written by | October 11, 2021

খাৰুৰ ব্যৱসায়

×

Table of Content


খাৰু ব্যৱসায় আৰম্ভ কেনেদৰে কৰিব 

এগৰাকী ৰূপৱতী নাৰীৰ ৰূপত পূৰ্ণতা আনি দিয়ে অলঙ্কাৰে৷ ভাৰতীয় সমাজত তাহানিৰে পৰা এনে নানা ৰকমৰ খাৰু  পৰম্পৰাগতভাৱে প্ৰচলন হৈ আহিছে৷ কিছুসংখ্যক খাৰু প্ৰায় বিলুপ্ত হৈ গৈছে আৰু প্ৰায়সংখ্যকৰে আৰ্হি বা চানেকিসমূহত নতুনত্বৰ প্ৰভাৱ পৰিছে৷কণমানি ছোৱালীজনীৰ পৰা গাভৰু জীয়াৰী, বোৱাৰী আটাইৰে নিজ ব্যৱহাৰ্য অলঙ্কাৰ হ’ল খাৰু৷ সোণ, ৰূপ, লো, তাম, পিতল, শংখ, হাতীৰ দাঁত, কাঁচ আৰু অন্যান্য পদাৰ্থৰে খাৰু তৈয়াৰ কৰা হয়৷পুৰুষ-মহিলাৰ সৌন্দৰ্যবোধৰ স্বাক্ষৰ খাৰু।পৰম্পৰাগতভাবে আমি দেখি আহিছো বিভিন্ন মণি, মুকুতা আদিৰ চাহিদা বা প্রয়োজনীয়তা। আমাৰ বিভিন্ন উৎসৱ বা বিভিন্ন অনুষ্ঠানত আমি দেখিবলৈ পাওঁ খাৰুৰ চাহিদা। এতিয়া খাৰু ডিজাইনিং এক পৰম্পৰাগতভাৱে চলি অহা ব্যৱসায়।সেয়ে এই ব্যৱসায়ত বিনিয়োগ কৰিলে লাভবান হ‘ব। এই ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে আপুনি ৰত্ন, পাথৰ আৰু জুৱেলাৰীৰ বিষয়ে প্ৰচুৰ জ্ঞান আহৰণ কৰিব লাগিব। এই বজাৰত যথেষ্ট প্ৰতিযোগিতা আছে। সেয়ে মনত ৰাখিব যাতে আপুনি পৰিশ্ৰমৰ মাধ্যমেৰেএই ব্যৱসায় বেছি লাভ লব পাৰিব। 

জানো আহক এই ব্যৱসায় কেনেদৰে আৰম্ভণি কৰিব

সামগ্ৰী নিৰ্ধাৰণ কৰিব

যিহেতু সোণ, ৰূপ, লো, তাম, পিতল, শংখ, হাতীৰ দাঁত, কাঁচ আৰু অন্যান্য পদাৰ্থৰে খাৰু তৈয়াৰ কৰা হয়।  বজাৰত  বহু ধৰণৰ খাৰু  আছে, সকলো সময়তে সকলো সামগ্ৰী লাভ নকৰে আৰু সকলো সামগ্ৰী আপুনি জমা ৰখাতো সম্ভৱ নহয় সেয়ে আপুনি প্ৰথমতে এই কথালৈ মন কৰিব যে আপোনাৰ গ্ৰাহকেৰ কেনে সামগ্ৰী পছন্দ কৰে। তাৰ পাছত সেই অনুযায়ী আপুনি সামগ্ৰীৰ অৰ্ডাৰ দিব পাৰিব। বিক্ৰী সোনকালে হোৱা সামগ্ৰীবোৰ বেছিকৈ ৰাখিব। অৰ্ডাৰৰ পূৰ্বে সাৱধান হওঁক। এই ব্যৱসায়টোত আপোনাৰ লাভ হোৱাতো নিশ্চিত কিন্তু আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কেনেধৰণে প্ৰডাক্টবোৰ ৰাখে ।গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ সামগ্ৰী বোৰ ৰাখিব।খাৰুবোৰ সময়ৰ লগে লগে পৰিবৰ্তন হৈ থাকে ।মনত ৰাখিব যাতে পুৰণি ডিজাইন বোৰৰ উপৰিও নতুন ডিজাইনৰ খাৰু ৰাখিব।সেয়ে আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে এনেধৰণৰ গ্ৰাহকৰ প্ৰয়োজনীয়বা ভাল পোৱা সুবিধা বোৰ ৰাখিব।

এডোখৰ ভাল ঠাই বাচনি 

এডোখৰ ভাল ঠাই বাচনি কৰি লোৱাটো খুবেই জৰুৰী। আজিৰ সময়ত গ্ৰাহকসকলে অনলাইন ত উপহাৰ  ক্ৰয় কৰে। যিহেতু তেনে প্ৰক্ৰিয়া তেনেই সহজ আৰু ভিন্ন ধৰণৰ সামগ্ৰী উপলব্ধ।এই দিশটো মনত ৰাখিয়েই আপুনি আপোনাৰ ব্যৱসায়ৰ ঠাইডোখৰ নিৰ্বাচন কৰিব যাতে সেই ঠাইডোখৰত আপোনাৰ ব্যৱসায়েই আটাইতকৈ আকৰ্ষণীয় হয়। ঠাইডোখৰ  ভাড়ালৈ ও লব পাৰে বা ক্ৰয়ো কৰিব পাৰে  ।মাত্ৰ ভাড়ালৈ লওঁতে আপুনি মন কৰিব যাতে আপোনাৰ  সামগ্ৰীবোৰ শৃংখলাবদ্ধ ভাৱে সজাই আকৰ্ষণীয় কৰি  ৰাখিব এনে ঠাই নিৰ্ধাৰণ কৰিব পাৰি । য‘ত  জন সমাগম বেছি আৰু ব্যস্ততাপূৰ্ণ এলেকাত হয়।

সঠিক পৰিকল্পনা 

প্ৰথমে আপুনি সিদ্ধান্ত লব লাগিব আপুনি খুচুৰা নে নিজা উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব। আপুনি অনলাইন নে অফলাইন ষ্ট‘ৰ কৰিব?যদি অফলাইন তেন্তে বঢ়িব পৰাকৈ নে কেৱল বিক্ৰী কৰাৰ চিন্তা আৰু যদি অনলাইন তেন্তে আপোনাৰ সামগ্ৰী বোৰ ক‘ত ৰাখিব আৰু কিমান পৰিধিৰ ভিতৰত আবদ্ধ কৰিব। সদায়েই মনত ৰাখিব যাতে এই ব্যৱসায় ৰ বাবে আপোনাৰ এটা সঠিক পৰিকল্পনা থাকে। এই ব্যৱসায়ত মূলধনৰ উপৰিও সামগ্ৰী সমূহ ৰখাটো কিছু চিন্তা জনক। ব্যৱসায় এটা সফল কৰাৰ বাবে আটাইতকৈ দৰকাৰী কথাটো হৈছে পেছাদাৰী মনোভাৱ আৰু ব্যৱসায়িক দৃষ্টিভঙ্গী। ভৱিষ্যত পৰিকল্পনা হৈছে আন এটা প্ৰয়োজনীয় দিশ। সময়ৰ লগে লগে ব্যৱসায়ত নতুন নতুন দিশ যোগ কৰি যাব লাগে। অন্যথা বজাৰৰ চাহিদা আৰু নতুন প্ৰযুক্তিৰ উদ্ভাৱনে বহু উদ্যোগ তথা ব্যৱসায়িক প্ৰতিযোগিতাৰ মাজত বৰ্তি থাকিবলৈ নিদিয়ে। নিয়োগৰ ক্ষেত্ৰতো ক্ষুদ্ৰ উদ্যোগে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এক সমীক্ষা মতে ক্ষুদ্ৰ উদ্যোগত বিনিয়োগ হোৱা প্ৰতি একলাখ টকাৰ বিপৰীতে প্ৰায় চাৰিজন মানুহে নিয়োগৰ সুবিধা লাভ কৰে।

আন্তঃগাঁথনি আৰু আলোকসজ্জা 

এখন বিপণীখন কাউন্টাৰ, শ্বেলফৰ লগতে সৰু সৰু এল ই ডি বাল্বৰে দোকানখন সজাবলৈ চেষ্টা সামগ্ৰীবোৰ ভাল আৰু শৃংখলাবদ্ধ ভাৱে ৰাখিব। গ্ৰাহকে কেনে সামগ্ৰী ভাল পায়  গ্ৰাহকৰ মনবোৰ জানিবলৈ চেষ্টা কৰিব। তেওঁলোক ৰ বহাৰ ব্যৱস্থা ও ৰাখিব। খুউব ধুনীয়াকৈ দোকানখনৰ সন্মুখ খিনি সজাব। আপোনাৰ  দোকানখনখনলৈ মানুহৰ সমাগম বৃদ্ধি কৰিব । এনেদৰেই আপোনাৰ দোকানখন লাহে লাহে আপোনাৰ অঞ্চলত জনপ্ৰিয় হৈ পৰিব ।

লাইসেন্স আৰু অনুমতি পত্ৰ 

ভাৰতত যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এই দুয়োটা খুবেই প্ৰয়োজন। মনত ৰাখিব যাতে আপুনি চৰকাৰী অনুমতি পত্ৰ লাভ কৰে। ভৱিষ্যতে কোনো বিপদৰ সন্মুখীন নহয়। ব্যৱসায়ৰ বহুতো অনুজ্ঞাপত্ৰ আছে। এখন  খাৰুৰ দোকান খুলিবলৈ চৰকাৰৰ পৰা কিছু  অনুমতি লব লাগে। আপোনাক  লাগিব ব্যৱসায়ৰ লাইসেন্স ,ডি বি এ চাৰ্টিফিকেট, ৰিচেল চাৰ্টিফিকেট,ঠাইৰ প্ৰমাণ পত্ৰ । এইবোৰ লাভ কৰাৰ পাছতহে দোকানখন খুলিবলৈ পাৰিব। সদায় কাগজবোৰ সাজু কৰি ৰাখিব যাতে বিচাৰিলে নিজৰ সুৰক্ষাৰ বাবে দেখুৱাব পাৰে।

সঠিক ডিষ্ট্ৰীবিউটৰ বাচনি কৰক 

প্ৰথমতেই এইটো কৰণীয়। এই ব্যৱসায়  ডিষ্ট্ৰীবিউটৰ নোহোৱাকৈ খোলা টান। সেয়ে এখন তালিকা প্ৰস্তুত কৰক কি কি সেৱা আগবঢ়াব । ডিষ্ট্ৰীবিউটৰে যাতে আপোনাক উন্নত মানৰ সামগ্ৰীৰ যোগান ধৰিব পাৰে। মনত ৰাখিব যাতে আপোনাৰ গ্ৰাহকে সূদা হাতে উভতিব লগা নহয়। মনত ৰাখিব আপুনি যদি গ্ৰাহকক কিবা প্ৰতিশ্ৰুতি দিয়ে তেন্তে সেয়া সদায়েই বজাই ৰাখিব। যিহেতু এই ব্যৱসায়  সুনামেৰেহে চলে।

অনলাইন 

এখন খাৰুৰ বিপণী খুলিবলৈ আপোনাৰ শক্তিশালী  স্হানীয় ব্যক্তিৰ লগত যোগাযোগ, সু সম্পৰ্ক থকাতো খুবেই জৰুৰী। প্ৰথমতে ওচৰ চুবুৰীয়া আৰু আশে পাশে থকা মানুহৰ লগত সু সম্পৰ্ক গঢ়ি তুলিব।এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী। ৱেবছাইটোত সামগ্ৰী  সন্দৰ্ভত বিতং ভাৱে জনাব। আপোনাৰ ডেলিভাৰী এলেকাতো নিৰ্ধাৰণ কৰি লব। ৱেবছাইটো আকৰ্ষণীয় কৰি ৰাখিবৰ বাবে ভিন্ন ধৰণৰ বস্তুৰে সজাই অনলাইনৰ ব্যৱস্হাটো খুউব মসৃণভাৱে সকলো  গ্ৰাহকৰ সুবিধা হোৱাকৈ ৰাখিব ।ই আপোনাৰ ব্যৱসায় আগবঢ়োৱাত সহায় কৰিব আৰু গ্ৰাহকৰ চাহিদা বৃদ্ধি কৰাব।

ছচিয়েল মিডিয়া আৰু মাৰ্কেটিঙ

যিকোনো ব্যৱসায় আৰম্ভ কৰিলে তাৰ মাৰ্কেটিং টো ভালদৰে জনা উচিত ।যিহেতু এটা ব্যৱসায়ৰ বাবে মাৰ্কেটিং গুৰুত্বপূৰ্ণ । এনে ব্যৱসায় আৰম্ভ কৰাৰ সময়ত এনে মানুহৰ সৈতে চিনাকী ৰখা ভাল যি আপোনাক গ্ৰাহক দিয়াত সহায় কৰে ।এনে সামগ্ৰী ভাল পোৱা মানুহৰ সহায়েৰে আপোনাৰ মাৰ্কেটিং হব পাৰে ।আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ উপৰিও ভিন্ন চছিয়েল মিডিয়াৰ মাধ্যমেৰে আপুনি আপোনাৰ মাৰ্কেটিং কৰিব পাৰে।বনাব। ছচিয়েল মিডিয়া ব্যৱহাৰ কৰক। এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী।আজিকালি ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলোৱা সহজ। আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক।মাজে মাজে ৰেহাই মূল্যত আপোনাৰ প্ৰডাক্টবোৰ দিব যাতে সেয়াই গ্ৰাহকক আকৰ্ষিত কৰিব পাৰে । গ্ৰাহকৰ প্ৰতিক্ৰিয়াও জানিবলৈ চেষ্টা কৰিব ।পাৰিলে হোৱাটছ এপ প্ৰফাইল বনাব আৰু তাত মাজে মাজে গ্ৰাহকক তেওঁলোকৰ প্ৰয়োজন অনুযায়ী অফাৰ দিব পাৰিব । তদুপৰি বিজ্ঞাপন দিয়াৰ ব্যৱস্হা কৰিব।

আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এই ব্যৱসায়টো আপোনাৰ বাবে নতুন,সেয়ে  বেয়া দিনৰ বাবেও সাজু থাকিব । সঠিক পৰিকল্পনা আৰু মাৰ্কেটিং কৰাৰ পাছতো কেতিয়াবা ব্যৱসায়ত উন্নতি নহয় তেতিয়া আপুনি ভালদৰে পৰ্যবেক্ষণ আৰু দৃঢ়প্ৰতিজ্ঞ হব। যিকোনো ব্যৱসায়ত ভাল বেয়া সকলো দিন আহে। আপুনি সংকল্প লৈ আগবাঢ়িব। যদিহে আপুনি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এইটো এটা সঠিক সময়।

—-শুভকামনাৰে

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।