written by | October 11, 2021

ৰিয়েল এষ্টেটৰ ব্যৱসায়িক পৰিকল্পনা

×

Table of Content


ভূ-সম্পত্তিৰ ব্যৱসায়ৰ বাবে চূড়ান্ত পৰিকল্পনা

এখন নিজৰ সুন্দৰ ঘৰ হোৱাটো কোনে নিবিচাৰে? সেইয়া লাগিলৈ মাটি কিনি নিজে ঘৰ সজাই হওক অথবা ফ্লেট কিনাই হওক। চাকৰি বা ব্যৱসায় কৰা ব্যক্তি এজনে নিজৰ কৰ্মকালতে এটা ঘৰ বনোৱাৰ সপোন সফল কৰাৰ  চেষ্টা কৰে।  ভূ-সম্পত্তি অথবা ৰিয়েল এষ্টেটৰ ব্যৱসায়ত জড়িত লোকে  এই সপোন সফল কৰাত সহায় কৰে। ভাৰতবৰ্ষৰ এটা ডাঙৰ ব্যৱসায় হৈছে ভূ-সম্পত্তিৰ ব্যৱসায়।  ২০২০ চনৰ শেষলকৈ প্ৰায় ২০,০০০ কোটিৰ ব্যৱসায়ৰ সম্ভাৱনাপূৰ্ণ এটি ব্যৱসায় হৈছে ৰিয়েল এষ্টেটৰ। গতিকে এনেকুৱা এক লাভজনক ব্যৱসায়ত এই কেইটা পদক্ষেপ অনুসৰণ কৰিয়েই আপুনিও আগবাঢ়িব পাৰে।

পঞ্জীয়ন আৰু অনুমতি পত্ৰ

আপুনি ৰিয়েল এষ্টেটৰ ব্যৱসায় কৰাৰ আগতে পঞ্জীয়নৰ কামখিনি ঠিকে-ঠাকে কৰি লব।ব্যৱসায় কৰিবলৈ অনুমতি পত্ৰ আৰু আন যাৱতীয় অনুমতিৰ বাবে সকলো কাম পৰ্যায়ক্ৰমে কৰি লওক। ৰিয়েল এষ্টেটৰ ব্যৱসায়ত আপুনি এজন এজেণ্ট হিচাপে কাম কৰিব নে কোম্পানী গঠন কৰিব নে অংশীদাৰী ব্যৱসায় কৰিব,সেই হিচাপে পঞ্জীয়ন কৰিব।

মূলধন আৰু বিনিয়োগ

ব্যৱসায় যিয়েই হওক, আৰম্ভণিতে ঢেৰ পইচা বিনিয়োগ কৰাটো উচিত নহয়। বজাৰৰ অৰ্থনৈতিক অৱস্থাতো চাইহে তাত কিমান বিনিয়োগ কৰিব সেইটো সিদ্ধান্ত লওক। আপুনি অকলে যদি এই ব্যৱসায় আৰম্ভ কৰিছে তেনেহলে সমস্ত বিনিজোগ আপোনাৰ আৰু যদি অংশীদাৰী ব্যৱসায় কৰিছে তেনেহলে  বিনিয়োগ সেইটো হিচাপত কৰিব। আৰু তাতকৈও বেছি যদি মূলধন লাগে তেনেহলে লোন লব পাৰে। আৰম্ভণিতে এই আটাইবোৰ দিশ সামৰি খৰচ আৰু উপাৰ্জনৰ হিচাপবোৰ লিখি গলে শেষত হিচাপ উলিয়াবলৈ কোনো সমস্যা নহয়।

আৰ ই আৰ এ পঞ্জীয়ন

কোনো এখন ৰাজ্যত ৰিয়েল এষ্টেট এজেণ্ট হিচাপে কাম কৰিবলৈ হলে ৰিয়েল এষ্টেট এক্টৰ অধীনত পঞ্জীয়ন কৰিব লাগিব। এখন পৰামৰ্শমূলক ফাৰ্মৰ এইখিনি কাম কৰোতে এদিন বা দুদিন লাগে। আৰ ই আৰ নম্বৰটো ভৱিষ্যতে ব্যৱসায়ৰ লগত জড়িত সকলো কামতে ব্যৱহাৰ হব।

কৰ

ব্যৱসায় আৰম্ভ কৰাৰ লগে লগে বিভিন্ন ধৰণৰ কৰৰ কথা আহি পৰে। আপুনি অকলে যদি এজেণ্ট হিচাপে কাম কৰি আছে তেনেহলে আয় কৰ, আৰু যদি কোম্পানী হিচাপে কাম কৰি আছে তেনহলে জি এচ টিৰ হিচাপত কৰ দিব লাগিব।কেন্দ্ৰীয় চৰকাৰে প্ৰযোজ্য কৰা এই কৰ সকলো ব্যৱসায়ৰ বাবে লাগু হব।

বিভিন্ন ধৰণৰ প্ৰশিক্ষণ লওক

ৰিয়েল এষ্টেট ব্যৱসায়ৰ বাবে সম্যক জ্ঞান থকাটো দৰকাৰ। আৰু নতুন নতুন ব্যৱসায়িক ধাৰণাৰ বাবে অনলাইনত ৱৰ্কশ্বপ,ৱেবিনাৰ আদিত অংশগ্ৰহণ কৰক।বহুতো ডাঙৰ ডাঙৰ কোম্পানীবোৰে অনলাইনতে তেওলোকৰ ব্যৱসায়ৰ এডভাৰটাইজ কৰাৰ লগতে সেই বোৰৰ ভাৰ্চুৱেল টুৰ কৰাই সকলোখিনি বুজাই দিয়ে। ব্যৱসায়ী হিচাপে আপুনি আপোনাৰ অভিজ্ঞতা আৰু জ্ঞানেৰে নিজৰ সম্ভাৱ্য গ্ৰাহকক সকলো দিশ সামৰি বুজাব লাগিব। অনলাইনত এনে ধৰণৰ নানান ৱেবিনাৰ চোৱাৰ পিছত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হব  আৰু নতুন কথা শিকিব পাৰিব। লগতে বিশেষজ্ঞক আপুনি নিজৰ সুধিবলগীয়া কিবা থাকিলে সেইবোৰ ধাৰণা স্বচ্ছ হব।

আপোনাৰ দক্ষতা নিৰ্বাচন কৰক

 ৰিয়েল এষ্টেটৰ  ব্যৱসায় আৰম্ভ কৰাৰ আগতে চাই লওক যে আপোনাৰ কোনটো ক্ষেত্ৰত দক্ষতা আছে। আৱাগিক ক্ষেত্ৰত আপুনি কাম কৰিব বিচাৰিছে নে বাণিজ্যিক ক্ষেত্ৰত?  কোনটোত আপোনাৰ ৰাপ আৰু জ্ঞান আছে? কোনটো ক্ষেত্ৰত অভিজ্ঞতাৰে আপোনাক বেছি পৰিপুষ্ট কৰিছে। যত আপোনাৰ ৰাপ আছে তাত আপোনাৰ সৃজনীশীলতাই স্থান পাব আৰু গ্ৰাহকে আপোনাৰ ব্যৱসায়ক  ভাল পাব।আপোনাৰ ৰিয়েল এষ্টেটৰ ব্যৱসায়ৰ বাবে এটি আকৰ্ষণীয় লোগো আৰু এটা নাম নিৰ্ধাৰণ কৰক যিটোৱে আপোনাৰ ব্যৱসায়ৰ লগত সংযুক্ত কৰিব পাৰে।লোগো ডিজাইন কৰাৰ বাবে আজিকালি বহুতো পেছাদাৰী এজেঞ্চী থাকে যত আপোনাৰ পচন্দ মতে লোগো ডিজাইন কৰাত সহায় কৰে। ৰিজেও এষ্টেটৰ লোগোৰ বাবে ঘৰৰ আৰ্হি আদি লোগো হিচাপে ব্যৱহাৰ কৰে।

চছিয়েল মিডিয়াৰ উপস্থিতি 

বিভিন্ন সামাজিক মাধ্যমত উপস্থাপন কৰাৰ লগতে ফেচবুক আৰু ইনষ্টাগ্ৰামত আপোনাৰ ৰিয়েল এষ্টেটৰ ব্যৱসায়ৰ পেজ খোলক যাতে গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে। চাৰ্চ ইঞ্জিন অপ্টিমাইজেচনৰ জৰিয়তে গ্ৰাহকৰ মনৰ পচন্দ অনুসৰি প্ৰপাৰ্টী  বিচৰাত সহায় কৰক। এয়া এক এনেকুৱা বিনিয়োগ যি কেতিয়াও অথলে নাযায়।এটা হোৱাটচ এপ নম্বৰ ৰাখিব যাতে গ্ৰাহকৰ সংস্পৰ্শত সদায় ৰাখিব পাৰে। আপোনাৰ লগত ব্যৱসায়িক সম্পৰ্ক ৰখা  গ্ৰাহকে অন্যকো এই বিষয়ে অৱগত কৰিব। কেতিয়াবা আপুনি কিছুমান অফাৰৰ জড়িয়তেও গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে। লগতে আপোনাৰ ব্যৱসায়ৰ  বিষয়ে জানিবলৈ এখনকৈ  প্ৰচাৰ পত্ৰিকা স্থানীয় বাতৰি কাকতৰ লগত দিয়ক যাতে তেওলোকে আপোনাৰ  এই ৰিয়েল এষ্টেটৰ  ব্যৱসায়ৰ কথা গম পায়।

ডিজিটেল যুগত আপোনৰ এই ব্যৱসায়ক অনলাইন ৰূপ দিয়ক।হোৱাটচএপ অথবা পেজৰ লিংক দি নিজৰ বন্ধু বৰ্গকো এই বিষয়ে জনাব পাৰে।এইটোৱে আপোনাৰ বাবে অনেক বিকল্প আনিব আৰু ৰিয়েল এষ্টেটৰ এই ব্যৱসায়ক এক ডাঙৰ ব্যৱসায়লৈ পৰিৱৰ্তন কৰিব। ব্যক্তিগত সম্পৰ্ক আৰু আপোনাৰ বন্ধু বৰ্গৰ চিনাকিৰ চক্ৰৰ পৰাই লাহে লাহে আপোনাৰ ব্যৱসায়ৰ গ্ৰাহকৰ প্ৰসাৰ হব।অনলাইনত বিশদ বিৱৰণ সহ ফটো দি গ্ৰাহকক অধিক আকৃষ্ট কৰিব পাৰে। আৱাসিক ভূ-সম্পত্তিৰ কাৰণে আজিকালি অত-তত গ্ৰাহকে হাবাথুৰি খাব নিবিচাৰে তাৰ সলনি নেটত আটাইখিনি তথ্য মন পচন্দমতে বিচাৰি পোৱাৰ পিচতহে এজেণ্টক যোগাযোগ কৰে। গতিকে এই ব্যৱসায়ত অনলাইন মাধ্যমৰ যথেষ্ট ভূমিকা আছে।

আপোনাৰ গ্ৰাহকক বুজক

গ্ৰাহকৰ প্ৰয়োজনত গুৰুত্ব দিয়ক। কেনেকুৱা ভূ সম্পত্তিৰ সামগ্ৰীৰ প্ৰতি গ্ৰাহকৰ আগ্ৰহ বেছি আৰু তেওলোকৰ প্ৰয়োজন তাৰ বিভিন্নতাৰ ওপৰত মন কৰক। গুণগত মানদণ্ড অক্ষুণ্ণ ৰাখি এনেধৰণৰ ডিজাইনৰ ষ্টক ৰাখক। গ্ৰাহকৰ সেৱাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু তেওলোকৰ সমস্যা আৰু প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিব। শেহতীয়া ট্ৰেণ্ডমতে ৰিয়েল এষ্টেটৰ ব্যৱসায়ত কি চলি আছে তাৰ কাৰণে বজাৰ অধ্যয়ন কৰিব।এটি ব্যৱসায় বিশ্বাস আৰু সম্পৰ্কৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে। আপুনি এবাৰ সেইখিনি আয়ত্ত কৰি লোৱাৰ পিছত গ্ৰাহকে আপোনাৰ লগতেই থাকি ভৱিষ্যতেও এই লেন-দেনৰ প্ৰক্ৰিয়াটো বৃদ্ধি কৰে।

স্থান নিৰ্বাচন

ৰিয়েল এষ্টেটৰ ব্যৱসায়ী হিচাপে স্থান নিৰ্বাচন কৰাতো এটা টান কাম কাৰণ অন্য ব্যৱসায়বোৰত গ্ৰাহকক আকৰ্ষণ কৰিবলৈ নানান বস্তু থাকে কিন্তু এইটো ব্যৱসায় তেনেকুৱা নহয়। কাৰণ ইয়াত কোনো বস্তু নহয় তাৰ সলনি এজন গ্ৰাহকৰ সপোনক দিঠকৰ আকাৰ দিয়া হয়।গতিকে এটা  সুন্দৰকৈ প্ৰতিষ্ঠা কৰা ৰিয়েল এষ্টেটৰ অফিচে গ্ৰাহকক আকৰ্ষিত কৰিব পাৰে।  এটা চকুত লগা আকৰ্ষণীয় ব্যৱসায়িক প্ৰতিষ্ঠানে  বাটেৰে যোৱা মানুহকো এবাৰ সোমাই যাবলৈ বাধ্য কৰিব।  সুন্দৰ ইণ্টেৰিয়ৰ ডিজাইন আৰু এটা ভাল পৰিবেশে সম্ভাৱ্য গ্ৰাহক এজনক নিশ্চিত গ্ৰাহকলৈ ৰূপান্তৰ কৰিব পাৰে।গতিকে ৰিয়েল এষ্টেটৰ ব্যৱসায় এটা অতি লাভজনক আৰু ভৱিষ্যমুখী ব্যৱসায়।

এডভাৰটাইজিং

এডভাৰটাইজিংয়ে যিকোনো সামগ্ৰী আৰু গ্ৰাহকৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰে। এডভাৰটাইজিংৰ কামটো হল বস্তুৰ গুণাগুণ সহকাৰে তাৰ বহুল প্ৰচাৰ কৰা।বৰ্তমান যুগত নানান ধৰণৰ এডভাৰটাইজিংৰ সহিয়ত গ্ৰাহকক আকৃষ্ট কৰা হয়। বজাৰত প্ৰতিটো বস্তুৱেই হওক বা নৱ গঠিত কোম্পানী এটিয়ে হওক সকওোৰে প্ৰতিদ্বন্দ্বী থাকে। বজাৰত তিষ্ঠি থাকিবলৈ হলে নিজৰ কোম্পানীৰ সামগ্ৰীৰ গুণাগুণ অদ্বিতীয় হব লাগিব। আপুনি সামগ্ৰীৰ এডভাৰটাইজিংৰ সময়ত গ্ৰাহকক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিলেহে আপোনাৰ  ব্যৱসায়ে  বজাৰত ভালদৰে  খোপনি পুতিব। যিকোনো ব্যৱসায়ত গ্ৰাহকৰ সন্তুষ্টিয়েই সৰ্বোত্তম আৰু তেওলোকৰ  মতামতৰ ওপৰত নিৰ্ভৰ কৰে ভৱিষ্যতৰ গ্ৰাহকসমূহ। গ্ৰাহকৰ পচন্দ আৰু বাজেট অনুসৰি এজন ৰিয়েল এষ্টেটৰ ব্যৱসায়ী হিচাপে তেওলোকক সঠিক পৰামৰ্শ দি সম্পত্তি ক্ৰয় অথবা বিনিয়োগ কৰাত সহায় কৰক। আজিকালি বহু লোকে নিজৰ মাটিখিনিত নিজে ঘৰ নবনাই বিল্ডাৰক দি উচিত মূল্য লয় আৰু তাত যিকোনো আৱাসিক নিৰ্মাণকাৰ্যৰ অনুমতি দি নিজেও ফ্লেট লয়। গতিকে উপায় নানান অৰণৰ আছে । আপুনি এই ব্যৱসায়ত দৃঢ়তাৰে আগবাঢ়ি লাভ অৰ্জন কৰক।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।