written by | October 11, 2021

চেৰামিক টাইলচৰ ব্যৱসায়

×

Table of Content


চীনামাটিৰ টাইলছৰ ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব 

খাদ্য আৰু বাসস্থান মানুহৰ  মৌলিক প্ৰয়োজন। আমি জীয়াই থাকিবলৈ প্ৰতিটো দিনতেই কষ্ট কৰো। বেছি উপাৰ্জনৰ চেষ্টা কৰো যাতে আমি এটা ঘৰ বনাব পাৰো। মধ্যবিত্ত শ্ৰেণীৰ লোকৰ আজিৰ সময়ত উপাৰ্জনৰ পথ মুকলি হৈছে সেয়ে তেওঁলোকেও এটা ঘৰ বনোৱাৰ হেঁপাহ মনত ৰাখিছে।  আমি আমাৰ ঘৰটো নিৰ্মাণ কৰা আৰু সুন্দৰ কৰি  তুলিবৰ বাবে অহৰহ চেষ্টা কৰিছো। সেয়ে আমি বহু ধৰণৰ সামগ্ৰী গোটোৱাৰ চেষ্টা কৰো। সময়ৰ লগে লগে বিশ্বখন বেছি ধুনীয়া আৰ আকৰ্ষণীয় হৈ পৰিছে।ডিজাইন আৰু কিছুমান সামগ্ৰীয়ে বিশ্ব খনক এনে ৰূপ দিয়াত অনবদ্য অৱদান আগবঢ়াইছে। । ভিন্ন ডিজাইন আৰু পদ্ধতিৰে নতুন নতুন ৰূপত বজাৰত উপলব্ধ হৈ আহিছে।যিহেতু বজাৰত আজি কালি টাইলছ বোৰ উপলব্ধ সেয়ে আমি ঘৰৰ পাকঘৰ, বাথৰুম, পাৰ্কিংস্হান তদুপৰি ডাইনিং টেবুলো বনাও। টাইলছ বোৰক আমি ভিন্ন ডিজাইনৰে ভিন্ন কামত ব্যৱহাৰ কৰিব পাৰো ।  চীনামাটিৰ  টাইলছৰ ব্যৱসায় সহজ আৰু লাভ বহুত। সেয়ে এই ব্যৱসায়ে বিগত বৰ্ষসমূহত ৫ হেজাৰ কোটিৰ পৰা বৃদ্ধি পাই ১৮হেজাৰ কোটিৰ ব্যৱসায় কৰিছে। সেয়েহে এই ব্যৱসায়ত বহু ব্যৱসায়ীয়ে বিনিয়োগ কৰিছে। 

চাও আহক এই ব্যৱসায় কেনেদৰে ভাৰতত  কৰিব পাৰো 

এটা সঠিক পৰিকল্পনা কৰক 

এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী।  আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ।চীনামাটিৰ   আপুনি অনলাইন নে অফলাইন ষ্ট‘ৰ কৰিব?যদি অনলাইন তেন্তে আপোনাৰ সামগ্ৰী বোৰ ক‘ত ৰাখিব আৰু কিমান পৰিধিৰ ভিতৰত আবদ্ধ কৰিব। সদায়েই মনত ৰাখিব যাতে এই ব্যৱসায় ৰ বাবে আপোনাৰ এটা সঠিক পৰিকল্পনা থাকে।বেয়া দিনৰ বাবেও সাজু থাকিব।

সামগ্ৰী নিৰ্ধাৰণ কৰিব

যিহেতু চীনামাটিৰ  বজাৰত  বহু সামগ্ৰী আছে, সকলো সময়তে সকলো সামগ্ৰী লাভ নকৰে আৰু সকলো সামগ্ৰী আপুনি জমা ৰখাতো সম্ভৱ নহয় সেয়ে আপুনি প্ৰথমতে এই কথালৈ মন কৰিব যে আপোনাৰ গ্ৰাহকেৰ কেনে সামগ্ৰী পছন্দ কৰে। তাৰ পাছত সেই অনুযায়ী আপুনি সামগ্ৰীৰ অৰ্ডাৰ দিব পাৰিব। এই ব্যৱসায়টোত আপোনাৰ লাভ হোৱাতো নিশ্চিত কিন্তু আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কেনেধৰণে প্ৰডাক্টবোৰ ৰাখে ।গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ সামগ্ৰী বোৰ ৰাখিব। সময়ৰ লগে লগে পৰিবৰ্তন হৈ থাকে ।মনত ৰাখিব যাতে পুৰণি ডিজাইন বোৰৰ উপৰিও নতুন ডিজাইনৰ টাইলছ  ৰাখিব। সেয়ে আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে এনেধৰণৰ গ্ৰাহকৰ প্ৰয়োজনীয়বা ভাল পোৱা সুবিধা বোৰ ৰাখিব।

এডোখৰ ভাল ঠাই ক্ৰয় বা ভাৰালৈ লওক 

ইন্টাৰনেটৰ সহায়ত আজিকালি মানুহে চীনামাটিৰ টাইলছ ক্ৰয় কৰা হৈছে। যিহেতু তেনে প্ৰক্ৰিয়া তেনেই সহজ আৰু ভিন্ন ধৰণৰ সামগ্ৰী উপলব্ধ।এই দিশটো মনত ৰাখিয়েই আপুনি আপোনাৰ ব্যৱসায়ৰ ঠাইডোখৰ নিৰ্বাচন কৰিব যাতে সেই ঠাইডোখৰত আপোনাৰ ব্যৱসায়েই আটাইতকৈ আকৰ্ষণীয় হয়। 

সেয়ে আপোনাৰ আপোনাৰ ব্যৱসায়ৰ  বাবে এডোখৰ ভাল ঠাই বাচনি কৰি লোৱাটো খুবেই জৰুৰী।  ঠাইডোখৰ  ভাড়ালৈ ও লব পাৰে বা ক্ৰয়ো কৰিব পাৰে  । মাত্ৰ ভাড়ালৈ লওঁতে আপুনি মন কৰিব যাতে আপোনাৰ উৎপাদিত সামগ্ৰীবোৰ শৃংখলাবদ্ধ ভাৱে সজাই আকৰ্ষণীয় কৰি  ৰাখিব এনে ঠাই নিৰ্ধাৰণ কৰিব পাৰি । য‘ত  জন সমাগম বেছি আৰু ব্যস্ততাপূৰ্ণ এলেকাত হয়।

দোকানখন আকৰ্ষণীয় কৰি তোলক আৰু আলোকসজ্জা 

বিপণীখন কাউন্টাৰ, শ্বেলফৰ লগতে সৰু সৰু এল ই ডি বাল্বৰে দোকানখন সজাবলৈ চেষ্টা কৰিব।সামগ্ৰীবোৰ ভাল আৰু শৃংখলাবদ্ধ ভাৱে ৰাখিব।এনে ধৰণে সজাব যি আপোনাক লাভান্বিত কৰিব পাৰে ।আলোকসজ্জা আৰু দেৱালৰ ৰং খুউব আকৰ্ষণীয় হোৱা উচিত ।টাইলছসমূহ ভিন্ন ভিন্ন  প্ৰকাৰ হিচাপে সজাই ৰাখিব।আকৰ্ষণীয় আলোকসজ্জাই টাইলছৰ  প্ৰতি ধাউতি বৃদ্ধি কৰিব আৰু অধিক গ্ৰাহকক আকৰ্ষিত কৰিব ।ইয়ে আপোনাৰ ব্যৱসায় সফল কৰাত সহায় কৰিব । মানুহৰ সমাগম বৃদ্ধি কৰিব । এনেদৰেই লাহে লাহে আপোনাৰ অঞ্চলত জনপ্ৰিয় হৈ উঠিব।

লাইসেন্স আৰু অনুমতি পত্ৰ 

ভাৰতত যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এই দুয়োটা খুবেই প্ৰয়োজন। মনত ৰাখিব যাতে আপুনি চৰকাৰী অনুমতি পত্ৰ লাভ কৰে। ভৱিষ্যতে কোনো বিপদৰ সন্মুখীন নহয়। ব্যৱসায়ৰ বহুতো অনুজ্ঞাপত্ৰ আছে। যেনে ব্যৱসায়ৰ নাম ৰেজিট্ৰেশ্যন, ঠাইডোখৰৰ অনুমতি পত্ৰ,জি এছ টি পঞ্জীকৰণ, ট্ৰেড লাইসেন্স আৰু বহুতো। এইবোৰ লাভ কৰাৰ পাছতহে ব্যৱসায় আৰম্ভ কৰিব পাৰে  ।

সঠিক ডিষ্ট্ৰীবিউটৰ বাচনি কৰক 

প্ৰথমতেই এইটো কৰণীয়। চীনামাটিৰ টাইলছ ৰ ব্যৱসায়  ডিষ্ট্ৰীবিউটৰ নোহোৱাকৈ খোলা টান। সেয়ে এখন তালিকা প্ৰস্তুত কৰক আপুনি  কি কি সেৱা আগবঢ়াব । মনত ৰাখিব যাতে আপোনাৰ গ্ৰাহকে সূদা হাতে উভতিব লগা নহয়।  ভাল সামগ্ৰী আপুনি ক্ৰয় কৰিব । মনত ৰাখিব আপুনি যদি গ্ৰাহকক কিবা প্ৰতিশ্ৰুতি দিয়ে তেন্তে সেয়া সদায়েই বজাই ৰাখিব। যিহেতু এই ব্যৱসায়  সুনামেৰেহে চলে।

অনলাইন 

যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এটা শক্তিশালী  পৰিকল্পনা কৰা উচিত। আপোনাৰ চীনামাটিৰ টাইলছৰ  ব্যৱসায়ৰ এটা ৱেবছাইট বনাব য‘ত আপুনি সুন্দৰভাৱে উপস্থাপন কৰিব আৰু সেৱাসমূহৰ বিষয়ে উল্লেখ কৰিব । যাতে গ্ৰাহকক অধিক আকৰ্ষিত কৰিব পাৰি। 

ছচিয়েল মিডিয়া আৰু মাৰ্কেটিং 

আপোনাৰ সামগ্ৰীবোৰ অনলাইন যোগে বিক্ৰী কৰিবৰ বাবে ভাল এটা ৱেবছাইট বনাব। ছচিয়েল মিডিয়া ব্যৱহাৰ কৰক।বজাৰৰ ক্ষেত্ৰত  আজিকালি ই কৰ্মাচে সকলো সহজ কৰি তুলিছে। এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী। আজিকালি ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলোৱা সহজ। আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক। ৰেহাইৰ সুবিধা আগবঢ়াওক। লিফটলেট, পাম্পলেট আদি প্ৰচাৰ পত্ৰিকাৰে বজাৰ দখলৰ চেষ্টা চলাওক। পাৰিলে হোৱাটছ এপৰ জৰিয়তে গ্ৰাহকক ৰেহাই মূল্য ৰ বিষয়ে অৱগত কৰিব। মনত ৰাখিব যাতে গ্ৰাহক আপোনাৰ ব্যৱহাৰত সন্তুষ্ট হৈ থাকে। আপোনাৰ দোকানত গ্ৰাহকসকলক প্ৰৱেশৰ লগে লগে ভালদৰে সম্ভাষণ জনাব আৰু তেওঁলোকক এনে অনুভৱ কৰাব যাতে তেওঁলোকে ভাবিবলৈ বাধ্য হয় তেওঁলোক আপোনাৰ বাবে খুউব গুৰুত্বপূৰ্ণ।

টা  ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এই ব্যৱসায়টো আপোনাৰ বাবে নতুন,সেয়ে  বেয়া দিনৰ বাবেও সাজু থাকিব । সঠিক পৰিকল্পনা আৰু মাৰ্কেটিং কৰাৰ পাছতো কেতিয়াবা ব্যৱসায়ত উন্নতি নহয় তেতিয়া আপুনি ভালদৰে পৰ্যবেক্ষণ আৰু দৃঢ়প্ৰতিজ্ঞ হব। যিকোনো ব্যৱসায়ত ভাল বেয়া সকলো দিন আহে। চীনামাটিৰ টাইলছৰ ব্যৱসায় কৰোতে  গ্ৰাহকৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ আপুনি ধৈৰ্য , সংকল্প লৈ আগবাঢ়িব। যদিহে আপুনি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এইটো এটা সঠিক সময়।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।