written by | October 11, 2021

ডিজিটেল মাৰ্কেটিং এজেঞ্চী

×

Table of Content


ডিজিটেল মাৰ্কেটিং এজেঞ্চীৰ ব্যৱসায় কিদৰে আৰম্ভ কৰিব

ডিজিটেল মাৰ্কেটিং বৰ্তমান আটাইতকৈ কম বিনিয়োগতে কৰিব পৰা এবিধ ব্যৱসায়। আজিকালি গেলামাল দোকানৰ পৰা আৰম্ভ কৰি মাছ,মাংস তথা প্ৰায় সকলো ব্যৱসায় ডিজিটেল মাৰ্কেটিংৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে। পেছাদাৰী মাৰ্কেটিং এজেঞ্চিৰ কাৰণে বৰ্তমান সময়ত যথেষ্ট চাহিদা আছে। হাজাৰ হাজাৰ এনেকুৱা সৰু অথবা ডাঙৰ ব্যৱসায়ৰ লগত জড়িত লোক আছে যিয়ে নিজৰ ব্যৱসায়ক প্ৰসাৰ আৰু প্ৰচাৰ কৰিবলৈ মাৰ্কেটিং এজেঞ্চিৰ ওপৰত নিৰ্ভৰ কৰিব বিচাৰে। কাৰণতো হল যে ব্যৱসায় বোৰ এতিয়া অকল আগৰ দৰে দোকানৰ দ্বাৰা  মানুহক সেৱা আগবঢ়াই থকা নাই,বৰঞ্চ অনলাইন সেৱাৰ যোগেদিও  গ্ৰাহকক তেওলোকৰ প্ৰতিটো প্ৰয়োজন পূৰণ কৰিব ধৰিছে। গতিকে গ্ৰাহকক আকৰ্ষিত কৰিবলৈ পেছাদাৰী ডিজিটেল মাৰ্কেটিং এজেঞ্চীৰ প্ৰয়োজন নুই কৰিব নোৱাৰি। গতিকে আপুনি যদি ডিজিটেল মাৰ্কেটিং এজেঞ্চীৰ ব্যৱসায় কৰাৰ কথা ভাবিছে তেনেহলে সঠিক কথাই ভাবিছে।আহকচোন চাও এই ব্যৱসায়ৰ  বাবে প্ৰয়োজনীয় পৰ্যায়বোৰ-

বিষয়ৰ জ্ঞান

ডিজিটেল মাৰ্কেটিং এজেঞ্চী চলাবওৈ পোনপ্ৰথমে এই বিষয়ে ভালদৰে জানি লব লাগিব। এটা ব্যৱসায়ক এজেঞ্চীৰ সহায়ত চলাবলৈ হলে জানিব লাগিব যে তেওলোকে হাতত লোৱা প্ৰকল্পটোৰ মুঠ খৰচ কিমান পৰিব, সেই আচনিটোত এজেঞ্চীৰ কিমান মানুহ নিয়োগ কৰিব লাগিব, ব্যৱসায়িক প্ৰকল্পৰ কোনটো দিশত বেছি জোৰ দিব লাগিব ইত্যাদি প্ৰাৰম্ভিক পৰিকল্পনা কৰি লোৱা উচিত। কাৰিকৰী দিশতো তেওলোকে  নজৰ দিয়া উচিত। বহুতো এনেকুৱা এজেঞ্চীৰ ব্যৱসায়ীয়ে কাৰিকৰী দিশ আৰু পৰিচালনাৰ দিশ দুয়োটাতে সমানে  ভাৰসাম্য ৰাখিব নোৱাৰা বাবে বিফল হয়।

নাম নিৰ্বাচন

আপোনাৰ ব্যৱসায়ৰ বাবে এটি আকৰ্ষণীয় লোগো আৰু এটা নাম নিৰ্ধাৰণ কৰক যিটোৱে গ্ৰাহকক আপোনাৰ সেৱাৰ  লগত সংযুক্ত কৰিব পাৰে।লোগো ডিজাইন কৰাৰ বাবে আজিকালি বহুতো পেছাদাৰী এজেঞ্চী থাকে যত আপোনাৰ পচন্দ মতে লোগো ডিজাইন কৰাত সহায় কৰে। নাম নিৰ্বাচন কৰোতে কেতিয়াও আগতে থকা ব্ৰেণ্ড নামৰ সহায় নলব কাৰণ তেনে কৰিবলৈ যাওতে আপোনাৰ নিজৰ ব্যৱসায়ৰ ওপৰতো ঋণাত্মক প্ৰভাৱহে পৰিব।

ডমেইন নিৰ্বাচন 

ব্ৰেণ্ড নাম আৰু লোগো নিৰ্বাচন কৰাৰ পিছৰ পৰ্যায়টো হল এটা ডমেইন নিৰ্বাচন কৰা। সাধাৰণতে ডট কম বা ডট কো কেই নিৰ্বাচন কৰিব লাগে । এটা ষ্টেণ্ডাৰ্ড নাম নিৰ্বাচন কৰি আপোনাৰ ডিজিটেল মাৰ্কেটিং ব্যৱসায়ৰ শুভাৰম্ভ কৰক।

এটা ডিজিটেল মাৰ্কেটিং এজেঞ্চীয়ে ব্যৱসায় এটাৰ সেৱা আৰু সামগ্ৰীক ডিজিটেল মঞ্চত প্ৰচাৰ কৰে যাতে সঠিক গ্ৰাহকে এই সেৱাৰ বিষয়ে গম পাব পাৰে। বিক্ৰী,নিৰ্বাচিত গ্ৰাহকক লক্ষ্য কৰা,ব্ৰেণ্ড সজাগতা অনা আদি এটা এজেঞ্চীৰ প্ৰাথমিক কাম। আপুনি প্ৰথমে অকলে এই ব্যৱসায় আৰম্ভ কৰি পিছলৈ আন কৰ্মচাৰী নিয়োগ কৰিব পাৰে। ভাৰতত বহুতো সৰু – ডাঙৰ এনেকুৱা ডিজিটেল মাৰ্কেটিং এজেঞ্চী আছে যিয়ে আন ব্যৱসায়ক সহায় কৰি আছে ।

পঞ্জীয়ন

আপুনি ডিজিটেল মাৰ্কেটিং এজেঞ্চীৰ ব্যৱসায় কৰাৰ আগতে পঞ্জীয়নৰ কামখিনি ঠিকে-ঠাকে কৰি লব।ব্যৱসায় কৰিবলৈ অনুমতি পত্ৰ আৰু আন যাৱতীয় অনুমতিৰ বাবে সকলো কাম পৰ্যায়ক্ৰমে কৰি লওক।   ডিজিটেল মাৰ্কেটিং এজেঞ্চীৰ ব্যৱসায়ত আপুনি অকলে কাম কৰিব নে কোম্পানী গঠন কৰিব নে অংশীদাৰী ব্যৱসায় কৰিব,সেই হিচাপে পঞ্জীয়ন কৰিব। প্ৰতিটো ধৰণৰ পঞ্চীয়নৰ নিয়ম বেলেগ আৰু  কৰ আদায় কৰাৰ নিয়মাৱলীও বেলেগ। এটা  চ’ল প্ৰপাৰিটৰ ফাৰ্ম,ওৱান পাৰ্চন কম্পেনী,পাৰ্টনাৰশ্বিপ ফাৰ্ম,লিমিটেড লায়েবিলিটি ফাৰ্ম অথবা এটা প্ৰাইভেট লিমিটেড কম্পেনীৰ নিয়ম বোৰ বেলেগ বেলেগ। পঞ্চীয়নভুক্ত এটি ব্যৱসায়েহে সময়ত কৰ ইত্যাদি আদায় দি নিজক প্ৰতিষ্ঠা কৰিব পাৰে।

স্থান নিৰ্বাচন

  ডিজিটেল মাৰ্কেটিং এজেঞ্চীৰ  ব্যৱসায়ী হিচাপে স্থান নিৰ্বাচন কৰাতো এটা টান কাম কাৰণ অন্য ব্যৱসায়বোৰত গ্ৰাহকক আকৰ্ষণ কৰিবলৈ নানান বস্তু থাকে কিন্তু এইটো ব্যৱসায় তেনেকুৱা নহয়। কাৰণ ইয়াত কোনো বস্তু নহয় তাৰ সলনি আন এজন ব্যক্তিৰ ব্যৱসায়ক ডিজিটেল ৰূপ দি গ্ৰাহকক আকৃষ্ট  কৰা হয়।গতিকে এটা  সুন্দৰকৈ প্ৰতিষ্ঠা কৰা ডিজিটেল মাৰ্কেটিং এজেঞ্চীৰ অফিচে গ্ৰাহকক আকৰ্ষিত কৰিব পাৰে।  এটা চকুত লগা আকৰ্ষণীয় ব্যৱসায়িক প্ৰতিষ্ঠানে  বাটেৰে যোৱা মানুহকো এবাৰ সোমাই যাবলৈ বাধ্য কৰিব।  সুন্দৰ ইণ্টেৰিয়ৰ ডিজাইন আৰু এটা ভাল পৰিবেশে সম্ভাৱ্য গ্ৰাহক এজনক নিশ্চিত গ্ৰাহকলৈ ৰূপান্তৰ কৰিব পাৰে।গতিকে ডিজিটেল মাৰ্কেটিং এজেঞ্চীৰ এটা অতি লাভজনক আৰু ভৱিষ্যমুখী ব্যৱসায় আছে। কিন্তু আৰম্ভণিতে বহুত ডাঙৰ ঠাই বা ঘৰ এটা লৈ ব্যৱসায় আৰম্ভ নকৰিব। কাৰণ ভাড়া,ইলেকট্ৰিচিটী,ইণ্টেৰিয়ৰ কাম আদিত আপোনাৰ বহুত অন বিনিয়োগ কৰাতকৈ সৰু ঠাই এটাকে আকৰ্ষণীয় কৰি সজাই লওক 

ৱেবছাইট আৰু চছিয়েল মিডিয়া

আপোনাৰ ডিজিটেল মাৰ্কেটিং এজেঞ্চীৰ ব্যৱসায়ৰ কাৰণে এটা ৱেবছাইট বনাওক। গ্ৰাহকে অতি সহজে ব্যৱহাৰ কৰিব পৰাকৈ ইউজাৰ-ফ্ৰেইণ্ডলী আৰু সহজে পঢ়িব পাৰা হব লাগে।বিভিন্ন সামাজিক মাধ্যমত উপস্থাপন কৰাৰ লগতে ফেচবুক আৰু ইনষ্টাগ্ৰামত আপোনাৰ ডিজিটেল মাৰ্কেটিং এজেঞ্চীৰ ব্যৱসায়ৰ পেজ খোলক যাতে গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে। চাৰ্চ ইঞ্জিন অপ্টিমাইজেচনৰ জৰিয়তে গ্ৰাহকৰ মনৰ পচন্দ অনুসৰি তেওলোকে কেনে ধৰণৰ সেৱা   বিচাৰে তাত সহায় কৰক। এয়া এক এনেকুৱা বিনিয়োগ যি কেতিয়াও অথলে নাযায়।এটা হোৱাটচ এপ নম্বৰ ৰাখিব যাতে গ্ৰাহকৰ সংস্পৰ্শত সদায় ৰাখিব পাৰে। আপোনাৰ লগত ব্যৱসায়িক সম্পৰ্ক ৰখা  গ্ৰাহকে অন্যকো এই বিষয়ে অৱগত কৰিব। 

দক্ষতা নিৰ্বাচন

 ডিজিটেল মাৰ্কেটিং এজেঞ্চীৰ  ব্যৱসায় আৰম্ভ কৰাৰ আগতে চাই লওক যে আপোনাৰ কোনটো ক্ষেত্ৰত দক্ষতা আছে।  ডিজিটেল মাৰ্কেটিং এজেঞ্চী এটা বৃহৎ পৰিসৰৰ কাম। কণ্টেণ্ট ৰাইটিং, চছিয়েল মিডিয়া মাৰ্কেটিং, ই-মেইল মাৰ্কেটিং, ৱেবছাইট ডিজাইন, এড ডিছপ্লে,এচ ই ও, অনলাইন ৰেপুটেচন মেনেজমেণ্ট আদি নানান বিভাগ আছে।আপুনি কোনটো ক্ষেত্ৰত অভিজ্ঞতাৰে  বেছি পৰিপুষ্ট? যত আপোনাৰ ৰাপ আছে তাত আপোনাৰ সৃজনীশীলতাই স্থান পাব আৰু গ্ৰাহকে আপোনাৰ ব্যৱসায়ক  ভাল পাব। আটাইবোৰ বিষয় সাঙুৰি লোৱাতকৈ বিশেষজ্ঞ হিচাপে এটা বিশেষ বিভাগ নিৰ্বাচন কৰি সেই ক্ষেত্ৰতেই মনোনিবেশ কৰি এই ডিজিটেল বজাৰ খনৰ এজন সফল ব্যৱসায়ী হওক। আপোনাৰ সেৱা আৰু অনলাইন প্ৰচাৰৰ কামৰ বাবে গ্ৰাহকে ধন বিনিয়োগ কৰিবলৈ বেয়া নাপায়। তেওলোকে মাত্ৰ ফলপ্ৰসু পৰিণতি বিচাৰে।

পেমেণ্টৰ সুবিধা

ডিজিটেল মিডিয়া এজেঞ্চীৰ  ব্যৱসায়ত অনলাইন পেমেণ্ট কৰিবলৈ বিভিন্ন সুবিধা যেনে ডেবিট/ক্ৰেডিট কাৰ্ড,ৰূপে, ইউ পি আই,পে টি এম আৰু অন্য ধৰণৰ ই-কমাৰ্চৰ সুবিধাবোৰ দিব।

ডিজিটেল মিডিয়া এজেঞ্চীৰ ব্যৱসায়ত গ্ৰাহকে বিভিন্ন মডেলৰ ওপৰত নিৰ্ভৰ কৰি পেমেণ্ট কৰে।এইক্ষেত্ৰত নমনীয় হোৱাটো দৰকাৰ। কিছুমানত আৰম্ভণিতে এবাৰতেই ফীজৰ সমস্ত ধন লৈ লোৱা হয় আৰু কিছুমানত ফলাফল ভিত্তিক।

 বিক্ৰীৰ প্ৰক্ৰিয়া

ডিজিটেল মিডিয়া এজেঞ্চীৰ ব্যৱসায়ত নিজৰ সেৱা কেনেদৰে বিক্ৰী কৰি লাভ অৰ্জন কৰিব সেইয়াও এক লক্ষনীয় বিষয় কাৰণ গ্ৰাহকে আপোনাক বিশ্বাস কৰিব লাগিব। আপুনি সম্ভাব্য গ্ৰাহকক যোগাযোগ কৰি তেওলোকৰ কি কি প্ৰয়োজন এই বিষয়ে কথা পাতক।  তাৰ বাবে আপুনি নিজেও সম্পূৰ্ণ ৰূপে প্ৰস্তুত হব লাগিব।

তেওলোক কি ব্যৱসায়ৰ লগত জড়িত তাৰ প্ৰাথমিক  জ্ঞানে আপোনাৰ সহায় হব আৰু আত্মবিশ্বাস দিব। আপোনাৰ ডিজিটেল মিডিয়া এজেঞ্চীৰ ব্যৱসায়ৰ কি কি সেৱা আগবঢ়ায় তাৰ এটা সুন্দৰ প্ৰেজেনটেচনৰ জড়িয়তে তেওলোকক বুজাওক । আপোনাৰ লগত হোৱা এই আলোচনাই দুয়োপক্ষৰ মাজৰ যিকোনো প্ৰশ্ন বা খুদুৱনি মাৰ নিয়াব । তাৰ পিচৰ পৰ্যায়ত আপোনাৰ লগত তেওলোকে ব্যৱসায়িক কথা-বাৰ্তাৰ জড়িয়তে তেওলোকে বিচৰা সেৱা প্ৰদান কৰক।

ডিজিটেল মিডিয়া এজেঞ্চীৰ ব্যৱসায় বৰ্তমান সকলো দিশতে। যেতিয়া লকডাউনৰ সময়তো সকলো বন্ধ হৈ গৈছিল, অকল ডিজিটেল সেৱাৰ জড়িয়তে হে মানুহৰ অত্যাৱশ্যকীয় কামবোৰ চলি আছিল। এই ভাৰ্চুৱেল জগত খনেই আপোনাৰ ব্যৱসায়ক অনন্য ৰূপ দি এক সঠিক লাভাৰ্জনৰ দিশলৈ  আগুৱাই লৈ যাব। গতিকে দেৰী নকৰি আজিয়েই ডিজিটেল মিডিয়া এজেঞ্চীৰ ব্যৱসায়ত আত্মনিয়োগ কৰক।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।