written by | October 11, 2021

কম্পিউটাৰৰ ব্যৱসায়

×

Table of Content


কম্পিউটাৰ ব্যৱসায় কেনেদৰে আৰম্ভণি কৰিব 

যদি আপুনি কম্পিউটাৰৰ পৰা আনন্দ লয় আৰু প্ৰযুক্তিৰ জগতখন ভাল পায় তেন্তে কম্পিউটাৰ ৰ আধাৰত ঘৰৰ পৰা ব্যৱসায় আপোনাৰ বাবে আদৰ্শ হব পাৰে। এনেধৰণৰ কাম যিকোনো স্হান ৰ পৰা কৰিব পাৰে ইন্টাৰনেট ৰ সুবিধা থাকিলে ।যদি আপোনাৰ জ্ঞান, কৌশল আৰু আৱশ্যকীয় সকলো খিনি আছে তেন্তে আপোনাৰ ব্যৱসায় সোনকালে সফল হব। ইয়াত পাঁচটা বিষয় দিয়া গৈছে। 

কম্পিউটাৰ ঘৰুৱা শিক্ষক বা প্ৰশিক্ষক ( টিউটৰ বা ট্ৰেইনাৰ )

এইবাবেই আমি ডিজিটেল যুগত বাস কৰা নাই যে সকলো কম্পিউটাৰ প্ৰেমী। কম্পিউটাৰ শিক্ষক বা প্ৰশিক্ষক আহে। ঘৰে ঘৰে কম্পিউটাৰ শিক্ষকে মানুহক শিকাই বা ব্যৱসায় ত নিজৰ কম্পিউটাৰ প্ৰণাম আৰু ইন্টাৰনেট ৰ ব্যৱহাৰ কৰা শিকাই। 

ভিডিঅ কনফাৰেন্স ৰ মাধ্যমেৰে ও শ্ৰেণী হয়।  কিছু ক্ষেত্ৰত আপুনি গ্ৰাহকক তেওঁৰ ঘৰ, কাৰ্যালয় বা আন মিটিং স্হান তো লগ পাব পাৰে। 

আপোনাৰ গ্ৰাহক বিভিন্ন জন হব পাৰে, সৰু ল’ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকৈ। আপোনাক এনে কিছু কামৰ বাবে লব পাৰে য’ত তেওঁ লোকক কম্পিউটাৰ কেন্দ্ৰ কৰি বিষয়বোৰ তেওঁ লোকক শিকাব পাৰে। 

আপুনি ও এটা গ্ৰুপত কাম কৰিব পাৰে, এটা কাৰ্যালয়ত প্ৰশিক্ষণ ও দিব পাৰে। নহ’লে আপুনি ঘৰৰ পৰা ও শ্ৰেণী ও  লব পাৰে, পাঠদান কৰিব পাৰে। জ্যেষ্ঠ লোকৰ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা কৰিব পাৰে। 

ঘৰুৱা শিক্ষকৰ হিচাপে ধৈৰ্য খুউব প্ৰয়োজন। যিহেতু নতুন প্ৰযুক্তি বিদ্যা এটা বিশাল সাগৰ যাক বুজিব জানিব অলপ কঠিন। 

কম্পিউটাৰ মেৰামতি 

কম্পিউটাৰ মেৰামতি কৰা প্ৰশিক্ষকে মেচিন আৰু কম্পিউটাৰ ৰ প্ৰগামত ভুল ভ্ৰান্তি ঠিক কৰিবৰ বাবে এটা গহীন অধ্যয়ন কৰিব লাগে। 

একক ভাবে বা লঘু উদ্যোগী ব্যৱসায়ীয়ে এজন  কম্পিউটাৰ মেৰামতি কৰা ব্যক্তি ক নিয়োগ কৰাত অপাৰগ হয় তথাপিও তেওঁ লোকে হাৰ্ডৱেৰ আৰু চফটৱেৰ সমস্যা বোৰ সমানুসৰি, বাজেট অনুসৰি আৰু হাঁহি মুখে আদৰি লব লাগিব। 

যদি আপুনি ঘৰৰ পৰা ব্যৱসায় চলাই আছে তেন্তে আপুনি আপোনাৰ গ্ৰাহক সকলৰ ঘৰত নতুবা কাৰ্যালয়লৈ গৈ কম্পিউটাৰ মেৰামতি ৰ কাম কৰিব লাগিব। 

আপোনাক এনে যন্ত্ৰ দৰকাৰ হব যি কম্পিউটাৰৰ হাৰ্ড ড্ৰাইভ আৰু আভ্যন্তৰীণ  চিষ্টেমৰ সমস্যা বোৰৰ সমাধান ঘটাব পাৰে। মেৰামতি কৰাৰ লগতে আপুনি কম্পিউটাৰ আৰু নেটৱৰ্কৰ চেট আপ ,সুৰক্ষা জনিত সকলো বিষয় গ্ৰাহক ক জনাব পাৰে। 

ডেস্কটপ পাবলিছিং 

 যদি আপুনি কম্পিউটাৰ ৰ মাধ্যমেৰে সৃষ্টিশীল লগতে পেজ লে আউট, গ্ৰাফিক্স, ডেস্কটপ প্ৰকাশন জানে তেন্তে এইয়া ঘৰৰ পৰা কৰিব পৰা এক সুন্দৰ ব্যৱসায়। যিহেতু ডেস্কটপ পাবলিছিং ৰ বহু ধৰণৰ ডি আই ৱাই প্ৰগামছ থাকে তথাপিও বহু ব্যৱসায়ীয়ে তাৰে  এটা নতুন ৰূপ বিচাৰে। 

ডেস্কটপ পাবলিছাৰছৰ কামৰ ভিতৰত  বহু ধৰণৰ কাম আছে য’ত কিতাপ, নিউজ লেটাৰছ, আলোচনী, ইন্টাৰনেট ,  লগ’ৰ বাবে গ্ৰাফিক্স ডিজাইন বনোৱা হয়। বহু অনলাইন ক্ষুদ্ৰ উদ্যোগীয়ে তেওঁ লোকৰ নিজা প্ৰডাক্ট বনাবলৈ সহায় বিচাৰে।  আপুনি ব্যক্তি বিশেষৰ বাবে কেলেণ্ডাৰ, নিমন্ত্ৰণী পত্ৰ বনাব পাৰে। 

ইন্টাৰনেট মাৰ্কেটিং সেৱা:

যদি আপুনি এজন দক্ষ ইন্টাৰনেট ব্যৱহাৰকাৰী আৰু মাৰ্কেটিং বিশেষজ্ঞ তেন্তে ইন্টাৰনেট মাৰ্কেটিং আপোনাৰ বাবে এটা ভাল ব্যৱসায়। সকলো ধৰণৰ  প্ৰতিষ্ঠান বিশেষকৈ সৰু আৰু একক ব্যৱসায়ীয়েএছ ই ঔ,পি পি চি ৱেবছাইট প্ৰম’শ্বন আৰু ছচিয়েল নেটৱৰ্কিং চাইটৰ সহায় লয়। 

এজন দক্ষ অনলাইন মাৰ্কেটিং চাৰ্ভিচ জনা জনে নিজৰ গ্ৰাহকক বিশ্বৰ যিকোনো ঠাইতে সহায় কৰিব পাৰে। আপুনি মাথোঁ আপোনাৰ কাষৰৰ মানুহকেই সেৱা আগবঢ়োৱাৰ সুবিধা নহয় বৰঞ্চ সমগ্ৰ বিশ্বতে ই আপোনাৰ সেৱা প্ৰদান কৰিব পাৰে। 

তদুপৰি আপুনি  আপোনাৰ গ্ৰাহকসকলক তেওঁলোকৰ ব্যৱসায় ত সহায় কৰিব পাৰে।

আপুনি আপোনাৰ সম্পূৰ্ণ সেৱা আগবঢ়াব পাৰে  য’ত অন্তভূক্ত হৈ আছে ছচিয়েল মিডিয়া মেনেজমেন্ট, ই মেইল মাৰ্কেটিং। 

ৱেব ডিজাইন বা প্ৰগামিঙত বহু ধৰণৰ ডি আই ৱাই টুলছ আছে যাৰ মাধ্যমেৰে খুউব সহজতে এটা ৱেবছাইট বনাব পাৰে। 

তথাপিও নতুন ৱেব ডিজাইন আৰু প্ৰগামাৰ্ছৰ বাবে এটা খুউব ভাল  সুযোগ আছে যিহেতু বহু ধৰণৰ অনলাইন ব্যৱসায় বোৰ বাঢ়ি আছে। 

বহু অনলাইন ব্যৱসায়ীয়ে এটা সাধাৰণ  ৱেবছাইট বনাব পাৰে কিন্তু তেওঁলোকৰ   প্ৰয়োজন অনুসৰি তেওঁলোকে বনাবলৈ সক্ষম নহয়। 

বাকী বোৰে   ই কমাৰ্চ মেনেজমেন্টৰ অভিজ্ঞ প্ৰগামাৰ আৰু ডিজাইনাৰ  লয় যিয়ে সোনকালে আৰু সুন্দৰ ভাবে কামবোৰ কৰি দিয়ে। 

আপুনিও নিদিষ্ট এটা বিষয়ত পাৰদৰ্শী   হ’ব পাৰে যেনে ৱৰ্ড প্ৰেছ আৰু প্ৰগামিং লেংগুৱেজ ত। আপুনি যিমান পাৰদৰ্শী সেই অনুপাতে আপুনি প্ৰতিষ্ঠিত হ’ব পাৰে এই দিশত। 

ৱেব ডিজাইনিং আৰু প্ৰগামিং জানিলে আপুনি আপোনাৰ  ওচৰ চুবুৰীয়া ৰ লগতে সমগ্ৰ বিশ্বতে গ্ৰাহক বনাব পাৰিব। 

তদুপৰি তেওঁ লোকক এককালীন সেৱা য’ত ৱেবছাইট চেট আপ আৰু মেৰামতি পেকেজবোৰ অফাৰ কৰিব পাৰে। যাৰ বাবে তেওঁ লোকে আপোনাক তেওঁলোক ৰ ৱেবছাইট চোৱা চিতাৰ মাহেকৰ মূল্য(ফিজ) দিব পাৰে ।

কম্পিউটাৰ ব্যৱসায় ৰ বাবে মূলধন:

আপুনি আপোনাৰ জমা ধন বা বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰিব পাৰে। আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠানৰ বাবে ডি বি এ নাম লৈ পঞ্জীয়ন কৰিব পাৰে যদিহে আপুনি এটা কাল্পনিক নাম ব্যৱহাৰ কৰে। বাকী লাইসেন্সবোৰো প্ৰয়োজন হয়। কিয়নো ৰাজ্য বিশেষে অনুমতি পত্ৰ কে আদি কৰি দিশ সমূহ পৃথক। 

ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লাইসেন্স লব লাগিব যিহেতু আপুনি ব্যৱসায়িক কৰ পৰিশোধ কৰিব লাগিব। এটা কম্পিউটাৰ ব্যৱসায় ৰ বাবে এটা কাৰ্যালয় বা ষ্ট’ৰ ফ্ৰন্ট বিচাৰে। আপোনাৰ কম্পিউটাৰ ব্যৱসায়ৰ স্থান এনে এঠাইত বাচনি কৰে য’ত ব্যস্ত পথ, শ্বপিং মল বা ব্যৱসায় এলেকা হয়।আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে   ঘৰ ভাড়া লওঁতে  মালিকৰ সৈতে দৰদাম কৰক। 

কম্পিউটাৰ ব্যৱসায় ৰ বাবে কম্পিউটাৰ, লেপটপ আৰু অন্যান্য সামগ্ৰী বোৰ অৰ্ডাৰ কৰক। কম্পিউটাৰ চফটৱেৰ, আৰু প্ৰশিক্ষণ ৰ সা সৰঞ্জামবোৰ ৰ জোগাৰ কৰক যদিহে আপুনি আনক প্ৰশিক্ষণ দিব বিচাৰে। 

কাৰ্যালয় টোত কম্পিউটাৰ স্টৰত কাউন্টাৰ, সামগ্ৰী ৰাখিবৰ বাবে সুবিধা জনক শ্বেলফ বনাব। 

মনত ৰাখিব আপুনি আপোনাৰ ক্ৰয় কৰাৰ সামগ্ৰী বোৰ লিপিবদ্ধ কৰি ৰাখিব। 

কম্পিউটাৰ জনা মানুহবোৰ ক নিয়োগ কৰিব যদিহে সহায় লাগে। এটা ‘হেল্প আৰু ৱান্টেদ ‘ প্লে কাৰ্ড আপোনাৰ মূল দুৱাৰ ত ৰাখিব যাতে গ্ৰাহকৰ চকুত পৰে। 

বিজ্ঞাপন দিব বাতৰি কাকতত। 

ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে মনত ৰাখিব যাতে আপোনাৰ কৰ্মচাৰী কেইজন দক্ষ আৰু পাৰদৰ্শী হয়। 

ব্যৱসায় ৰ বাবে গাড়ীৰ আইনাত বা আন ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠানত ফ্লায়াৰছ দিব যাতে সহজে গ্ৰাহক ৰ চকুত পৰে। আন ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠানৰ মালিক বা মেনেজাৰক আপোনাৰ বিজ্ঞাপন বোৰ সিহঁতৰ কাউন্টাৰ ত ৰাখিব ৰ বাবে অনুৰোধ কৰিব। 

স্হানীয়  বাতৰি কাকতৰ এজন ব্যক্তিক অনুৰোধ কৰিব যাতে আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠান সন্দৰ্ভত এটা প্ৰবন্ধ লিখে।

 

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।