written by | October 11, 2021

এডভাৰটাইজিং এজেঞ্চীৰ ব্যৱসায়ৰ পৰিকল্পনা

×

Table of Content


এডভাৰটাইজিং এজেঞ্চীৰ ব্যৱসায় কিদৰে আৰম্ভ কৰিব

সৰ্বদিশে ডিজিটেলৰ এই যুগত  বৰ্তমান আটাইতকৈ কম বিনিয়োগতে কৰিব পৰা এবিধ ব্যৱসায় হৈছে এডভাৰটাইজিং এজেঞ্চীৰ ব্যৱসায়।আজিকালি সৰু  দোকানৰ পৰা আৰম্ভ কৰি ডাঙৰ দোকান তথা প্ৰায় সকলো ব্যৱসায় এডভাৰটাইজিংৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে। পেছাদাৰী এডভৰটাইজিং এজেঞ্চিৰ কাৰণে বৰ্তমান সময়ত যথেষ্ট চাহিদা আছে। হাজাৰ হাজাৰ এনেকুৱা সৰু অথবা ডাঙৰ ব্যৱসায়ৰ লগত জড়িত লোক আছে যিয়ে নিজৰ ব্যৱসায়ক প্ৰসাৰ আৰু প্ৰচাৰ কৰিবলৈ মাৰ্কেটিং এজেঞ্চিৰ ওপৰত নিৰ্ভৰ কৰিব বিচাৰে। কাৰণতো হল যে ব্যৱসায় বোৰ এতিয়া অকল আগৰ দৰে দোকানৰ দ্বাৰা  মানুহক সেৱা আগবঢ়াই থকা নাই,বৰঞ্চ অনলাইন সেৱাৰ যোগেদিও  গ্ৰাহকক তেওলোকৰ প্ৰতিটো প্ৰয়োজন পূৰণ কৰিব ধৰিছে। গতিকে গ্ৰাহকক আকৰ্ষিত কৰিবলৈ পেছাদাৰী এডভাৰটাইজিং  এজেঞ্চীৰ প্ৰয়োজন নুই কৰিব নোৱাৰি।  সৰুৰ পৰা ডাঙৰলৈ প্ৰতিটো বস্তুৰ গুণাগুণবোৰ এডভাৰটাইজিং এজেঞ্চীয়ে ইমান নিখুতভাৱে গ্ৰাহকৰ আগত উপস্থাপন কৰে যে তাক নুই কৰিব নোৱাৰি।গতিকে আপুনি যদি এডভাৰটাইজিং এজেঞ্চীৰ ব্যৱসায় কৰাৰ কথা ভাবিছে তেনেহলে সঠিক কথাই ভাবিছে।এইয়া এক লাভজনক তথা পৰিতৃপ্তিৰ ব্যৱসায়।আহকচোন চাও এই ব্যৱসায়ৰ  বাবে প্ৰয়োজনীয় পৰ্যায়বোৰ-

বিষয়ৰ জ্ঞান

এডভাৰটাইজিং এজেঞ্চী চলাবওৈ পোনপ্ৰথমে এই বিষয়ে ভালদৰে জানি লব লাগিব। এটা ব্যৱসায়ক এজেঞ্চীৰ ৰূপত  চলাবলৈ হলে জানিব লাগিব যে তেওলোকে হাতত লোৱা প্ৰকল্পটোৰ মুঠ খৰচ কিমান পৰিব, সেই আচনিটোত এজেঞ্চীৰ কিমান মানুহ নিয়োগ কৰিব লাগিব, ব্যৱসায়িক প্ৰকল্পৰ কোনটো দিশত বেছি জোৰ দিব লাগিব ইত্যাদি প্ৰাৰম্ভিক পৰিকল্পনা কৰি লোৱা উচিত। কাৰিকৰী দিশতো তেওলোকে  নজৰ দিয়া উচিত। বহুতো এনেকুৱা এজেঞ্চীৰ ব্যৱসায়ীয়ে কাৰিকৰী দিশ আৰু পৰিচালনাৰ দিশ দুয়োটাতে সমানে  ভাৰসাম্য ৰাখিব নোৱাৰা বাবে বিফল হয়। এডভাৰটাইজিং এজেঞ্চীৰ সাম্ৰাজ্য অতি বহল। ইয়াত আগৰ জ্ঞানৰ বাহিৰেও এক সৃজনীশীল মন লাগিব নতুন সৃষ্টিৰ বাবে।

নাম নিৰ্বাচন

এডভাৰটাইজিং এজেঞ্চীৰ ব্যৱসায়টো সৃজনীশীলতাৰ লগত জড়িত। গতিকে আপোনাৰ ব্যৱসায়ৰ বাবে এটি আকৰ্ষণীয় লোগো আৰু এটা নাম নিৰ্ধাৰণ কৰক যিটোৱে গ্ৰাহকক আপোনাৰ সেৱাৰ  লগত সংযুক্ত কৰিব পাৰে নাম নিৰ্বাচন কৰোতে কেতিয়াও আগতে থকা ব্ৰেণ্ড নামৰ সহায় নলব কাৰণ তেনে কৰিবলৈ যাওতে আপোনাৰ নিজৰ ব্যৱসায়ৰ ওপৰতো ঋণাত্মক প্ৰভাৱহে পৰিব। আপোনাৰ ব্যৱসায়ৰ লোগো চাই গ্ৰাহকে ভাবিব লাগিব যে আপুনি এজন পেছাদাৰী আৰু সৃজনীশীল ব্যক্তিত্বৰ অধিকাৰী ব্যৱসায়ী।

ব্যৱসায়িক পৰিকল্পনা

এটা ব্যৱসায়ৰ কমদিনীয়া আৰু দীৰ্ঘদিনীয়া পৰিকল্পনা থাকে। আপুনি এই বিষয়ত স্পষ্ট হব লাগিব যে কম সময়ত কম বিনিয়োগেৰে আৰম্ভ কৰিব বিচাৰিছে নে লোন আদিৰ সহায়ত বৃহৎ বিনিয়োগ কৰিব বিচাৰিছে। অথবা কোনোবা আগ্ৰহী বিনিয়োগকাৰীয়ে আপোনাৰ ব্যৱসায়ত বিনিয়োগ কৰিবও বিচাৰিব পাৰে। গতিকে আপোনাৰ পৰিকল্পনা স্পষ্ট ৰূপত তেওলোকে জনাটো অতি দৰকাৰ।এটা এডভাৰটাইজিং এজেঞ্চীয়ে ব্যৱসায় এটাৰ সেৱা আৰু সামগ্ৰীক ডিজিটেল মঞ্চত গুণাগুণ সহকাৰে সঠিকভাৱত দৃশ্য-শ্ৰৱ্য মাধ্যমত প্ৰচাৰ কৰে যাতে সঠিক গ্ৰাহকে এই সেৱাৰ বিষয়ে গম পাব পাৰে। বিক্ৰী,নিৰ্বাচিত গ্ৰাহকক লক্ষ্য কৰা,ব্ৰেণ্ড সজাগতা অনা আদি এটা এজেঞ্চীৰ প্ৰাথমিক কাম। আপুনি প্ৰথমে অকলে এই ব্যৱসায় আৰম্ভ কৰি পিছলৈ আন কৰ্মচাৰী নিয়োগ কৰিব পাৰে। ভাৰতত বহুতো সৰু – ডাঙৰ এনেকুৱা এডভাৰটাইজিং  এজেঞ্চী আছে যিয়ে আন ব্যৱসায়ক সহায় কৰি আছে ।  সামগ্ৰী এটাৰ বিষয়ে তেওলোকে ইমান সুন্দৰকৈ উপস্থাপন কৰে যে গ্ৰাহকে না কব নোৱাৰে।

পঞ্জীয়ন

আপুনি এডভাৰটাইজিং এজেঞ্চীৰ ব্যৱসায় কৰাৰ আগতে পঞ্জীয়নৰ কামখিনি ঠিকে-ঠাকে কৰি লব।ব্যৱসায় কৰিবলৈ অনুমতি পত্ৰ আৰু আন যাৱতীয় অনুমতিৰ বাবে সকলো কাম পৰ্যায়ক্ৰমে কৰি লওক।  

কৰ্মচাৰী চয়ন

এডভাৰটাইজিং এজেঞ্চীৰ ব্যৱসায়ত সঠিক কৰ্মচাৰী নিয়োগ কৰাৰ অতি প্ৰয়োজন। বিশেষকৈ কপী এডিটৰ,গ্ৰাফিক ডিজাইনাৰ, আই টি বিশেষজ্ঞৰ অতিকৈ আৱশ্যক। কপী এডিটৰে যিকোনো ব্যৱসায় বা সামগ্ৰীৰ বিষয়ে সুন্দৰকৈ লিখি উলিয়ায়। গ্ৰাফিক ডিজাইনাৰে তাক দৃশ্য-শ্ৰৱ্য ৰূপত উপস্থাপন কৰে যিয়ে গ্ৰাহকক আকৰ্ষিত কৰে। আৰু যিহেতু এই আটাইবোৰ কাম কম্পিউটাৰত বিশেষ চফটৱেৰ ব্যৱহাৰ কৰি কৰা হয়  তেনেহলে এজন আই টি বিশেষজ্ঞৰ অতি প্ৰয়োজন।

স্থান নিৰ্বাচন

  এডভাৰটাইজিং এজেঞ্চীৰ  ব্যৱসায়ী হিচাপে স্থান নিৰ্বাচন কৰোতে অলপ সতৰ্ক হব কাৰণ বহুত বেছি ডাঙৰ পৰিসৰৰ প্ৰয়োজন নহয়।ব্যৱসায়বোৰত গ্ৰাহকক আকৰ্ষণ কৰিবলৈ নানান বস্তু থাকে কিন্তু এইটো ব্যৱসায় তেনেকুৱা নহয়। কাৰণ ইয়াত কোনো বস্তু নহয় তাৰ সলনি আন এজন ব্যক্তিৰ ব্যৱসায়ক সৃজনীশীল ৰূপত উপস্থাপন   কৰি গ্ৰাহকক আকৃষ্ট  কৰা হয়।গতিকে এটা  সুন্দৰকৈ প্ৰতিষ্ঠা কৰা এডভাৰটাইজিং এজেঞ্চীৰ অফিচে হয়তো  গ্ৰাহকক আকৰ্ষিত কৰিব পাৰে কিন্তু কম বিনিয়োগত কৰিবলৈ চাব।এটা চকুত লগা আকৰ্ষণীয় ব্যৱসায়িক প্ৰতিষ্ঠানে  বাটেৰে যোৱা মানুহকো এবাৰ সোমাই যাবলৈ বাধ্য কৰিব।  সুন্দৰ ইণ্টেৰিয়ৰ ডিজাইন আৰু এটা ভাল পৰিবেশে সম্ভাৱ্য গ্ৰাহক এজনক নিশ্চিত গ্ৰাহকলৈ ৰূপান্তৰ কৰিব পাৰে।এডভাৰটাইজিং এজেঞ্চীৰ এটা অতি লাভজনক আৰু ভৱিষ্যমুখী ব্যৱসায় আছে। কিন্তু আৰম্ভণিতে বহুত ডাঙৰ ঠাই বা ঘৰ এটা লৈ ব্যৱসায় আৰম্ভ নকৰিব। কাৰণ ভাড়া,ইলেকট্ৰিচিটী,ইণ্টেৰিয়ৰ কাম আদিত আপোনাৰ বহুত অন বিনিয়োগ কৰাতকৈ সৰু ঠাই এটাকে আকৰ্ষণীয় কৰি সজাই লওক । আপুনি যদি এই ক্ষেত্ৰত একেবাৰেই নতুন তেনেহলে কিছুদিন আনৰ লগত লগ হৈ তেওৰ সহায়ত কামো শিকিব পাৰে।

ৱেবছাইট আৰু চছিয়েল মিডিয়া

আপোনাৰ এডভাৰটাইজিং এজেঞ্চীৰ ব্যৱসায়ৰ কাৰণে এটা ৱেবছাইট বনাওক। গ্ৰাহকে অতি সহজে ব্যৱহাৰ কৰিব পৰাকৈ ইউজাৰ-ফ্ৰেইণ্ডলী আৰু সহজে পঢ়িব পাৰা হব লাগে।বিভিন্ন সামাজিক মাধ্যমত উপস্থাপন কৰাৰ লগতে ফেচবুক আৰু ইনষ্টাগ্ৰামত আপোনাৰ ডিজিটেল মাৰ্কেটিং এজেঞ্চীৰ ব্যৱসায়ৰ পেজ খোলক যাতে গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে। এডভাৰটাইজিংৰ প্ৰসাৰ আৰু বিনিয়োগ ইমানেই বেছি যে কোম্পানীবোৰে নিজৰ ব্ৰেণ্ডৰ প্ৰচাৰ চলাবলৈ চেলেব্ৰিটীও নিয়োগ কৰে।গতিকে প্ৰতিটো পদক্ষেপতে আপোনাৰ কষ্ট আৰু সৃজনীশীলতাক সামাজিক মাধ্যমৰ জড়িয়তে দেখুৱাওক।  এয়া এক এনেকুৱা বিনিয়োগ যি কেতিয়াও অথলে নাযায়।এটা হোৱাটচ এপ নম্বৰ ৰাখিব যাতে গ্ৰাহকৰ সংস্পৰ্শত সদায় ৰাখিব পাৰে। আপোনাৰ লগত ব্যৱসায়িক সম্পৰ্ক ৰখা  গ্ৰাহকে অন্যকো এই বিষয়ে অৱগত কৰিব। 

গ্ৰাহক নিৰ্বাচন

এডভাৰটাইজিং এজেঞ্চীৰ  ব্যৱসায় আৰম্ভ কৰাৰ আগতে চাই লওক যে আপুনি কেনে ধৰণৰ গ্ৰাহক বিচাৰিছে আৰু গেই লক্ষ্যত কেনেকৈ উপনীত হব।  ডিজিটেল মাৰ্কেটিং এজেঞ্চী এটা বৃহৎ পৰিসৰৰ কাম। প্ৰথমে আপোনাৰ নিজৰ ব্যক্তিগত সম্পৰ্কৰ মানুহ,বন্ধু-বৰ্গৰ ব্যৱসায় আদিৰ পৰাই আৰম্ভ কৰক। এডভাৰটাইজিংত যেতিয়া আপোনাৰ সৃজনীশীলতাই স্থান পাব আৰু গ্ৰাহকে আপোনাৰ ব্যৱসায়ক  ভাল পাব। আটাইবোৰ সামগ্ৰীৰ বিপণনৰ বাবে এডভাৰটাইজিং কৰাতকৈ  বিশেষজ্ঞ হিচাপে এটা বিশেষ বিভাগ নিৰ্বাচন কৰি সেই ক্ষেত্ৰতেই মনোনিবেশ কৰি এই ডিজিটেল বজাৰ খনৰ এজন সফল ব্যৱসায়ী হব পাৰিব।তাৰোপৰি গ্ৰাহকৰ প্ৰয়োজনত বেছি গুৰুত্ব দিয়ক যে তেও কেনেকুৱা সেৱা বিচাৰে।

পেমেণ্টৰ সুবিধা

এডভাৰটাইজিং এজেঞ্চীৰ  ব্যৱসায়ত অনলাইন পেমেণ্ট কৰিবলৈ বিভিন্ন সুবিধা যেনে ডেবিট/ক্ৰেডিট কাৰ্ড,ৰূপে, ইউ পি আই,পে টি এম আৰু অন্য ধৰণৰ ই-কমাৰ্চৰ সুবিধাবোৰ দিব।বহু এনেকুৱা গ্ৰাহকো আছে যিয়ে এটা নৱনিৰ্মিত এডভাৰটাইজিং এজেঞ্চিক প্ৰথমতে পইচা দিবলৈ টান পায়। গতিকে তেনেক্ষেত্ৰক ৰেহাই অথবা সেৱা দিয়াৰ পিছত পইচা লোৱাৰ ব্যৱস্থা কৰক।

বিক্ৰীৰ প্ৰক্ৰিয়া

এডভাৰটাইজ কেনেকৈ বিক্ৰী কৰিব? আপোনাৰ সৃষ্টিশীলতাক ডিজিটেল মঞ্চত উপস্থাপন কৰক যাতে আপোনাৰ কৰ্মত গ্ৰাহকে বিশ্বাস কৰিব পাৰে।এজেঞ্চীৰ ব্যৱসায়ত নিজৰ সেৱা কেনেদৰে বিক্ৰী কৰি লাভ অৰ্জন কৰিব সেইয়াও এক লক্ষনীয় বিষয় কাৰণ গ্ৰাহকে আপোনাক বিশ্বাস কৰিব লাগিব। আপুনি সম্ভাব্য গ্ৰাহকক যোগাযোগ কৰি তেওলোকৰ কি কি প্ৰয়োজন এই বিষয়ে কথা পাতক।  তাৰ বাবে আপুনি নিজেও সম্পূৰ্ণ ৰূপে প্ৰস্তুত হব লাগিব।তেওলোক কি ব্যৱসায়ৰ লগত জড়িত তাৰ প্ৰাথমিক  জ্ঞানে আপোনাক তেওলোকৰ সামগ্ৰীৰ লগত মিলাকৈ এডভাৰটাইজ বনোৱাত সহায় কৰিব।

এডভাৰটাইজিং এজেঞ্চীৰ ব্যৱসায় বৰ্তমান সকলো দিশতে। টি ভি শ্বোত দেখাৰ পৰা আৰম্ভ কৰি বাটৰ কাষৰ ডাঙৰ ডাঙৰ হোৰ্ডিলৈ সকলোতে এডভাৰটাইজিংৰ পয়োভৰ। গতিকে দেৰী নকৰি আজিয়েই এডভাৰটাইজিংএজেঞ্চীৰ ব্যৱসায়ত আত্মনিয়োগ কৰি লাভ অৰ্জন কৰক।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।