written by | October 11, 2021

আৰ্ট গেলেৰী আৰম্ভ কৰক

×

Table of Content


এটা আৰ্ট গেলেৰী কেনেদৰে খুলিব

শিল্পক দেশৰ বিভিন্ন ইতিহাস, সংস্কৃতি আৰু সাধাৰণ মানুহৰ জীৱনৰ মাজত যোগাযোগৰ  মাধ্যম হিচাপে বিবেচনা কৰা হয়।শিল্প হ‘ল নিজৰ চিন্তাভাৱনা, অনুভূতি আৰু পর্যবেক্ষণ প্রকাশৰ প্ৰকৃত মাধ্যম।শিল্পই মানুহক আশাবাদী কৰি তোলে।আমাৰ দেশ আৰু বিশ্বত বহু সুপ্ত প্ৰতিভা আছে কিন্তু তেওঁলোকে এখন মঞ্চ পেৱা নাই । আৰ্ট গেলেৰী এনে এখন মঞ্চ হব পাৰে যি সিহতক এটা পৰিচয় দিব পাৰে। আৰ্ট গেলেৰীত তেওঁলোকে বনোৱা ছবি আৰু কলাবোৰ না কেৱল উপাৰ্জনৰ দিশ উলিয়াই দিব লগতে সেইসকল মানুহ যিয়ে আৰ্ট ভাল পায় তেওঁলোকে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব । আৰ্ট গেলেৰী এনে এটা মাধ্যম যি সুপ্ত প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ দিয়ে ।আমি জানো যে, কিছুমান মানুহে ছবি এখন ভাল পালে মোটা অংকৰ দিবলৈও না নকৰে । আৰ্ট গেলেৰীয়ে তেনে মানুহবোৰক সেই পেইন্টিং বিক্ৰী কৰাৰ পাছত মাজৰ এটা পৰিমানৰ কমিশ্যন ৰাখি বাকীখিনি আৰ্টিষ্টজনক আদায় কৰে ।আৰ্ট গেলেৰী এনে এটা ব্যৱসায় যত ধৈয্য থাকিলে মাত্ৰ এদিনতে আপোনাৰ জীৱনে এটা নতুন ৰূপ লব পাৰে । 

বজাৰ পয্যবেক্ষণ কৰক

যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে বজাৰ পৰ্যবেক্ষণ কৰাতো খুবেই জৰুৰী ।বজাৰৰ বিষয়ে একো তথ্য আপোনাৰ হাতত নাথাকিলে ব্যৱসায়টো বুজি পাবলৈ বহু সময় আপোনাক লাগিব আৰু তেনে কৰিলে আপোনাৰ ব্যৱসায়ত সহজে লাভ মুখ দেখা নাপাব ।সেয়ে বজাৰ পৰ্যবেক্ষণ কৰাতো খুবেই জৰুৰী ।এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। 

আৰ্ট গেলেৰী খোলাৰ সময়ত এটা কথাৰ প্ৰতি দৃষ্টি ৰাখিব,আপোনাৰ এলেকাৰ কিমান মানুহে আৰ্ট ভাল পায়,বুজে আৰু গ্ৰহণ কৰে ।তদুপৰি আপোনাৰ ঠাইডোখৰত আন আৰ্ট গেলেৰী যদি আছে তাত কেনেধৰণৰ আৰ্ট আছে আৰু তেওঁলোকতকৈ কি নতুনত্বৰে আপোনাৰ গেলেৰীখন কৰিব পাৰে,কি কি নতুন সামগ্ৰী ৰাখিব পাৰে সেয়াও ভাবি লব ।এনেদৰে আপুনি আপোনাৰ ব্যৱসায়ত মনোযোগ দিব।

আৰ্ট গেলেৰী এটা মোটা অংকৰ মূলধন ব্যৱহাৰ কৰিব লগীয়া আৰু লাভজনক ব্যৱসায়ৰ লগতে এটা সাংস্কৃতিক পৰিবেশৰ কেন্দ্ৰ ।

আপোনাৰ দক্ষতা বৃদ্ধি কৰক

আৰ্ট গেলেৰী আৰম্ভ কৰাৰ পূৰ্বে আৰ্ট গেলেৰীৰ বিষয়ে জনাটো উচিত ।আপুনি আৰ্টৰ বিষয়ে আঁতিগুৰি জনা ভাল । দক্ষ বিশেষজ্ঞৰ সৈতে কথা পাতক ।নতুন পদ্ধতি শিকক আৰু যিহেতু আৰ্ট ক্ষেত্ৰখনত বহু বছৰৰ কষ্ট,পৰিশ্ৰম থাকে সেয়ে সন্মান জনাওক।মুঠতে আপোনাৰ দক্ষতা সকলোপ্ৰকাৰে বৃদ্ধি কৰক ।

আৰ্ট গেলেৰীখনৰ আকাৰ আৰু ধৰণ 

আৰ্ট গেলেৰীৰ বাবে পৰিকল্পনা অনুযায়ী বিনিয়োগৰ দিশটোৰ প্ৰতি মন দিয়া উচিত। আৰ্ট গেলেৰীখনৰ আকাৰ নিৰ্ধাৰণ কৰি লোৱা উচিত । কি কি সামগ্ৰী ৰাখিব,ই কৰ্মাছত আপোনাৰ সামগ্ৰী ৰাখিবনে নাই, সকলোখিনি সম্পূৰ্ণ কৰি তুলিবলৈ মূলধন পাবনে নাই সকলো দিশ চাই লোৱা উচিত ।ই এটা কমিশ্যন ভিত্তিক ব্যৱসায় যত আৰ্টিষ্টজনক পাৰিশ্ৰামিক আদায় দিয়াৰ মাজতে আপোনাৰ কমিশ্যন বাহিৰ কৰিব লাগিব ।

সঠিক স্হান ভাড়ালৈ লওক

আৰ্ট গেলেৰীৰ বাবে এটা ভাল ঠাই বাচনি কৰি লওক।মনত ৰাখিব যদি কেতিয়াবা ডাঙৰ কৰিব বিচাৰে তেন্তে কৰিব পাৰে কিন্তু ঠাই সলনি নকৰিব ।আৰ্ট গেলেৰী এনে ঠাইত হব লাগে যত মানুহৰ সমাগম বেছি হয় আৰু এয়া কোনোবা মলৰ তলত বা মিউজিয়ামৰ কাষত হোৱা উচিত । গেলেৰীটো আপুনি গ্ৰন্হ উন্মোচন,কবিতা পাঠ,নাট কৰ্মশালাৰ বাবে ভাড়ালৈ দিব পাৰে যি আপোনাক জনপ্ৰিয়তা আৰু ব্যৱসায় দিব ।

ডিজাইন আৰু সাজসজ্জা

আৰ্ট গেলেৰীটো এনে ধৰণে সজাব যি আপোনাক লাভান্বিত কৰিব পাৰে ,ইয়াৰ বাবে দক্ষ ডিজাইনাৰৰ সহায় লব পাৰে ।গেলেৰীটোত আলোকসজ্জা আৰু দেৱালৰ ৰং খুউব আকৰ্ষণীয় হোৱা উচিত ।আকৰ্ষণীয় আলোকসজ্জাই কলাৰ প্ৰতি ধাউতি বৃদ্ধি কৰিব আৰু অধিক গ্ৰাহকক আকৰ্ষিত কৰিব ।ইয়ে আপোনাৰ ব্যৱসায় সফল কৰাত সহায় কৰিব । আপোনাৰ আৰ্ট গেলেৰীটোলৈ মানুহৰ সমাগম বৃদ্ধি কৰিব । এনেদৰেই আপোনাৰ আৰ্ট গেলেৰীটো লাহে লাহে আপোনাৰ অঞ্চলত জনপ্ৰিয় হৈ উঠিব।

এটা ই কমাৰ্চ প্লেটফৰ্ম তৈয়াৰ কৰক

সময়ৰ লগে লগে মানুহৰ চাহিদা অনলাইনৰ প্ৰতি বৃদ্ধি পাইছে । ইয়াৰ বাবে এজন দক্ষ টেকনিচিয়ানৰ সহায় লব পাৰে।যি প্ৰতি সময়তে আপোনাৰ ৱেবছাইট কোনো সমস্যা নোহোৱাকৈ চলাব পাৰে ।এই ব্যৱস্হাই আপোনাৰ গ্ৰাহকৰ সুবিধা কৰিব। অনলাইনৰ ব্যৱস্হাটো খুউব মসৃণভাৱে সকলো বয়সৰ গ্ৰাহকৰ সুবিধা হোৱাকৈ ৰাখিব ।ই আপোনাৰ ব্যৱসায় আগবঢ়োৱাত সহায় কৰিব আৰু গ্ৰাহকৰ চাহিদা বৃদ্ধি কৰাব ।

আপোনাৰ সামগ্ৰীবোৰ অনলাইন যোগে বিক্ৰী কৰিবৰ বাবে ভাল এটা ৱেবছাইট বনাব। ছচিয়েল মিডিয়া ব্যৱহাৰ কৰক।বজাৰৰ ক্ষেত্ৰত  আজিকালি ই কৰ্মাচে সকলো সহজ কৰি তুলিছে। এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী।    আজিকালি ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলোৱা সহজ। আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক। ৰেহাইৰ সুবিধা আগবঢ়াওক। লিফটলেট, পাম্পলেট আদি প্ৰচাৰ পত্ৰিকাৰে বজাৰ দখলৰ চেষ্টা চলাওক। পাৰিলে হোৱাটছ এপৰ জৰিয়তে গ্ৰাহকক ৰেহাই মূল্য ৰ বিষয়ে অৱগত কৰিব। মনত ৰাখিব যাতে গ্ৰাহক আপোনাৰ ব্যৱহাৰত সন্তুষ্ট হৈ থাকে। 

মাৰ্কেটিং আৰু চছিয়েল মাধ্যম

যিকোনো ব্যৱসায় আৰম্ভ কৰিলে তাৰ মাৰ্কেটিং টো ভালদৰে জনা উচিত ।যিহেতু এটা ব্যৱসায়ৰ বাবে মাৰ্কেটিং গুৰুত্বপূৰ্ণ ।আৰ্ট গেলেৰী আৰম্ভ কৰাৰ সময়ত এনে মানুহৰ সৈতে চিনাকী ৰখা ভাল যি আপোনাক গ্ৰাহক দিয়াত সহায় কৰে ।আৰ্ট ভাল পোৱা মানুহৰ সহায়েৰে আপোনাৰ মাৰ্কেটিং হব পাৰে ।আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ উপৰিও ভিন্ন চছিয়েল মিডিয়াৰ মাধ্যমেৰে আপুনি আপোনাৰ মাৰ্কেটিং কৰিব পাৰে। মাজে মাজে ৰেহাই মূল্যত আপোনাৰ প্ৰডাক্টবোৰ দিব যাতে সেয়াই গ্ৰাহকক আকৰ্ষিত কৰিব পাৰে । গ্ৰাহকৰ প্ৰতিক্ৰিয়াও জানিবলৈ চেষ্টা কৰিব ।পাৰিলে হোৱাটছ এপ প্ৰফাইল বনাব আৰু তাত মাজে মাজে গ্ৰাহকক তেওঁলোকৰ প্ৰয়োজন অনুযায়ী অফাৰ দিব পাৰিব । তদুপৰি বিজ্ঞাপন দিয়াৰ ব্যৱস্হা কৰিব। ।আৰ্ট গেলেৰীটোৰ বিষয়ে প্ৰত্ৰিকা,ছচিয়েল মিডিয়াৰ মাধ্যমেৰেও প্ৰচাৰ চলাব ।যাতে ৰাইজে আপোনাৰ নতুনকৈ আৰম্ভণি কৰা আৰ্ট গেলেৰীটোৰ বিষয়ে খবৰ পায় ।

 যেতিয়া আপুনি আৰ্ট গেলেৰীখন আৰম্ভ কৰিব মনত ৰাখিব যাতে সদায় আৰ্টিষ্ট আৰু তেওঁলোকৰ কলাই সন্মান লাভ কৰে।আৰ্টিষ্টসকলে তেওঁলোকৰ কলাৰ বাবে যথেষ্ট সাধনা কৰিব লাগে লগতে হাড়ভঙা পৰিশ্ৰম সেয়ে,তেওঁলোক আৰু তেওঁলোকৰ কলাক অন্তৰৰ পৰা সন্মান জনোৱা উচিত।এই ব্যৱসায়ৰ দ্বাৰা লাভান্বিত হোৱাতো কঠিন আৰু প্ৰত্যাহ্বানমূলক।সেয়ে মাজে মাজে নতুন চিন্তা কৰিব যেনে আৰ্টিষ্টসকলক আপোনাৰ গেলেৰীলৈ আমন্ত্ৰণ জনাব যি আপোনাক নতুন গ্ৰাহক লাভ কৰাত সহায় কৰিব ।এই ব্যৱসায় যথেষ্ট কষ্টকৰ ।ব্যৱসায়ৰ উন্নতিৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব ,মোটা মূলধনৰ প্ৰয়োজন হব আৰু কলাৰ প্ৰতি আবেগো থাকিব লাগিব ।হয়তো প্ৰতিষ্ঠিত হওঁতে কিছু পলম হব কিন্তু সঠিক পৰিকল্পনা কৰি আগবাঢ়িলে সফল হোৱাতো খাটাং ।

নতুন ব্যৱসায় উপভোগ কৰক।

আপোনালৈ অলেখ শুভকামনা…

  

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।