written by | October 11, 2021

পাণ দোকানৰ ব্যৱসায়

×

Table of Content


পান দোকানৰ ব্যৱসায় আৰম্ভ কেনেদৰে কৰিব

ভাৰত এখন ভিন্ন সংস্কৃতি,পৰম্পৰাৰ দেশ। য‘ত আহাৰ খোৱাৰ পাছত মুহুদি হিচাপে তামোল  পাণ খোৱাটো এটা প্ৰচলিত নিয়ম। হিন্দু ধৰ্ম অনুসৰি, এইটো এটা পবিত্ৰ কাম। পাণ আমি ভগৱানকো অৰ্পণ কৰো। মাংগলিক কাৰ্য্যত পাণ অপৰিহাৰ্য্য। পাণ এবিধ উদ্ভিদজাতীয় শস্য।দুৰ্গা পূজা বা দুৰ্গা পূজাত বহুলোকে মিঠাপাণ খায়। স্বাস্থ্য বিশেষজ্ঞৰ মতে অকণমান এটুকুৰা পানে আমাৰ খাদ্য হজম কৰাত সহায় কৰে। বলিউদতো পাণক কেন্দ্ৰ কৰি বহু জনপ্ৰিয়  গীত সৃষ্টি হৈছে। আমি সকলোৱেই শুনিছো বলিউডৰ জনপ্ৰিয় গীত “খায়কে পান বেনাৰস বালা ” সেই গীতৰ পাছতেই বেনাৰছী পানৰ চাহিদা যথেষ্ট গুণে বৃদ্ধি পাই আৰু আজিও জনপ্ৰিয়তা অক্ষুন্ন আছে। পাণ বিভিন্ন ধৰণৰ আছে, যেনে মিঠা পান, বাংলা পান, বেনাৰছী পান,চিলভাৰ পাণ, গল্ড পান, ৰসমলাই পান, চকলেট পাণ, জগন্নাথ পাণ ইত্যাদি। ইয়াৰ ভিতৰত বহু খিনি পাৰম্পৰিক, আন কিছুমান  সময়ৰ লগে লগে মানুহে আদৰি আনিছে। পাণৰ উদ্যোগটো বছৰি ৯ শতাংশকৈ বৃদ্ধি পাই আছে। সেয়ে এই ব্যৱসায়ৰ বাবে বহু লোক আগবাঢ়ি আহিছে আৰু চৰকাৰৰ বাৰে লাইসেন্স প্ৰদান কৰিবলৈ কঠিন হৈ পৰিছে। কিন্তু এবাৰ যদি কিবাকে আপুনি লাইসেন্স লব পাৰে তেন্তে আপুনি এই ব্যৱসায় আৰম্ভ কৰি ভাল উপাৰ্জন  কৰিব পাৰে। এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এটা ব্যৱসায় আৰম্ভ কৰাৰ আগেয়ে সুপৰিকল্পিত এখন আঁচনি,মূলধনৰ প্ৰয়োজনীয়তা, আদিৰ বিষয়ে বিতংকৈ জানি লোৱা দৰকাৰ।

তদুপৰি ক্ষেত্ৰভিত্তিক অধ্যয়ন, ব্যৱসায়টোৰ যোগাত্মক দিশ, দুৰ্বলতা, সৃষ্টি হ’ব পৰা সুযোগ তথা ভাবুকি আদিৰ বিষয়ে সঠিকভাৱে জানি লোৱা উচিত।

ব্যৱসায় এটা সফল কৰাৰ বাবে আটাইতকৈ দৰকাৰী কথাটো হৈছে পেছাদাৰী মনোভাৱ আৰু ব্যৱসায়িক দৃষ্টিভঙ্গী। ভৱিষ্যত পৰিকল্পনা হৈছে আন এটা প্ৰয়োজনীয় দিশ। সময়ৰ লগে লগে ব্যৱসায়ত নতুন নতুন দিশ যোগ কৰি যাব লাগে। অন্যথা বজাৰৰ চাহিদা আৰু নতুন প্ৰযুক্তিৰ উদ্ভাৱনে বহু উদ্যোগ তথা ব্যৱসায়িক প্ৰতিযোগিতাৰ মাজত বৰ্তি থাকিবলৈ নিদিয়ে।

জানো আহক এই ব্যৱসায় কেনেদৰে আৰম্ভণি কৰিব 

মূলধন

এই ব্যৱসায়ৰ বাবে প্ৰথম প্ৰয়োজন মূলধনৰ।এজন ব্যৱসায়ীৰ সকলো ব্যৱসায়ৰ লগতে ব্যক্তিগত বিলবোৰ পৰিশোধ কৰাৰ বাবে পৰ্যাপ্ত অৰ্থ অথাৎ ধন থকা উচিত। ব্যৱসায়টো আৰম্ভ কৰাৰ পূৰ্বে ই পৰিয়ালৰ সদস্য, বন্ধুবান্ধৱ, আত্মীয় স্বজন সকলোৰে পৰা টকা পইচা ৰ ব্যৱস্থা কৰি লোৱা উচিত। অবাঞ্ছিত দিশ বা অপ্ৰয়োজনীয় দিশত টকা খৰছ কৰাতো অনুচিত।  এজন সফল ব্যৱসায়ীয়ে কেতিয়াও কোনো পৰিস্থিতি মগজুৰ পৰা তললৈ আহিব নিদিয়ে। সেয়ে সুচাৰুৰূপে ব্যৱসায় আগবঢ়োৱাৰ বাবে বিত্তীয় দিশটো খুউব গুৰুত্বপূৰ্ণ।

এডোখৰ ভাল ঠাই বাচনি 

এডোখৰ ভাল ঠাই বাচনি কৰি লোৱাটো খুবেই জৰুৰী। পাণ দোকান দামী আৰু বিলাসী স্হানত লব। তদুপৰি যদি আপুনি ৰেষ্টুৰেন্ট, হোটেল,কাৰ্যালয়,বজাৰৰ ভিতৰত আৰু মানুহৰ সমাগম বেছি হোৱা ঠাইত দোকান খন খুলিলে লাভান্বিত হ‘ব। এইবোৰ এনে ঠাই য‘ত কামৰ পৰা বিৰতি লৈ আপোনাৰ দোকানলৈ আহিব। এনে ঠাইত দোকান দিলে প্ৰতি দিনৰ গ্ৰাহক পাব।   মাত্ৰ মনত ৰাখিব  আপুনি পৰিশ্ৰম আৰু দৃঢ়ভাৱে সংকল্প লৈ এই ব্যৱসায়ত  আগবাঢ়িব।

 লাইসেন্স আৰু অনুমতি পত্ৰ 

ভাৰতত যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এই দুয়োটা খুবেই প্ৰয়োজন। মনত ৰাখিব যাতে আপুনি চৰকাৰী অনুমতি পত্ৰ লাভ কৰে। ভৱিষ্যতে কোনো বিপদৰ সন্মুখীন নহয়। ব্যৱসায়ৰ বহুতো অনুজ্ঞাপত্ৰ আছে। যেনে ব্যৱসায়ৰ নাম ৰেজিট্ৰেশ্যন, ঠাইডোখৰৰ অনুমতি পত্ৰ,জি এছ টি পঞ্জীকৰণ আৰু বহুতো। এইবোৰ লাভ কৰাৰ পাছতহে দোকান খুলিবলৈ পাৰিব।

আন্তঃগাঁথনি 

পান দোকানৰ বাবে কোনো বিশেষ আন্তঃগাঁথনিৰ আৱশ্যক নহয়। ইয়াৰ বাবে কম মূলধনৰ প্ৰয়োজন। আপোনাক মাত্ৰ প্ৰয়োজন হব এডোখৰ সৰু ঠাই য‘ত সাধাৰণভাৱে শ্বেলফ লগায়েই দিব পাৰে। আপুনি পথৰ দাঁতিত এডোখৰ সৰু ঠাই লৈও বা ডাঙৰ ছাতি এটা লৈও এই ব্যৱসায় আৰম্ভ কৰিব পাৰে। 

সা সঁজুলি 

যদিহে আপুনি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে আপোনাক কিছুমান টেমা লাগিব য‘ত আপুনি পানত ব্যৱহাৰ হোৱা সামগ্ৰী ৰাখিব পাৰিব। ইয়াৰ লগত যদি এটা ফ্ৰিজ ৰাখে তেন্তে আপোনাৰ সামগ্ৰী বোৰ নষ্ট নহয়। এইটো এটা কম বিনিয়োগৰ ব্যৱসায়  যাক আপক যিকোনো ঠাইতে আৰম্ভ কৰিব পাৰে। 

কেচা সামগ্ৰী গোটাওক 

পান দোকান ৰ ব্যৱসায়ত যিহেতু বেছি বিনিয়োগৰ আৱশ্যক নহয় সেয়ে ইয়াত ব্যৱহাৰ হোৱা সামগ্ৰীবোৰৰ দাম কম আৰু সহজতে বজাৰত উপলব্ধ। এনে ব্যক্তিৰ লগত সম্পৰ্ক গঢ়িব যিজনে আপোনাক প্ৰতিদিনে কেচা সামগ্ৰীবোৰৰ যোগান ধৰিব পাৰে। তদুপৰি আপুনি আপোনাৰ ফালৰ পৰাও বজাৰত কেচা সামগ্ৰীৰ সন্ধান চলাব। মনত ৰাখিব কেতিয়াও যাতে আপোনাৰ সামগ্ৰীৰ গুণগত মানদণ্ড নিম্ন নহয়। ম্যাদ উকলি যোৱা সামগ্ৰী  গ্ৰাহকক বিক্ৰী আৰু বজাৰৰ পৰা নিকিনিব। পান দোকানৰ ভিতৰত আৰু আশে পাশে চাফ চিকুনতা বজাই ৰাখিব। 

ভিন্ন ৰকমৰ সামগ্ৰী ৰাখিব 

সাধাৰণ পানৰ লগত যদি আপুনি বেলেগ পৰীক্ষা কৰি এক নতুন সোৱাদ যুক্ত পাণ বনাব পাৰে তেন্তে আপোনাৰ ব্যৱসায়ৰ বাবে ভাল সুযোগ। বহু ধৰণৰ পাণ যেনে মিঠা পান, ফায়াৰ পান, মিন্ট পান বজাৰত উপলব্ধ। লগতে আপোনাৰ দোকানত ঠাণ্ডা সামগ্ৰী ও ৰাখিব পাৰিব। ইয়াৰ লগে লগে চিপচ, চকলেট ৰাখিও গ্ৰাহকক আকৰ্ষিত কৰিব পাৰে।আপুনি জানিব লাগিব গ্ৰাহকক কিদৰে আকৰ্ষিত কৰিব পাৰি আৰু কেনে সামগ্ৰী তেওঁ লোকক দিব পাৰি l 

আন সামগ্ৰী 

পান বিক্ৰী কৰিয়েই আপুনি যথেষ্ট লাভ লব পাৰে । দেখা যায় যে সময়ৰ লগত সলনি হৈ পাণ দোকানসমূহে এটা ৰূপ লৈছে। আজিকালি পাণ দোকানত চিগাৰেট, পাণ মছলা, চিপচ,স্নেকছ, বিস্কুট, স্হানীয় বেকাৰী সামগ্ৰী আৰু নানা সামগ্ৰী উপলব্ধ। চিগাৰেটৰ যথেষ্ট চাহিদা আছে বজাৰত। সেয়ে ইয়াক পানৰ লগত পান দোকানত ৰাখিব পাৰি। 

বিধিগত সতৰ্কবাণী—চিগাৰেট স্বাস্থ্যৰ প্ৰতি ক্ষতিকাৰক l

পানৰ ব্যৱসায় আমাৰ দেশৰ এটা পৰিচিত ব্যৱসায়। বহু লোকে চাকৰি এৰি পান দোকানৰ ব্যৱসায় আৰম্ভ কৰিছে। এসময়ত এই ব্যৱসায় হীন ভাৱনাৰে সমাজত চাইছিল। কিন্তু চৰকাৰে আত্মনিৰ্ভৰশীল হোৱাৰ কথাটো কোৱাৰ পাছত এনে ব্যৱসায়ৰ প্ৰতি আকৰ্ষিত হৈছে। যিকোনো ব্যৱসায় সৰু বা ডাঙৰ হব পাৰে। প্ৰত্যাহ্বানো থাকে তেনে ব্যৱসায়ত। সেইবোৰ নেওচি সফলতা অৰ্জন কৰিব পাৰে।আপোনাৰ দক্ষতা বৃদ্ধি কৰক।বহু লোকে পান ব্যৱসায় কৰি প্ৰতিষ্ঠিত হৈছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এনে ব্যৱসায় কৰিবৰ বাবে যথেষ্ট প্ৰেৰণা মূলক বক্তব্য আগবঢ়াই আহিছে। 

উপভোগ কৰক। 

—শুভকামনাৰে

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।