written by | October 11, 2021

গাড়ী মেৰামতি কৰা ব্যৱসায়

×

Table of Content


গাড়ী মেৰামতি কৰাৰ  দোকান কেনেদৰে আৰম্ভ  কৰিব?

 আপুনি  বাৰু নিজৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে নেকি? নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ বাবে ব্যৱসায়িক কৌশলৰ প্ৰয়োজন বোধ কৰে নেকি?আপুনি  অট’মোবাইলৰ প্ৰতি আগ্ৰহী নেকি? তেন্তে আপোনাৰ বাবে ভাল ব্যৱসায় হব পাৰে গাড়ী মেৰামতিৰ দোকান বা ব্যৱসায়। এই নিবন্ধটোত আমি গাড়ী মেৰামতি ৰ দোকান আৰম্ভ কৰাৰ প্ৰয়োজনীয় সকলো তথ্য উল্লেখ কৰিছো। 

গাড়ী মেৰামতিৰ বৰ্তমান সময়ত আটাইতকৈ লাভজনক ব্যৱসায়ৰ ভিতৰত অন্যতম বুলি পৰিগণিত হৈছে।

 গাড়ী মেৰামতি ৰ ব্যৱসায়: পৰিচয় 

 ব্যবসায়িক মানসিকতাৰে পৰিপুষ্ট উদ্যোগীসকলে ইতিপূৰ্বে  গাড়ী মেৰামতি ৰ জগতখনৰ বিষয়ে প্ৰচুৰ সম্ভাৱনাৰ প্ৰতি দৃষ্টি ৰাখিছিল । তদুপৰি এই ব্যৱসায়ৰ লগত জড়িত উদ্যোগীসকলে গাড়ী মেৰামতিৰ কেন্দ্ৰ স্হাপনৰ বাবে উৎসাহিত ও কৰি আহিছে। আপুনি যদি গাড়ী মেৰামতি ৰ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে নিশ্চিতভাৱে এইয়া এক খুউব ভাল চিন্তা। কিন্তু গাড়ী মেৰামতি ৰ ব্যৱসায় বা সেৱা কেন্দ্ৰ আৰম্ভ কৰা বৰ এটা সহজ কথা নহয়।  কোনো এটা ব্যৱসায়ৰ মূল বিষয়  হ’ল সময়, প্ৰচেষ্টা আৰু সফলভাবে পৰিচালনা কৰিব পৰা দক্ষতা। সম্ভাব্য সকলো পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ বিবেচনা কৰা আৱশ্যক। ব্যৱসায়টো সুন্দৰভাৱে পৰিচালনা কৰাৰ বাবে এটা উপযুক্ত ব্যৱসায়িক পৰিকল্পনা প্ৰস্তুত কৰা উচিত। প্ৰতিটো  সিদ্ধান্ত লওঁতে গভীৰ ভাৱে চিন্তা কৰা উচিত। গাড়ী মেৰামতিৰ ব্যৱসায় আৰম্ভ কৰাৰ আগতে উদ্যোগীসকলে কেনেদৰে  কি ভাৱে আগবাঢ়িব, পৰামৰ্শ আৰু সঠিক দিশ সমূহৰ বিষয়ে তলত উল্লেখ কৰা হৈছে।

 গাড়ী মেৰামতি ৰ ব্যৱসায় আৰম্ভ কৰাৰ আগতে বিবেচনা কৰিবলগীয়া দিশসমূহ:

ব্যৱসায়িক পৰিকল্পনা: ব্যৱসায় আৰম্ভ কৰাৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ  বিষয়টি হ’ল এটা  সঠিক ব্যবসায়ৰ  পৰিকল্পনা প্রস্তুত কৰা।  এটা  ভাল ব্যৱসায়িক  পৰিকল্পনাই  ব্যৱসায়  সূচনা কৰাৰ বাবে প্ৰতিটো  মিনিটৰ  সমস্ত বিৱৰণ দাঙি ধৰে যিটো এটা ব্যৱসায় আৰম্ভ কৰাৰ বাবে খুউব প্ৰয়োজনীয়। ধৰি লওক সেয়া স্হান নিৰ্ণয় কৰা, আৰ্থিক দিশটো,বা কৰ্মচাৰীক কামত ৰখা ক্ষেত্ৰতেই হওঁক, মুঠতে ব্যৱসায় টোৰ লগত সম্পৰ্ক থকা প্ৰতিটো গতিবিধি ৰ বাবে পৰিকল্পনা প্ৰয়োজনীয় দিশ।

 গাড়ী মেৰামতি ৰ ব্যৱসায় আৰম্ভ কৰাৰ আগতে বিবেচনা কৰিবলগীয়া দিশসমূহ:

১)ব্যৱসায়িক পৰিকল্পনা: ব্যৱসায় আৰম্ভ কৰাৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ  বিষয়টি হ’ল এটা  সঠিক ব্যবসায়ৰ  পৰিকল্পনা প্রস্তুত কৰা।  এটা  ভাল ব্যৱসায়িক  পৰিকল্পনাই  ব্যৱসায়  সূচনা কৰাৰ বাবে প্ৰতিটো  মিনিটৰ  সমস্ত বিৱৰণ দাঙি ধৰে যিটো এটা ব্যৱসায় আৰম্ভ কৰাৰ বাবে খুউব প্ৰয়োজনীয়। ধৰি লওক সেয়া স্হান নিৰ্ণয় কৰা, আৰ্থিক দিশটো,বা কৰ্মচাৰীক কামত ৰখা ক্ষেত্ৰতেই হওঁক, মুঠতে ব্যৱসায় টোৰ লগত সম্পৰ্ক থকা প্ৰতিটো গতিবিধি ৰ বাবে পৰিকল্পনা প্ৰয়োজনীয় দিশ। সঠিক পৰিকল্পনা নকৰাকৈ আৰম্ভ কৰা ব্যৱসায় বিফল হোৱাৰ বাবে জগৰীয়া হয়। সেয়ে গাড়ী মেৰামতি ৰ ব্যৱসায় আৰম্ভ কৰাৰ প্ৰথমটো পদক্ষেপ ব্যৱসায় পৰিকল্পনাটোক লিখিত ৰূপ দিয়া অৰ্থাৎ প্ৰথমতে পৰিকল্পনাটো লিখা, যদি আপুনি ব্যৱসায় পৰিকল্পনাটো লিখিব পৰা নাই তেন্তে যি কোনো ক্ষুদ্ৰ ব্যৱসায় কৰা প্ৰশাসনিকৰ সহায় লব পাৰে।

 স্হান:ব্যৱসায় পৰিকল্পনা বা যোজনা প্ৰস্তুত কৰাৰ পাছত বা অন্তিমটো ৰূপ দিয়াৰ পাছত ব্যৱসায় স্হাপনৰ বাবে স্হান নিৰ্ণয় কৰা হ’ব দ্বিতীয়টো পদক্ষেপ ।এটা সঠিক স্হানৰ বাচনি   গাড়ী মেৰামতি ৰ ব্যৱসায়ৰ বাবে মূল বাহক ।সেয়ে গাড়ী মেৰামতি ৰ ব্যৱসায় আৰম্ভ কৰাৰ বাবে সঠিক স্হান বাচনি কৰাৰ বাবে এটা সমীক্ষা কৰা উচিত। যদি আপুনি সস্তীয়া ভাড়াতীয়া স্হানৰ বাচনি কৰে,কিন্তু সেই স্হানত বাহনৰ চলাচল কম হয় তেন্তে গাড়ী মেৰামতি ৰ ব্যৱসায়ৰে উপাৰ্জন কৰা সহজসাধ্য নহ’ব। সেয়ে যান বাহন বেছিকৈ চলা ঠাইত গাড়ী মেৰামতি ৰ ব্যৱসায় থকাতো উচিত। দ্বিতীয়তে স্হান নিৰ্বাচনৰ বাবে দুখন গাড়ী মেৰামতিৰ দোকানৰ মাজত ব্যৱধান কিমান তাৰ প্ৰতি ও দৃষ্টি নিক্ষেপ কৰিব লাগিব। স্হান বাচনি কৰোঁতে মন দিব লাগিব যাতে   ইখনৰ পৰা আন খন দোকানৰ মাজত ব্যৱধান হওঁক। যদি কাষত ইতিমধ্যে আগৰে পৰা প্ৰতিষ্ঠিত গাড়ী মেৰামতিৰ দোকান আছে তেন্তে সেই স্থানত আপোনাৰ দোকান খন আৰম্ভ কৰিলে লোকচান হোৱাৰ সম্ভাৱনা আছে। সেয়ে পৰিসেৱা আগবঢ়োৱা দোকানৰ পৰা কিছু নিলগত এখন গাড়ী মেৰামতি ৰ দোকান আৰম্ভ কৰা উচিত। ঠাইডোখৰ গ্ৰাহকৰ বাবে সহজলভ্য আৰু অত্যাৱশকীয় সুবিধা যুক্ত যেনে জিৰণি ঠাই, আৰু প্ৰসাৱ পাইখানাৰ সুবিধা থকা হ’ব লাগে । সেয়ে ব্যৱসায়ীজনে অথাৎ দোকানৰ মালিকজনে   এনে এটা স্হান বাচনি কৰা উচিত যি টো স্হান দীৰ্ঘ কালৰ বাবে গাড়ী মেৰামতি ৰ ব্যৱসায়ৰ বাবে লাভজনক হয়।

 অভিজ্ঞতা:অধিকাংশ লোকৰ বাবে গাড়ী মেৰামতি ৰ ব্যৱসায় আৰম্ভ কৰাতো যথেষ্ট কষ্টকৰ যেন লাগে।  যদি আপোনাৰ এই বিষয়ত অভিজ্ঞতা আছে তেন্তে সেয়া আপোনাৰ বাবে অতিৰিক্ত সুবিধা ও লাভজনক। কিন্তু যদিহে আপোনাৰ এই সন্দৰ্ভত কোনো জ্ঞান নাই তেন্তে আপুনি কোনো প্ৰশিক্ষণ পাঠ্যক্ৰমৰ মাধ্যমেৰে জ্ঞান আহৰণ কৰিব পাৰে ।

যদিহে আপুনি নিজক কেৱল মালিক হিচাপে ৰাখি

দোকান খন পৰিচালনা কৰিব খোজে তেন্তে আপুনি আপোনাৰ দোকানৰ বাবে অভিজ্ঞতা সম্পন্ন 

মেকানিক 

আৰু অভিজ্ঞ প্ৰযুক্তিবিদ (ট্যেকনিশিয়ান) ক নিয়োগ কৰা উচিত। অভিজ্ঞ টেকনিশ্যিয়ানক নিয়োগ কৰাতো সহজ নহয়। ব্যৱসায়টোৰ মালিকজনে সম্পূৰ্ণ সময় লাগে আৰু কৰ্মচাৰীসকলক নিয়োগ কৰাৰ পূৰ্বে সকলো দিশ চালিজাৰি চাব লাগে।

 সা-সৰঞ্জাম:এজন ভাল গাড়ী মেৰামতি ৰ ব্যৱসায়ীয়ে সদায়েই লক্ষ্য ৰাখে যাতে গেৰেজটোত সকলো সৰঞ্জাম বা সজুলি মজুত থাকে। যিকোনো সময়তে প্ৰয়োজন অনুসৰি সহজে পাব পাৰে। এখন ভাল গাড়ী মেৰামতি ৰ দোকানত সকলো সা সঁজুলিৰ বাবে এটা  নিৰ্দিষ্ট  কোঠা থাকে। য’ত মেৰামতিৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী সুন্দৰভাৱে, সুশৃংখলভাৱে সজোৱা  থাকে। গাড়ী মেৰামতিৰ বাবে ব্যৱহাৰ হোৱা সামগ্ৰী ও সা সৰঞ্জামবোৰৰ কিছুমান সস্তীয়া হোৱাৰ বিপৰীতে ব্যয়বহুল অথাৎ দামীও হয়। 

সৰু সৰঞ্জাম যেনে ৰেঞ্চ, এয়াৰ টুল সস্তীয়া হোৱাৰ বিপৰীতে লিফট, হুইল ব্যালেন্সাৰ, ব্রেক লেদৰ সঁজুলি  ব্যয়বহুল। ব্যৱসায়ৰ বাবে অতি প্ৰয়োজনীয় সকলো সামগ্ৰী শীঘ্ৰে ক্ৰয় কৰি লোৱা উচিত।  কিন্তু বাজেটৰ ওপৰত সদায়েই প্ৰাধান্য দিব লাগে। অপ্ৰয়োজনীয় আৰু অতিৰিক্ত সামগ্ৰীৰ ওপৰত টকা খৰছ কৰাতো ব্যৱসায়ৰ বাবে সুবিচাৰ নহয়।

 অৰ্থ(ধন): এজন ব্যৱসায়ীৰ সকলো ব্যৱসায়ৰ লগতে ব্যক্তিগত বিলবোৰ পৰিশোধ কৰাৰ বাবে পৰ্যাপ্ত অৰ্থ অথাৎ ধন থকাউচিত। ব্যৱসায়টো আৰম্ভ কৰাৰ পূৰ্বে ই পৰিয়ালৰ সদস্য, বন্ধুবান্ধৱ, আত্মীয় স্বজন সকলোৰে পৰা টকা পইচা ৰ ব্যৱস্থা কৰি লোৱা উচিত। নহ’লে প্ৰয়োজনীয় কাগজ পত্ৰ প্ৰদান কৰা বেংকৰ পৰা ঋণ লোৱা উচিত। অবাঞ্ছিত দিশ বা অপ্ৰয়োজনীয় দিশত টকা খৰছ কৰাতো অনুচিত।  এজন সফল ব্যৱসায়ীয়ে কেতিয়াও কোনো পৰিস্থিতি মগজুৰ পৰা তললৈ আহিব নিদিয়ে। সেয়ে সুচাৰুৰূপে ব্যৱসায় আগবঢ়োৱাৰ বাবেবিত্তীয় দিশটো খুউব গুৰুত্বপূৰ্ণ।

 কেনেধৰণৰ সেৱা  আগবঢ়াব(সুবিধাসমূহ):গাড়ী মেৰামতি ৰ ব্যৱসায় আৰম্ভ কৰাৰ সময়ত এইটো বিবেচনা কৰাৰ প্ৰয়োজন যে আপোনাৰ দোকানৰ পৰা গ্ৰাহকে  কেকেনেধৰণৰ  সুবিধা লাভ কৰিব।  অটোমোবাইলত বিভিন্ন ৰকমৰ পৰিসেৱা আছে। 

কিছুমান  দোকানত খুউব ভাল হিচাপে  গাড়ীৰ শৰীৰৰ ভাগ যেনে  ব্রেক, প্রকাৰ, উইন্ডশীল্ডছ, ট্ৰান্সমিশ্যন, আৰু বিশেষজ্ঞ অটোমোবাইল ইলেকট্রিছিয়ান উপলব্ধ   ।  

আন কিছু দোকানত আকৌ তেল চার্ভিছিং,দাগ আঁতৰোৱা, ৰঙ কৰা,

ডেন্ট মেৰামতি ( গাড়ী চেপেটা হ’লে ঠিক কৰোৱা) ইত্যাদিৰ বাবে বিশেষ ভাৱে   সুবিধা উপলব্ধ। সেয়ে কোনটো দিশত আপুনি বেচ ভালকৈ গ্ৰাহকক সুবিধা আগবঢ়াব পাৰে গাড়ী মেৰামতি ৰ ব্যৱসায়ত সেয়া ঠিক কৰি লোৱাতো আপোনাৰ প্ৰয়োজন। 

 সাধাৰণতে  আমাৰ দেশ ভাৰতত  সকলো ধৰণৰ সুবিধা, পৰিসেবা অটো মেৰামতি কৰাৰ দোকানত উপলব্ধ ।

 দৰদাম(মূল্য নিৰ্ধাৰণ):আপোনাৰ দোকানখনত প্ৰাপ্ত সুবিধা সমূহৰ বিপৰীতে দাম নিৰ্ধাৰণ কৰোঁতে বজাৰত কোন টো সুবিধা ৰ বাবে কিমান মূল্য নিৰ্ধাৰণ কৰিছে সেই দিশটোও মন কৰিব। দাম বহু বেছি নকৰিব ।নহ’লে গ্ৰাহকে মূল্য বেছি বুলি অনুভৱ কৰিব আৰু আপোনাৰ দোকানলৈ সংকোচ কৰি অহা বন্ধ কৰিব । লগতে ইমানো কম নকৰিব মূল্য যাতে  আপোনাৰ ব্যৱসায়ত লোকচান হয়।

 ব্যৱসায়ৰ নাম:যদিও এইটো কোনো কঠিন বিষয় নহয় তৎস্বত্তেও ব্যৱসায়ৰ নামটো আকৰ্ষণীয় হোৱা উচিত লগতে ব্যৱসায় টোৰ বৰ্ণনা কৰিব পৰা নাম ৰখা উচিত। যিকোনো নামে গ্ৰাহকক আকৰ্ষণ কৰাত বিফল হব পাৰে। এটা সহজ, সৃজনীশীল নাম ঠিক কৰিব লাগে যি অদ্বিতীয় আৰু সহজে চিনি পোৱা পাৰে। নামটোৱেই যাতে আন প্ৰতিযোগী ব্যৱসায়ৰ পৰা পৃথক হয়।

 বিজ্ঞাপন: আপনাৰ ব্যবসায়ৰ প্রচাৰ নিতান্তই প্ৰয়োজনীয়। 

আপোনাৰ ব্যৱসায় প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ  বাতৰি কাকতত বিজ্ঞাপন দিয়ক। 

এজন স্হানীয় হকাৰক কাকতৰ লগতে পাম্পলেট দিবলৈ ব্যৱস্হা কৰক।কাকতৰ শ্ৰেণীবদ্ধ বিভাগত এটা সৰু বিজ্ঞাপন দিব পাৰে। আপোনাৰ বন্ধু বান্ধৱ, আত্মীয় স্বজনক  আপোনাৰ দোকানৰ সুবিধাৰ কথা আনসকলক জনাবলৈ  কওঁক। গ্ৰাহকক আকৰ্ষিত কৰিবলৈ আকৰ্ষণীয় অফাৰ দিয়ক। আপোনাৰ ব্যৱসায় সফল কৰিবলৈ আপুনিও সৃজনীশীল হব লাগিব। সফল মূল্যাংকনে ব্যৱসায়ীজনক কেনে বিজ্ঞাপনে গ্ৰাহকক আকৰ্ষণ কৰে সেই কথা  জনাত সহায় কৰে। তদুপৰি আপোনাৰ দোকানলৈ কোন অঞ্চলৰ গ্ৰাহক বেছি কৈ আহে সেই বিষয়েও  এটা সমীক্ষা চলাওক।

 পঞ্জীয়ন আৰু লাইসেন্স: সকলো যথাযথ ভাৱে হোৱাৰ পাছত এতিয়া আপোনাৰ দোকান/গেৰেজ/গাড়ী মেৰামতি ৰ ব্যৱসায় পঞ্জীয়ন কৰক। লাইসেন্স আৰু গাড়ী মেৰামতি ৰ দোকান আৰম্ভ কৰাৰ বাবে অনুমতি পত্ৰ লওক। 

সুৰক্ষা আৰু বীমা:যিকোনো ব্যৱসায়ৰ বাবে সুৰক্ষা আৱশ্যক। সফল ব্যৱসায় সেইটোৱেই যি যিকোনো দুৰ্ঘটনা,বিপদৰ বাবে আগতীয়াকৈ সাজু থাকিব পাৰে। আপুনিও আপোনাৰ লগতে ব্যৱসায়টোও সুৰক্ষিত ৰখাৰ বাবে সঠিক  বীমা কৰি ৰাখক।

 উপসংহাৰ: এজন সফল ব্যৱসায়ী ৰূপে পৰিগণিত  সেইজন হয় যিজনে সকলো কাৰ্য কৰাৰ আগেয়ে সঠিক ভাৱে  পৰিকল্পনা কৰিব পাৰে। সেয়ে আপুনি এখন গাড়ী মেৰামতিৰ দোকান দিয়াৰ পূৰ্বে বিস্তৃতভাৱেএটা সুন্দৰ, সঠিক পৰিকল্পনা কৰক আৰু সেই অনুসৰি আগবাঢ়ক।

 

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।