written by | October 11, 2021

আমদানী/ৰপ্তানি ব্যৱসায়

×

Table of Content


আমদানি/ৰপ্তানিৰ ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব

আপুনি সমগ্ৰ বিশ্বতে বিক্ৰীৰ প্ৰক্ৰিয়া আৰম কৰিউ বিচাৰে নেকি? তেনেহলে আপুনি সঠিক ঠাইলৈকে আহিছে। ইণ্টাৰনেক ধন্যবাদ,এটি আমদানি/ৰপ্তানি ব্যৱসায় খুব সহজ আৰু লাভজনক হব পাৰে। সেইয়া কেনেকৈ সম্ভৱ ইয়াত আলোচনা কৰা হৈছে। 

আপোনাৰ ব্যৱসায়ৰ নাম আৰু এটি ৱেৱছাইট আৰু ব্লগ গঠন কৰক

এটি ৱেৱছাইট বা ব্লগৰ অবিহনে আমদানি /ৰপ্তানি ব্যৱসায়ৰ নেটৱৰ্ক গঠন নহব। নিজক অনলাইনত এখন মঞ্চ দিয়ক যত আপোনাৰ উপস্থিতি প্ৰাধান্য দিয়া হয় আৰু আপোনাৰ কল্পনাতকৈও অধিকভাৱে ব্যৱসায়ৰ প্ৰসাৰ কৰিব পাৰে। প্ৰধান লক্ষ্য হল বাৰ্তালাপৰ ধাৰা অব্যাহত ৰাখা, অনলাইনত(অফলাইনত) সামগ্ৰী বিক্ৰী কৰা  আৰু আপোনাৰ আন্তৰ্জাতিক ব্যৱসায়ত লাভৰ বাবে গ্ৰাহকৰ ভিত্তি বনোৱা ।

প্ৰথমে, আপোনাৰ ব্যৱসায়ৰ নামটো এটি প্ৰতিষ্ঠিত ৱেব হোষ্টৰ জৰিয়তে পঞ্জীয়ন কৰক কাৰণ গ্ৰাহকে ডোমেইন নামৰ সহায়ত আপোনাক আৰু আপোনাৰ ব্যৱসায়ক বিচাৰিব।

আৰু এটি ভাৰ্চুৱেল আমদানি/ৰপ্তানি বৱসায়ৰ বাবে আন্তৰ্জাতিক উকীল, বেংকাৰ আৰু গাণণিকৰ সহায় লোৱা উচিত যাতে পিছলৈ আইনী আৰু বিত্তীয়ভাৱে কোনো সমস্যা নহয়।

ৱেৱছাইট বনাবৰ কাৰণে নেটৱৰ্ক চলিউচনচ, গ’ডেডী,ইনটুইট আৰ ভেৰিও আদিত চাব পাৰে। আটাইবোৰে ডমেইন নেম পঞ্জীয়ন আৰু সহজতে কম মূল্যত ৱেৱছাইট বনোৱা কাম কৰে ।

পেছাদাৰী ব্লগ বনাবলৈ যিয়ে বাৰ্তালপ নিৰৱছিন্নভাৱে কৰি থাকে তাৰ বাবে ট্ৰাই ব্লগাৰ, টাইপপেড বা ৱৰ্ডপ্ৰেছ ব্যৱহাৰ কৰিব পাৰে। এইবোৰ সেৱাই নিমিষতে অত্যাধুনিক ডিজাইনত ব্লগ বনাই হোষ্ট কৰে আৰু বিচৰামতে কাৰিকৰী সেৱা প্ৰদান কৰে।

এতিয়া আপুনি আপোনাৰ ব্যৱসায়িক অভিজ্ঞতা আৰু কাৰ্যকৰিতা বিশ্বৰ লগত ভগাবলৈ সাজু।

আমদানি/ৰপ্তানি কৰিবলৈ এটি সামগ্ৰী লওক

এইখিনি সময়ত  আপুনি গ্ৰাহকক আটাইবোৰ বস্তু দেখুৱাব নোৱাৰে। গতিকে এটায়ে থিৰাং কৰক আৰু সেইটোতেই ভালদৰে কৰক।

এটি সামগ্ৰী আমদানি/ৰপ্তানি কৰাৰ বাবে উপলদ্ধ কাৰণ হল- আপুনি জানে যে এইটো বিক্ৰী হবই অথবা সেইটো সামগ্ৰী আপুনি ভাল পায়। আশাকৰো দুয়োটা কাৰণেই হওক। এইয়া এক আদৰ্শ ব্যৱসায়িক আৰ্হি । আপুনি পৃথিৱীৰ অন্য প্ৰান্তত যদি আপুনি এইবিধ সামগ্ৰী দেখে আপুনি  কিনিবনে? তেনেহলে এইয়া এক ভাল কথা।

প্ৰকৃত বজাৰ বিচাৰ

আপুনি সামগ্ৰী বাচি ললে। এতিজা ঠাই লাগিব যত বিকূীণকৰিব পাৰে। আপুনি যদি অকল সম্ভাব্য ট্ৰেণ্ডত মন দিয়ে অথবা  ট্ৰেকিং ট্ৰেণ্ডৰ আভাস পায় তেনেহলে আপোনাৰো বিজয়ী পথ বাচি উলিওৱা সহজ হব। একেবাৰে নিম্ন অৱস্থাৰ পৰা আৰু এখন দেশত চুপাৰ-চেলাৰ হোৱাৰ আগেয়ে সামগ্ৰী এটা  আমদানি অথবা ৰপ্তানিৰ ব্যৱসায়ত গোটেই জীৱনৰ বাবে ব্যাঘাত জন্মাব পাৰে।

সম্ভাব্য  বিদেশী বজাৰৰ বাবে অলপ গৱেষণা আৰু ঘৰুৱা কাম কৰি লোৱাটো ভাল।

দুটা ঠাইত বিচাৰ কৰাটো ভাল। বিশ্ব বেংকৰ “সহজভাৱে ব্যৱসায় কৰিব পৰা” আৰু গ্লোবেল এজৰ “সম্ভাৱ্য বজাৰ সূচাংক।”

আপুনি স্থানীয় চৰকাৰী অফিচাৰৰ সহায়তো বজাৰ গৱেষণাৰ সূত্ৰবোৰ ধাৰ্য কৰিব পাৰে। উদাহৰণস্বৰূপে, ইউ এচত ডিপাৰ্টমেণ্ট অফ কমাৰ্চ ইণ্টাৰনেচনেল ট্ৰেড এডমিনিষ্ট্ৰেচনৰ ডাটা আৰু এনালাইছিছ আৰু ইউ এচ চেঞ্চাছ ব্যুৰো ফৰেইন ট্ৰেডে আমদানি/ ৰপ্তানি ব্যৱসায়ৰ পৰিসংখ্যাসমূহ পৰিচালনা কৰে। বিশ্বত সামগ্ৰী আৰু সেৱাসমূহ কৰপৰা কলৈ গৈছে এই সম্পদসমূহে ধাৰ্য কৰে আৰু কিয় আৰু কেনেকৈ এয়া কাৰ্যকৰী কৰিব পাৰি সেয়াও নিৰ্ণয় কৰে।

সেৱা প্ৰদানকাৰী নিযুক্তি

আমদানি/ ৰপ্তানি কৰিব বিচাৰোতে, মনত ৰাখিবলগীয়া কথা আটাইখিনি শিকক।আপুনি যদি এইটো বনাইছে তেনেহলে আৰু অলপ কেনেকৈ ভাল কৰিব? এজন নিৰ্মাণকৰ্তাৰ ওচৰত যাওক আৰু সময়ৰ লগত খাপ খোৱাকৈ আৰু অলপ উন্নত কৰাৰ প্ৰস্তাৱ দিয়ক।আপোনাৰ এই প্ৰস্তাৱে নিশ্চয়কৈ ছ’নী ৱাকমেন আৰু আপেলঐ আই পেডৰ মাজৰ পাৰ্থক্যটো বুজাব পাৰিব।

অতি সঘজতে পাব পৰা সেৱাপ্ৰদানকাৰীসমূহ  হ’ল আলিবাবা,গ্লবেল চৰচেছ আৰু থমাছ ৰেজিষ্টাৰ।আৰু বহুতোথআছে যদিও এওলোক হল উচ্চ মানদণ্ডৰ,নিৰ্মানকৰ্তা ,আমদানি,ৰপ্তানি,ক্ৰেতা,বিক্ৰেতাৰ পথ প্ৰদৰ্শক।

আমাৰ প্ৰথম কিস্তি এত কেনেকৈ আৰু পৰিকল্পিতভাৱে আমদানি/ৰপ্তানিৰ ব্যৱসায় কৰিব লাগে তাৰ ধাৰাবাহিকভাৱে এতিয়া আমি চাম আমদানি/ৰপ্তানি বৱসায়ৰ বিক্ৰী আৰু বিভাজনৰ দিশসমূহ।

সামগ্ৰীৰ দাম

আন্তৰ্জাতিক বিক্ৰী প্ৰক্ৰিয়াত আমদানি ৰপ্তানিৰ ব্যৱসায়তো দুটা অতি গম্ভীৰ উপাদানৰ ওপৰত নিৰ্ভৰ কৰে।

—পৰিমাণ(কিমান ইউনিট বিক্ৰী হল)

—লাভাংশ

লক্ষ্য নিৰ্ধাৰণ কৰোতে চাব লাগিব যে লাভাংশই যাতে গ্ৰাহকে দিব বিচৰা মূল্যতকৈ বেছি নহয় আৰু এটা গ্ৰহণযোগ্য লাভ অৰ্জন কৰে। সাধাৰণতে, আঋদাআি আৰু ৰপ্তানি কৰাসকলে ১০% ৰ পৰা ১৫%  লাভাংশ লয় যিটো নিৰ্মাণকাৰীৰ পৰা আপুনি কিনোতে আপোনাৰ পৰা লয়।

যিমানেই বিক্ৰী বাঢ়িব আপোনাৰ সামগ্ৰীৰ দামৰ পৰা সমগ্ৰ  পৰিকল্পনাৰ ধনৰাশি আতৰাই থওক। কাৰণ কেতিয়াবা এই দুয়োটাৰ যোগফলে আপোনাৰ  প্ৰতি ইউনিটৰ মূল দাম উলিয়াব লাগিব। এটি ভাল স্থানান্তকৰণ প্ৰক্ৰিয়াই ইয়াত সহায় কৰিব। এইখিনিয়ে আপোনাক সংকোচিত কৰিব নিদিব।

গ্ৰাহক বিচাৰ

আপোনাৰ ৱেৱছাইত আৰু ব্লগৰ বিচাৰ প্ৰক্ৰিয়াৰ দ্বাৰা যদি আপুনি ভাল কাম কৰি আছে গ্ৰাহকে আপোনাক বিচাৰিবই। কিন্তু অকল সেইটো বিশ্বাস নকৰি আপুনি নিজেও গ্ৰাহক বিচাৰিব পাৰে। স্থানীয়  সম্পৰ্ক যেনে ট্ৰেড অৰ্গেনাইজেচন, চেম্বাৰ অফ কমাৰ্চ , এমবেচী  এণ্ড ট্ৰেড কচাল্টেণ্ট । এওওোকৰ যথেষ্ট জ্ঞান থাকে যে আন্তৰ্জাতিক বজাৰত কোনে কি কৰি আছে। আপোনাৰ উদ্যোগৰ লগত মিলাকৈ তেওলোকে নামৰ তালিকা তথা পৰামৰ্শও দিব পাৰে যে কেনেকুৱা ধৰণৰ বাণিজ্য স্থানীয় আৰু আন্তৰ্জাতিকভাৱে চলি আছে আৰু সেয়াই আপোনাৰ গ্ৰাহক পোৱাত সহায় কৰিব পাৰে।

ৰপ্তানিৰ ক্ষেত্ৰত অতি উত্তম হল ইউ এচ কমাৰ্চিয়েল চাৰ্ভিচ গল্ড কী মেচিং চাৰ্ভিচ। ইউ এচ চি এচয়ে বিদেশত সম্ভাৱ্য এজেণ্ট , গ্ৰাহক, বিতৰক আৰু বৱসায়িক অংশীদাৰ পোৱাত সহায় কৰিব। 

একে সময়তে নিজৰ সামগ্ৰীৰ বিষয়ে চছিয়েল মিডিয়াত আপডেট দিয়ক আৰু গ্ৰাহকৰ প্ৰয়োজনৰ বিষয়ে সোধক। এই ব্যৱসায়িক বাৰ্তালাপ চলাই ৰাখক।  সম্ভাৱ্য গ্ৰাহকৰ মনত সামগ্ৰীৰ বিষয়টোচলি থাকিব দিয়ক।

বস্তু স্থানান্তৰকৰণৰ বাবে এজন আন্তৰ্জাতিক  ল’ড ফৰৱাৰ্ডাৰ অৰ্থাৎ কাৰ্গৰ বাবে ট্ৰেভেল এজেণ্ট নিয়োগ কৰক বিশেষকৈ ফেক্টৰীৰ পৰা গুদামঘৰলৈ বস্তু নিবলৈ। কম মূল্যত নিয়োগ কৰা এইজনৰ বাবে আপোনাৰ সময়,কষ্ট আৰু উত্তেজনা হ্ৰাস পাব। আপুনি প্ৰদান কৰা তথ্যমতে তেওঁলোকে যাৱতীয় নথি পত্ৰৰ পৰা আৰম্ভ কৰি বীমালৈকে সকলো লাইচেঞ্চ, অনুমতি পত্ৰ, টাৰিফ, সীমাবদ্ধতা আটাইবোৰ চাব যিটো এজন নতুন ব্যক্তিৰ  বাবে জটিল।

আপোনাৰ ব্যৱসায়ৰ লগত মিলাকৈ এনে ব্যক্তিক অনলাইনত ‘ট্ৰান্সপোৰ্টেচন’ৰ বিভাগত বিচাৰি দুই তিনিজন নিয়োগ কৰিব পাৰে।

ইউ পি এচ আৰু ফেড এক্সপ্ৰেছ দুটা এনেকুৱা কম্পেনী যিয়ে এনেধৰণৰ দালাল, কনচালটেণ্ট আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ লগত কাম কৰিব বিচাৰে। ধন পৰিশোধ কৰাটো এওলোকে সহায় কৰে এিটো আন্তৰ্জাতিক বিক্ৰী প্ৰক্ৰিয়াত এটা কঠিন কাম।

 মহান গোলকীয় গ্ৰাহক সেৱা দিয়ক

বিক্ৰীৰ লগে লগে আপোনাৰ আৰু আন্তৰ্জাতিক গ্ৰাহকৰ সম্পৰ্ক শেষ হৈ নাযায়। তাৰ পিচতো আপোনাৰ মনোযোগ লাগিবই।

আমদানি ৰপ্তানি ব্যৱসায়ৰ পিছত দিয়া সেৱাসমূহঐ বিষয়ে ভাবক। প্ৰথম পদক্ষেপতো হল- সম্পূৰ্ণ হৃদয়েৰে – ব্যক্তিজনক লগ পাই, স্কাইপৰ জড়িয়তে বা ই-মেইল বা ফোনেৰে ধন্যবাদ জনোৱা।  এইবিষয়ে বেছিকৈ জানিবলৈ, শিকক গোলকীয় গ্ৰাহক সেৱাৰ বিষয়ে।

অভিনন্দন। আপুনি আনুষ্ঠানিকভাৱে আমদানি ৰপ্তানিৰ ব্যৱসায়ৰ প্ৰাথমিক জ্ঞান আহৰণ কৰিলে। এতিয়া সমগ্ৰ বিশ্বতে আপোনাৰ ব্যৱসায় আৰম্ভ কৰক।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।