written by | October 11, 2021

পৰামৰ্শ প্ৰদানকাৰী ব্যৱসায়

×

Table of Content


কেনেদৰে পৰামৰ্শ প্ৰদানকাৰী ব্যৱসায় আৰম্ভ কৰিব আৰু ব্যৱসায়িক পৰিকল্পনা কৰিব

প্ৰতিটো ব্যৱসায় আৰম্ভ  কৰাটোৱে এটা প্ৰত্যাহ্বান।কিন্তু এনেকুৱা এটা ব্যৱসায় যত আপোনাৰ কামটোৱে হৈছে আনক সহায় কৰা সেইটো আৰু ডাঙৰ প্ৰত্যাহ্বান।   পৰামৰ্শ প্ৰদানকাৰী ব্যৱসায়ত আপুনি আনৰ ব্যৱসায়িক সমস্যা অথবা তেওলোকে লব লগা সিদ্ধান্ত আপুনি বিশ্লেষণ কৰি চাব লাগিব আৰু শ্ৰেষ্ঠ পৰামৰ্শ দিব লাগিব।  কেনেদৰে নিজৰ দক্ষতাৰ সহায়ত এখন পৰামৰ্শ প্ৰদানকাৰী ফাৰ্ম খুলিব আমি আপোনাক পৰ্যায়ক্ৰমে ইয়াত গাইড কৰিম।যিহেতু  কৰ্ম পদ্ধতি আজিকালি জটিল আৰু অৰ্থনীতি গোলকীয়,তাৰ বাবে ভাল পৰামৰ্শ প্ৰদানকাৰীৰ এতিয়া খুব তাগিদা। এক সমীক্ষা মতে এয়াও পোৱা গৈছে যে ২০২০ বৰ্ষৰ শেষলৈ পৰামৰ্শ প্ৰদানকাৰী ব্যৱসায়ৰ ৰাজহ ২৬১ বিলিয়ন পাৰ হব। গতিকে দেৰী নকৰি  এই ব্যৱসায়ত খোজ পেলাওক। আপুনি প্ৰথমে সিদ্ধান্ত লওক যে আপুনি ব্যৱসায়ৰ কোনটো ক্ষেত্ৰত (মানৱ সম্পদ, পৰিকল্পনা,প্ৰযুক্তিবিদ্যা ইত্যাদি)পৰামৰ্শ প্ৰদান কৰিব বিচাৰে।

আপোনাৰ দক্ষতা অনুসৰি নিৰ্বাচন কৰক

 পৰামৰ্শ প্ৰদান ব্যৱসায় আৰম্ভ কৰাৰ আগতে চাই লওক যে আপোনাৰ কোনটো ক্ষেত্ৰত দক্ষতা আছে। এটা ব্যৱসায়িক প্ৰতিষ্ঠানে যথেষ্ঠ ধনৰ বিনিময়ত আপোনাৰ পৰামৰ্শৰ সেৱা  ক্ৰয় কৰে, গতিকে আপুনি এইক্ষেত্ৰত অভিজ্ঞ হোৱাটো জৰুৰী। বহু ধৰণৰ সেৱা পৰামৰ্শ প্ৰদানকাৰী হিচাপে আপুনি আগবঢ়াব পাৰে। যদিহে আপুনি মানৱ সম্পদ বিশেষজ্ঞ তেনেহলে নিয়োগৰ পৰা আৰম্ভ কৰি এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী সম্পৰ্কীয় নানান ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াব পাৰে। 

     কিছুমান প্ৰতিষ্ঠানে চাৰ্টিফাইড পেছাদাৰী পৰামৰ্শদাতা বিচাৰে যাৰ বাবে আপুনি কিছুমান কোৰ্চ কৰি চাৰ্টিফিকেচন লোৱাটো জৰুৰী হব পাৰে।

গ্ৰাহক নিৰ্বাচন

 পৰামৰ্শ প্ৰদানকাৰী ব্যৱসায় আৰম্ভ কৰাৰ আগতে চাই লওক যে আপুনি কেনে ধৰণৰ গ্ৰাহক বিচাৰিছে। কাৰণ  গ্ৰাহক আপুনি আপোনাৰ দক্ষতাৰ বিভাগতহে নিৰ্বাচন কৰিব পাৰিব।সাধাৰণতে    পৰামৰ্শ প্ৰদানকাৰী ব্যৱসায় বৃহৎ পৰিসৰৰ কাম আৰু বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানে পৰামৰ্শ বিচাৰিব আহিব। প্ৰথমে আপোনাৰ নিজৰ ব্যক্তিগত সম্পৰ্কৰ মানুহ,বন্ধু-বৰ্গৰ ব্যৱসায় আদিৰ পৰাই আৰম্ভ কৰক।  যেতিয়া আপোনাৰ পৰামৰ্শ প্ৰদানকাৰী ব্যৱসায়ৰ পৰা আনে  সুফল পাব তেওলোকে আনকো কব আৰু এআেদৰেই লাহে লাহে ব্যৱসায়িক প্ৰসাৰ ঘটিব।  পৰামৰ্শদাতা হিচাপে এটা বিশেষ বিভাগ নিৰ্বাচন কৰি সেই ক্ষেত্ৰতেই মনোনিবেশ কৰি এই  বজাৰ খনৰ এজন সফল ব্যৱসায়ী হব পাৰিব।তাৰোপৰি গ্ৰাহকৰ প্ৰয়োজনত বেছি গুৰুত্ব দিয়ক যে তেও কেনেকুৱা সেৱা বিচাৰে। আপোনাৰ দক্ষতাক ব্যৱসায়িক ৰূপ দি লাভ অৰ্জন কৰক।

পঞ্জীয়ন

আপুনি পৰামৰ্শ প্ৰদানকাৰী     ব্যৱসায় কৰাৰ আগতে পঞ্জীয়নৰ কামখিনি ঠিকে-ঠাকে কৰি লব।ব্যৱসায় কৰিবলৈ অনুমতি পত্ৰ আৰু আন যাৱতীয় অনুমতিৰ বাবে সকলো কাম পৰ্যায়ক্ৰমে কৰি লওক। পৰামৰ্শদাতা হিচাপে আপুনি সকলো দিশৰ পৰাই সাজু হৈ থাকিব লাগিব। 

কৰ্মচাৰী চয়ন

   পৰামৰ্শ প্ৰদানকাৰী  ব্যৱসায়ৰ ব্যৱসায়ত সঠিক কৰ্মচাৰী নিয়োগ কৰাৰ অতি প্ৰয়োজন।  কাৰণ এইটো এটা সংবেদনশালী ব্যৱসায় যত প্ৰতিজন ব্যক্তিৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা, সমস্যা সমাধানৰ ক্ষমতা,তেওৰ ব্যক্তিত্ব আদিৰ ওপৰত গুৰুত্ব দিয়া হয়। এইটো সম্পূৰ্ণ আপোনাৰ কথা যে আপুনি অকলে কাম কৰিব বিচাৰে নে কৰ্মচাৰী নিয়োগ কৰিব বিচাৰে। ফুল-টাইম কৰ্মচাৰী নিয়োগ নকৰি পাৰ্ট টাইমৰ ও ব্যৱস্থা ৰাখক যাৰ দ্বাৰা আপোনাৰ ধন ও ৰাহি হব।

ৱেবছাইট আৰু চছিয়েল মিডিয়া

আপোনাৰ   পৰামৰ্শ প্ৰদানকাৰী  ব্যৱসায়ৰ    

কাৰণে এটা ৱেবছাইট বনাওক যত আপুনি আগবঢ়াব পৰা সেৱাসমূহ গ্ৰাহকে বুজিব পাৰে। বহু ব্যৱসায়িক প্ৰতিষ্ঠানে  পৰামৰ্শ প্ৰদানকাৰী  বিচাৰে। জটিল সময়বোৰত তেওলোকে আপোনাৰ সহায় বিচাৰিব।  আপোনাৰ  ৱেবছাইটো  অতি সহজে ব্যৱহাৰ কৰিব পৰাকৈ ইউজাৰ-ফ্ৰেইণ্ডলী আৰু সহজে পঢ়িব পাৰা হব লাগে।বিভিন্ন সামাজিক মাধ্যমত উপস্থাপন কৰাৰ লগতে ফেচবুক আৰু ইনষ্টাগ্ৰামত আপোনাৰ পৰামৰ্শ প্ৰদানকাৰীব্যৱসায়ৰ পেজ খোলক যাতে গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে। এনেকুৱা কিছুমান গ্ৰাহকৰ অভিজ্ঞতা আৰু মতামত ৱেৱছাইটত সন্নিবিষ্ট কৰক  যিয়ে আপোনাৰ সেৱাৰ দ্বাৰা উপকৃত হৈছে। প্ৰতিটো পদক্ষেপতে আপোনাৰ দক্ষতা তথা সেৱাক সামাজিক মাধ্যমৰ জড়িয়তে দেখুৱাওক।  এয়া এক এনেকুৱা বিনিয়োগ যি কেতিয়াও অথলে নাযায়।এটা হোৱাটচ এপ নম্বৰ ৰাখিব যাতে গ্ৰাহকৰ সংস্পৰ্শত সদায় ৰাখিব পাৰে। আপোনাৰ লগত ব্যৱসায়িক সম্পৰ্ক ৰখা  গ্ৰাহকে অন্যকো এই বিষয়ে অৱগত কৰিব।  প্ৰতিটো প্ৰতিষ্ঠানক সেেৱা আগবঢ়োৱাৰ পিছত তাত হোৱা অভিজ্ঞতাৰে ব্লগ লিখা আৰম্ভ কৰিব পাৰে যিবোৰ আনেও পঢ়ি ভাল পাব। এনেবোৰ অভিজ্ঞতাই আপোনাক আগলৈ আৰু দৃঢ়তা তথা আত্মবিশ্বাসেৰে আগবাঢ়ি যাবলৈ সাহস দিব।

পেমেণ্টৰ সুবিধা

পৰামৰ্শ প্ৰদানকাৰী   ব্যৱসায়ত পেমেণ্টৰ ক্ষেত্ৰত অলপ আগতে গৱেষণা কৰি লব। আপোনাৰ অভিজ্ঞতা আৰু দক্ষতাৰ ওপৰত ভিত্তি কৰি পেমেণ্টও আনতকৈ বেলেগ হব।অনলাইন পেমেণ্ট কৰিবলৈ বিভিন্ন সুবিধা যেনে ডেবিট/ক্ৰেডিট কাৰ্ড,ৰূপে, ইউ পি আই,পে টি এম আৰু অন্য ধৰণৰ ই-কমাৰ্চৰ সুবিধাবোৰ দিব। আপুনি নিজৰ ব্যৱসায় বুলি ফীজ কমাই নলব তেতিয়া বহু এনেকুৱা গ্ৰাহকো আছে যিয়ে আপোনাৰ পৰামৰ্শ প্ৰদানকাৰী   ব্যৱসায়ক হেয়জ্ঞান কৰিব পাৰে। গতিকে  এটা বদ্ধমূল প্ৰক্ৰিয়াৰে ফীজটো থিৰাং কৰক যাতে কাৰো একো কবলগীয়া নাথাকে।

স্থান নিৰ্বাচন  

 পৰামৰ্শ প্ৰদানকাৰী   ব্যৱসায়ৰ কাৰণে বহুত বেছি ডাঙৰ পৰিসৰৰ প্ৰয়োজন নহয়। কাৰণ  আপোনাৰ পৰামৰ্শ বা সেৱাৰ বাবে কোনো ব্যৱসায়িক প্ৰতিষ্ঠানে আগতীয়াকৈ ফোনত বা অনলাইনত আপোনাৰ এপইণ্টমেণ্ট বুকিং কৰিব ।পৰামৰ্শ প্ৰদানকাৰী   ব্যৱসায়ত আপোনাৰ বুদ্ধিমত্তা , বিশ্লেষণাত্মক কৌশল, সঠিক সিদ্ধান্তক উপস্থাপন   কৰি গ্ৰাহকক আকৃষ্ট  কৰা হয়।গতিকে এটা  বাহ্যিকতাতকৈ আপোনাৰ আগৰ সফলতাৰ কাহিনীয়েহে গ্ৰাহকক আকৰ্ষিত কৰিব পাৰে।তথাপি কোনোউাই যদি আপোনাক লগ কৰিবলৈ অফিচলৈও আহে তেনেহলে কম বিনিয়োগতে এটা আকৰ্ষণীয় ব্যৱসায়িক প্ৰতিষ্ঠান, সুন্দৰ ইণ্টেৰিয়ৰ ডিজাইন আৰু এটা ভাল পৰিবেশে সম্ভাৱ্য গ্ৰাহক এজনক নিশ্চিত গ্ৰাহকলৈ ৰূপান্তৰ কৰিব পাৰে। পৰামৰ্শ প্ৰদানকাৰী   ব্যৱসায়ত এটা অতি লাভজনক আৰু ভৱিষ্যমুখী ব্যৱসায় আছে। কিন্তু আৰম্ভণিতে বহুত ডাঙৰ ঠাই বা ঘৰ এটা লৈ ব্যৱসায় আৰম্ভ নকৰিব। কাৰণ ভাড়া,ইলেকট্ৰিচিটী,ইণ্টেৰিয়ৰ কাম আদিত আপোনাৰ বহুত অন বিনিয়োগ কৰাতকৈ সৰু ঠাই এটাকে আকৰ্ষণীয় কৰি সজাই লওক । বহু ক্ষেত্ৰত দূৰৈত থকা গ্ৰাহকে আপোনাক অনলাইন পেমেণ্ট কৰি ভিডিও কলৰ যোগেদিও পৰামৰ্শ লব পাৰে।

সেৱাৰ প্ৰচাৰ

  পৰামৰ্শ প্ৰদানকাৰী হিচাপে আপোনাৰ এই সেৱাৰ প্ৰচাৰ কৰি    কেনেকৈ বিক্ৰী কৰিব? আপোনাৰ অভিজ্ঞতা আৰু পাৰদৰ্শিতাক ডিজিটেল মঞ্চত উপস্থাপন কৰক যাতে আপোনাৰ কৰ্মত গ্ৰাহকে বিশ্বাস কৰিব পাৰে। মাজে মাজে ফ্ৰী ৱেবিনাৰ পাতি আগ্ৰহী ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগত মত বিনিময় কৰক । সেই অনলাইন মঞ্চতেই আপুনি আপোনাৰ দক্ষতা প্ৰতিপন্ন কৰক। ব্যৱসায়িক টিপচ দিয়ক, সমস্যা সমাধানত গুৰুত্ব দিয়ক আৰু তেওলোকক এই বিশ্বাসৰ দ্বাৰাই আপোনাৰ আয়তলৈ আনক।পৰামৰ্শ প্ৰদানকাৰী ব্যৱসায়ত নিজৰ সেৱা কেনেদৰে বিক্ৰী কৰি লাভ অৰ্জন কৰিব সেইয়াও এক লক্ষনীয় বিষয় কাৰণ গ্ৰাহকে আপোনাক বিশ্বাস কৰিব লাগিব। আপুনি সম্ভাব্য গ্ৰাহকক যোগাযোগ কৰি তেওলোকৰ কি কি প্ৰয়োজন এই বিষয়ে কথা পাতক।  তাৰ বাবে আপুনি নিজেও সম্পূৰ্ণ ৰূপে প্ৰস্তুত হব লাগিব।তেওলোক কি ব্যৱসায়ৰ লগত জড়িত তাৰ প্ৰাথমিক  জ্ঞানে আপোনাক তেওলোকৰ বিষয়বস্তুৰ ওপৰত হোৱা সমস্যাৰ আভাস দিব। ৱেবিনাৰ বা সামাজিক মাধ্যমত লাইভ অহাৰ লগে লগে যিখিনি মানুহে আপোনাক যোগাযোগ কৰে আপুনি গমেই পাব যে তেওলোক আপোনাৰ সেৱাৰ প্ৰতি আগ্ৰহী। ভৱিষ্যতেও তেওলোকে আপোনাৰ সহায় বিচাৰি যোগাযোগ কৰিব পাৰে। পৰামৰ্শ প্ৰদানকাৰী হিচাপে মাজে মাজে সামাজিক মাধ্যমত সোধা প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ যত্ন কৰক। 

পৰামৰ্শ প্ৰদানকাৰী ব্যৱসায়ত লাভ অৰ্জন কৰা আৰু ভাল নাম আয়ত্ত কৰা সহজ যদিহে আপুনি এই ব্যৱসায়ত একাগ্ৰতাৰে লাগিব পাৰিছে। গ্ৰাহকৰ আপোনাৰ ওপৰত আস্থা আহাৰ লগে লগে ইজনে সিজনৰ পৰা প্ৰসংগ লৈ ও আইোনাৰ ওচৰলৈ নতুন গ্ৰাহক আহিব। গতিকে দেৰী নকৰি এই পৰামৰ্শ প্ৰদানকাৰীৰ ব্যৱসায় আৰম্ভ কৰক।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।