written by | October 11, 2021

বিল্ডাৰৰ ব্যৱসায়ৰ ধাৰণাসমূহ

×

Table of Content


বিল্ডাৰ সকলে  উন্নত মানৰ প্ৰজেক্ট পাবলৈ উৎকৃষ্ট উপায় 

যিকোনো দেশৰ প্ৰগতি আৰু উন্নতি সেই দেশৰ নিৰ্মাণ কাৰ্য ই দাঙি ধৰে। এইটো এনে এটা বিষয় যাৰ দ্বাৰা দেশৰ অৰ্থনীতি আৰু ইনফ্রাস্ট্রাকচাৰ বৃদ্ধি কৰিব পাৰে। প্ৰত্যক্ষ ভাৱে আৰু পৰোক্ষ ভাৱে নিৰ্মাণ কাৰ্য হৈ থকা বিভাগ টো সংলগ্ন হৈ থাকে নিৰ্মাণ কাৰ্য লগত জড়িত থকা ব্যৱসায়ৰ লগত। এই ব্যৱসায়ত পথ নিৰ্মাণ, এপাটৰ্মেন্ট বনোৱা আৰু ঘৰৰ ভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য বোৰ অন্তভূক্ত। যদি আপুনি এনে ব্যৱসায় আৰম্ভ কৰিব বিচাৰে ব্লগৰ জড়িয়তে আপুনি তথ্য লাভ কৰিব। 

কম মূলধনৰে কৰিব পৰা 25+ শ্ৰেষ্ঠ কনষ্ট্ৰাকশ্যন ব্যৱসায়ৰ  সূত্ৰ  :

১) চিমেন্ট ৰিটেইলিং ব্যৱসায়: যদি আপুনি এনে ব্যৱসায় কৰিব বিচাৰে য’ত টেকনিকেল দিশটোৰ প্ৰয়োজন নাই তেন্তে চিমেন্ট ৰ ক্ষুদ্ৰ বিক্ৰী কৰা ব্যৱসায় আপোনাৰ বাবে ভাল। ইয়াৰ বাবে  এডোখৰ ভাল স্হান আৰু কিছু মূলধনৰ আৱশ্যক হব। ই এক লাভজনক ব্যৱসায়। উন্নয়নশীল দেশ যেনে ভাৰতত এই ব্যৱসায় খুউব লাভজনক। 

২ চিমনি বনোৱা আৰু মেৰামতি: আজি কালি আধুনিক চিমনি বা মডিউলাৰ কিটশ্যেনৰ প্ৰয়োজন বাঢ়ি গৈছে। সেয়ে আপুনি চিমনি বনোৱা আৰু মেৰামতি ৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। য’ত বেছি মূলধনৰ আৱশ্যক নহয়। 

৩ চিৰেমিক টাইলছৰ ৰিটেইল: ফ্ল’ৰ হওঁক বা বাথৰুমৰ ৱাল নাইবা তাৰ ওপৰৰ চিৰেমিক টাইলছ আজি কালি চৌদিশে ব্যৱহাৰ হয়। সেয়ে চিৰেমিক টাইলছৰ   ব্যৱসায় কৰিলে খুউব লাভবান হ’ব পাৰি। ইয়াৰ বাবে  কম মূলধনৰ প্ৰয়োজন। 

৪)ইটা আৰু ব্লক বনোৱা: যদি আপুনি এটা লঘু উদ্যোগ স্থাপন কৰিব বিচাৰে তেন্তে এই ব্যৱসায় এটা ভাল ব্যবসায়। এই ব্যৱসায়ত কোনো টেকনিকেল দিশ নোহোৱাকৈ ভাল লাভ লব পাৰি। এটা সঠিক ব্যৱসায় আপোনাৰ চহৰত আৰম্ভ কৰাৰ বাবে। 

৫) ৰিয়েল স্টেট ব্ৰকাৰ:এই ব্যৱসায়েৰে আপুনি ভাল লাভ লব পাৰে। আপুনি এজন মজলীয়া মানুহ হৈ ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত সোমাই ভাল কমিশ্যন লব পাৰে। 

৬) প্ৰজেক্ট মেনেজমেন্ট কনচালটেন্ট: আন এটা উপাৰ্জন কৰিব পৰা  ব্যৱসায়,  কনষ্ট্ৰাকশ্যন ক্ষেত্ৰখনৰ হৈ এজন দক্ষ প্ৰজেক্ট মেনেজমেন্ট কনচালটেন্ট। এই ব্যৱসায় ত আপুনি কনষ্ট্ৰাকশ্যন প্ৰজেক্ট ৰ কোৱালিটি আৰু সময় অনুসৰি সম্পূৰ্ণ কেতিয়া হব এই বিষয়ে সকলো জানিব লাগিব। 

৭)ইলেক্ট্ৰিকেল এণ্ড লাইট ফিটিং:এইটো এটা আধুনিক উপাৰ্জন কৰিব পৰা ব্যৱসায়। য’ত আপুনি ইলেক্ট্ৰিকেল আৰু লাইট ফিটিং কৰিব পাৰে। আপুনি আপোনাৰ চিনাকী ঘৰ আৰু কাৰ্যালয়ত এই ব্যৱসায় আৰম্ভ কৰিব পাৰে। এইটো এটা লাভজনক ক্ষুদ্ৰ ব্যৱসায়। 

৮)প্লামবিং চেলছ চাৰ্ভিচ: এই ব্যৱসায়ত কম ৰ পৰা বেছি মূলধনৰ আৱশ্যক। কিন্তু খুউব লাভজনক। প্লামবিং সামগ্ৰী ৰ ভিতৰত  যেনে পাইপ, টেপ, চেনিটাৰী ৱেয়াৰ আৰু চিৰেমিক টাইলছ আপুনি ক্ৰেতাক দিব পাৰে। 

৯)চাপ্লাই এণ্ড ইনষ্টলেশ্যন অব্ চিকিউৰিটী আইটেমচ:আজি কালি ঘৰুৱা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত ছিকিউৰিটি ডিভাইছ সামগ্ৰী আৱশ্যক। সেয়ে এই ব্যৱসায় ত আপুনি ছিকিউৰিটি সামগ্ৰী য’ত ছিকিউৰিটি কেমেৰা,  টাৰনচ টাইলছ,বায়’মেট্ৰিকচ আৰু এচেচ কন্ট্ৰোল চিষ্টেম যোগান ধৰিব পাৰে। সকলো সামগ্ৰী ৰ বাবে আপোনাৰ টেকনিকেল জ্ঞান থাকিব লাগিব। 

১০) ৱাটাৰ প্ৰুফিং চাৰ্ভিচ: বহু সংখ্যক ঘৰত টোপটোপ কৈ পানী পৰাৰ সমস্যা থাকে যদি আপুনি এই ক্ষেত্ৰত ভাল অভিজ্ঞতা আছে তেন্তে এই ব্যৱসায় টো কম মূলধনেৰে আৰম্ভ কৰিব পাৰে। ইয়াত কেৱল প্ৰয়োজন  আপোনাৰ শ্ৰমিক ৰ শ্ৰমদান, সামগ্ৰী ক্ৰয় কৰোতে অৰ্থ ৰ  প্ৰয়োজন। আপুনি এই ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে আপোনাৰ গ্ৰাহক ৰ পৰা আগতীয়াকৈ ধন ৰাশিও লব পাৰে। 

১১)হাউছ ৰিপেয়েৰিং চাৰ্ভিচ: ই এক খুউব ভাল চিন্তা  আৰু পুৰণি নিৰ্মাণ ভিত্তিক ধাৰণা। য’ত কম মূলধনেৰে কিন্তু দক্ষ ,অৰ্ধ দক্ষ শ্ৰমিক ৰ প্ৰয়োজন। 

১২)কৰুগেটেড শ্বীট মেনুফেকশ্বাৰিং:ছাদ বনাওতে এই শ্বীট প্ৰয়োজন। বিভিন্ন ৰঙত পলিমাৰ আৰু চিমেন্ট ভিত্তিত এইবোৰ পোৱা যায়। ইয়াৰ বাবে এটা সৰু বা লঘু পৰিকল্পনা আৰু কম মূলধনৰ প্ৰয়োজন। 

১৩)কেবিনেট তৈয়াৰী: কেবিনেট বোৰ কাঠেৰে নহয় বৰঞ্চ আন বিল্ডিং সামগ্ৰী ৰে তৈয়াৰ কৰা হয়। মানুহে নিজৰ সুবিধা অনুযায়ী এইবোৰ তৈয়াৰ কৰে। এই ব্যৱসায়ে আপোনাক ভাল উপাৰ্জন দিব পাৰে। 

১৪) কেচা সামগ্ৰী বিক্ৰী: চিমেন্ট, প্লামবিং পাইপ,চিৰেমিক টাইলছ,টি এম টি বাৰচ, চিমেন্ট ব্লক বিক্ৰী কৰা এটা আন ব্যৱসায় ।ইয়াৰ বাবে কোনো বিশেষ শিক্ষা গত অৰ্হতা নালাগে। আপোনাৰ বজাৰ অনুসৰি  আপুনি আপোনাৰ প্ৰডাক্টত লব পাৰে। 

১৫) লেন্ডস্কেপ চাৰ্ভিচ: এই সেৱা ব্যৱসায়িক প্ৰতিষ্ঠান,এপাটৰ্মেন্ট, বঙলা, ফাৰ্ম হাউছ ইত্যাদি ত ব্যৱহাৰ হয়। যদিহে আপোনাৰ গছ গছনি ৰোপণত ভাল অভিজ্ঞতা আছে তেন্তে এই ব্যৱসায় এটা ভাল ব্যৱসায়।এই ব্যৱসায়ৰ দ্বাৰা ভাল উপাৰ্জন কৰিবলৈ আপুনি এজন অভিজ্ঞ ব্যক্তি হ'ব লাগিব। 

১৬) ৱাল পেপাৰ ফিটিং: আজিৰ বজাৰত ধুনীয়া আৰু উৎকৃষ্ট ৱাল পেপাৰ যেনে 3D ৱাল পেপাৰ, ব্ৰীক আৰু টাইল ৱাল পেপাৰ উপলব্ধ। যিবোৰ ঘৰ, এপাটৰ্মেন্ট আৰু ব্যৱসায়িক প্ৰতিষ্ঠানক ধুনীয়া কৰি তুলিবলৈ ব্যৱহাৰ হয়। যদিহে আপুনি কম মূলধনেৰে ভাল ব্যবসায় কৰিব খোজে তেন্তে ই এক অন্যতম ব্যৱসায়। 

১৭) ফাৰ্নিচাৰ পলিচিং চাৰ্ভিচ: কাপ বৰ্ড, কেবিন, শ্বেলফ আৰু টেবুলক নতুন ৰূপ দিবলৈ পলিছ কৰা হয়। আপুনি এই সেৱা প্ৰদান কৰা ব্যৱসায় কৰিব পাৰে। য’ত দক্ষতা ৰ প্ৰয়োজন। 

১৮) কাৰ্পেন্টাৰ চাৰ্ভিচ: যিকোনো ব্যৱসায় বা ঘৰুৱা ঠাই ধুনীয়া কৰিবলৈ কাৰ্পেনাটাৰৰ প্ৰয়োজন। দক্ষ শ্ৰমিক ৰ সৈতেএই ব্যৱসায় আৰম্ভ কৰিব পাৰে। ফাৰ্নিচাৰ যেনে কেবিনেট,কাপ বৰ্ড, বিচনা আৰু ৱাল পেনেল লগাবলৈ দক্ষ লোকৰ প্ৰয়োজন। সেয়ে এই ব্যৱসায় আপোনাক ভাল উপাৰ্জনৰ পথ দিব পাৰে। 

১৯) ছাদ মেৰামতি ৰ ব্যৱসায়:  ছাদ নষ্ট যোৱা সচৰাচৰ দেখা যায়, বেয়া হৈ যোৱা ছাদক পুনৰ মেৰামতি কৰাৰ ব্যৱসায় আপুনি কৰিব পাৰে। 

২০)এয়াৰ কন্ডিশন আৰু ৱাটাৰ  হিটাৰ  ইনস্টলেশ্যন -এই ব্যৱসায়  আজকালি  মানুহৰ  প্রাথমিক চাহিদা।

 আপনি যদি এজন উচ্চাকাঙ্ক্ষী উদ্যোগী  হব খোজে   তেন্তে  আপুনি  ইনষ্টলেশ্যন আৰু  মেৰামতি কৰাৰ  ব্যবসায়ৰ আৰম্ভ কৰিব  পাৰে।  আপোনাৰ  যদি ভাল দক্ষতা থাকে তেন্তে  আপুনি সহজতে  এই ব্যবসায়ত সাফল্য লাভ কৰিব। 

২১)কাটিং, ফিটিং আৰু মাৰ্বল পলিছ: প্ৰায় মানুহ বোৰে ফ্ল’ৰত মাৰ্বল ব্যৱহাৰ কৰে। সেয়ে এই ব্যৱসায় আপুনি আৰম্ভ কৰিব পাৰে। এই ব্যৱসায়ৰ বাবে প্ৰয়োজন হয় কেঁচা সামগ্ৰী। যিবোৰ সামগ্ৰী  সহজতে লাভ আপুনি লাভ কৰিব পাৰে। 

২২) চ’লাৰ(সৌৰ) পেনেল লগোৱা: এই ব্যৱসায় ভাল আৰু লাভজনক ব্যৱসায়। বহু ঘৰুৱা আৰু ব্যৱসায়িক প্ৰতিষ্ঠান ত আজিকালি চ’লাৰ পেনেল লগোৱা হয়। 

২৩) বৰষুণৰ পানী ধৰি ৰখা ব্যৱসায়: পানীৰ নাটনি ৰোধ কৰিবলৈ এনে দৰে বৰষুণৰ  পানী ধৰি ঘৰুৱা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানলৈ যোগান ধৰিব পাৰে। ই এক লাভজনক ব্যৱসায়। 

২৪) ৰঙৰ দোকান: ই এক অন্যতম ব্যৱসায়। য’ত আপুনি ভিতৰৰ বা বাহিৰৰ পইন্ট,অইল পেইন্ট, ৱাল পুত্তী আৰু হোৱাইট চিমেন্ট বিক্ৰী কৰিব পাৰে। নিৰ্মাণ কাৰ্য ত উপৰোক্ত বস্তু বোৰ ব্যৱহাৰ হয়। 

২৫) মিৰৰ এণ্ড গ্লাছৱৰ্ক:আজিকালি আমি আইনা কেৱল দাপোন হিচাপে নহয়, সজাবৰ বাবে ও ব্যৱহাৰ কৰো। সেয়ে এই ব্যৱসায় এটা মূলধনেৰে আৰু আৱশ্যকীয়  সামগ্ৰীৰে  আৰম্ভ কৰিব পাৰি। 

২৬) লেমিনেট ফ্লৰ ইনষ্টলেশ্যন:আজিকালি লেমিনেট ফ্লৰ ঘৰুৱা আৰু ব্যৱসায়িক প্ৰতিষ্ঠান ত ব্যৱহাৰ হয়, ইয়ে আপোনাক কম খৰছত এটা ধুনীয়া ৰূপ দিয়ে। দক্ষতা আৰু কম মূলধনেৰে এই ব্যৱসায়  আৰম্ভ কৰিব পাৰি।   

২৭) কনষ্ট্ৰাকশ্যন ক্লিনিং চাৰ্ভিচ: নিৰ্মাণ কাৰ্য সম্পন্ন হোৱাৰ পাছত যথেষ্ট  জাবৰ ওলোৱা দেখা যায়। তদুপৰি নতুনকৈ গঠন কৰা ঠাইবোৰে পৰিস্কাৰ পৰিচ্ছন্নতা বিচাৰে। সেয়ে মানুহবোৰে দক্ষ আৰু পাৰদৰ্শী মানুহ বিচাৰে যি এই আবৰ্জনাবোৰ চাফা কৰিব পাৰে। এই ব্যৱসায়টোত কিছু পৰিমাণৰ মূলধনৰ  আৱশ্যক। 

উপসংহাৰ:

আপুনি ইয়াত উল্লেখিত বিল্ডিং, অট্টালিকা, দলং, বান্ধ,পথ,নিৰ্মাণ কৰাতো নিৰ্মাণধীন ব্যৱসায়ৰ অংশ। সেয়ে নিৰ্মাণ ব্যৱসায়টো সদায় থাকি যাব।সেইবাবে আপুনি যেতিয়া হ'লেও এই ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিব পাৰে।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।