written by | October 11, 2021

গাড়ীৰ পোটোকা গুচোৱা ব্যৱসায়

×

Table of Content


সমগ্ৰ বিশ্বতে গাড়ীৰ সংখ্যা ১ বিলিয়ন অতিক্ৰম কৰিছে। নতুন নতুন টেকনলজি আৰু ভিন্ন পদ্ধতিৰ বাহনসমূহ বজাৰলৈ আহিছে। সেয়ে বহুলোকে গাড়ী ক্ৰয় কৰিছে। প্ৰায় সংখ্যাক লোকে নিজৰ সন্তানৰ দৰে গাড়ী খনে আলফুলে ৰাখে। গাড়ীৰ সংখ্যা বাঢ়ি যোৱাৰ ফলত ৰাস্তাত ভিৰ বৃদ্ধি পাইছে। ফলস্বৰূপে খুন্দা খুন্দি, দুৰ্ঘটনাৰ সংখ্যা ও বৃদ্ধি পাইছে। তাৰ বাবে গাড়ীবোৰ চেপেটা হৈ যায়। এই চেপেটা বা বেয়া হোৱা গাড়ী বোৰ ঠিক কৰিবলৈ বহু পৰিমাণৰ ধন আদায় কৰিব লাগে। ফলস্বৰূপে  ব্যবসায়িক মানসিকতাৰে পৰিপুষ্ট উদ্যোগীসকলে ইতিপূৰ্বে  গাড়ী মেৰামতি ৰ জগতখনৰ বিষয়ে প্ৰচুৰ সম্ভাৱনাৰ প্ৰতি দৃষ্টি ৰাখিছিল । তদুপৰি এই ব্যৱসায়ৰ লগত জড়িত উদ্যোগীসকলে গাড়ী মেৰামতিৰ কেন্দ্ৰ স্হাপনৰ বাবে উৎসাহিত ও কৰি আহিছে। আপুনি যদি গাড়ী মেৰামতি ৰ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে নিশ্চিতভাৱে এইয়া এক খুউব ভাল চিন্তা। যথেষ্ট ভাল উপাৰ্জন কৰিব পাৰে এই ব্যৱসায়ৰ পৰা। কোনো এটা ব্যৱসায়ৰ মূল বিষয়  হ‘ল সময়, প্ৰচেষ্টা আৰু সফলভাবে পৰিচালনা কৰিব পৰা দক্ষতা। সম্ভাব্য সকলো পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ বিবেচনা কৰা আৱশ্যক। ব্যৱসায়টো সুন্দৰভাৱে পৰিচালনা কৰাৰ বাবে এটা উপযুক্ত ব্যৱসায়িক পৰিকল্পনা প্ৰস্তুত কৰা উচিত। প্ৰতিটো  সিদ্ধান্ত লওঁতে গভীৰ ভাৱে চিন্তা কৰা উচিত।

জানো আহক এই ব্যৱসায় কেনেদৰে আৰম্ভণি কৰিব 

সেৱা আৰু আকাৰ  

গাড়ী মেৰামতি ৰ ব্যৱসায় আৰম্ভ কৰাৰ সময়ত এইটো বিবেচনা কৰাৰ প্ৰয়োজন যে আপোনাৰ দোকানৰ পৰা গ্ৰাহকে  কেকেনেধৰণৰ  সুবিধা লাভ কৰিব।  অটোমোবাইলত বিভিন্ন ৰকমৰ পৰিসেৱা আছে।যদিহে আপুনি এখন ডাঙৰ বা সৰু পথৰ দাঁতিত বা স্হানীয় বজাৰত দোকান দিয়ে তাৰ বাবে কিছু মূলধনৰ আৱশ্যক হব। আপুনি অনলাইন নে অফলাইন সেৱা আগবঢ়াব। 

আপোনাৰ দক্ষতা 

ব্যৱসায় আৰম্ভ কৰাৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ  বিষয়টি হ‘ল এটা  সঠিক ব্যবসায়ৰ  পৰিকল্পনা প্রস্তুত কৰা।  এটা  ভাল ব্যৱসায়িক  পৰিকল্পনাই  ব্যৱসায়  সূচনা কৰাৰ বাবে প্ৰতিটো  মিনিটৰ  সমস্ত বিৱৰণ দাঙি ধৰে যিটো এটা ব্যৱসায় আৰম্ভ কৰাৰ বাবে খুউব প্ৰয়োজনীয়। ধৰি লওক সেয়া স্হান নিৰ্ণয় কৰা, আৰ্থিক দিশটো,বা কৰ্মচাৰীক কামত ৰখা ক্ষেত্ৰতেই হওঁক, মুঠতে ব্যৱসায় টোৰ লগত সম্পৰ্ক থকা প্ৰতিটো গতিবিধি ৰ বাবে পৰিকল্পনা প্ৰয়োজনীয় দিশ।অধিকাংশ লোকৰ বাবে ব্যৱসায় আৰম্ভ কৰাতো যথেষ্ট কষ্টকৰ যেন লাগে।  যদি আপোনাৰ এই বিষয়ত অভিজ্ঞতা আছে তেন্তে সেয়া আপোনাৰ বাবে অতিৰিক্ত সুবিধা ও লাভজনক।চেপেটা বা বেয়া হোৱা গাড়ী বোৰ ঠিক কৰিবলৈ বহু ধৰণৰ সৰঞ্জাম আৰু পদ্ধতি বজাৰত উপলব্ধ। এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব কোনটো দিশত আপোনাৰ বেছি লাভ হব য‘ত আপুনি আপোনাৰ দক্ষতা, পাৰদৰ্শিতাত ব্যৱহাৰ কৰিব পাৰে। 

সঠিক ডিষ্ট্ৰীবিউটৰ বাচনি কৰক 

প্ৰথমতেই এইটো কৰণীয়। আপোনাক যাতে ডিষ্ট্ৰীবিউটৰে প্ৰয়োজনীয় সকলো সামগ্ৰী সময়মতে যোগান ধৰিব পাৰে। মনত ৰাখিব যাতে আপোনাৰ গ্ৰাহকে সূদা হাতে উভতিব লগা নহয়।

স্হান:

ব্যৱসায় পৰিকল্পনাৰ  পাছত ব্যৱসায় স্হাপনৰ বাবে স্হান নিৰ্ণয় কৰা হ‘ব দ্বিতীয়টো পদক্ষেপ ।এটা সঠিক স্হানৰ বাচনি  চেপেটা লগা ঠিক কৰা  ব্যৱসায়ৰ বাবে মূল বাহক ।সেয়ে গাড়ী মেৰামতি ৰ ব্যৱসায় আৰম্ভ কৰাৰ বাবে সঠিক স্হান বাচনি কৰাৰ বাবে এটা সমীক্ষা কৰা উচিত। গাড়ী মেৰামতি কৰা দোকানৰ কাষত আপোনাৰ দোকানখন কৰিব পাৰে। যদি আপুনি সস্তীয়া ভাড়াতীয়া স্হানৰ বাচনি কৰে,কিন্তু সেই স্হানত বাহনৰ চলাচল কম হয় তেন্তে গাড়ী মেৰামতি ৰ ব্যৱসায়ৰে উপাৰ্জন কৰা সহজসাধ্য নহ‘ব। সেয়ে যান বাহন বেছিকৈ চলা ঠাইত  ব্যৱসায় থকাতো উচিত। । ঠাইডোখৰ গ্ৰাহকৰ বাবে সহজলভ্য হ‘ব লাগে । সেয়ে ব্যৱসায়ীজনে অথাৎ দোকানৰ মালিকজনে   এনে এটা স্হান বাচনি কৰা উচিত যি টো স্হান দীৰ্ঘ কালৰ বাবে গাড়ী মেৰামতি ৰ ব্যৱসায়ৰ বাবে লাভজনক হয়।

কৰ্মচাৰী নিয়োগ 

আপোনাৰ ব্যৱসায়ৰ বাবে  দক্ষ মেকানিক নিয়োগ কৰিব যি ভালদৰে আৰু সুচাৰুৰূপে কাম খিনি কৰিব পাৰে। লগতে  অভিজ্ঞ আৰু এই বিষয়ত পাৰদৰ্শী হয়।এটা টিম লাগিব লাগিব  যিসকলে সুন্দৰভাৱে ততালিকে কাম সমূহ পৰিচালনা কৰিব।  ইয়াৰ লগে লগে সেৱা আগবঢ়োৱা,বিল বনোৱা, লোড কৰা কৰ্মচাৰী ও নিয়োগ কৰিব। যদিহে আপুনি ভাবে ভৱিষ্যতে  আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ ঘটাব তেন্তে কিছুমান বিশ্বাসী কৰ্মচাৰী য়ে আপোনাক সহায় কৰিব।বিশ্বাসী দল এটা গঠন কৰিব।

দৰদাম(মূল্য নিৰ্ধাৰণ)

আপোনাৰ দোকানখনত প্ৰাপ্ত সুবিধা সমূহৰ বিপৰীতে দাম নিৰ্ধাৰণ কৰোঁতে বজাৰত কোন টো সুবিধা ৰ বাবে কিমান মূল্য নিৰ্ধাৰণ কৰিছে সেই দিশটোও মন কৰিব। দাম বহু বেছি নকৰিব ।নহ‘লে গ্ৰাহকে মূল্য বেছি বুলি অনুভৱ কৰিব আৰু আপোনাৰ দোকানলৈ সংকোচ কৰি অহা বন্ধ কৰিব । লগতে ইমানো কম নকৰিব মূল্য যাতে  আপোনাৰ ব্যৱসায়ত লোকচান হয়।

টেকনলজিৰ ব্যৱহাৰ আৰু ই কমাৰ্চ 

মানুহে আজিকালি অপেক্ষা কৰিবলৈ ইচ্ছা নকৰে। দেখা গৈছে যে বহু ভাল গ্ৰাহক বেলেগ দোকানলৈ গুচি যায় যদিহে বহু পৰ অপেক্ষা কৰিব লগীয়া হয়। আপুনি নতুন  টেকনলজি ব্যৱহাৰ কৰি আগতীয়াকৈ এখন তালিকা প্ৰস্তুত কৰিব পাৰে সেই অনুসৰি সময়মতে গ্ৰাহকক সেৱা আগবঢ়াব পাৰে। আপোনাৰ এটা ফোন অনবৰত সক্ৰিয় হৈ থকা উচিত। 

মূলধন

এজন ব্যৱসায়ীৰ সকলো ব্যৱসায়ৰ লগতে ব্যক্তিগত বিলবোৰ পৰিশোধ কৰাৰ বাবে পৰ্যাপ্ত অৰ্থ অথাৎ ধন থকা উচিত। ব্যৱসায়টো আৰম্ভ কৰাৰ পূৰ্বে ই পৰিয়ালৰ সদস্য, বন্ধুবান্ধৱ, আত্মীয় স্বজন সকলোৰে পৰা টকা পইচা ৰ ব্যৱস্থা কৰি লোৱা উচিত। অবাঞ্ছিত দিশ বা অপ্ৰয়োজনীয় দিশত টকা খৰছ কৰাতো অনুচিত।  এজন সফল ব্যৱসায়ীয়ে কেতিয়াও কোনো পৰিস্থিতি মগজুৰ পৰা তললৈ আহিব নিদিয়ে। সেয়ে সুচাৰুৰূপে ব্যৱসায় আগবঢ়োৱাৰ বাবে বিত্তীয় দিশটো খুউব গুৰুত্বপূৰ্ণ।

ই কমাৰ্চ আৰু ছচিয়েল মিডিয়া মাৰ্কেটিং 

আপোনাৰ সেৱাবোৰ অনলাইন যোগে আগবঢ়াবৰ বাবে  বাবে ভাল এটা ৱেবছাইট বনাব। ছচিয়েল মিডিয়া ব্যৱহাৰ কৰক।বজাৰৰ ক্ষেত্ৰত  আজিকালি ই কৰ্মাচে সকলো সহজ কৰি তুলিছে। এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী।  আপোনাৰ ডেলিভাৰী এলেকাতো নিৰ্ধাৰণ কৰি লব।  আজিকালি ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলোৱা সহজ। আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক। ৰেহাইৰ সুবিধা আগবঢ়াওক। লিফটলেট, পাম্পলেট আদি প্ৰচাৰ পত্ৰিকাৰে বজাৰ দখলৰ চেষ্টা চলাওক। পাৰিলে হোৱাটছ এপৰ জৰিয়তে গ্ৰাহকক ৰেহাই মূল্য ৰ বিষয়ে অৱগত কৰিব।সৰুকৈ ঠায়ে ঠায়ে হৰ্ডিং আৰু বেনাৰো লগাব।

এজন সফল ব্যৱসায়ী হবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব ,দৃঢ়প্ৰতিজ্ঞ হব লাগিব। সকলো ব্যৱসায়তে ভাল বা বেয়া দিন আহে সকলো নেওচি আগবাঢ়ি যাওক আৰু ভাগৰি নপৰিব। 

—শুভকামনাৰে

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।