written by | October 11, 2021

কোচিং চেণ্টাৰ

×

Table of Content


কেনেদৰে ভাৰতত কোৱাচিং প্ৰশিক্ষ ন আৰম্ভ কৰিব 

চি এ জি আৰ (CAGR) বাতৰি অমুযায়ী বৰ্তমান সময়ত ও ভাৰতত  শিক্ষা ক্ষেত্ৰত বিকাশ কৰিবলৈ যথেষ্ট সম্ভাৱনা আছে ।  ভাৰতে গোলকীয় শিক্ষা ক্ষেত্ৰ খনত এক বিশেষ স্থান অধিকাৰ কৰি আহিছে ।ৰাষ্ট্ৰঃ খনৰ মূলতঃ ১.৪ মিলীয়ন শিক্ষা প্ৰতিষ্ঠান আৰু তাত মূলতঃ ২২৭ মিলীয়ন শিক্ষাৰ্থী আছে আৰু লগতে ৩৬,০০০ ত কৈ ও বেছি উচ্চ শিক্ষা প্ৰতিষ্ঠান আছে । ভাৰত ও পৃথিৱীৰ ভিতৰতে বেছি উচ্চ শিক্ষাৰ ৰ স্থান ৰ ভিতৰত অন্যতম ।

যদিহে আপুনি কোৱাচিং প্ৰতিষ্ঠান আৰম্ভ কৰিব বিচাৰিছে তেনেহলে আপুনি গুৰুত্ব দিব লগা কিছুমান বিশেষ কথা তলত উল্লেখ কৰা হল –

) উপয্যক্ট বিষয় চিনাক্ত কৰা 

আপুনি শিক্ষা ৰ প্ৰতিষ্ঠান বোৰ ভালদৰে গৱেষণা কৰাৰ পিছত কোনটো বিষয় আপুনি মূল বিষয় হিচাপে শিকাব বিচাৰে আপোনাৰ কোৱাচিং প্ৰতিষ্ঠানত তাক নিশ্চিত কৰিব লাগে । যদিহে আপুনি কোনোবা এটা বিশেষ বিষয়ত মাষ্টাৰ কৰিছে ,তেনেহলে আপুনি সেইটো বিষয়ক মূল বিষয় হিচাপে লৈ আপোনাৰ শিক্ষা প্ৰতিষ্ঠান আৰম্ভ কৰিব পাৰে । 

কিন্তু, যদিহে আপোনাৰ এনেধৰণৰ শিক্ষা ব্যৱস্থা নাই তেনেহলে আপুনি নিৰাশ হব নালাগে। আপুনি আপোনাৰ শিক্ষা প্ৰতিষ্ঠানত এনে মানুহ নিয়োজিত কৰিব পাৰে যাৰ এনেদৰৰে কৰা শিক্ষা ব্যৱস্থা আছে । এনে মানুহ নিয়োজিত কৰি আপুনি এনেদৰে প্ৰতিষ্ঠানৰ আৰম্ভণি কৰিব পাৰে । 

২) এক সঠিক অৱস্থান নিৰ্ধাৰণ কৰা 

এনেকুৱা বহুত অঞ্চল থাকে যিবোৰ বিশেষ ভাবে কোৱাচিং ক্লাছৰ বাবে জনাজাত । গতিকে আপুনি পাৰিলে আপোনাৰ অঞ্চলৰ এনে কিছুমান স্থান চিনাক্ত কৰিব লাগে যিবোৰ মূলতঃ এনেকুৱা শিক্ষা প্ৰতিষ্ঠানৰ বাবে জনাজাত । গতিকে আপুনি এনে অঞ্চলত নিজৰ প্ৰতিষ্ঠান গঢ় দিব লাগে।

কিন্তু যদি আপোনাৰ অঞ্চলত এনেধৰণৰ কোনো ঠাই নাই তেনেহলে এইটো আপোনাৰ কাৰণে লাভদায়ক । কাৰণ এতিয়া আপুনি নিজে এনেকুৱা অঞ্চল চিনাক্ত কৰিব পাৰিব যত আপুনি আপোনাৰ কোষচিং প্ৰতিষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰে । বিদ্যালয়ৰ কাষত আপুনি এই প্ৰতিষ্ঠান বনালে অধিক লাভাম্বিত হব। কিয়নো বিদ্যালয়ৰ ওচৰত হলে ছাত্র ছাত্ৰী সকলে সাহযে অহা যোৱা কৰিব পাৰিব। লগতে অভিভাক তথা শিক্ষকৰ ও ছাত্ৰ ছাত্ৰী ৰ প্ৰতি থকা সুৰক্ষা জনীত সমস্যা ও নাথাকিব ।  গতিকে বিদ্যালয় তথা মহাবিদ্যালয় আদিৰ কাষত আপুনি কোৱাচিং প্ৰতিষ্ঠান খুলিব পাৰে । 

৩)শুল্ক ব্যৱস্থা 

আৰম্ভণিতে কম পইচা শুল্ক হিচাপে নিৰ্ধাৰণ কৰিব লাগে । এইটো ব্যাসায়ত অধিক পৰিমানে প্ৰতিযোগিতা থকা দেখিবলৈ পোৱা যায় , গতিকে আপুনি কোৱাচিং প্ৰতিষ্ঠানৰ আৰম্ভণিতে ছাত্র ছাত্ৰীৰ পৰা কম পইচা লব লাগে। তেনে কৰিলে আপুনি অধিক শিক্ষাৰ্থী আকৰ্ষিত কৰিব পাৰিব ।আপুনি মাহেলি ভাবে অথবা বছৰি ভাবে ইয়াক বৃদ্ধি কৰিব পাৰে। 

কিছুমান অভিভাৱকে বেছি পইচা হোৱা বাবে নিজৰ লৰা ছোৱালী ক কোৱাচিং ক্লাছত পঠাব নোৱাৰে । গতিকে কম পইচাৰে আপুনি আৰম্ভ কৰিলে তেনে ছাত্র ছাত্ৰী বোৰ পাব আৰু লগতে সময় অনুযায়ী আপুনি উপয্যক্ট মানদণ্ড ৰে শিক্ষা দি পইচা বৃদ্ধি কৰিলে অভাভিবাকে বেয়া নাপায় । 

) গুণগত মানদণ্ড 

যিহেতু এইটো এটা ব্যৱসায় গতিকে ইয়াৰ গুণগত মানদণ্ডৰ লগত কোনো ধৰণৰ ত্যাগ কৰিব নালাগে। অন্য ব্যবসায়ত যেনে বেয়া মানদণ্ডৰ সামগ্ৰী বিক্ৰী কৰিলে ব্যবসায়ত লোকচান হয় ঠিক সেইদৰে কোৱাচিং ক্লাছত ও শিক্ষাৰ মানদণ্ড উচ্চ হোৱা উচিত । যিহেতু অভিবাহাবকে নিজৰ লৰা ছোৱালী ৰ শৈক্ষিক বিকাশৰ ওপৰত অধিক গুৰুত্ব দিব গতিকে আপোনি ভাল মানদণ্ডৰ শিক্ষা প্ৰদান কৰা তো অনিবাৰ্য। তেনে নকাৰিলে আপোনাৰ প্ৰতিষ্ঠানত ছাত্র ছাত্ৰী নোহোৱা হব, আৰু আপোনাৰ ব্যৱসায় বন্ধ হব । 

) বিজ্ঞাপন আৰু ইয়াৰ প্ৰচাৰ 

এক উপয্যক্ট ভাবে কৰা প্ৰচাৰ আৰু বিজজ্ঞাপনৰ কাযই আপোনাৰ ব্যৱসায়ৰ মানদণ্ড নিৰ্ণয় কৰে ।এটা উপয্যক্ট ব্যৱসায়িক নাম হোৱাটো স্বাভাৱিক যাতে গ্রহকে ইয়াৰ লগত জড়িত হব পাৰে ।আপোনাৰ ব্যৱসায়িক শ্ৰেণীৰ মানুহৰ প্ৰতি লক্ষ্য ৰাখি সেই অনুযায়ী প্ৰতিষ্ঠানৰ  চিনাক্ত কৰিব লাগে। 

শেষত উপয্যক্ট প্ৰচাৰ লগতে বিজ্ঞাপন কৰা মানুহৰ ওপৰত ইয়াৰ জনপ্ৰিয়তা নিৰ্ভৰ কৰে। বৰ্তমান সময়ত যিহেতু অনলাইন ব্যৱস্থা অতি জনপ্ৰিয়। আপুনি ছোচিয়েল মেডিয়াত আপোনাৰ কোৱাচিং প্ৰতিষ্ঠানৰ প্ৰচাৰ কৰিলে অধিক লাভবান হব। কাৰণ বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰী সকলে যথেষ্ট পৰিমাণে ছোচিয়েল মেডিয়া ব্যৱহাৰ কৰে। তেনেদৰে লৰা ছোৱালী ৰ পৰা শিক্ষক আৰু অভিভাৱকালৈ আপোনাৰ বিজ্ঞাপনৰ প্ৰচাৰ হব সাহজে। 

বাতৰি কাকত , ৰেডিও , আৰু লগতে পোষ্টাৰ ব্যৱস্থাৰ জৰিয়তে ও আপুনি আপোনাৰ প্ৰতিষ্ঠানৰ অধিক প্ৰচাৰ কৰিলে লাভাম্বিত হব । 

ইযাৰ লগতে পাৰিলেই একে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক একেলগে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব পাৰে । তেনে কৰিলে অধিক লাভাম্বিত হব। লগতে ছাত্ৰ ছাত্ৰী ও বেছি সহজ ভাবে শিক্ষা গ্ৰহণ কৰিব পাৰিব। 

) দৃঢ়তা আৰু আত্মবিশ্বাস 

আপুনি সঁচাই কোৱাচিং প্ৰতিষ্ঠানত যদিহে নিজৰ মূলধন লগাব বিচাৰে তেনেহলে আপোনাৰ নিজৰ কামৰ প্ৰতি বিশ্বাস ৰাখিব লাগিব । যিহেতু এইটো ব্যবসায়ত অত্যাধিক প্ৰতিযোগিতা আছে গতিকে ইয়াত সফলতা পাবৰ বাবে নিজৰ কামৰ প্ৰতি দৃঢ়তা লাগিব ।    

এই বোৰৰ উপৰিও আপোনাৰ প্ৰতিষ্ঠানৰ গঠন অ বিশেষ প্ৰভাৱ পেলাই । লাগতিয়াল সামগ্ৰী ডেস্ক বেঞ্চৰ লগতে , অন্য সামগ্ৰী যেনে কাৰিকৰী শিক্ষা ৰ বাবে দৰকাৰী সামগ্ৰী কম্পিউটাৰ , গৱেষণা কক্ষ আদিৰ ব্যৱস্থা কৰা । 

ইয়াৰ উপৰিও উপয্যক্ট মানুহ আপোনাৰ প্ৰতিষ্ঠানৰ বাবে নিযুক্ত কৰিব পাৰে । তেনে কৰি আপুনি অধিক বিষয় আপোনাৰ প্ৰতিষ্ঠানত অন্তৰ্ভুক্ত কৰিব পাৰে আৰু লগতে তেনে কৰি অধিক ছাত্ৰ ছাত্ৰী আকৰ্ষণ কৰিবলৈ সক্ষম হব । আন এক গুৰুত্বপূৰ্ণ কথা হল যে আপুনি  দৰাকী আনুষ্ঠানিক যিবোৰ দিশ থাকে ব্যৱসায়ৰ সাইবোৰ সম্পূৰ্ণ ভাবে পূৰণ কৰিব লাগে । যেনে চৰকাৰক পর্যায়প্ত শুল্ক প্ৰদান কৰা । আপুনি কিছু পইচা বচাবলৈ চৰকাৰৰ ৰোষত নপৰা অ ভাল ।  আপুনি নিশ্চয়  ব্যৱসায়ৰ আৰম্ভনিতে আৰক্ষীৰ লাগত অপৰাধত লিপ্ত হব নিবিচাৰে , গতিকে আৰম্ভণিৰ পৰাই আপুনি এক সঠিক পথেৰে আপোনাৰ ব্যৱসায় আগুৱাই নিব লাগে যাতে পিচলে কোনো ধৰণৰ সমস্যা সন্মুখীন হব লগা নহয় । 

শিক্ষা মানুহৰ জীৱন ত অতি গুৰুত্বপূৰ্ণ । কিন্তু বহুতো বিদ্যালয়ত বুনিয়াদী শিক্ষাৰ সম্পূৰ্ণ জ্ঞান পুৱা নাযায় বাবে, অভিভাৱক সকলে নিজৰ লৰা ছোৱালী বোৰক ভিন্ন ধৰণৰ কোৱাচিং ক্লাছত লগায় । এনেধৰণৰ কোৱাচিং ক্লাছ বোৰত বিষয় সাপেক্ষে জ্ঞান দিয়া হয় । ইয়াৰ উপৰিও বৰ্তমান সময়ত এনে কোৱাচিং ক্লাছ বোৰৰ পৰা শিক্ষা গ্ৰহণ কৰি বহুতো লৰা ছোৱালী যে ভিন্ন ধৰণৰ এণ্ট্ৰেন্স পৰীক্ষা বোৰত সক্ষম হব ধৰিছে । উধাৰণ স্বৰূপে বেংক , এছ এছ চি আদি । 

এনে প্ৰতিষ্ঠানত নিযুক্তি হলে আপুনি অন্য কামৰ নিচিনা ৯-৫ লৈ কাম কৰিব নালাগে । আপুনি নিজৰ সময় অনুযায়ী তথা সুবিধা অনুযায়ী ক্লাছৰ সময় নিৰ্ধাৰণ কৰি নিজৰ কাম কৰিব পাৰে । 

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।