written by | October 11, 2021

চেলুন ব্যৱসায়।

×

Table of Content


কেনেদৰে আপুনি চেলুনৰ ব্যৱসায় আৰম্ভ কৰিব 

আজিকালি মহিলা বা যুৱতীসকলে নিজকে সজাই-পৰাই আকৰ্ষণীয় কৰি ৰাখিবলৈ বিউটী পাৰ্লাৰৰ সহায় লোৱা দেখা যায়।আজিৰ সময় মাথোঁ আজিৰ বাবেই আছুতীয়া নহয়- তাহানিৰ দিনবোৰৰ ওপৰত ভিত্তি কৰিহে বা সেই সময়ৰ বগুৱা বাই বৰ্তমান বা ভৱিষ্যতৰ বাবে পথ নিৰ্ধাৰিত হৈছে। এতিয়া প্ৰাসংগিক এষাৰ কথা হৈছে যে দৈহিক সৌন্দৰ্য সাধনা হৈছে স্বাস্থ্য ৰক্ষাৰ আধাৰ। সৌন্দৰ্যৰ বাবে ছালৰ যেনেদৰে যত্ন লব লাগে, ঠিক তেনেদৰে চুলিৰো যত্ন লোৱা উচিত। অন্যথা চুলিৰ নানা ধৰণৰ সমস্যা হব পাৰে।চুলিয়ে মানুহৰ সৌন্দৰ্য আৰু অধিক আকৰ্ষণীয় কৰি তুলিব পাৰে। চুলিৰ ৰং চায়েই মানুহজনৰ ব্যক্তিত্বৰ বিষয়ে অনুমান কৰিব পাৰি। চুলিৰ নানাটা সমস্যাৰ সমাধান ঘটাবলৈ আমাৰ আশে পাশে বহু বিউটি পাৰ্লাৰ অথাৎ চেলুন গঢ় লৈ উঠিছে।  আজিকালি মানুহে ছাল চুলিৰ যতন লবলৈ গৈ দুপইচা ধন খৰচ কৰিব টান নাপায়। সেয়ে চেলুনৰ ব্যৱসায়ে ভাল উপাৰ্জনৰ পথ দি আছে। সেই দিনবোৰ এতিয়া নাই   বৰ্তমান সময়ত প্ৰত্যেকজন পুৰুষে নাৰীৰ সমানে নিজৰ সৌন্দৰ্য চৰ্চাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে ।

কেনেদৰে আপুনি  চেলুনৰ ব্যৱসায় আগবঢ়াব সবিশেষ পঢ়ক 

১)এটা ৱেবছাইট বনাব 

আপুনি আপোনাৰ চেলুনৰ বাবে গ্ৰাহকৰ এপয়ন্টমেন্টবোৰ অনলাইনযোগে লোৱাৰ সুবিধা ৰাখিব। সঠিক যোগাযোগ নম্বৰটো আৰু ঠিকনা ৱেবছাইটটোত উপলব্ধ কৰিব। সময়ৰ লগে লগে মানুহৰ চাহিদা অনলাইনৰ প্ৰতি বৃদ্ধি পাইছে ।এই ব্যৱস্হাই আপোনাৰ গ্ৰাহকৰ সুবিধা কৰিব।গ্ৰাহকৰ চাহিদা বৃদ্ধি কৰাব ।

২)নানা ধৰণৰ  সেৱা প্ৰদান 

সময়ৰ লগে লগে মানুহৰ সাজসজ্জা, ধৰণ কৰণ সকলো পৰিবৰ্তন হৈছে। আজিকালি মানুহে ছাল চুলিৰ যতন লবলৈ গৈ দুপইচা ধন খৰচ কৰিব টান নাপায়। সেয়ে আপুনি নিশ্চিত কৰিব যে আপুনি চেলুনৰ ব্যৱসায়েৰে কি কি প্ৰকাৰৰ সেৱা আগবঢ়াব। আপোনাৰ ব্যৱসায়ৰ নানা ধৰণৰ সেৱা (চাৰ্ভিচ )আগবঢ়াব। 

৩) উন্নত মানৰ সামগ্ৰী ৰাখিব 

আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে আপুনি চেলুনখনত উন্নত মানৰ সামগ্ৰী ৰাখিব ।বজাৰত বিভিন্ন ধৰণৰ প্ৰডাক্ট উপলব্ধ। সেয়ে সামগ্ৰীসমূহৰ মানদণ্ড নিৰ্ধাৰণ কৰি আপুনি সামগ্ৰী ক্ৰয় কৰিব যাৰদ্বাৰা আপুনি ভাল ফলাফল লাভ কৰিব পাৰে।  স্হানীয় সামগ্ৰী পৰাপক্ষত ব্যৱহাৰ নকৰিব। কিয়নো ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হব পাৰে

৪)হাইজেনিক ( পৰিস্কাৰ পৰিচ্ছন্নতা )বৰ্তাই ৰাখিব 

আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে আপুনি পৰিস্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰাখিব। এখন চেলুনৰ সৈতে এজন গ্ৰাহকৰ পোনপটীয়া সম্পৰ্ক স্হাপন হয়। সেয়ে সদায় পৰিস্কাৰ আৰু পৰিচ্ছন্নতা বৰ্তাই ৰাখিব। যাতে আপোনাৰ গ্ৰাহকে আপোনাক চেলুনলৈ আহি অশান্তি অনুভৱ কৰিব লগীয়া নহয়। এজন চাফা চেলুনৰ প্ৰতি গ্ৰাহকৰ আকৰ্ষণ অধিক। 

৫) আপুনি দক্ষ হ’ব লাগিব 

আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে আপুনি দক্ষ হব লাগিব। গ্ৰাহক আপোনাৰ দোকানলৈ তেতিয়াহে আহিব  যেতিয়া আপোনাৰ দক্ষতাক তেওঁলোকে স্বীকাৰ কৰিব। গ্ৰাহকে আপোনাক  তেতিয়াহে গ্ৰহণ কৰিব যেতিয়া তেওঁলোকে আপোনাৰ কৰ্মৰ পাৰদৰ্শিতা দেখা পাব। 

৬)গ’ অনলাইন 

এখন চেলুন খুলিবলৈ আপোনাৰ শক্তিশালী  স্হানীয় ব্যক্তিৰ লগত যোগাযোগ, সু সম্পৰ্ক থকাতো খুবেই জৰুৰী। প্ৰথমতে ওচৰ চুবুৰীয়া আৰু আশে পাশে থকা মানুহৰ লগত সু সম্পৰ্ক গঢ়ি তুলিব।এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী। ই গ্ৰাহকৰ চাহিদা বৃদ্ধি কৰাব । 

৭)আপোনাৰ গ্ৰাহকক বুজক 

সদায় গ্ৰাহকৰ প্ৰয়োজনটো বুজিবলৈ চেষ্টা কৰিব। তেওঁ লোকে কি ভাল পায়, কি বিচাৰে সেয়া ও জানিবলৈ চেষ্টা কৰিব। তেওঁ লোকৰ প্ৰতিক্ৰিয়া বোৰ জানিবলৈ চেষ্টা কৰিব।  অন্যথা আপুনি লাভৰ পৰা বঞ্চিত হব।

৮)স্হানীয়,সৰু চেলুনৰ সৈতে যোগাযোগ

 স্হানীয় আৰু সৰু চেলুনৰ সৈতে আপুনি এটা সু সম্পৰ্ক গঢ়ি তুলিব।  যিহেতু ইতিমধ্যে তেওঁ লোকৰ চেলুনত গ্ৰাহক যথেষ্ট। সেয়ে  আপোনাৰ চেলুনলৈ অহা কিছুমান গ্ৰাহকক সিহঁতৰ চেলুনলৈ পঠিয়াই দিব। তেওঁলোককো কব যেন আপোনাৰ চেলুনলৈও উন্নত সেৱা লাভ কৰিব খোজা গ্ৰাহকক পঠিয়াই দিয়ে। 

৯) ৰেহাইৰ সুবিধা দিব 

আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ৰেহাইৰ সুবিধা আগবঢ়াব। কিছুমান গ্ৰাহক আপোনাৰ চেলুনলৈ নিয়মীয়া ভাৱে আহিব পাৰে। আপুনি তেওঁ লোকক অনুৰোধ জনাব যাতে তেওঁলোকে আন লোককো আপোনাৰ চেলুনৰ বিষয়ে জনাব পাৰে। যদিহে তেনেদৰে নতুন গ্ৰাহক লাভ কৰে তেন্তে দুয়ো পক্ষক ৰেহাইৰ সুবিধা আগবঢ়াব। 

১০) নিয়মীয়া গ্ৰাহকক কাৰ্ড,উপহাৰ 

কিছুমান গ্ৰাহক  আপোনাৰ চেলুনলৈ নিয়মীয়া ভাৱে আহিব পাৰে তেওঁলোকক আপুনি পাঞ্চকাৰ্ড প্ৰদান কৰিব। লগতে তেওঁলোকক জনাব যে  যদিহে প্ৰতি মাহে  পোন্ধৰবাৰতকৈ অধিক তেওঁলোক আপোনাৰ চেলুনলৈ আহে তেন্তে আপুনি উপহাৰ প্ৰদান কৰিব।

১১)চেলুনৰ প্ৰচাৰ 

যদিহে আপোনাৰ চেলুনলৈ কোনো গ্ৰাহক প্ৰথমবাৰৰ বাবে আহে তেন্তে তেওঁক এটা সেৱা বিনামূলীয়াকৈ আগবঢ়াব। গ্ৰাহকৰ জন্ম দিন, বিবাহ বাৰ্ষিকী আৰু আন বিশেষ দিনবোৰত তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰি বিনামূলীয়াকৈ এটা সেৱা আগবঢ়াব। সপ্তাহৰ শেষত যেতিয়া আপোনাৰ গ্ৰাহকৰ সংখ্যা কমে তেতিয়া আপুনি ৰেহাইৰ সুবিধা আগবঢ়াব। তেতিয়া দেখা পাব আপোনাৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাব। 

১২) প্ৰতিযোগিতা অনুষ্ঠিত কৰক 

আপোনাৰ চেলুনলৈ দহ, বাৰ বাৰকৈ বেছি অহা গ্ৰাহকৰ মাজত এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। এই প্ৰতিযোগিতাৰ জয়ী গৰাকীক বিনামূলীয়াকৈ সেৱা নহলে উপহাৰ প্ৰদান কৰিব। এনেদৰে মন কৰিব আপোনাৰ নিয়মীয়া গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাব ধৰিছে। 

১৩) বিশেষ দিনত সুবিধা আগবঢ়াব 

দেখা যায় যে বহু লোকে  কোনো বিশেষ দিনত বা সপ্তাহৰ শেষত চেলুনলৈ যায়। তেনে গ্ৰাহকবোৰক এটা ভাল ৰেহাইৰ সুবিধা আগবঢ়াব। এনেদৰে আপুনি যথেষ্ট উপাৰ্জনৰ সুবিধা লাভ কৰিব। 

১৪) উপহাৰ চাৰ্টিফিকেট 

কিছুমান গ্ৰাহক  আপোনাৰ চেলুনলৈ নিয়মীয়া ভাৱে আহিব পাৰে তেওঁলোকক আপুনি জনাব যে যদি তেওঁ পৰিয়ালৰ আনলোকক চেলুনৰ সুবিধা প্ৰদান কৰাব পাৰে তেন্তে নিয়মীয়া গ্ৰাহকজনক আপুনি উপহাৰ আগবঢ়াব।  এনেদৰে আপুনি যথেষ্ট উপাৰ্জনৰ সুবিধা লাভ কৰিব। 

১৫)পাৰ্টীৰ আয়োজন কৰিব চেলুনত 

আমি দেখিছো আজিকালি স্পা পাৰ্টী,কিট্টী পাৰ্টী অনুষ্ঠিত হয়। আপোনাৰ গ্ৰাহকৰ মাজত এই পাৰ্টীবো ৰ আয়োজন কৰিব। যত তেওঁলোকৰ কেৱল  বন্ধু বান্ধৱীয়ে অংশগ্ৰহণ কৰিব পাৰে। এনেদৰে আপোনাৰ চেলুনৰ জনপ্ৰিয়তা বাঢ়িব। লগতে প্ৰচাৰো হব।  

১৬)গুগল মেপত আপোনাৰ চেলুনৰ উপস্থিতি 

আপোনাৰ চেলুনৰ ব্যৱসায় উন্নতি কৰিবলৈ গুগল মেপত আপোনাৰ চেলুনৰ উপস্থিতি উপলব্ধ কৰিব। আমি দেখিবলৈ পাওঁ যে কোনো ঠাইলৈ নতুন ব্যক্তি আহিলে তেওঁ চেলুনকে আদি কৰি আন সুবিধা সমূহ বিচাৰে। সেয়ে গুগল মেপত আপোনাৰ চেলুনৰ উপস্থিতি উপলব্ধ ৰাখিব। যাতে নতুন ব্যক্তিয়ে আপোনাৰ চেলুনৰ ঠিকনা সম্পৰ্কে জ্ঞাত হয়। আপোনাৰ চেলুনৰ ভাল ছবিসমূহ আৰু সেৱাসমূহে নতুন গ্ৰাহক আকৰ্ষিত কৰিব পাৰে। 

এটা  ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এই ব্যৱসায়টো আপোনাৰ বাবে নতুন,সেয়ে  বেয়া দিনৰ বাবেও সাজু থাকিব । সঠিক পৰিকল্পনা আৰু মাৰ্কেটিং কৰাৰ পাছতো কেতিয়াবা ব্যৱসায়ত উন্নতি নহয় তেতিয়া আপুনি ভালদৰে পৰ্যবেক্ষণ আৰু দৃঢ়প্ৰতিজ্ঞ হব। আপুনি সংকল্প লৈ আগবাঢ়িব। যদিহে আপুনি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এইটো এটা সঠিক সময়।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।