written by | October 11, 2021

সৰু ব্যৱসায়ৰ বাবে বীমা

×

Table of Content


প্ৰত্যেক ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীয়ে ব্যৱসায় আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় বীমা-

ব্যৱসায়িক বীমা কি?

ব্যৱসায়িক বীমা এনে এক ধৰণৰ বীমা যিয়ে এটা নতুন বেপাৰৰ ব্যৱসায়িক সম্পত্তি, জ্ঞান বিষয়ক সম্পত্তি আৰু শাৰীৰিক অৱস্থিতিক অপ্ৰত্যাশিত লোকচানৰপৰা বচোৱাত সহায় কৰে। ই বীমা কৰা ব্যৱসায়ক যিকোনো প্ৰাকৃতিক দুৰ্যোগ, চুৰি কাৰ্য, অসভ্যালি, গোচৰ, আয়ৰ লোকচান, ব্যৱসায়ীৰ অসুখ অথবা মৃত্যুৰপৰা হোৱা লোকচান তথা ব্যয়ৰপৰা বচোৱাত সহায় কৰে। তেনে ধৰণৰ ঘটনাবোৰে বৃহৎ ভাবে ব্যৱসায়ত বাধা আনিব পাৰে। বহুক্ষেত্ৰত ই 

অৰ্ধভাবে অথবা সম্পূৰ্ণভাবে ব্যৱসায় বন্ধ কৰি যথেষ্ঠ লোকচান ঘটাব পাৰে।

আমি কিয় ব্যৱসায়ৰ বীমাকৰণ কৰিব লাগে?

নতুন বেপাৰ খোলাৰ ক্ষেত্ৰত ব্যৱসায়ৰ গৰাকীৰ বাবে এইটো জৰুৰী যে তেওঁলোকে ব্যৱসায়ৰ প্ৰয়োজনীয়তাসমূহ ভালদৰে বিবেচনা আৰু বিচাৰ কৰে কাৰণ তেওঁলোকৰ সামান্য এটা ভুলৰ বাবে বহু খিনি লোকচানৰ সন্মুখীন হ’ব লগীয়া হয়। ব্যৱসায়ৰ গৰাকীয়ে যদি লাভ লোকচানৰ বিচাৰ কৰিব নাজানে আৰু বীমাৰ নিৰ্ধাৰিত সময় সীমাৰ কথা নাজানে, তেন্তে তেওঁ কোনো নাম থকা এজেঞ্চিৰ সহায় লʼব লাগে। ব্যৱসায়িক বীমাই অগ্নিকাণ্ড, চুৰি কাৰ্য,পেচাগত দায়িত্ব, সাধাৰণ ৩য় দল (3rd party)ৰ দায়িত্ব, শ্ৰমিকৰ মজুৰি, চিকিৎসাৰ লগত জড়িত খৰচ আদিৰপৰা সৰু-সুৰা দোকানবোৰক সুৰক্ষিত কৰে।

ব্যৱসায়িক বীমাৰ ধৰণ—-

ব্যৱসায়ত অন্তৰ্ভুক্তিৰ বাবে কেইবাটাও বিকল্প আছে। সেই অন্তৰ্ভুক্তি বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। যেনে উদ্যোগ, তাৰ অৱস্থিতি, শ্ৰমিকৰ সংখ্যা আৰু ইয়াৰ আকাৰ আদি। যিমানেই ব্যৱসায় বাঢ়ে, সিমানেই বীমাৰ প্ৰয়োজনো সলনি হ’ব পাৰে। 

বিভিন্ন ধৰণৰ ব্যৱসায়িক বীমা প্ৰণালী তলত দিয়া হল –

দায়িত্ব প্ৰণালী আঁচনি: এই ধৰণৰ প্ৰণালীয়ে আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰখনত ৩য় দলৰ দ্বাৰা হোৱা সম্পত্তিৰ ক্ষতিৰ মূল্য বহন কৰে। যদি কিবা কাৰণত আপোনাৰ দোকানৰ বিৰুদ্ধে গোচৰ আহে, তেন্তে আপুনি বৃহৎ পৰিমাণৰ উচিৎ মাচুলৰ দায়িত্ব বহন কৰিব লাগিব, নহলে সম্পূৰ্ণ খৰচ আপোনাৰ ওপৰত পৰিব। তাৰ ভিতৰত কিছুমান দায়িত্ব হʼল – সাধাৰণ দায়িত্ব, সামাজিক দায়িত্ব, ব্যৱসায়িক দায়িত্ব, ব্যৱসায়িক আমব্ৰেলা বীমা।

সাধাৰণ দায়িত্ব বীমা: সাধাৰণ দায়িত্ব বীমা হৈছে এটা প্ৰাৰম্ভিক বীমা আঁচনি যিয়ে ৩য় দল(3rd party)ৰ লোকচানৰ বাবে সৃষ্টি হোৱা দায়িত্ব পূৰ্ণ খৰচক বাধা প্ৰদান কৰে। সাধাৰণ দায়িত্বশীল বীমাই যিকোনো গোচৰৰ ফলস্বৰূপে সৃষ্টি হোৱা বিধিসন্মত দায়িত্বশীল খৰচ বহন কৰে। অন্যথা ইয়াৰ খৰচ ব্যৱসায়ৰ গৰাকীয়ে বহন কৰিব লাগিব আপুনি ঘৰ বা কাৰ্যালয়, যʼৰপৰাই কাম নকৰক কিয়, আপোনাৰ সাধাৰণ

 দায়িত্বশীল বীমা থকা উচিত।

পেচাগত দায়িত্বশীল বীমা: এইটো এটা এনেকুৱা বীমা, যিয়ে কোনো এটা সেৱাৰ প্ৰদৰ্শনৰ ক্ষতি সমূহ ৰোধ কৰে। ইয়াক এৰৰ এণ্ড অমিছন বীমা বুলিও জনা যায়।

 এই বীমাই আপোনাৰ কোনো সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত হোৱা লোকচানক ৰোধ কৰিবলৈ যত্ন কৰে। কিছুমান বীমা কোম্পানীয়ে এটা নিৰ্দিষ্ট পেচাৰ লগত জড়িত পেচাগত বীমা প্ৰদান কৰে। আপুনি বীমা কোম্পানীৰ লগত লগ হৈ নিজৰ পেচাৰ লগত জড়িত বীমা গ্ৰহণ কৰিব পাৰে।

 কৰ্মকৰ্তা বীমা আঁচনি- ইয়াক শ্ৰমিকৰ ক্ষতিপূৰণ আঁচনি বুলিও কʼব পৰা যায় । এই আঁচনিয়ে ব্যৱসায়ৰ গৰাকীক, কৰ্মকৰ্তাৰ আঘাত অথবা বেমাৰৰ সময়ত হোৱা খৰচ বহন কৰাত সহায় কৰে। ইয়াৰ উপৰিও এই আঁচনিয়ে  ব্যৱসায়টোৱে সন্মুখীন হোৱা আইনগত মূল্য আগুৰি লয়।   

 সম্পত্তি বীমা আঁচনি: যদি এটা ব্যৱসায় বীমাকৰণ কৰি ৰখা নাযায়, তেন্তে তাৰ পুনঃপ্ৰাপ্তিৰ সম্পূৰ্ণ খৰচ ইয়াৰ গৰাকীয়ে বহন কৰিব লাগিব। বাণিজ্যিক বীমাই ব্যৱসায়ৰ গৰাকীক যিকোনো সম্পত্তি নষ্ট হোৱাৰ বাবদ পইচা প্ৰদান কৰে। এইক্ষেত্ৰত সৰু ব্যৱসায়বোৰৰ বিপদৰ আশংকা বেছি, যʼত ৪০% (40%) ব্যৱসায়ে এটা দুৰ্যোগ পাৰ হোৱাৰ পাছত কেতিয়াও পুনৰ প্ৰতিষ্ঠিত হ’বলৈ অৱকাশ নাপায়। ই অৱস্থিতি, সঁজুলিৰ ক্ষতি, তথ্য, সম্পত্তি আৰু অজ্ঞানী ব্যক্তিৰদ্বাৰা হোৱা ক্ষতি সামৰি লয়।     

উপাৰ্জনৰ লোকচান সম্পৰ্কীয় আঁচনি: দুৰ্যোগৰ পিছত ব্যৱসায়ৰ পুনৰ উত্থানৰ ক্ষেত্ৰত এই আঁচনিয়ে সহায় কৰে।

উৎপাদন সম্বন্ধীয় বীমা আঁচনি: যিকোনো ব্যৱসায় গঢ় লোৱাৰ সময়ত এই আঁচনিৰ প্ৰয়োজন হয়। ই উৎপাদিত সামগ্ৰীৰ ক্ষতিৰ বাবে সৃষ্টি হোৱা গোচৰৰ খৰচ বহন কৰাত সহায় কৰে।

গাড়ী বীমা আঁচনি: ব্যৱসায়ৰ কাৰণে  ব্যৱহাৰ কৰা গাড়ীবোৰৰ বীমাকৰণ কৰা উচিত। ভাৰতত ৩য় দল(3rd party)ৰ বীমাকৰণ বাধ্যতামূলক। ব্যক্তিগত গাড়ীয়েই হওঁক বা বাণিজ্যিক গাড়ীয়েই হওঁক , কম্প্ৰেহেন্সিভ বীমাই গাড়ীখনৰ ক্ষতি সমূহ সুৰক্ষিত কৰাত আশ্বাস দিয়ে। ব্যক্তিগত বাহনৰ ক্ষেত্ৰত এই খৰচ গৰাকীয়ে বহন কৰিব লাগিব।

ব্যৱসায়িক গাড়ী বীমা আঁচনি: যিকোনো ব্যৱসায়ৰ ক্ষেত্ৰত থকা গাড়ীৰ ব্যৱসায়িক গাড়ী বীমা থকা উচিত। এই বীমাই‌ গাড়ীখন, চালক তথা ৩য় দলৰ (3rd party) হ’ব পৰা অপ্ৰত্যাশিত দুৰ্ঘটনা যেনে: পথ দুৰ্ঘটনা, অগ্নিকাণ্ড, চুৰি কাৰ্য আদিবোৰত সুৰক্ষা প্ৰদান কৰে। ভাৰতত ৩য় দলৰ বীমা কৰণ সকলো যান-বাহনৰ বাবে বাধ্যতামূলক, কিন্তু সম্পূৰ্ণ ৰূপে সুৰক্ষিত হবলৈ ব্যৱসায়ৰ গৰাকীয়ে কম্প্ৰেহেন্সিভ গাড়ী বীমা গ্ৰহণ কৰিব লাগে। 

ব্যৱসায়িক প্ৰতিবন্ধক বীমা আঁচনি: খুচুৰা দোকান বোৰৰ বাবে এই ধৰণৰ আঁচনি প্ৰস্তুত কৰি উলিওৱা হৈছে। যেতিয়া ব্যৱসায় এটাত যথেষ্ট লোকচান হয় আৰু সেইটোৱে সাধাৰণ ব্যৱসায়ত উত্তেজনাৰ সৃষ্টি কৰে, তেতিয়া এই বীমাৰ সহায় লোৱা হয়। কিছুমান প্ৰাকৃতিক দুৰ্ঘটনাৰ বাবে কেতিয়াবা শ্ৰমিক সকলে কৰ্মক্ষেত্ৰলৈ আহিব নোৱাৰে আৰু ফলত ব্যৱসায়ৰ লোকচান হয়।

এই বীমাই তেনে ক্ষতি পূৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও আন বহুতো বীমা আছে যি এটা নিৰ্দিষ্ট  ব্যৱসায়ক কেন্দ্ৰ কৰি গঢ়ি উঠে। যেনে: পেত্ৰল পাম্প বীমা, ৰেষ্টোৰেন্ত বীমা, ওৱেৰ হাউচ বীমা আদি।

ব্যৱসায়িক বীমাৰ কেইটামান উল্লখযোগ্য কথা –

ব্যৱসায়ৰ বীমা কৰণ কৰাতো ভাৰতত বাধ্যতামূলক নহয় যদিও বাঞ্ছনীয়। 

ভাৰতত ব্যৱসায়িক বীমাকৰণৰ এনে কিছুমান ভাগ আছে যিয়ে আপোনাৰ ধনক মূল্য দিব পাৰে।

১/জুই তথা প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, ভূমিকম্প, ধুমুহা আদিৰ দ্বাৰা সম্পত্তিৰ ক্ষতি সাধন হোৱা।

২/ চুৰি কাৰ্যৰ ফলত হোৱা লোকচান।

৩/ ব্যৱসায়ত ৩য় দলৰ দায়বদ্ধতা

৪/ কৰ্মস্থলীত শ্ৰমিকৰ আঘাত পোৱা বা মৃত্যু হোৱা।

৫/ দুৰ্যোগ এটাৰ পিছত ব্যৱসায়ত হোৱা লাভ লোকচানত গুৰুত্ব।

৬/ কোনো কৰ্মীৰ হিনমান্যতা আৰু ভুলৰ বাবে সৃষ্টি হোৱা সমস্যা।

ব্যৱসায়িক বীমা আঁচনিৰ সুবিধা সমূহ -ব্যৱসায়িক বীমা আঁচনিৰ সুবিধা সমূহ তলত দিয়া ধৰণৰ-

১/ কোম্পানী বীমা আঁচনিয়ে প্ৰাকৃতিক দুৰ্যোগৰদ্বাৰা হোৱা ব্যৱসায়ৰ লোকচানৰপৰা ব্যৱসায়টোক সুৰক্ষা দিয়ে।

২/ কোম্পানীৰ বীমা আঁচনিৰদ্বাৰা কোম্পানীক বিশ্বাসযোগ্যতা প্ৰদান কৰে।

৩/ শ্ৰমিকক সুৰক্ষা প্ৰদান কৰি তেওঁলোকক কোম্পানীটোতেই ৰাখি কোম্পানীটো আৰু উন্নত কৰিবলৈ চেষ্টা কৰে।

৪/ আজি কালি ক্লায়েন্তবোৰেও বীমাকৰণ কৰা কোম্পানী হে বিচাৰে।

৫/ কোম্পানীৰ সম্পত্তি যেনে কম্পিউটাৰ, সা- সৰঞ্জাম চোৰৰ পৰা সুৰক্ষিত হৈ থাকে যদিহে কোম্পানীৰ বীমা কৰণ কৰা থাকে।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।