written by | October 11, 2021

আনুষংগিক বস্তুৰ ব্যৱসায়

×

Table of Content


আনুষংগিক বস্তুৰ ব্যৱসায় কেনেদৰে আৰম্ভ 

কৰিব

আনুষংগিক বস্তু অৰ্থাৎ গহনা,বেগ,টুপী,স্কাৰ্ফ ইত্যাদি বস্তুৰ ব্যৱসায় কৰিব বিচাৰিছে নেকি? এই বস্তুবোৰ অকল মহিলাৰ মাজতেই নহয় পুৰুষ মহিলা উভয়ৰে পচন্দৰ বস্তু। পিন্ধা কাপোৰৰ লগত মিলাকৈ আনুষংগিক বস্তুবোৰৰ গুৰুত্বও সমানে আছে। ফেশ্বন আৰু ছচিয়েল মিডিয়াৰ এই যুগত প্ৰত্যেকেই নিজক সুন্দৰ আৰু ফেশ্বনবেল কৰি ৰাখিব বিচাৰে। আহকচোন চাও আনুষংগিক বস্তুৰ এই ব্যৱসায়টো কেনেদৰে আগবঢ়াব।

নিজৰ দক্ষতা নিৰ্বাচন কৰক

আনুষংগিক বস্তুৰ ব্যৱসায়আৰম্ভ কৰাৰ আগতে চাই লওক যে আপোনাৰ কোনটো ক্ষেত্ৰত দক্ষতা আছে। গহনা,বেগ,টুপী,ব্ৰেচলেট আদিৰ ভিতৰত  কোনটো বনোৱাত আপোনাৰ ৰাপ আছে? যত আপোনাৰ ৰাপ আছে তাত আপোনাৰ সৃজনীশীলতাই স্থান পাব আৰু গ্ৰাহকে আপোনাৰ বস্তু ভাল পাব।আপোনাৰ ট্ৰেভেল এজেঞ্চীৰ ব্যৱসায়ৰ বাবে এটি আকৰ্ষণীয় লোগো আৰু এটা নাম নিৰ্ধাৰণ কৰক যিটোৱে আপোনাৰ ব্যৱসায়ৰ লগত সংযুক্ত কৰিব পাৰে।লোগো ডিজাইন কৰাৰ বাবে আজিকালি বহুতো পেছাদাৰী এজেঞ্চী থাকে যত আপোনাৰ পচন্দ মতে লোগো ডিজাইন কৰাত সহায় কৰে।

স্থান নিৰ্বাচন

প্ৰথমে আপোনাৰ আনুষংগিক বস্তুৰ ব্যৱসায়টো ঘৰৰ পৰাই আৰম্ভ কৰিব পাৰে যিহেতু ইয়াৰ কাৰণে বেছি ঠাইৰ প্ৰয়োজন নহয়। নিজৰ ঘৰ অথবা ভাড়া লোৱা এটা স্থানৰ পৰা এই ব্যৱসায় আৰম্ভ কৰক। আৰম্ভণিতে ডাঙৰ ঠাই এটি ভাড়ালৈ লৈ মূলধন বিনিয়োগ কৰাতকৈ পৰাপক্ষত নিজৰ ঘৰৰ পৰাই কৰিওে ভাল।এটি ব্যৱসায়ৰ আৰম্ভণিতে বিভিন্ন কামত ধন বিনিয়োগ কৰিব লগা হয়। গতিকে হিচাপমতে খৰচ কৰি প্ৰতিটো বিভাগত যিমান পাৰি সিমান খৰচ কমাবলৈ চেষ্টা কৰিব লাগে।

মূলধন আৰু বিনিয়োগ

ব্যৱসায় যিয়েই হওক, আৰম্ভণিতে ঢেৰ পইচা বিনিয়োগ কৰাটো উচিত নহয়। বজাৰৰ অৰ্থনৈতিক অৱস্থাতো চাইহে তাত কিমান বিনিয়োগ কৰিব সেইটো সিদ্ধান্ত লওক। প্ৰতিটো বস্তুৰ দাম বেলেগ আৰু বজাৰত গ্ৰাহকৰ দাবীও বেলেগ বেলেগ।আপোনাৰ আনুষংগিক বস্তুৰ ব্যৱসায়ৰ দোকানত সম্ভাৱ্য গ্ৰাহকৰ পচন্দ আৰু দাবী অনুযায়ী বস্তুৰ ষ্টক কৰক।প্ৰথমে কমকৈ আৰু লাহে লাহে সেই বিক্ৰীৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্তী ষ্টক ৰাখক। এনেদৰে আপোনাৰ আনুষংগিক বস্তুৰ ব্যৱসায়ত গ্ৰাহকৰ মনৰ কথাও বুজিব লগতে  বিনিয়োগ ও বুজন পৰিমাণত হব। ইয়াৰ উপৰিও দোকানৰ ভাড়া, ইলেকট্ৰিচিটী বিল, কৰ্মচাৰীৰ দৰমহা আদিও আছেই। গতিকে আৰম্ভণিতে এই আটাইবোৰ দিশ সামৰি খৰচ আৰু উপাৰ্জনৰ হিচাপবোৰ লিখি গলে শেষত হিচাপ উলিয়াবলৈ কোনো সমস্যা নহয়।

প্ৰতিদ্বন্দী

ব্যৱসায়ত প্ৰতিদ্বন্দ্বী থাকিবই । আপুনি আনুষংগিক বস্তুৰ  দোকান এখন দিয়াৰ আগতে মনত ৰাখিব যে বজাৰত ইতিমধ্যে বহুতো  দোকানে এই ব্যৱসায়ত জড়িত হৈ আছে । সেই আটাইবোৰৰ মাজত আপুনি কিদৰে নিজৰ ব্যৱসায়ত অদ্বিতীয় হৈ গ্ৰাহকক সেৱা আগবঢ়াব সেইটোহে লক্ষণীয় হব।ব্ৰেণ্ডিং আৰু গ্ৰাহক সেৱাই এটি ব্যৱসায়ক আনৰ পৰা পৃথক কৰি তোলে। অকল বিক্ৰীয়েই নহয় তাৰ পিছতো  গ্ৰাহকৰ তৰফৰ পৰা যিকোনো  অভাৱ অভিযোগৰ বাবে সদায় সেৱাৰ মনোভাৱেৰে প্ৰস্তুত থাকিব লাগে।

কৰ্মচাৰী নিয়োগ

অন্য ব্যৱসায়ৰ তুলনাত আনুষংগিক বস্তুৰ ব্যৱসায়ৰ লগত জড়িত লোকসকৰ অলপ কাৰিকৰী আৰু সৃজনীশীল  জ্ঞান থকাটো প্ৰয়োজন। নানান ধৰণৰ ডিজাইনৰ যিহেতু প্ৰয়োগ কৰা হয় সেয়েহে এই ব্যৱসায়ৰ লগত জড়িত কাৰিকৰৰ নিপুণ হাতৰ পৰশ পাব লাগিব । লগতে গ্ৰাহকৰ পচন্দৰ অনুযায়ী কেনে ধৰণৰ বস্তু লাগিব,বজাৰত কেনেধৰণৰ  বস্তুৰ  চাহিদা বেছি এইবোৰৰ বিষয়ে আনুষংগিক বস্তুৰ ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়ীয়ে গম ৰাখিব লাগিব। বজাৰৰ দাবীৰ লগত মিলাই যেতিয়া তেওলোকে উৎপাদনত গুৰুত্ব দিব তেতিয়া লাভ অৰ্জন কৰিব পাৰিব। কোনবিধ বস্তু বনোৱাত দক্ষতা আছে তাৰ ওপৰতো নিৰ্ভৰ কৰা হয়। 

প্ৰকাৰ

বজাৰৰ সমগ্ৰ ধাৰণাটোৱে প্ৰতিযোগিতাৰ ওপৰত নিৰ্ভৰ কৰি আছে। উৎপাদিত সামগ্ৰী অথবা কোম্পানীৰ প্ৰতিদ্বন্দী ধেৰ। গতিকে গুণাগত মানদণ্ডৰ পৰা তেওলোকৰ লগত ফেৰ মাৰি নিজৰ আনুষংগিক বস্তুৰ ব্যৱসায়টো আগবঢ়াই নিয়াটোহে প্ৰকৃত ব্যৱসায়ীৰ লক্ষণ। বজাৰত বিভিন্ন ধৰণৰ কেচা মাল উপলদ্ধ, কিন্তু অকল লাভ অৰ্জনৰ কথা নাভাবি গুণগত মানদণ্ডৰ ওপৰত গুৰুত্ব দি ভাল সামগ্ৰী ক্ৰয় কৰক। আপুনি কোনপ্ৰকাৰৰ বস্তুৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে সেইয়া আপুনি থিৰাং কৰি লব লাগিব। আপুনি এই বিষয়ত সিদ্ধান্ত লোৱাৰ লগে লগে পৰিকল্পনা কাৰ্যক্ষেত্ৰত ৰূপান্তৰ কৰাৰ সময় আহি পৰিব। ব্যৱসায় যি প্ৰকাৰৰেই নহওক কিয় ব্যৱসায়িক পৰিকল্পনাৰে সেই ব্যৱসায়ত সফল হোৱাৰ মানসেৰে আগবাঢ়িব লাগিব। 

আপোনাৰ গ্ৰাহকক বুজক

গ্ৰাহকৰ প্ৰয়োজনত গুৰুত্ব দিয়ক। কোনবিধ সামগ্ৰী গ্ৰাহকৰ বাবে বেছি প্ৰয়োজন আৰু তাৰ বিভিন্নতাৰ ওপৰত মন কৰক। গুণগত মানদণ্ড অক্ষুণ্ণ ৰাখি ষ্টক সৰহকৈ ৰাখক।  গ্ৰাহকৰ সেৱাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু তেওলোকৰ সমস্যা আৰু প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিব। 

চছিয়েল মিডিয়াৰ ব্যৱহাৰ

বিভিন্ন সামাজিক মাধ্যমত উপস্থাপন কৰাৰ লগতে ফেচবুক আৰু ইনষ্টাগ্ৰামত  আপোনাৰ আনুষংগিক বস্তুৰ দোকানৰ ব্যৱসায়ৰ পেজ খোলক যাতে গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে। চাৰ্চ ইঞ্জিন অপ্টিমাইজেচনৰ জৰিয়তে এই সামগ্ৰী বিচৰাত সহায় কৰক। এয়া এক এনেকুৱা বিনিয়োগ যি কেতিয়াও অথলে নাযায়।এটা হোৱাটচ এপ নম্বৰ ৰাখিব যাতে গ্ৰাহকৰ সংস্পৰ্শত সদায় ৰাখিব পাৰে। আপোনাৰ পৰা সামগ্ৰী কিনা গ্ৰাহকে অন্যকো এই বিষয়ে অৱগত কৰিব। কেতিয়াবা আপুনি কিছুমান অফাৰৰ জড়িয়তেও গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে। লগতে দোকানলৈ অহা মানুহক এখনকৈ  প্ৰচাৰ পত্ৰিকা দিয়ক যাতে তেওলোকে আপোনাৰ অফলাইন আৰু অনলাইন দুয়োবিধ ব্যৱসায়ৰ কথা গম পায়।

পঞ্জীয়ন

 যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ আগতে অনুমতি পত্ৰ আৰু পঞ্জীয়নৰ সকলো নথি -পত্ৰ ঠিকে-ঠাকে থকাটো অতি জৰুৰী। পঞ্জীয়ন কৰিবলৈ এক ফীজ প্ৰদান কৰিব লাগে আৰু তাৰ পিছত পঞ্জীয়ন অফিচে ব্যৱসায়ক অনুমতি প্ৰদান কৰা কাগজ হস্তান্তৰ কৰে।

এপপ এটা বনাওক

অনলাইনত আনুষংগিক বস্তুৰ  ব্যৱসায় কৰাটো এটা নতুন বিষয় যদিও গ্ৰাহকৰ  মাজত জনপ্ৰিয় কৰাৰ অৰ্থে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। মোবাইল এপৰ জৰিয়তে সকলো তথ্য চাবলৈ আৰু নানান নতুন নতুন বস্তুৰ বিষয়ে জানিবলৈ গ্ৰাহকে এটা ইউজাৰ-ফ্ৰেইন্দলী এপ এটাৰ দৰকাৰ খুবেই অনুভৱ কৰে।

পেমেণ্টৰ সুবিধা

আনুষংগিক বস্তুৰ ব্যৱসায়ত অনলাইন পেমেণ্ট কৰিবলৈ বিভিন্ন সুবিধা যেনে ডেবিট/ক্ৰেডিট কাৰ্ড,ৰূপে, ইউ পি আই,পে টি এম আৰু অন্য ধৰণৰ ই-কমাৰ্চৰ সুবিধাবোৰ দিব। অফলাইনত যিবোৰ গ্ৰাহকে দোকানত যায় তেওলোকৰ বাবে এই সুবিধাসমূহৰ উপৰিও কেচ অন ডেলিভাৰীও ৰাখিব।

ই-মেইল মাৰ্কেটিং

সম্ভাৱ্য গ্ৰাহকক আপুনি নিজৰ আনুষংগিক বস্তুৰ ব্যৱসায়ল বিশদ বিৱৰণ সহ ই-মেইলত পঠাই এডভাৰটাইজ কৰিব পাৰে। আপোনাৰ মেইলৰ প্ৰতি যাৰ আগ্ৰহ থাকে তেওলোকে নিশ্চয় যোগাযোগ কৰিব আৰু যাৰ আগ্ৰহ নাই তেওলোকে ভৱিষ্যতৰ বাবে হলেও এই বিষয়ত গম পালে। নতুন ডিজাইন, কালেকচনচ আদিৰ এনেবোৰ খবৰ আনলৈ পঠাবলৈ ই-মেইলৰ সহায় লব পাৰে।

এই আটাইখিনি নিয়মাৱলী অনুসৰণ কৰি আপুনি আনুষংগিক বস্তুৰ ব্যৱসায়ৰ  কাৰণে আগবাঢ়িব পাৰে। মানুহৰ জীৱনশৈলীৰ যি গতিত পৰিৱৰ্তন ঘটিছে সেই হিচাপে ভৱিষ্যতেও এই বজাৰখনত বিনিয়োগ আৰু লাভ অৰ্জনৰ সম্ভাৱনা আছে।নিজক সুন্দৰ কৰি ৰখা,আনতকৈ পৃথক দেখুৱাউ বিচৰা, বা চখৰ বাবেই হওক আজিকালি মানুহে এইবোৰত ধন খৰচ কৰিব টান নাপায়।কোনো বিশেষ অনুষ্ঠান নালাগে, অফিচলৈ যোৱা অথবা প্ৰতিদিনে নিজৰ যিকোনো ব্যক্তিগত কামৰ বাবে ওলাই যাওতেও পৰিপাটীকৈ সুন্দৰ সাজ সজ্জাৰে যাব বিচাৰে। ইমানবোৰ কাৰণত যিহেতু আনুষংগিক বস্তুৰ প্ৰয়োজন হয়েই গতিকে আপোনাৰ এক সুন্দৰ উপাৰ্জনৰ পথ মুকলি কৰি অৰ্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ এই সুযোগ এৰি নিদিব। কম মূলধনেৰে প্ৰথম এই ব্যৱসায়  আৰম্ভ কৰি লাহে লাহে প্ৰসাৰ কৰি সুন্দৰকৈ লাভ অৰ্জনৰ দিশে আগবাঢ়ক।আনুষংগিক বস্তুৰ ব্যৱসায়ে এখন বৃহৎ বজাৰ অধিকাৰ কৰি আছে। গ্লৱেল অনলাইন কোম্পানী সমূহৰ লগত লগ লাগি আপোনাৰ স্থানীয় ব্যৱসায়ক বহুত আগুৱাই নিব পাৰে।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।