written by | October 11, 2021

বুটিক ব্যৱসায়।

×

Table of Content


বুটিকৰ ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব 

আজিৰ যুগ পৰিবৰ্তনৰ যুগ। ক্ষণে ক্ষণে পৰিবৰ্তন হৈ আছে। মানুহৰ অন্ততম এক আৱশ্যকীয় বস্তু টো হ‘ল বস্ত্ৰ অথাৎ কাপোৰ। কাপোৰে ভিন্ন ৰূপ আৰু ভিন্ন ডিজাইনত এজন মানুহৰ ব্যক্তিত্বৰ পৰিচয় দিয়ে। কাপোৰৰ ইতিহাস বহু পুৰণি ।আদিম কালৰ আৰু আজিৰ কাপোৰৰ মাজত বহু পৰিবৰ্তনে দেখা দিছে। ফেশ্বন উদ্যোগে আজিৰ ধাৰা সম্পূৰ্ণ সলনি কৰিছে। ছচিয়েল মিডিয়া আৰু তাৰকাৰ সংস্কৃতিয়ে মানুহৰ সাজ পোছাকত পৰিবৰ্তন আনিছে। আজিৰ সময়ত উৎসৱ আৰু প্ৰত্যেকটো মুডৰ বাবে পৃথক পৃথক কাপোৰ ব্যৱহাৰ কৰে। এয়াই এটা নতুন ধাৰাৰ সৃষ্টি কৰিছে। এক নতুন ব্যৱসায়ৰ জন্ম দিছে যাৰ নাম বুটিক ব্যৱসায় বুলি আমি জানো। সৰু  সৰু নামবোৰ এতিয়া এই ক্ষেত্ৰখনত ডাঙৰ আৰু জনপ্ৰিয় হোৱাৰ পাছত আন মানুহকো প্ৰেৰণা দিছে যাতে এই ব্যৱসায় ৰ বাবে আগবাঢ়ি আহে। সৰু বুটিকৰ পৰা আৰম্ভ কৰি এই সময়ত মানুহবোৰে লক্ষাধিক উপাৰ্জন কৰিছে। আপোনাৰো যদি ফেশ্বনৰ প্ৰতি এটা নতুন স্টাইল , ডিজাইন,এটা নতুন আৰু ব্যতিক্ৰমী চিন্তা কৰিব পৰা ক্ষমতা আছে  তেন্তে আপোনাৰ বাবে এই ব্যৱসায় খুউব এটা ভাল।

জানো আহক এই ব্যৱসায় কেনেদৰে আৰম্ভণি কৰিব 

আপোনাৰ দক্ষতা বৃদ্ধি কৰক

বুটিকৰ ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে ডিজাইন আৰু কাপোৰৰ বিষয়ে জনাটো খুবেই জৰুৰী। ইয়াৰ বাবে আপুনি ফেশ্বনৰ ডিপ্লমা কৰি জ্ঞান আহৰণ কৰিব। তেতিয়া আপুনি জানিব পাৰিব কাপোৰৰ ডিজাইন আৰু চিলনীৰ বিষয়ে। এজন ডিজাইনাৰ নিজৰ কামত পাৰদৰ্শী হ‘বলৈ বহু বছৰৰ অভিজ্ঞতা অৰ্জন কৰিব লাগিব।আপুনি জানিব লাগিব গ্ৰাহকক কিদৰে আকৰ্ষিত কৰিব পাৰি আৰু কেনে সামগ্ৰী তেওঁ লোকক দিব পাৰি।

আপোনাৰ ক্ষমতা

বজাৰত কাপোৰৰ ভিন্ন ৰূপ আৰু ভিন্ন ডিজাইন আছে ।প্ৰথমে আপুনি মন কৰিব লাগিব যে আপোনাৰ দক্ষতা কোনখিনিত আৰু কোনখিনি সামগ্ৰী বিক্ৰী কৰিব পাৰিব। এই ব্যৱসায়টো সম্প্ৰসাৰণ ঘটিব যেতিয়া  আপোনাৰ সামগ্ৰীবোৰৰ মূল্যৰ ওপৰত আৰু সেই সামগ্ৰীসমূহে মানুহক আকৰ্ষিত কৰিব পাৰিছেনে নাই। 

আকাৰ

সুচাৰুৰূপে ব্যৱসায় আগবঢ়োৱাৰ বাবে বিত্তীয় দিশটো খুউব গুৰুত্বপূৰ্ণ।এই ব্যৱসায়ৰ বাবে আপোনাক প্ৰয়োজন হ‘ব   সামগ্ৰী সমূহো। এনেবোৰ সামগ্ৰী কেনেদৰে ক‘ৰপৰা আনিব সেয়াও কিন্তু আপোনাৰ এক প্ৰত্যাহ্বান। সেয়ে সৰুৰ পৰা আৰম্ভ কৰি লাহে লাহে সম্প্ৰসাৰণৰ চেষ্টা কৰিব।

বজাৰ পৰ্যবেক্ষণ কৰক 

বুটিকৰ ব্যৱসায় আৰম্ভ কৰাতো ইমান সহজ নহয়। আপুনি ইয়াৰ বাবে পৰ্যবেক্ষণ কৰিব লাগিব। বুজ লব লাগিব। সামগ্ৰী সমূহৰ চাহিদা আৰু যোগান এই ব্যৱসায় ত কেনেকুৱা। এই ব্যৱসায় ত আপুনি নতুন ষ্টাইল, ডিজাইন, কাপোৰ সকলো জানিব লাগিব। এজন ভাল কাপোৰৰ দোকানীৰ গুণ  আপোনাৰ গাত থাকিব লাগিব। আপুনি জানিব লাগিব গ্ৰাহকক কিদৰে আকৰ্ষিত কৰিব পাৰি

ভাল টেইলাৰ(দৰ্জী) আৰু সহায়কাৰী নিয়োগ কৰক 

বুটিক ব্যৱসায়ৰ বাবে মাত্ৰ কাপোৰ বিক্ৰী কৰাৰ লগতে আপুনি ভাল টেইলাৰ(দৰ্জী) আৰু সহায়কাৰী নিয়োগ কৰিব লাগিব।যি এনে গ্ৰাহকৰ কামবোৰ কৰি দিয়ে যি নিজা কাপোৰ আৰু ডিজাইন বোৰ লৈ আহে। এনে মানুহৰ বাবে সদায় দক্ষ, অভিজ্ঞ টেইলাৰ নিয়োগ কৰিব যাতে সিহঁতৰ ভাল কামে গ্ৰাহকক আকৰ্ষিত আৰু সন্তুষ্ট কৰিব পাৰে

ভাৰা বা ক্ৰয়ত এটা ভাল স্হানত দোকান 

আজিৰ সময়ত মানুহে ডিজাইনৰ কাপোৰবোৰ অনলাইনত ক্ৰয় কৰে। যিহেতু অনলাইনত বহু ধৰণৰ সামগ্ৰী উপলব্ধ। মনত ৰাখিব যাতে আপোনাৰ বুটিকখন এনে ঠাইত হয় য‘ত মানুহে আপোনাৰ কামটো শ্ৰেষ্ঠ বুলি ভাবে। অনলাইন যোগে ক্ৰয় কৰিলে কাপোৰৰ প্ৰতি এটা নিজা অনুভৱ নাথাকে।  আপোনাৰ  বুটিকখন এটা ভাল সুযোগ। ইয়াৰ বাবে আপোনাক বহু ডাঙৰ ঠাইৰো প্ৰয়োজন নহয়। মাত্ৰ ১০×১৫স্কোৱেৰ ফুট স্হানৰ হে আৱশ্যক। বুটিকখন ব্যস্ত ঠাইত  খুলিব য‘ত মানুহৰ সমাগম বেছি।

ডিজাইন আৰু সজোৱা 

আপোনাৰ বুটিক ব্যৱসায় খুউব নিৰ্ভৰ কৰে ডিজাইন আৰু সজোৱাৰ ওপৰত। আপোনাৰ কাপোৰ বোৰ খুউব ধুনীয়া হোৱাৰ পাছতো যদিহে ভালকৈ সজোৱা নহয় তেন্তে গ্ৰাহকক আকৰ্ষিত কৰিবলৈ কঠিন। সেয়ে এজন ডিজাইনাৰৰ সহায়েৰে সুন্দৰভাৱে সজাব। বুটিকখনত পোহৰ, লাইট, দেৱালৰ ৰঙ খুউব সুন্দৰকৈ দিব।

ই কমাৰ্চ মাধ্যম

আপোনাৰ উৎপাদিত সামগ্ৰীবোৰ অনলাইন যোগে বিক্ৰী কৰিবৰ বাবে ভাল এটা ৱেবছাইট বনাব। বজাৰৰ ক্ষেত্ৰত  আজিকালি ই কৰ্মাচে সকলো সহজ কৰি তুলিছে।এজন দক্ষ টেকনিচিয়ানক নিয়োগ কৰক ।যিজনে আপোনাৰ ৱেবচাইটো সুচাৰুৰূপে পৰিচালনা কৰিব পাৰে ।আপোনাৰ ৱেবচাইটো এনে ধৰণৰ বনাব যাতে সকলো বয়সৰ লোকৰ বাবে সুবিধা জনক হয় ।মনত ৰাখিব যাতে গ্ৰাহক আপোনাৰ ব্যৱহাৰত সন্তুষ্ট হৈ থাকে। 

আপোনাৰ  গ্ৰাহকক বুজক 

সদায় গ্ৰাহকৰ প্ৰয়োজন টো বুজিবলৈ চেষ্টা কৰিব। তেওঁ লোকে কি ভাল পায়, কি বিচাৰে সেয়া ও জানিবলৈ চেষ্টা কৰিব। তাৰ বাবে উন্নত ষ্টক ৰাখিব। তেওঁ লোকৰ প্ৰতিক্ৰিয়া বোৰ জানিবলৈ চেষ্টা কৰিব।  গ্ৰাহকসকলে আকৰ্ষণীয়বস্তু বোৰ কিনিবৰ বাবে সংকোচ নকৰে সেয়ে মনত ৰাখিব যাতে সদায়  তেওঁ লোকে এটা নতুনত্ব অনুভৱ কৰিব পাৰে। অন্যথা আপুনি লাভৰ পৰা বঞ্চিত হব। 

মূলধন

এজন ব্যৱসায়ীৰ সকলো ব্যৱসায়ৰ লগতে ব্যক্তিগত বিলবোৰ পৰিশোধ কৰাৰ বাবে পৰ্যাপ্ত অৰ্থ অথাৎ ধন থকা উচিত। ব্যৱসায়টো আৰম্ভ কৰাৰ পূৰ্বে ই পৰিয়ালৰ সদস্য, বন্ধুবান্ধৱ, আত্মীয় স্বজন সকলোৰে পৰা টকা পইচা ৰ ব্যৱস্থা কৰি লোৱা উচিত। অবাঞ্ছিত দিশ বা অপ্ৰয়োজনীয় দিশত টকা খৰছ কৰাতো অনুচিত।  এজন সফল ব্যৱসায়ীয়ে কেতিয়াও কোনো পৰিস্থিতি মগজুৰ পৰা তললৈ আহিব নিদিয়ে। সেয়ে সুচাৰুৰূপে ব্যৱসায় আগবঢ়োৱাৰ বাবে বিত্তীয় দিশটো খুউব গুৰুত্বপূৰ্ণ।

লাইসেন্স আৰু অনুমতি পত্ৰ 

ইয়াৰ বাবে লাইচেঞ্চ লোৱাতো খুবেই জৰুৰী।  প্ৰথমে আপুনি অনুমতি লব লাগিব ঘৰৰ মালিকৰ পৰা(যদিহে ভাৰা) , জি এছ টি পঞ্জীকৰণ আৰু বহুতো। এইবোৰ লাভ কৰাৰ পাছতহে দোকান খুলিবলৈ পাৰিব। 

কৌশলগত প্ৰচাৰ

আপোনাৰ উৎপাদিত সামগ্ৰীবোৰ অনলাইন যোগে বিক্ৰী কৰিবৰ বাবে ভাল এটা ৱেবছাইট বনাব। ছচিয়েল মিডিয়া ব্যৱহাৰ কৰক।বজাৰৰ ক্ষেত্ৰত  আজিকালি ই কৰ্মাচে সকলো সহজ কৰি তুলিছে। এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী।  আপোনাৰ ডেলিভাৰী এলেকাতো নিৰ্ধাৰণ কৰি লব।  আজিকালি ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলোৱা সহজ। আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক। ৰেহাইৰ সুবিধা আগবঢ়াওক। লিফটলেট, পাম্পলেট আদি প্ৰচাৰ পত্ৰিকাৰে বজাৰ দখলৰ চেষ্টা চলাওক। পাৰিলে হোৱাটছ এপৰ জৰিয়তে গ্ৰাহকক ৰেহাই মূল্য ৰ বিষয়ে অৱগত কৰিব। মনত ৰাখিব যাতে গ্ৰাহক আপোনাৰ ব্যৱহাৰত সন্তুষ্ট হৈ থাকে। 

এজন সফল ব্যৱসায়ী হবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব ,দৃঢ়প্ৰতিজ্ঞ হব লাগিব।বুটিক ব্যৱসায়ত ডিজাইন আৰু মানদণ্ড নিৰ্ভৰ কৰে। যাৰ দ্বাৰা এটা নতুনত্ব লাভ কৰা হয়।সকলো ব্যৱসায়তে ভাল বা বেয়া দিন আহে সকলো নেওচি আগবাঢ়ি যাওক আৰু ভাগৰি নপৰিব।

—শুভকামনাৰে

 

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।