written by | October 11, 2021

আয়ুৰ্বেদিক ঔষধৰ দোকান।

×

Table of Content


আয়ুৰ্বেদ মেডিচিনৰ ব্যৱসায় আৰম্ভ কৰিব কেনেদৰে 

আয়ুৰ্বেদ হ’ল ভাৰতীয় উপ মহাদেশৰ পুৰণি ঔষধি প্ৰক্ৰিয়া। ইয়াক ভাৰতত প্ৰথমেই উলিওৱা হৈছিল ৫০০০ বছৰ আগতে। ‘আয়ুৰ্বেদ’ শব্দটো দুটা সংস্কৃত শব্দৰে গঠিত ‘আয়ুস’ মানে ‘জীৱন’ আৰু ‘বেদ’ মানে ‘বিজ্ঞান’, এনেদৰে আয়ুৰ্বেদৰ আক্ষৰিক অৰ্থ হ’ল ‘জীৱনৰ বিজ্ঞান’। অন্য ঔষধি প্ৰক্ৰিয়াৰ দৰে আয়ুৰ্বেদে মূলতঃ উন্নত জীৱন-যাপনতকৈ বেমাৰৰ চিকিৎসাৰ বিষয়ে জনাজাত। আয়ুৰ্বেদৰ প্ৰধান বৈশিষ্ট্য হৈছে আৰোগ্যকৰণ বা ৰোগ নিৰাময়কৰণ।আয়ুৰ্বেদৰ মতে মানৱ শৰীৰটো গঠিত হৈছে চাৰিটা মৌলৰ পৰা ‘দোচা,’ ‘ধাতু,’ ‘মল’ আৰু ‘অগ্নি’। আয়ুৰ্বেদত মানৱ শৰীৰত এই আটাইবোৰ মূলৰ অপৰিসীম গুৰুত্ব আছে। এই সকলোবোৰক ‘মূল সিদ্ধান্ত’ বা ‘আয়ুৰ্বেদিক চিকিৎসাৰ ভেটি’ বা ‘মূলকথা’ বুলিও কোৱা হয়।হোমিঅ‘পেথি ,প্ৰাকৃতিক পথ্য, প‘লাৰ থেৰাপি এই সকলোবোৰ আয়ুবেদিকৰ পৰা আহিছে। আয়ুবেদিক পদ্ধতি আৰু আজিৰ যুগৰ মেডিচিনৰ লগত আকাশ পাতাল পাৰ্থক্য। যিহেতু প্ৰত্যেক মানুহৰ শৰীৰ পৃথক পৃথক সেয়ে আধুনিক মেডিচিনৰ দৰে একে দৰবেই আয়ুবেদিক ত ব্যৱহাৰ নহয়। আয়ুবেদত প্ৰত্যেক মানুহৰ বাবে ভিন্ন ভিন্ন চিকিৎসা আছে  ।বিশ্বত নানা ৰোগ আৰু মহামাৰী বিয়পাৰ পাছত এটা  আশা আছে যে ২০২৪ ভিতৰত আয়ুবেদিক বজাৰত ১৪ শতাংশ উন্নতি হব। সেয়ে এইটো এটা সোণালী সুযোগ যদিহে আপুনি এই উদ্যোগত বিনিয়োগ কৰিব বিচাৰে। ইয়াত আপুনি আয়ুবেদিক ডাক্তৰ বা আয়ুবেদিক ষ্টৰ হিচাপে ও সংযোগ ঘটাব পাৰে। যিহেতু আয়ুবেদিক ডাক্তৰ হ‘বলৈ আমাৰ দেশত বহু অৰ্হতাৰ প্ৰয়োজন কিন্তু এনে ব্যৱসায়ৰ দোকান খুলিবলৈ বেছি কঠিন নহয়। তদুপৰি ই এক লাভজনক ব্যৱসায়। 

জানো আহক এই ব্যৱসায় কেনেদৰে আৰম্ভণি কৰিব 

সঠিক পৰিকল্পনা 

প্ৰথমে আপুনি সিদ্ধান্ত লব লাগিব আপুনি খুচুৰা নে নিজা উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব। আপুনি অনলাইন নে অফলাইন ষ্ট‘ৰ কৰিব?যদি অফলাইন তেন্তে বঢ়িব পৰাকৈ নে কেৱল বিক্ৰী কৰাৰ চিন্তা আৰু যদি অনলাইন তেন্তে আপোনাৰ সামগ্ৰী বোৰ ক‘ত ৰাখিব আৰু কিমান পৰিধিৰ ভিতৰত আবদ্ধ কৰিব। সদায়েই মনত ৰাখিব যাতে এই ব্যৱসায় ৰ বাবে আপোনাৰ এটা সঠিক পৰিকল্পনা থাকে। এই ব্যৱসায়ত মূলধনৰ উপৰিও সামগ্ৰী সমূহ ৰখাটো কিছু চিন্তা জনক। ব্যৱসায় এটা সফল কৰাৰ বাবে আটাইতকৈ দৰকাৰী কথাটো হৈছে পেছাদাৰী মনোভাৱ আৰু ব্যৱসায়িক দৃষ্টিভঙ্গী। ভৱিষ্যত পৰিকল্পনা হৈছে আন এটা প্ৰয়োজনীয় দিশ। সময়ৰ লগে লগে ব্যৱসায়ত নতুন নতুন দিশ যোগ কৰি যাব লাগে। অন্যথা বজাৰৰ চাহিদা আৰু নতুন প্ৰযুক্তিৰ উদ্ভাৱনে বহু উদ্যোগ তথা ব্যৱসায়িক প্ৰতিযোগিতাৰ মাজত বৰ্তি থাকিবলৈ নিদিয়ে। নিয়োগৰ ক্ষেত্ৰতো ক্ষুদ্ৰ উদ্যোগে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এক সমীক্ষা মতে ক্ষুদ্ৰ উদ্যোগত বিনিয়োগ হোৱা প্ৰতি একলাখ টকাৰ বিপৰীতে প্ৰায় চাৰিজন মানুহে নিয়োগৰ সুবিধা লাভ কৰে।

লাইসেন্স আৰু অনুমতি পত্ৰ 

আয়ুবেদিক দৰবৰ দোকান খুলিবলৈ ভিন্ন ধৰণৰ লাইসেন্সৰ প্ৰয়োজন।ইয়াত চেন্ট্ৰেল ড্ৰাগছ স্টেন্দান্দ কন্ট্ৰোল অৰগেইনাজেশ্যন(চিডিএছচিঔ) আৰু ষ্টেট ড্ৰাগছ স্টেন্দান্দ কন্ট্ৰোল অৰগেইনাজেশ্যনৰ অনুমতি প্ৰয়োজন। চিডিএছচিঔ এ আপোনাৰ স্টেন্দান্দ নিৰ্ধাৰণ কৰিব আৰু ষ্টেট ড্ৰাগছ স্টেন্দান্দ কন্ট্ৰোল অৰগেইনাজেশ্যনে আপোনাৰ লাইসেন্সৰ ক্ষমতা যেনে আপোনাৰ আয়ুবেদিক দৰবৰ দোকানৰ ক্ষেত্ৰ,আন্তঃগাঁথনি, ফাৰ্মাচিষ্টজনে আয়ুবেদিক দৰবৰ দোকান খোলাৰ সঠিক যোগ্যতা আছে নে নাই সেয়া নিৰ্ধাৰণ কৰে।  ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এই দুয়োটা খুবেই প্ৰয়োজন। মনত ৰাখিব যাতে আপুনি চৰকাৰী অনুমতি পত্ৰ লাভ কৰে। ভৱিষ্যতে কোনো বিপদৰ সন্মুখীন নহয়। ব্যৱসায়ৰ বহুতো অনুজ্ঞাপত্ৰ আছে। যেনে ব্যৱসায়ৰ নাম ৰেজিট্ৰেশ্যন, ঠাইডোখৰৰ অনুমতি পত্ৰ,জি এছ টি পঞ্জীকৰণ, ট্ৰেড লাইসেন্স আৰু বহুতো। এইবোৰ লাভ কৰাৰ পাছতহে ব্যৱসায় আৰম্ভ কৰিব পাৰে ।

এডোখৰ ভাল ঠাই ক্ৰয় বা ভাৰালৈ লওক 

আপোনাৰ ব্যৱসায়ৰ  বাবে এডোখৰ ভাল ঠাই বাচনি কৰি লোৱাটো খুবেই জৰুৰী।  এই দিশটো মনত ৰাখিয়েই আপুনি আপোনাৰ ব্যৱসায়ৰ ঠাইডোখৰ নিৰ্বাচন কৰিব যাতে সেই ঠাইডোখৰত আপোনাৰ ব্যৱসায়েই আটাইতকৈ আকৰ্ষণীয় হয়। য‘ত  জন সমাগম বেছি আৰু ব্যস্ততাপূৰ্ণ এলেকাত হয়। আপুনি যিকোনো হাস্পতালৰ আশে পাশে ঠাইডোখৰ  ভাড়ালৈ ও লব পাৰে বা ক্ৰয়ো কৰিব পাৰে  । যদিহে আপোনাৰ দোকান খন হাস্পতালৰ কাষত লাভ নকৰে   তেন্তে এনে ঠাই বাচনি কৰিব য‘ত প্ৰতিদ্বন্দীৰ সংখ্যা কম থাকে। মনত ৰাখিব যাতে আপোনাৰ দোকানখনত সামগ্ৰী বোৰ ভালকৈ ৰাখিব পৰাকৈ ঠাই থাকে। আপোনাৰ দোকানত বস্তু বোৰ শৃংখলাবদ্ধ ভাৱে আৰু লেবেল মাৰি ৰাখিব যাতে গ্ৰাহক থকাৰ সময়ত ততালিকে দৰববোৰ দিব পাৰে। 

সঠিক ডিষ্ট্ৰীবিউটৰ বাচনি কৰক 

প্ৰথমতেই এইটো কৰণীয়। এই ব্যৱসায়  ডিষ্ট্ৰীবিউটৰ নোহোৱাকৈ খোলা টান। সেয়ে এখন তালিকা প্ৰস্তুত কৰক কি কি সেৱা আগবঢ়াব । ডিষ্ট্ৰীবিউটৰে যাতে আপোনাক উন্নত মানৰ সামগ্ৰীৰ যোগান ধৰিব পাৰে। মনত ৰাখিব যাতে আপোনাৰ গ্ৰাহকে সূদা হাতে উভতিব লগা নহয়। আপোনাৰ দোকানৰ আশে পাশে থকা ডাক্তৰসকলৰ লগতো এটা সম্পৰ্ক গঢ়ি তুলিব আৰু তেওঁলোকে পৰামৰ্শ দিয়া দৰবসমূহ যাতে ডিষ্ট্ৰীবিউটৰে আপোনাক যোগান ধৰিব পাৰে সেয়াৰো ব্যৱস্থা কৰক। মনত ৰাখিব আপুনি যদি গ্ৰাহকক কিবা প্ৰতিশ্ৰুতি দিয়ে তেন্তে সেয়া সদায়েই বজাই ৰাখিব। যিহেতু এই ব্যৱসায়  সুনামেৰেহে চলে।

অনলাইন আৰু মাৰ্কেটিং 

আজিকালি দৰবৰ দোকানসমূহে হোম ডেলিভাৰী সেৱাও আগবঢ়ায়।এখন আয়ুবেদিক বিপণী খুলিবলৈ আপোনাৰ শক্তিশালী  স্হানীয় ব্যক্তিৰ লগত যোগাযোগ, সু সম্পৰ্ক থকাতো খুবেই জৰুৰী। প্ৰথমতে ওচৰ চুবুৰীয়া আৰু আশে পাশে থকা মানুহৰ লগত সু সম্পৰ্ক গঢ়ি তুলিব।এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী। ৱেবছাইটোত সামগ্ৰী  সন্দৰ্ভত বিতং ভাৱে জনাব। আপোনাৰ ডেলিভাৰী এলেকাতো নিৰ্ধাৰণ কৰি লব। ৱেবছাইটো আকৰ্ষণীয় কৰি ৰাখিবৰ বাবে ভিন্ন ধৰণৰ বস্তুৰে সজাই অনলাইনৰ ব্যৱস্হাটো খুউব মসৃণভাৱে সকলো  গ্ৰাহকৰ সুবিধা হোৱাকৈ ৰাখিব ।

যিকোনো ব্যৱসায় আৰম্ভ কৰিলে তাৰ মাৰ্কেটিং টো ভালদৰে জনা উচিত ।যিহেতু এটা ব্যৱসায়ৰ বাবে মাৰ্কেটিং গুৰুত্বপূৰ্ণ । এনে ব্যৱসায় আৰম্ভ কৰাৰ সময়ত এনে মানুহৰ সৈতে চিনাকী ৰখা ভাল যি আপোনাক গ্ৰাহক দিয়াত সহায় কৰে ।এনে সামগ্ৰী ভাল পোৱা মানুহৰ সহায়েৰে আপোনাৰ মাৰ্কেটিং হব পাৰে ।আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ উপৰিও ভিন্ন চছিয়েল মিডিয়াৰ মাধ্যমেৰে আপুনি আপোনাৰ মাৰ্কেটিং কৰিব পাৰে।বনাব। ছচিয়েল মিডিয়া ব্যৱহাৰ কৰক। এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী।আজিকালি ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলোৱা সহজ। আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক।মাজে মাজে ৰেহাই মূল্যত আপোনাৰ প্ৰডাক্টবোৰ দিব যাতে সেয়াই গ্ৰাহকক আকৰ্ষিত কৰিব পাৰে । গ্ৰাহকৰ প্ৰতিক্ৰিয়াও জানিবলৈ চেষ্টা কৰিব ।পাৰিলে হোৱাটছ এপ প্ৰফাইল বনাব আৰু তাত মাজে মাজে গ্ৰাহকক তেওঁলোকৰ প্ৰয়োজন অনুযায়ী অফাৰ দিব পাৰিব । তদুপৰি বিজ্ঞাপন দিয়াৰ ব্যৱস্হা কৰিব।

এখন দৰবৰ দোকান খুলিলে কিছু দায়িত্ব পালন কৰিব লাগে। দেখা গৈছে যে ফাৰ্মাচিষ্টজনৰ পৰামৰ্শ লৈয়েই দৰব ক্ৰয় কৰে। সেয়ে ভাৰত চৰকাৰে ফাৰ্মাচিষ্টৰ বাবে এটা শৈক্ষিক অহৰ্তা নিৰ্ধাৰণ কৰি দিছে। যদিহে আপুনি আপোনাৰ আয়ুবেদিক দৰবৰ দোকান খুলিবলৈ বিচাৰে তেন্তে মনত ৰাখিব যাতে আপোনাৰ ফাৰ্মাচিষ্টজন এই অৰ্হতা সম্পন্ন হয়। 

—শুভকামনাৰে

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।