written by | October 11, 2021

এটা সফল নিৰ্মাণ কোম্পানী কেনেকৈ প্ৰতিষ্ঠা কৰিব?

×

Table of Content

আপোনাৰ সফল পেছাদাৰী নিৰ্মাণধীন  ব্যৱসায়ৰ কিটিপ:

এইয়া  সময় নেকি আপোনাৰ পেছাদাৰী নিৰ্মাণধীন  ব্যৱসায়ক সফল কৰাৰ? আপুনি নতুন বজাৰ আৰু নতুন এলেকাত প্ৰতিষ্ঠিত হব খোজে নেকি? নিৰ্মাণকৰ্ম ৰ লগত জড়িত থকা ব্যৱসায়ৰ  গুৰুত্বপূৰ্ণ  কথা হ’ল  আপোনাৰ এটা সঠিক পৰিকল্পনা,যদিহে আপোনাৰ এটা সঠিক পৰিকল্পনা থাকে তেন্তে  আপুনি  এই ক্ষেত্ৰখনত নতুন হ’লেও কোনো কথা নাই। আপোনাৰ ব্যৱসায়টো আগবঢ়াব ৰ বাবে আপোনাক প্ৰয়োজন দক্ষ শ্ৰমিক আৰু  সামগ্ৰী ৰ। 

 সফল পেছাদাৰী নিৰ্মাণধীন ব্যৱসায়ী  হবৰ বাবে ইয়াত কিছু কিটিপ দিয়া হৈছে-

এটা ভাল টিম (দল) বনোৱা 

এই ব্যৱসায় ত আপোনাৰ কৰ্মচাৰীয়েই আপোনাৰ ব্যৱসায়। দক্ষ,অভিজ্ঞ আৰু পাৰদৰ্শী  শ্ৰমিক আপুনি নিয়োগ কৰিব লাগিব। মাজে সময়ে আপোনাৰ কৰ্মচাৰীক পুৰস্কাৰ প্ৰদান কৰি, বা উৎসাহিত কৰি ৰাখিবলৈ চেষ্টা কৰিব যাতে যাতে তেওঁ সদায় আপোনাৰ লগত কাম কৰিবলৈ আগ্ৰহী হৈ থাকে। 

আপোনাৰ ব্যৱসায় পৰিচালনা কৰক লগতে টিমক প্ৰতিনিধিত্ব কৰক। 

আপোনাৰ কৰ্মচাৰীয়ে সঠিক প্ৰতিনিধি হে বিচাৰে।  সঠিক ভাৱে প্ৰতিনিধিত্ব কৰিলে আপুনি আপোনাৰ কৰ্মচাৰীৰ লগত যি কোনো ঠাইত কাম কৰিব পাৰিব।  যদিহে আপুনি সিহঁতৰ সৈতে কামৰ লগত জড়িত থাকে তেন্তে সিহঁতে আপোনাৰ দক্ষতাত প্ৰশ্ন উত্থাপন কৰিব। সেয়ে আপুনি সিহঁতক কাম খিনি সুচাৰুৰূপে কৰিবলৈ দিয়ক। 

অধিক পঢ়ক:1 লাখ টকাৰ ভিতৰত শ্ৰেষ্ঠ ক্ষুদ্ৰ ব্যৱসায়িক ধাৰণা

মূলধন বিনিয়োগ কৰক 

যদি আপুনি আপোনাৰ ব্যৱসায়ত লাভবান হ’ব বিচাৰে তেন্তে আপুনি তাত সময় আৰু ধন বিনিয়োগ কৰিব লাগিব।  আপুনি নতুন সামগ্ৰী আৰু নতুন মেচিন ক্ৰয় কৰিব লাগিব।  কৰ্মচাৰীক মেচিন চলোৱা ৰ কৌশলো তেওঁ লোকক শিকাব। যাতে আপোনাৰ ব্যৱসায়টো প্ৰতিষ্ঠা হয়। 

লাভবান হোৱা কাম নিৰ্ধাৰণ কৰক 

অধিক ব্যৱসায় ৰ পৰা উপাৰ্জন কৰাতো ডাঙৰ কথা নহয়। মূল হ’ল লাভবান হোৱাটো। অধিক কাম কৰাৰ বিনিময়ত যদিহেআপুনি লাভবান নহয় তেন্তেঅধিক কাম কৰাতো ভুল। 

প্ৰচাৰ আৰু প্ৰসাৰ 

মুখেৰে প্ৰচাৰ আৰু প্ৰসাৰ কৰাটো এনে ব্যৱসায়ত ধন উপাৰ্জন ৰ আহিলা। আপোনাৰ প্ৰতিষ্ঠানে কৰা ভাল কাম বোৰক আপোনাৰ বিশ্বাসী গ্ৰাহকৰ মাধ্যমেৰে প্ৰচাৰ কৰিব। 

আপোনাৰ দক্ষতাৰ লগত খেলক 

আপুনি আপোনাৰ প্ৰতিষ্ঠানটোত মাত্ৰ এজন সাধাৰণ ঠিকাদাৰ বা এজন বহু ভাল ঠিকাদাৰ যি LEED প্ৰমাণপত্ৰ, হোটেল নবীকৰণ কৰে তেনে এজন হোৱা তো বিচাৰে নেকি? আপোনাৰ এটা সঠিক পৰিচয়ে আপোনাক আন প্ৰতিদ্বন্দী ৰ পৰা পৃথক কৰিব। 

 কাম বেছিকৈ লাভ কৰিবলৈ নেটৱৰ্ক বনোৱা 

এটা ভাল উপায় ট্ৰেড এচ’চিয়েছনৰ সৈতে সক্ৰিয় হৈ থকা। নেটৱৰ্ক সক্ৰিয় হৈ থাকিলে আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে ভাল সুযোগ লাভ কৰি থাকিব। সেয়ে নেটৱৰ্ক শক্তিশালী কৰি ৰাখক। 

মানসম্পন্ন কামেই ৰজা 

উচ্চ মানদণ্ডৰ কাম আপুনি আগবঢ়াওক। কেতিয়াও আপোনাৰ কামৰ মানদণ্ডৰ সৈতে খেলিমেলি নকৰিব। বজাই ৰাখক কামৰ মানদণ্ড।

পৰিৱৰ্তন ভাল 

সময়ৰ সৈতে সলনি হৈ কাম কৰি যোৱাতো ঠিক। কিন্তু সকলো ক্ষেত্ৰতে এই সূত্ৰ  ব্যৱহাৰকৰাতো উচিত নহয়। 

গ্ৰাহকক উৎকৃষ্ট সেৱা প্ৰদান কৰক 

আপুনি গ্ৰাহকক প্ৰথম স্থানত ৰাখক, প্ৰাধান্য দিয়ক। তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে যি বিচাৰে তাকেই কৰিব। কিন্তু এইটোও ঠিক গ্ৰাহকৰ সৈতে সম্পৰ্ক ৰাখত যাতে কামটো কৰি দিয়া ৰ পাছত তেওঁলোক সন্তুষ্ট হয়। সন্তুষ্ট হোৱা গ্ৰাহকে আপোনাক নতুন ব্যৱসায় আৰু নতুন সুযোগ দিব। গ্ৰাহক সেৱাৰ সময়ত আপোনাৰ গ্ৰাহকে সজীৱ  মানুহৰ সৈতে কথা বিচাৰে ৰবটৰ সৈতে নহয়। মই জানো যে গোটেই দিনটো  ফোন হেন্দেল কৰাতো কষ্টকৰ, কিন্তু যদিহে আপুনি ভাবে যে আপোনাৰ প্ৰতিদ্বন্দী ৰ কাষলৈ গ্ৰাহক বোৰ যাব নালাগে তেন্তে সেয়া কৰাতো উচিত। কাৰ্যালয়ৰ বাহিৰত যোৱা ৰ সময়ত আপুনি আপোনাৰ গ্ৰাহক সকলক এটা ব্যৱসায়িক ফোন কৰিলে ভাল। যদি আপুনি আপোনাৰ ফোনকলটো লব পৰা নাছিল তেন্তে গ্ৰাহক জনক অনতিপলমে পুনৰাই ফোন কৰা উচিত। 

যিকোনো খেলিমেলি ৰ পৰা বাচি থাকিব বিচাৰিলে আপুনি আপোনাৰ ব্যৱসায়ৰ সময় আপোনাৰ অফিচ কাৰ্ড বা ব্যৱসায় কাৰ্ড ত উল্লেখ কৰিব। 

লগতে আপোনাৰ কাৰ্যালয়ৰ ঠিকনাও দিব। যদি আপুনি বিয়লি পাঁচ বজাত বন্ধ কৰে তেন্তে গ্ৰাহকে আপোনাক ৰাতি আঠ বজাত ফোন কৰিলেও একো প্ৰশ্ন তুলিব নোৱাৰে। 

মই আপোনাক কও যে আপুনি কাৰ্যালয় বন্ধ থাকিলেও এটা অটোমেটিক   ইমেইল বনাই ৰাখিব। 

যাতে আপোনাৰ সেৱা ত সন্তুষ্ট হৈ থাকে। 

সাজু হৈ থাকক

সদায় কামৰ প্ৰতি আৰু নতুন ব্যৱসায় ৰ প্ৰতি সাজু হৈ থাকিব। কেতিয়াও নাভাবিব যে কাম আপোনাৰ কাষ চাপিব বৰঞ্চ এইটো ভাৱক মালিক, আৰ্কিটেক আৰু সাধাৰণ ঠিকাদাৰৰ সৈতে সম্পৰ্ক ৰাখক আৰু নতুন প্ৰকল্পৰ বাবে খোজবিচাৰ চলাই থাকক 

স্মাৰ্ট সিদ্ধান্ত লওক 

ভৱিষ্যতৰ কথা চিন্তা কৰি স্মাৰ্ট লি সঠিক সিদ্ধান্ত গ্ৰহণ কৰক আৰু কেতিয়াও ততালিকে  সিদ্ধান্ত নলব। সুস্থ ভাৱে বিবেচনাকৰি সিদ্ধান্ত গ্ৰহণ কৰিব। 

শ্ৰেষ্ঠতম ব্যৱসায়ৰ অভ্যাস কৰক 

উন্নত ব্যৱসায়ৰ উন্নত অভ্যাস বোৰেৰে বাণিজ্য ক্ষেত্ৰখনত উন্নতি কৰিবলৈ গৈ ঠিকাদাৰ সকল কিছুমান সমস্যাৰ সন্মুখীন হয়।  যিহেতু সেই ব্যৱসায় টো কৰাৰ বাবে তেওঁলোকৰ তাত এটা সঠিক প্ৰণালী আছে। যি এই সন্দৰ্ভত ভাল ফল দিয়ে। 

ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি  যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। য’ত বুক কিপিং, টিউৰিং আৰু ইনভইচিং, প্ৰশিক্ষণ, কাৰ্য  প্ৰবন্ধন,কৌশল বোৰ আপোনাৰ কৰ্মচাৰীক শিকাব পাৰে ।যেতিয়া আপোনাৰ তাত এটা সঠিক প্ৰণালী থাকিব তেতিয়া আপুনি আপোনাৰ সফলতা লাভ কৰিব। 

 উদ্যোগিক এচ’চিয়েছনৰ সৈতে জড়িত হৈ থাকক:

Associated General contractors এনে এটা ব্যৱসায়িক সংগঠন যিয়ে আপোনাক ব্যৱসায় ত সহায় কৰে। তদুপৰি তেওঁ লোকে কিমান পৰিমাণৰ গ্ৰাহকৰ পৰা কিমান মূল্য সংগ্ৰহ কৰিব পাৰে তাৰ এটাও সূত্ৰ জনায়।  কন্ট্ৰেক্ট লিখাৰ পৰা আপোনাৰ উৎপাদিত সামগ্ৰী ক কেনেকৈ আৰু ক’লৈ পঠিয়াব লাগে  সেইয়া ও জনায়। 

মূলধন গোটাওক:

যদি আপুনি ক্ষুদ্ৰ ঠিকাদাৰ তেন্তে আপোনাৰ ব্যৱসায়টো আগবঢ়াব ৰ বাবে আপোনাক প্ৰয়োজন হব মূলধন।গ্ৰাহকৰ পৰা সময় অনুসৰি টকা নোপোৱা এটা সাধাৰণ কথা। তাৰমানে আপোনাৰ দায়িত্ব হ’ল যে আপুনি ঋণ লৈ আৰম্ভ কৰিব লাগিব। 

মনত ৰাখিব যদিহে আপুনি বিতং আৰু শৃংখলাবদ্ধ ভাৱে আপোনাৰ তথ্য ৰাখে আৰু আপোনাৰ ব্যৱসায়ৰ বাবে   ঋণৰ সঠিক পৰিকল্পনা কৰে তেন্তে  আপুনি এজন ভাল ব্যৱসায়ী হ’ব পাৰিব।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।