written by | October 11, 2021

খুচুৰা ফলৰ দোকান

×

Table of Content


*ভাৰতবৰ্ষত ফলমূলৰ খুচুৰা বিক্ৰেতা সকলে জানিব লগীয়া গুৰুত্ব পুৰ্ণ কথা*  

      এজন সুদক্ষ উদ্যোগীয়ে সদায় ব্যৱসায়ৰ সকলো ধৰণৰ সুযোগৰ প্ৰতি লক্ষ্য ৰাখে।কৰ্মপটুতাৰ চাবি কাঠিয়ে হৈছে সুযোগ।ভাৰতত এখন সুবৃহৎ কৃষিজাত সামগ্ৰীৰ বজাৰ আছে।ফল মূল হৈছে কৃষিজাত সামগ্ৰীৰ প্ৰাথমিক উৎপাদিত বস্তু।

      স্বাস্থ্যৰ প্ৰতি সচেতন যুৱ প্ৰজন্মই ফলমূলৰ প্ৰতি আকৰ্ষিত সকলোৰ বাবে আপপুনি মন কৰিলে স্থানীয় পাইকাৰী বজাৰৰ।  পৰা সতেজ বল মূল যোগান ধৰাৰ বাবে সফল ভাৱে খুচুৰা বিক্ৰী কেন্দ্ৰ স্থাপন কৰিব পাৰে।

*ভাৰতত কি দৰে খুচুৰা ব্যৱসায় আৰম্ভ কৰিব পাৰি তাৰে কিছু নিৰ্দেষনা দিয়া হ’ল*  —-

  *কি বিক্ৰী কৰিব*

    প্ৰথমতে কি বিক্ৰী কৰিব তাৰ সিদ্ধান্ত ল‘ব লগিব।সাধাৰণতে। পোৱৱ ফলমূল যেনে আপেল,

কমলা, কল আদি স্থানীয় চাহিদা অনুযায়ী পৰ্যাপ্ত পৰিমানে যোগান ধৰিব লাগিব ।তাৰোপৰি কিউই আৰৰুউ মালবেৰিজৰ দৰে বিদেশৰ পৰা অহা ফলমূলো বিবেচনা কৰিব পাৰে।

   বিদেশৰ পৰা অনা ফল মূলৰ পৰিপক্কতাৰ সয়ময় আদিৰ সাধাৰণ পৰ্যাবেক্ষণৰ কথাওঁ জানিব লাগিব।এই। কামৰ আত্মনিয়োগ কৰাৰ আগতে যথেষ্ট জ্ঞানৰ প্ৰয়োজন ।ফলমূলৰ সতেজতাৰ ধাৰণাওঁ থাকিব লাগিব।

*আপুনি যোগানৰ ব্যৱস্থাপনা কেনেকৈ কৰিব*    

ফলমূলৰ ব্যৱসায়ত যোগান  হৈছে প্ৰাথমিক কাম।সতেজ আৰু উত্তম গুণৰ ফল মূলৰ বাবে নিৰ্ভৰ যোগ্য উৎস লাগিব। আপুনি যদি আমদানী যুক্ত সামগ্ৰী বিক্ৰী কৰিব বিচাৰে তেনেহলে আপোনাআক যোগানৰ ক্ষেত্ৰত নিৰ্ভৰ যোগ্য মানুহ লাগিব।

           আপোনাৰ দোকানত ফলমূল বিক্ৰীৰ বাবে গ্ৰাম্য অঞ্চলৰ ফল মূলৰ খেতিয়কৰ লগত প্ৰত্যক্ষ যোগাযোগ ব্যৱস্থা থাকিব লাগিব।এইদৰে আপুনি নিজেই খেতিয়কৰ পৰা জৈৱ সাৰ প্ৰয়োগ কৰা সুন্দৰ ফল মূল সংগ্ৰহ 

কৰিব পাৰিব‌ আৰু ক্ষেত্ৰ ভিত্তিক এক সম্যক ধাৰণাৰো জ্ঞান হ‘ব।

*দোকান বা বিক্ৰী কেন্দ্ৰ আপুনি ক’ত খুলিব*    

      এটা ব্যৱসায়ৰ বাবে স্থানে হৈছে বিক্ৰীৰ মূল ব্যৱস্থা।এখন সুন্দৰ বজাৰৰ বাবে আপুনি নিৰ্ব্বাচন কৰা ঠাইদোখৰ। জনবসতি পুৰ্ণ হ‘লে ভাল।নিত্য ব্যৱহাৰ্য বস্তুৰ লগতে ফলমূলো কিনা সামৰ্থবান ক্ৰেতা হ‘লে ভাল।

     দোকানৰ বাবে আহল বহল ঠাই হ‘লে ভাল।ঠাই দোখৰ সুন্দৰ জাক জমকতাৰ কথা নাই।ক্ৰেতা বিলাকে  গাআড়ী ৰখা  আৰুদেওঁবৰীয়া সমাবেশৰ ঠাই হ‘লে ভাল।

*আপোনাৰ বব্যৱসায়টো ভৱিষ্যতৰ দিক্ দৰ্শক হ‘ব লাগিলে তলৰ কথা কেইটাতত গুৰুত্ব দিব লাগিব*।।  

  • মালিকী স্বৰ্ত্তৰ ধৰণ
  • আপুনি বিক্ৰী কৰিব বিচৰা ফল মূলৰ তালিকা ।
  • ব্যৱসায়টোৰ বুনিয়াদৰ খৰছ আৰু আহিলা পাতি ক্ৰয় খৰছৰ ধাৰণা।
  • কৰ্মচাৰীৰ সংখ্যা
  • বজাৰ সম্পৰ্কীয় আচনিৰ পৰ্যাবেক্ষণ,আপোনাৰ সকলো আচনি বেংকৰ ঋণৰ জৰিয়তে ব্যৱস্থাপনা কৰিব পাৰে।

*অনুজ্ঞা পত্ৰৰ বাবে আপুনি কেনেকৈ যোগাযোগ কৰিব*    

     “ফুড চেফটি এণ্ড ষ্টেণ্ডাচ অথ‘ৰিটি অব ইণ্ডিয়া” ৰ পৰা বাণিজ্যিক অনুমতি ল‘ব লাগিব।কাৰ্যালয়ৰ যাৱতীয় অনুজ্ঞা পত্ৰৰ বাবে,আইনী প্ৰক্ৰিয়খৰ বাবে উকিলৰ  পৰামৰ্শৰো দৰকাৰ।

*আপুনি ক’ত ক’ত বিতৰণ কৰিব*     

অকল দোকান খনৰ পৰাই যথেষ্ট পৰিমাণৰ লাভ নাহে।বৰ্তমান যুগটো হৈছে ডিজিটেল যুগ।আজি কালি মানুহে ঘৰতে বহি নিত্য ব্যৱহাৰ্য বস্তু পোৱা ব্যৱস্থা হৈছে।আপুনিওঁ সুলভ মূলংযত ঘৰতে

গ্ৰাহকে ফলমূলৰ ব্যৱস্থা কৰিবলৈই–কমাৰ্চ ব্যৱস্থা কৰিব আৰুলগতে আপুনি ভ্ৰাম্যমান বিক্ৰী দোকানো কৰিব পাৰে।এইদৰে আপুনি বুজন সংখ্যক গ্ৰাহক পাব।

*কাক আপুনি কামৰ বাবে ল’ব

ব্যৱসায়টোত আপুনি অকলে দৌৰি ফুৰিব নালাগে।আপুনি সুদক্ষ পৰিচালক আৰু বিক্ৰীৰ সহায়ক নিয়োগ কৰিব।” গৃহ যোগান ব্যৱস্থাত আপুনি যাতায়ত খৰছো অন্তৰ্ভূক্ত কৰিব লাগিব।যিয়ে আপোনাৰ বাবে কাম কৰিব তেনে ব্যক্তিক মকৰল কৰক।

*ভঁৰালৰ পৰিচালনা*    

অন্যান্য পণ্য সামগ্ৰীবোৰৰ দৰে ফল মূলৰো উজ্জ্বলতা আছে।কিন্তু ফল–মূল অলপতে নষ্ট হোৱা বস্তু।সেই বাবে সুদক্ষ কৰ্মচাৰীৰ প্ৰয়োজন।গ্ৰাহকে যাতে সতেজ in ফল মূল পায় তাৰ ওপৰতো কাঢ়া নজৰ ৰাখিব লাগিব।গ্ৰাহক সকলকক সুন্দৰ ফলমূল যোগান ধৰাটো আপোনাৰ প্ৰধান দায়িত্ব ।

**আপুনি দাম কিদৰে নিৰ্দ্ধাৰণ কৰিব*   

গ্ৰামাঞ্চলত কৃষিজাত সামগ্ৰীৰবজাৰবোৰৰ লাভাজনক সুবিধা নাথাকে।বজাৰৰ দৰ যোগানআৰু চাহিদাৰ ওপৰত নিৰ্ভৰ কৰে।বিক্ৰেতা সকলোৰ হাতত একেবাৰে কম পৰিমানৰহে লাভ থাকে‌।চুপাৰ মাৰ্কেটৰ দৰে বিক্ৰীৰ ব্যৱস্থাৰ প্ৰসৰতা বঢ়ালে দাম নিৰ্দ্ধাৰণ কৰাটো সহজ।

সুন্দৰ জৈৱ সাৰ ব্যৱস্থাৰ প্ৰয়োগ থকা উপাদানবোৰক উচ্চহাৰত বিক্ৰী  কৰি সন্তোষ জনক দাম নিৰ্দ্ধিৰণ কৰিব পাৰে।

*আপোনাৰ ফল মূলৰ  মাৰ্কা কেনেদৰে মাৰিব*    

 নতুন ব্যৱসায়ী এজনৰ বাবে  বিজ্ঞাপন অতি জৰুৰী বিষয়।আপোনাৰ বিক্ৰী কৰিবলগীয়া ফল মূল খিনিৰ বাবে বজাৰৰ ভৌগলিক স্থান নিৰ্ণয় কৰি প্ৰচাৰৰ প্ৰতিফলন কৰি এক অনন্যবিক্ৰীৰ ব্যৱস্থা কৰি সফল হ‘ব পাৰে।ক্ৰয় বিক্ৰয়ৰ সুন্দৰ ব্যৱস্থাৰে আপুনি প্ৰতিষ্ঠিত হ‘বলৈ সক্ষম হ‘ব।

◆আপোনাৰ সামগ্ৰীৰ বিক্ৰীৰ বাবে আকৰ্ষণীয় এটা প্ৰতীক ব্যৱহাৰ কৰিব।

◆আপোনাৰ ভৰালৰ সুন্দৰ পৰিষ্কাৰ ছবি এটা দাঙি ধৰিব।

◆আপোনাৰ বিক্ৰী কেন্দ্ৰৰ“ফুদ ফেয়াৰত“এটা  বাৰ্তা দিব।

◆ আপোনাৰ নিজৰ সামগ্ৰীৰ বিক্ৰীৰ বাবে ৱেব চাইট খুলিব।

◆অনলাইন ব্যৱসায়ৰ বাবে সততে সতৰ্ক হৈ থকা উচিত।

◆সপ্তাহত এদিন ৰেহাই মূল্যত বস্তু বিক্ৰী কৰিব লাগে।

◆ওচৰত থকা মল আদিত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিব লাগে‌।

◆গ্ৰাহকবোৰে বজাৰত পোৱা কৃত্ৰিম সাৰ প্ৰয়োগ কৰা ফল মূলৰ সলনিআপোনাৰ যোগানৰ জৈৱ সাৰৰ প্ৰয়োগ কৰা ফল মূলৰ প্ৰতি আকৰ্ষিত হ‘ব।

*মন্তব্য*    

ভাৰতত ফলমূলৰ খুচুৰ বিক্ৰীৰ উদ্যোগৰ অগ্ৰগতিৰ সম্ভৱাপূৰ্ণ।ভাৰতে শাক পাচলি আৰু ফল মূল পৃথিৱীৰ অন্য দেশলৈ ৩২.৬ শতাংশ ৰপ্তানী কৰে আৰু কল আৰু আম ২২.১ শতাংশ বিদেশলৈ যায়।

ফল মূলৰ খুচুৰা বিক্ৰেতা হিচাপে আপুনি আত্ম নিৰ্ভৰশীলহৈ চলিব পাৰিব সুন্দৰ গুণযুক্ত সামগ্ৰী যোগানে আপোনাৰ সন্মান বজাৰত প্ৰতিষ্ঠিত কৰিব‌ ।আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে দৰকাৰী লাইচেঞ্চ বনাব লাগিব । এই লাইচেঞ্চ বোৰ ভিন ভিন ব্যৱসায় অনুযায়ী বেলেগ বেলেগ । এইটো এটা দৰকাৰী নিয়ম যাক আপুনি নাকচ কৰিব নোৱাৰে ।ইয়াৰ লগতে অন্য লাগতিয়াল নথি পত্ৰ বোৰ বনাই সাময় সাপেক্ষে সাইবোৰ ৰেনেও কৰি থাকিব লাগিব । অন্য খাদ্য বনোৱা ব্যৱসায় বোৰে যেনেদৰে স্বাস্থ জনীত বিভিন্ন কথা গুৰুত্ব দিব লগা হয়, ঠিক তেনেদৰে আপুনিও লাগতিয়াল নথি পত্ৰ সংগ্ৰহ কৰিব লাগে স্বাস্থ জনীত বিশ্বাস দিবৰ বাবে। 

ইয়াৰ লগতে  সামাজিক দায়িত্বৰ ইন্সুৰেঞ্চৰ লগতে ব্যৱসায়িক ক্ষতিপূৰণ ৰ ইঞ্চুৰেঞ্চ বনুৱা তো অতি গুৰুত্বপূৰ্ণ ।আপুনি পলিচি বোৰ কৰাৰ সময়ত ভালদৰে পঢ়ি শুনি কৰিব লাগে যাতে পিছত কোনো সমস্যাৰ সৃষ্টি নহয় ।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।