written by | October 11, 2021

খেলৰ দোকানৰ ব্যৱসায়।

×

Table of Content


আপুনি কেনেদৰে এখন স্পৰ্টছ ষ্টোৰ’ আৰম্ভ কৰিব 

ভাৰত এখন জনবহুল আৰু বিশালকায় দেশ ।সমগ্ৰ পৃথিৱীৰ সকলো জাতিৰ মানুহৰ মাজত থকা আমোদ-প্ৰমোদেই হ’ল নানা ধৰণৰ খেল-ধেমালি। সাধাৰণতে সকলো জাতি-জনগোষ্ঠীৰেই নিজৰ নিজৰ থলুৱা খেল-ধেমালি থকাটো দেখা যায়।

নগৰীকৰণৰ পূৰ্বে আমাৰ দেশৰ ভিন্ন  ধৰণৰ খেল-ধেমালি যেনে টাংগুটি, খো-খো,মল্লযুদ্ধকে আদি কৰি খেলসমূহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয়তা লাভ কৰিছিল । ১৮ আৰু ১৯ শতাব্দীত বৃট্টিছৰ আগমনৰ লগে লগে আন বহু কেইটা খেল (যেনে ক্ৰিকেট আৰু হকী)ভাৰতলৈ আহে।এই খেলৰ অনুশাসন আৰু পদ্ধতিবোৰক আমি দেশবাসীয়ে বহু গুৰুত্বৰে আদৰি ললো আৰু ফলশ্ৰুতিত বৰ্তমান আমি পাৰদৰ্শী হৈ উঠিলো । আজি ক্ৰিকেট সকলোতকৈ জনপ্ৰিয় খেল হৈ পৰিছে । বৰ্তমান ভাল এখন ক্ৰিকেট খেলৰ বাবে দৰ্শকৰ লানি নিছিঙা ভিৰ হোৱী পৰিলক্ষিত হয়।এয়া কেতিয়াবা ৭৩৩মিলিয়নৰ পৰ্য়ন্ত হয় ।ক্ৰিকেট বৰ্তমান ভাৰতীয়ৰ কমন ব্লাড গ্ৰুপ , ভাৰতৰ মানুহৰ  শিৰাই-ধমনীৰে ক্ৰিকেটৰেই ৰক্ত প্ৰবাহিত হয়। শত-সহস্ব্ৰ হৃদস্পন্দন উঠা-নমা কৰে কেৱল ক্ৰিকেটৰ বাবেই । যিটো সময়ত অইন খেলে খেলুৱৈক আৰ্থিক নিৰাপত্তা দিব পৰা নাই ক্ৰিকেটে সেইটো সময়তে নিজৰ খেলুৱৈক বিত্তশালী কৰাৰ লগতে সামাজিক প্ৰতিছব্বিও  সুদৃঢ় কৰাত অৰিহণা যোগাইছে ‌।

ভাৰতে অলিম্পিক,কমনৱেলথত আৰু এছিয়ান গেমছত ইতিমধ্যে নিজৰ দক্ষতা প্ৰতিপন্ন কৰিব পাৰিছে ।সেয়ে ২১শতিকাত মানুহৰ আৰ্কষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে খেল আৰু শৰীৰ চৰ্চা আৰু সেয়ে এই ক্ষেত্ৰখনত বিনিয়োগৰ পৰিমাণো বৃদ্ধি পাইছে । নতুন পদ্ধতি আৰু খেলৰ সা-সঁজুলী সাধাৰণ মানুহৰ বাবে উপলব্ধ হোৱাৰ পাছত সুপ্ত প্ৰতিভাবোৰ বিকাশ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে । মানুহৰ মাজত খেলৰ প্ৰতি হাবিয়াস বৃদ্ধি পোৱাৰ বাবে বহু ধৰণৰ খেলৰ সা-সঁজুলী তৈয়াৰ কৰা কোম্পানীবোৰৰ সংখ্যাও বৃদ্ধি পাইছে ।এই কোম্পানীবোৰে নতুন পদ্ধতি আৰু পৰিকল্পনাৰে উন্নত মানৰ খেলৰ সা-সঁজুলী অত্যাধুনিক সুৰক্ষা ব্যৱস্হাৰে প্ৰস্তুত কৰিছে ।এই সন্দৰ্ভত স্পৰ্টছ ষ্টোৰবোৰে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।যি খেলৰ সা-সঁজুলী সাধাৰণ মানুহক বিক্ৰি কৰি পৰোক্ষভাৱে এজন দেৱদূত হৈও পৰা পৰিলক্ষিত হয় । এইটো এটা লাভজনক আৰু বেছি চাহিদা থকা ব্যৱসায় ।

জানো আহক কেনেকৈনো এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰি 

১)প্ৰডাক্টটো বাচনি কৰক

আজিকালি বহুধৰণৰ উন্নত মানৰ খেলৰ সা-সঁজুলী বজাৰত উপলব্ধ ।কিন্তু আপুনি বাচনি কৰিব লাগিব কেনে সামগ্ৰী আপুনি বিক্ৰী কৰিব।আপুনি প্ৰায়েই খেলা খেল যেনে বেডমিন্টন,ক্ৰিকেট,ফুটবলৰ সামগ্ৰী ৰাখিব নে কেতিয়াবা খেলা খেল-গলফৰ সামগ্ৰী ।খেলৰ সাজ-পোছাকো বিক্ৰী কৰিবনে।স্পৰ্টছ ষ্টোৰৰ তালিকাখন খুউব দীঘল।মনত ৰাখিব কি কি ৰাখিলে আপোনাৰ বিক্ৰী ভাল হয় আৰু গ্ৰাহকো আকৰ্ষিত হয় ।এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এটা ব্যৱসায় আৰম্ভ কৰাৰ আগেয়ে সুপৰিকল্পিত এখন আঁচনি,মূলধনৰ প্ৰয়োজনীয়তা,উত্পাদিত সামগ্ৰীৰ বজাৰ,কেচাঁমালৰ উপলব্ধতা আদিৰ বিষয়ে বিতংকৈ জানি লোৱা দৰকাৰ।

তদুপৰি ক্ষেত্ৰভিত্তিক অধ্যয়ন, ব্যৱসায়টোৰ যোগাত্মক দিশ, দুৰ্বলতা, সৃষ্টি হ’ব পৰা সুযোগ তথা ভাবুকি আদিৰ বিষয়ে সঠিকভাৱে জানি লোৱা উচিত।

ব্যৱসায় এটা সফল কৰাৰ বাবে আটাইতকৈ দৰকাৰী কথাটো হৈছে পেছাদাৰী মনোভাৱ আৰু ব্যৱসায়িক দৃষ্টিভঙ্গী। ভৱিষ্যত পৰিকল্পনা হৈছে আন এটা প্ৰয়োজনীয় দিশ। সময়ৰ লগে লগে ব্যৱসায়ত নতুন নতুন দিশ যোগ কৰি যাব লাগে। অন্যথা বজাৰৰ চাহিদা আৰু নতুন প্ৰযুক্তিৰ উদ্ভাৱনে বহু উদ্যোগ তথা ব্যৱসায়িক প্ৰতিযোগিতাৰ মাজত বৰ্তি থাকিবলৈ নিদিয়ে।

২)স্পৰ্টছ ষ্টোৰখনৰ আকাৰ নিৰ্ধাৰণ কৰক

এই ব্যৱসায় আৰম্ভ কৰাৰ সময়ত মনত ৰাখিব যে ইয়াত বেছি মূলধন বিনিয়োগ কৰা অনুচিত। কমৰ পৰা বেছিলৈ আগবঢ়াতো উচিত ।গ্ৰাহকৰ চাহিদা বেছি হলে আপোনাৰ ব্যৱসায়ৰ উন্নতি হব।

৩)লাইসেন্স আৰু অনুমতি পত্ৰ 

ভাৰতত যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এই দুয়োটা খুবেই প্ৰয়োজন। মনত ৰাখিব যাতে আপুনি চৰকাৰী অনুমতি পত্ৰ লাভ কৰে। ভৱিষ্যতে কোনো বিপদৰ সন্মুখীন নহয়। যদিহে আপুনি আপোনাৰ নিজা ব্ৰেন্দ স্হাপন কৰিব বিচাৰে তেন্তে তাৰ কপি ৰাইট লোৱা টোও উচিত। 

৪) স্হান বাচনি কৰা 

যদিহে আপুনি নিজানিজ বা আন ব্ৰেন্দৰ সামগ্ৰী বিক্ৰী কৰে তেন্তে সেয়া ৰাখিবলৈ এডোখৰ ঠাইৰ আৱশ্যক হব। পৰাপক্ষত আপোনাৰ ষ্ট’ৰ খেল পথাৰৰ কাষত কৰিবলৈ চেষ্টা কৰিব। যাতে তালৈ অহা খেলুৱৈসকলে সহজতে আপোনাৰ ষ্ট’ৰ পায়।নতুন গ্ৰাহকক আকৰ্ষিত কৰিবলৈ  সদায়েই নতুন নতুন আৰু ভাল সামগ্ৰী ৰাখিব আপোনাৰ ষ্ট’ৰ ত।

৫)ডিষ্ট্ৰিবিউটৰ সৈতে সম্পৰ্ক ৰাখিব 

মনত ৰাখিব যাতে আপোনাৰ ডিষ্ট্ৰিবিউটৰে আপোনাক সময় মতে,আৰু সোনকালে আপোনাৰ প্ৰয়োজন অনুসৰি সামগ্ৰী দিব পাৰে। খেলৰ সা-সঁজুলিবোৰ সদায়েই পৰিবৰ্তন হৈ থাকে। ক্ৰীড়া প্ৰেমী সকলে সদায়েই ন ন সামগ্ৰী বিচাৰে। 

৫) গ’ অনলাইন 

 যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এটা শক্তিশালী সম্পৰ্ক আৰু পৰিকল্পনা কৰা উচিত। আপোনাৰ ব্যৱসায়ৰ এটা ৱেবছাইট বনাব য’ত আপুনি সুন্দৰভাৱে উপস্থাপন কৰিব সেৱাসমূহৰ বিষয়ে উল্লেখ কৰিবযাতে গ্ৰাহকক অধিক আকৰ্ষিত কৰিব পাৰি।

৬) ছচিয়েল মিডিয়া আৰু মাৰ্কেটিং 

আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক। ৰেহাইৰ সুবিধা আগবঢ়াওক। লিফটলেট, পাম্পলেট আদি প্ৰচাৰ পত্ৰিকাৰে বজাৰ দখলৰ চেষ্টা চলাওক। পাৰিলে হোৱাটছ এপৰ জৰিয়তে গ্ৰাহকক ৰেহাই মূল্য ৰ বিষয়ে অৱগত কৰিব। মনত ৰাখিব যাতে গ্ৰাহক আপোনাৰ ব্যৱহাৰত সন্তুষ্ট হৈ থাকে। 

৭)মূলধনৰ যোগাৰ 

এইটো প্ৰথম কাৰ্য আপোনাৰ ব্যৱসায়ৰ আৰম্ভণিৰ বাবে।এই ব্যৱসায়টো আৰম্ভ কৰাৰ পূৰ্বে শকত ধনৰ আৱশ্যক। আপুনি বিনিয়োগ কৰিব পৰা বা আপোনাক ধনৰ যোগাৰ কৰি দিব পৰা ব্যক্তি,প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰক। 

৮) ভাল খেলুৱৈৰ সহায় লওক 

ছচিয়েল মিডিয়াই বহু সুপ্ত প্ৰতিভাক বিকাশৰপথ দিছে। খেল আৰু শৰীৰ চৰ্চা এনে এটা বিভাগ য’ত  বহু ভাল ক্ৰীয়াবিদ আছে। আপুনি আপোনাৰ ষ্ট’ৰ ৰ বাবে তেওঁলোকৰ পৰা সহায় ল’ব। বিনিময়ত দুয়ো পক্ষ লাভান্বিত হ’ব। 

থলুৱা বজাৰৰ সম্প্ৰসাৰণ আৰু অৰ্থনৈতিক বিকাশৰ সুযোগ আদিয়ে নতুন প্ৰজন্মক ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰখনলৈ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিগত দশকত ক্ষুদ্ৰ উদ্যোগৰ লগতে অতি ক্ষুদ্ৰ উদ্যোগৰ বিকাশ আৰু অগ্ৰগতিয়ে নতুন প্ৰজন্মৰ মাজত উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতি আকৃষ্ট কৰাটো পৰিলক্ষিত হৈছে। যিটো দেশৰ অৰ্থনীতি তথা সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ বাবে এক আশাব্যঞ্জক ঘটনা।

খেলৰ সা-সঁজুলি বিক্ৰী বজাৰ খনৰ চাহিদা  কেতিয়াও হ্ৰাস নাপায়। যিহেতু বৰ্তমান সময়ত ফিটনেছ ক লৈ লোকসকল যথেষ্ট সচেতন।সেয়ে এই ব্যৱসায়টো কৰা ভাল। ইয়াত কিন্তু বহু প্ৰত্যাহ্বান আছে। সাঁজু হওঁক, পৰিশ্ৰম কৰক। 

 

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।