

এইটো প্ৰথম কৰণীয় আপোনাৰ ব্যৱসায় আৰম্ভণিৰ বাবে।এই ব্যৱসায়টো আৰম্ভ কৰাৰ পূৰ্বে ধনৰ আৱশ্যক। আপুনি বিনিয়োগ কৰিব পৰা বা আপোনাক ধনৰ যোগাৰ কৰি দিব পৰা ব্যক্তি,প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰক।

ই কমাৰ্চ আৰু ছচিয়েল মিডিয়া মাৰ্কেটিং 

আপোনাৰ উৎপাদিত সামগ্ৰীবোৰ অনলাইন যোগে বিক্ৰী কৰিবৰ বাবে ভাল এটা ৱেবছাইট বনাব। ছচিয়েল মিডিয়া ব্যৱহাৰ কৰক।বজাৰৰ ক্ষেত্ৰত  আজিকালি ই কৰ্মাচে সকলো সহজ কৰি তুলিছে। এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী।  আপোনাৰ ডেলিভাৰী এলেকাতো নিৰ্ধাৰণ কৰি লব।  আজিকালি ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলোৱা সহজ। আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক। ৰেহাইৰ সুবিধা আগবঢ়াওক। লিফটলেট, পাম্পলেট আদি প্ৰচাৰ পত্ৰিকাৰে বজাৰ দখলৰ চেষ্টা চলাওক। পাৰিলে হোৱাটছ এপৰ জৰিয়তে গ্ৰাহকক ৰেহাই মূল্য ৰ বিষয়ে অৱগত কৰিব।সৰুকৈ ঠায়ে ঠায়ে হৰ্ডিং আৰু বেনাৰো লগাব।

কেটেৰিং চাৰ্ভিচ ব্যৱসায়ত নামটোৱে খুউব প্ৰভাৱ পেলায়। আপোনাৰ সঠিক সময়ত লোৱা ভাল সিদ্ধান্তবোৰে গ্ৰাহকৰ মাজত এটা প্ৰভাৱ পেলাব আৰু ইয়াৰ দ্বাৰা আপোনাৰ ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটিব। মনত ৰাখিব ব্যৱসায়টো ভালদৰে, সুস্থ মানসিকতাৰে, এটা ভাল ব্যক্তিত্বৰে আগবঢ়াই নিব। 

—-শুভকামনাৰে

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।