written by | October 11, 2021

ইণ্টেৰিয়ৰ ডিজাইনিংৰ ব্যৱসায়

×

Table of Content


ইন্টেৰিয়ৰ ডিজাইনিং ব্যৱসায় আৰম্ভ কেনেদৰে কৰিব 

খাদ্য আৰু বাসস্থান মানুহৰ  মৌলিক প্ৰয়োজন। আমি জীয়াই থাকিবলৈ প্ৰতিটো দিনতেই কষ্ট কৰো। বেছি উপাৰ্জনৰ চেষ্টা কৰো যাতে আমি এটা ঘৰ বনাব পাৰো। মধ্যবিত্ত শ্ৰেণীৰ লোকৰ আজিৰ সময়ত উপাৰ্জনৰ পথ মুকলি হৈছে সেয়ে তেওঁলোকেও এটা ঘৰ বনোৱাৰ হেঁপাহ মনত ৰাখিছে।  আমি আমাৰ ঘৰটো নিৰ্মাণ কৰা আৰু সুন্দৰ কৰি  তুলিবৰ বাবে অহৰহ চেষ্টা কৰিছো। সেয়ে আমি বহু ধৰণৰ সামগ্ৰী গোটোৱাৰ চেষ্টা কৰো। সময়ৰ লগে লগে বিশ্বখন বেছি ধুনীয়া আৰ আকৰ্ষণীয় হৈ পৰিছে।ডিজাইন আৰু কিছুমান সামগ্ৰীয়ে বিশ্ব খনক এনে ৰূপ দিয়াত অনবদ্য অৱদান আগবঢ়াইছে। । ভিন্ন ডিজাইন আৰু পদ্ধতিৰে নতুন নতুন ৰূপত বজাৰত উপলব্ধ হৈ আহিছে।মানুহ কলাৰ সাধক।মানুহে ধুনীয়াকৈ থাকি ভাল পায়।তদুপৰি নিজৰ ঘৰখন সজাই তুলিবলৈ কাৰনো বাৰু মন নাযায়।ঘৰখন সজাই পৰাই ৰাখিলে নিজৰ লগতে ঘৰলৈ অহা আলহীয়ে  ভাল পাব। আপোনাৰ ঘৰখন আপুনি কেনেকৈ সজাব এইটো সম্পূৰ্ণ নিৰ্ভৰ কৰে আপোনাৰ নিজৰ ওপৰত।কোনপদ বস্তু ক’ত থ’লে ঘৰখন শুৱনি হ’ব সেইখিনি চকু দিব লাগিব আমি নিজেই।লগতে ঘৰখন সজাই তোলাত বাৰুকৈয়ে সহায় কৰে আলহী অতিথিয়ে।নিজৰ আয় চাই ব্যয় কৰিব তেতিয়া অসুবিধা নহয় আপোনাৰ ঘৰ খন সজোৱাত। আজিকালি ঘৰখন সজাবৰ বাবে আমি পেছাগত ভাৱে ইন্টেৰিয়ৰ ডিজাইনাৰৰ সহায় লয়। যিহেতু মানুহে ঘৰ এবাৰলৈ বনায় সেয়ে পেছাগত ভাৱে ইন্টেৰিয়ৰ ডিজাইনাৰৰ সহায় লয়। এই ব্যৱসায়টো বৰ্তমান সময়ত খুউব আগবাঢ়ি যাব পৰা এটা ব্যৱসায়। ঘৰৰ চুক কোণ সকলো দিশ চাই চিতি ইন্টেৰিয়ৰ ডিজাইনাৰে গৃহসজ্জা কৰে ।

আপোনাৰ দক্ষতা 

আপোনাৰ দক্ষতা বৃদ্ধি কৰক। আপোনাৰ দক্ষতা গ্ৰাহকৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপুনি ষ্টুডিঅ‘,অফিচ, ঘৰ ডিজাইন কৰিছে তেন্তে আপুনি এই বিষয়ত পাৰদৰ্শী হোৱাতো প্ৰয়োজনীয়। অন্যথা আপুনি  গ্ৰাহক হেৰুৱাব।সদায় কামৰ প্ৰতি আৰু নতুন ব্যৱসায় ৰ প্ৰতি সাজু হৈ থাকিব।

মূলধন

এজন ব্যৱসায়ীৰ সকলো ব্যৱসায়ৰ লগতে ব্যক্তিগত বিলবোৰ পৰিশোধ কৰাৰ বাবে পৰ্যাপ্ত অৰ্থ অথাৎ ধন থকা উচিত। ব্যৱসায়টো আৰম্ভ কৰাৰ পূৰ্বে ই পৰিয়ালৰ সদস্য, বন্ধুবান্ধৱ, আত্মীয় স্বজন সকলোৰে পৰা টকা পইচা ৰ ব্যৱস্থা কৰি লোৱা উচিত। অবাঞ্ছিত দিশ বা অপ্ৰয়োজনীয় দিশত টকা খৰছ কৰাতো অনুচিত।  এজন সফল ব্যৱসায়ীয়ে কেতিয়াও কোনো পৰিস্থিতি মগজুৰ পৰা তললৈ আহিব নিদিয়ে। সেয়ে সুচাৰুৰূপে ব্যৱসায় আগবঢ়োৱাৰ বাবে বিত্তীয় দিশটো খুউব গুৰুত্বপূৰ্ণ।

পৰ্যবেক্ষণ কৰক 

ব্যৱসায়টো আৰম্ভ কৰাৰ পূৰ্বে আপোনাৰ বজাৰ, চাহিদা, যোগান সকলোবোৰ কেনেকুৱা হব জানি লোৱাটো উচিত।   সেয়ে আপুনি ভালদৰে পৰ্যবেক্ষণ কৰক। আনবোৰ  ব্যৱসায় কেনে ধৰণৰ সুবিধা আগবঢ়াইছে আৰু তেওঁলোকৰ  ব্যৱসায় ৰ বিশেষত্ব কি সেয়াও জানিবলৈ চেষ্টা কৰিব। আপোনাৰ ব্যৱসায়টোৰ বিষয়ে নিজেও জানিব লাগিব। এই ব্যৱসায় লাভজনক আৰু বিনিয়োগো বেছি। তদুপৰি ই এক সাংস্কৃতিক হাব্ ও হয়।উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এটা ব্যৱসায় আৰম্ভ কৰাৰ আগেয়ে সুপৰিকল্পিত এখন আঁচনি,মূলধনৰ প্ৰয়োজনীয়তা, আদিৰ বিষয়ে বিতংকৈ জানি লোৱা দৰকাৰ।

আপোনাৰ দক্ষতা বৃদ্ধি কৰক

 ব্যৱসায়টো আৰম্ভ কৰাৰ পূৰ্বে ডিজাইনৰ বিষয়ে জনাটো খুবেই জৰুৰী। ইয়াৰ বাবে আপুনি ফেশ্বনৰ ডিপ্লমা কৰি জ্ঞান আহৰণ কৰিব।  এজন ডিজাইনাৰ নিজৰ কামত পাৰদৰ্শী হ‘বলৈ বহু বছৰৰ অভিজ্ঞতা অৰ্জন কৰিব লাগিব।আপুনি জানিব লাগিব গ্ৰাহকক কিদৰে আকৰ্ষিত কৰিব পাৰি আৰু কেনে সামগ্ৰী তেওঁ লোকক দিব পাৰি।

লাইসেন্স আৰু অনুমতি পত্ৰ 

ভাৰতত যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এই দুয়োটা খুবেই প্ৰয়োজন। মনত ৰাখিব যাতে আপুনি চৰকাৰী অনুমতি পত্ৰ লাভ কৰে। ভৱিষ্যতে কোনো বিপদৰ সন্মুখীন নহয়। ব্যৱসায়ৰ বহুতো অনুজ্ঞাপত্ৰ আছে। যেনে ব্যৱসায়ৰ নাম ৰেজিট্ৰেশ্যন, ঠাইডোখৰৰ অনুমতি পত্ৰ,জি এছ টি পঞ্জীকৰণ, ট্ৰেড লাইসেন্স আৰু বহুতো। এইবোৰ লাভ কৰাৰ পাছতহে ব্যৱসায় আৰম্ভ কৰিব পাৰে  । 

আপোনাৰ  গ্ৰাহকক বুজক 

সদায় গ্ৰাহকৰ প্ৰয়োজন টো বুজিবলৈ চেষ্টা কৰিব। তেওঁ লোকে কি ভাল পায়, কি বিচাৰে সেয়া ও জানিবলৈ চেষ্টা কৰিব। তাৰ বাবে উন্নত ষ্টক ৰাখিব। তেওঁ লোকৰ প্ৰতিক্ৰিয়া বোৰ জানিবলৈ চেষ্টা কৰিব।  গ্ৰাহকসকলে আকৰ্ষণীয়বস্তু বোৰ কিনিবৰ বাবে সংকোচ নকৰে সেয়ে মনত ৰাখিব যাতে সদায়  তেওঁ লোকে এটা নতুনত্ব অনুভৱ কৰিব পাৰে। অন্যথা আপুনি লাভৰ পৰা বঞ্চিত হব। 

গ’ অনলাইন 

যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এটা শক্তিশালী সম্পৰ্ক আৰু পৰিকল্পনা কৰা উচিত। আপোনাৰ ব্যৱসায়ৰ এটা ৱেবছাইট বনাব য’ত আপুনি সুন্দৰভাৱে উপস্থাপন কৰিব সেৱাসমূহৰ বিষয়ে উল্লেখ কৰিবযাতে গ্ৰাহকক অধিক আকৰ্ষিত কৰিব পাৰি।

এটা ভাল টিম (দল) বনোৱা 

এই ব্যৱসায় ত আপোনাৰ কৰ্মচাৰীয়েই আপোনাৰ ব্যৱসায়। দক্ষ,অভিজ্ঞ আৰু পাৰদৰ্শী  শ্ৰমিক আপুনি নিয়োগ কৰিব লাগিব। মাজে সময়ে আপোনাৰ কৰ্মচাৰীক পুৰস্কাৰ প্ৰদান কৰি, বা উৎসাহিত কৰি ৰাখিবলৈ চেষ্টা কৰিব যাতে তেওঁ আপোনাৰ লগতেই জড়িত হৈ থাকে।আপোনাৰ ব্যৱসায় পৰিচালনা কৰক লগতে টিমক প্ৰতিনিধিত্ব কৰক। 

আপোনাৰ কৰ্মচাৰীয়ে সঠিক প্ৰতিনিধি হে বিচাৰে।  সঠিক ভাৱে প্ৰতিনিধিত্ব কৰিলে আপুনি আপোনাৰ কৰ্মচাৰীৰ লগত যি কোনো ঠাইত কাম কৰিব পাৰিব।  যদিহে আপুনি সিহঁতৰ সৈতে কামৰ লগত জড়িত থাকে তেন্তে সিহঁতে আপোনাৰ দক্ষতাত প্ৰশ্ন উত্থাপন কৰিব। সেয়ে আপুনি সিহঁতক কাম খিনি সুচাৰুৰূপে কৰিবলৈ দিয়ক। 

সঠিক ডিষ্ট্ৰীবিউটৰ বাচনি কৰক 

প্ৰথমতেই এইটো কৰণীয়। এই ব্যৱসায়  ডিষ্ট্ৰীবিউটৰ নোহোৱাকৈ খোলা টান। সেয়ে এখন তালিকা প্ৰস্তুত কৰক কি কি সেৱা আগবঢ়াব । ডিষ্ট্ৰীবিউটৰে যাতে আপোনাক উন্নত মানৰ সামগ্ৰীৰ যোগান ধৰিব পাৰে। যদিহে আপুনি সামগ্ৰীখিনি নিজেই প্ৰস্তুত কৰিছে তেন্তে কেঁচা সামগ্ৰীবোৰ সময়মতে আৰু কম দামত পাবৰ বাবে ও প্ৰয়োজন।মনত ৰাখিব যাতে আপোনাৰ গ্ৰাহকে সূদা হাতে উভতিব লগা নহয়।স্হানীয় বজাৰত আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ বিচাৰিব। মনত ৰাখিব আপুনি যদি গ্ৰাহকক কিবা প্ৰতিশ্ৰুতি দিয়ে তেন্তে সেয়া সদায়েই বজাই ৰাখিব। যিহেতু এই ব্যৱসায়  সুনামেৰেহে চলে। 

ছচিয়েল মিডিয়া মাৰ্কেটিং 

আপোনাৰ উৎপাদিত সামগ্ৰীবোৰ অনলাইন যোগে বিক্ৰী কৰিবৰ বাবে ভাল এটা ৱেবছাইট  ইয়াৰ বাবে এজন দক্ষ টেকনিচিয়ানৰ সহায় লব পাৰে।যি প্ৰতি সময়তে আপোনাৰ ৱেবছাইট কোনো সমস্যা নোহোৱাকৈ চলাব পাৰে ।আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ মাধ্যমৰে প্ৰচাৰ চলাওক। ৰেহাইৰ সুবিধা আগবঢ়াওক। লিফটলেট, পাম্পলেট আদি প্ৰচাৰ পত্ৰিকাৰে বজাৰ দখলৰ চেষ্টা চলাওক। পাৰিলে হোৱাটছ এপৰ জৰিয়তে গ্ৰাহকক ৰেহাই মূল্য ৰ বিষয়ে অৱগত কৰিব। মনত ৰাখিব যাতে গ্ৰাহক আপোনাৰ ব্যৱহাৰত সন্তুষ্ট হৈ থাকে।

যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এটা সঠিক পৰিকল্পনা কৰিব লাগে । গহণাৰ ব্যৱসায় এনে এক ব্যৱসায় যি গ্ৰাহক আৰু মালিকক উৎফুল্লিত কৰে। যিহেতু ইয়াৰ লগত মানুহৰ সুখ আৰু সমৃদ্ধি জড়িত হৈ থাকে। যদিহে আপুনি নতুন ব্যৱসায় এটাত সফলতা অৰ্জন কৰিব বিচাৰে তেন্তে সদায় ‘ৰিস্ক‘ লবৰ বাবে সাজু হৈ থাকিব। এই ব্যৱসায়টোত কিছু বছৰৰ সাধনা আৰু পৰিশ্ৰমে আপোনাক ভৱিষ্যতলৈ এজন সফল  ব্যৱসায়ী ৰূপে গঢ়ি তুলিব পাৰে। এটা ব্যৱসায়ৰ বাবে দৃঢ়তা আৰু সংকল্প লাগিব। ভাল বা বেয়া দুয়োটা দিনৰ বাবে সাজু থাকক। 

 

—শুভকামনাৰে

 

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।