written by | October 11, 2021

হাৰ্ডৱেৰ দোকানৰ ব্যৱসায়

×

Table of Content

এটা সফল হাৰ্ডৱেৰৰ ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব–

আপুনি এটা হাৰ্ডৱেৰ ব্যৱসায় খোলাৰ কথা ভাবি আছে নেকি?

নিসন্দেহে হাৰ্ডৱেৰ ব্যৱসায় এটা অতি সুন্দৰ সৰু ব্যৱসায়। এটা হাৰ্ডৱেৰ ব্যৱসায়ত সাধাৰনতে ঘৰ নিৰ্মানৰ সামগ্ৰী, ৰং, বাথৰুমৰ সামগ্ৰী, বৈদ্যুতিক সামগ্ৰী আদি বিক্ৰি কৰা হয়। ই এটা এনে ব্যৱসায় যত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা যঠেস্ত কম, এই ব্যৱসায়ত আপুনি মানুহৰ জীৱন নিৰ্বাহৰ বাবে এটা অপৰিহাৰ্য অংশ- বাসস্থানত ব্যবহৃত সামগ্ৰীৰ পোনে পোনে যোগান ধৰিব।

এটা সফল হাৰ্ডৱেৰ ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব পাৰি এবাৰ চাও আহক—

এটা পৰিকল্পনা কৰা–

প্ৰথমে আপোনাৰ মূলধন নিৰ্ধাৰন কৰি ব্যৱসায়ৰ আকাৰ আৰু আপুনি কোন ঠাইত ব্যৱসায় আৰম্ভ কৰিব সেইটো নিৰ্ধাৰণ কৰি লব। তাৰোপৰি বৰ্তমান অতি প্ৰয়োজনীয় সামগ্ৰী যেনে- চিমেন্ট, ৰদ, টাইলচ, ৰং, বাথৰুমৰ সামগ্ৰী আদিৰ এখন লিচ্ট বনাই এইবোৰ সামগ্ৰী ক্ৰয়ৰ বাবে মূলধন যোগান কৰিব যাতে আপুনি কম সময়ৰ ভিতৰতে এই ব্যৱসায়ত প্ৰতিষ্ঠা লাভ কৰিব পাৰে। ব্যৱসায়টো অফলাইনৰ লগতে অনলাইন ও উপলব্ধ হব নেকি? যদি অনলাইন হয় তেন্তে আপুনি কিমান দূৰত্বলৈ আৰু কিমান সময়ৰ ভিতৰত গ্ৰাহকক সামগ্ৰী উপলব্ধ কৰাব আদি কথাবোৰৰ এক পৰিকল্পনা বনাই লব।

লগতে ব্যৱসায়ত আপোনাৰ সুবিধাৰ বাবে দুই তিনিজন কৰ্মচাৰী ৰখা আৰু সিহতৰ মজুৰিৰ এক পৰিকল্পনা কৰি লোৱা অতি প্ৰয়োজন।

কাক আপুনি কামৰ বাবে ল’ব* 

ব্যৱসায়টোত আপুনি অকলে দৌৰি ফুৰিব নালাগে।আপুনি সুদক্ষ পৰিচালক আৰু বিক্ৰীৰ সহায়ক নিয়োগ কৰিব।” গ ব্যৱস্থাত আপুনি যাতায়ত খৰছো অন্তৰ্ভূক্ত কৰিব লাগিব।যিয়ে আপোনাৰ বাবে কাম কৰিব তেনে ব্যক্তিক মকৰল কৰক।

ব্যৱসায়ৰ সঠিক ঠাইৰ বিচাৰ—

এই ব্যৱসায়ত সঠিক ঠাইৰ বিচাৰে আপোনাৰ ব্যৱসায়ত বহুত প্ৰভাৱ পেলাব। ঘন বসতিপূৰ্ণ ঠাইত এখন দোকান ভাৰাতীয়া বা নিজে গঢ়ি লব যাতে বস্তূবোৰ সঠিক ভাবে মজুত কৰিব পাৰি। দোকানখন গ্ৰাহকৰ বাবে চকুত লগা তথা আকৰ্ষনীয় হব লাগে।

সৰু চহৰ এখনত দোকান খোলা যত আগৰে পৰা বহুত এনে ধৰনৰ দোকান আছেই, তেনে স্হলত এই ব্যৱসায়ত লাভান্বিত হোৱাতো কঠিন।

অনুমতি আৰু অনুজ্ঞাপত্ৰ লোৱা—-

ভাৰতত যিকোনো ব্যৱসায় আৰম্ভ কৰিবলৈ চৰকাৰৰ অনুমতি আৰু অনুজ্ঞাপত্ৰৰ প্ৰয়োজন। সেইবাবে আপুনি এজন ব্যৱসায়ী হিচাবে চৰকাৰৰ অনুমতিৰ লগতে সকলো ধৰণৰ অনুজ্ঞাপত্ৰ আৰু জিএছটি পজ্ঞীয়ন কৰাটো বাধ্যতামূলক। উক্ত কামবোৰ সম্পূৰ্ন কৰাৰ বাবে আপোনাৰ প্ৰয়োজনীয় প্ৰমাণ পত্ৰৰ লগতে চৰকাৰী কাৰ্যালয়ত বহুবাৰ যোৱাৰ প্ৰয়োজন হব।

সামগ্ৰী প্ৰদান কৰা পদ্ধতিৰ বিচাৰ—

যদিহে আপোনাৰ ব্যৱসায়টো গ্ৰাহকৰ লগত বিতৰন পদ্ধতিৰ দ্বাৰাও জড়িত হয় তেন্তে এটা সুবিধাজনক বিতৰন পদ্ধতি বাছি লব। বিতৰন পদ্ধতিৰ গৰাকীয়ে আপোনাৰ সকলো নিয়ম আদি মানি চলাৰ প্ৰয়োজন যিহেতু ইয়াৰ দ্বাৰা ব্যৱসায়ী আৰু গ্ৰাহকৰ মাজৰ সম্পৰ্ক অতুত থাকিব।লগতে এই ব্যৱস্থা গ্ৰাহকৰ বাবে সুবিধাজনক আৰু দ্ৰুততম হোৱাৰ অতি প্ৰয়োজন। 

ক্ৰয় আৰু সংগ্ৰহ—

এই ব্যৱসায়ত হাৰ্ডবেৰ বস্তুবোৰ আপোনাৰ দোকানত সংৰক্ষন কৰাৰ উপৰিও গুদামত সংৰক্ষন কৰাৰ বাবে কিছু ঠাইৰ প্ৰয়োজন হব লগতে এইবোৰ বস্তু বহুদিনলৈ সংৰক্ষনৰ বাবে গুদামত উপযুক্ত ব্যৱস্থা থকাৰ প্ৰয়োজন আছে যাতে আপুনি ভবিয্যতলৈ লোকচানৰ সন্মুখীন নহয় আৰু যাতে গ্ৰাহকেও গুনগত মানদন্দৰ বস্তু পায় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন। গ্ৰাহকৰ বাবে গুনগত মানদন্দৰ হাৰ্ডৱেৰ সামগ্ৰী আপুনি চহৰৰ হোলচেল ব্যৱসায়ীৰ পৰা ক্ৰয় কৰিব পাৰে। লগতে কোম্পানীৰ পৰাও পোনে পোনে ক্ৰয় কৰিব পাৰে। এইক্ষেত্ৰত আপুনি কিছু কম মূল্যত সামগ্ৰীবোৰ লাভ কৰিবলৈ সক্ষম হব, যিহেতু ইয়াত মুনাফাৰ বাবে কোনো মাজৰ মানুহ নাথাকে।

দামদৰ আৰু কৰ্মচাৰী—

ব্যৱসায়ী আৰু গ্ৰাহকৰ মাজত এক সুসম্বন্ধ গঢ়ি ৰখাৰ বাবে বস্তুৰ দামদৰ সঠিক হোৱাৰ লগতে আন ব্যৱসায়ীৰ তুলনাত কিছু কম হোৱাৰ প্ৰয়োজন। তাৰোপৰি গ্ৰাহকৰ বাবে একেবিধ সামগ্ৰীৰে বেলেগ বেলেগ মানদন্দৰ সামগ্ৰী উপলব্ধ হোৱাতো প্ৰয়োজন যাতে গ্ৰাহকে ইচ্ছা তথা টকা অনুযায়ী সামগ্ৰী ক্ৰয় কৰাত সুবিধা হয়। এই ব্যৱসায়ত আপুনি গ্ৰাহকক সামগ্ৰী প্ৰদানৰ বাবে স্থানীয় ৰিক্সা/ঠেলা/ভেনৰ চালকৰ লগত যোগাযোগ ৰখাটো প্ৰয়োজন। 

দুই তিনিজন হাৰ্ডৱেৰ বস্তুৰ জ্ঞান থকা কৰ্মচাৰীৰ নিয়োগ কৰাৰ প্ৰয়োজন হব যাতে সিহতে গ্ৰাহকৰ ইচ্ছা অনুযায়ী বস্তু দেখুৱাব পাৰে।

গ্ৰাহকক বুজা—

গ্ৰাহকৰ বাবে বৰ্তমান বজাৰত বহুধৰনৰ হাৰ্ডৱেৰ দোকান উপলব্ধ তেনেক্ষেত্ৰত গ্ৰাহকে আপোনাক বাছি লবলৈ হলে গ্ৰাহকৰ সৈতে সুসম্পৰ্ক ৰাখি গুনগত মানদন্দৰ সামগ্ৰী আৰু সময় অনুযায়ী ইয়াৰ যোগান ধৰাতো প্ৰয়োজনীয়। লগতে গ্ৰাহকৰ পৰা নগদ ধন লোৱাৰ উপৰিও এক নিৰ্ধাৰিত সময়ৰ বাবে বাকী দিয়াৰ প্ৰয়োজন। বৰ্তমান যিহেত চৰকৰে কেচলেচ ব্যৱস্থাৰ ওপৰত গুৰুত্ব দি আছে সেইবাবে গ্ৰাহকৰ প‌ইচা লোৱাৰ বাবে বিভিন্ন অনলাইন মাধ্যম যেনে-পেইটিএম, জিপে আদি ব্যৱস্থা ৰখাটোও দৰকাৰ।

প্ৰযুক্তি আৰু অনলাইন সেৱাৰ ব্যৱহাৰ—

যদিহে আপুনি গ্ৰাহকক সামগ্ৰী প্ৰদানৰ এক ডেলিভেৰি ব্যৱস্থা ৰাখে তেন্তে আপুনি সামগ্ৰীৰ অৰ্দাৰ লোৱাৰ বাবে এক মাধ্যমৰ প্ৰয়োজন হব। তাৰবাবে আপোনাৰ এটা স্মাৰ্ট ফোনৰ প্ৰয়োজন হব। তাৰোপৰি আপুনি গ্ৰাহকৰ পৰা অৰ্দাৰ লোৱাৰ বাবে এটা এপ নাইবা ৱেৱচাইটৰ ব্যৱস্থাও কৰিব পাৰে যিহেতু বৰ্তমান এই পদ্ধতি সকলো মানুহৰ মাজতে প্ৰচলিত। যত আপুনি বিভিন্ন ধৰনৰ অফাৰৰ কথা উল্লেখ কৰি গ্ৰাহকৰ মন আকৰ্ষন কৰিব পাৰিব।

মাৰ্কেটিং—

এপ বা ৱেৱচাইটৰ দ্বাৰা ব্যৱসায় চলোৱাৰ উপৰিও আপুনি ফেচবুক, ইন্চটাগ্ৰাম আদিত বিভিন্ন ধৰনৰ বিজ্ঞাপন তথা অফাৰ দি গ্ৰাহকক আকৰ্ষন কৰিব পাৰে। তাৰোপৰি গ্ৰাহকৰ পৰা প্ৰতিক্ৰিয়া বিচাৰি সেইবোৰত শুধৰনি আনি আপোনাৰ ব্যৱসায়ত অধিক মুনাফা পাব পাৰিব। ৰাস্তাঘাটে বেনাৰ আদি লগাই গ্ৰাহকক ব্যৱসায়ৰ বিষয়ে অৱগত কৰোৱাতোও প্ৰয়োজন যাতে গ্ৰাহকে ইচ্ছা অনুযায়ী আপোনাৰ সৈতে যোগাযোগ কৰিব পাৰে।

হাৰ্ডৱেৰ ব্যৱসায়ত যঠেষ্ট গুৰুত্বৰ তথা মূলধনৰ প্ৰয়োজন যিহেতু এই ব্যৱসায়ত আপুনি বিভিন্ন ধৰনৰ সামগ্ৰী মজুত ৰখাটো দৰকাৰ। ই এটা এনেকুৱা ব্যৱসায় যত ব্যৱসায়ী আৰু গ্ৰাহকৰ মাজত এক সুসম্পৰ্ক গঢ়ি উঠে। সেইবাবে ইয়াত কিছু নিয়মানুবৰ্তিতা আৰু নিৰূপনৰ প্ৰয়োজন। লগতে গ্ৰাহকৰ ব্যৱসায়ীৰ ওপৰত বিশ্বাস থকাটো অতি প্ৰয়োজন। এই ব্যৱসায়ত গ্ৰাহকৰ বিশ্বাস জিকি এবাৰ প্ৰতিষ্ঠিত হব পাৰিলে ভবিয্যতলৈ আৰু কোনো চিন্তা নাথাকে। সেইবাবে এই ব্যৱসায়ত লাহে লাহে কিছু টকা বিনিয়োগ কৰি ব্যৱসায়টো অলপ ডাঙৰ কৰি বহু মুনাফা পাব পাৰি।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।