written by | October 11, 2021

প্লাষ্টিকৰ পাত্ৰৰ ব্যৱসায়

×

Table of Content


তাপাৰৱেৰ’ৰ ব্যৱসায় কেনেকৈ আৰম্ভ কৰিব 

তাপাৰৱেৰ এটা আমেৰিকান কোম্পানী যি পাকঘৰত ব্যৱহাৰ হোৱা প্লাষ্টিক আৰু আইনাৰে নিৰ্মিত ঢাকন থকা সামগ্ৰী   বনায়।এই ব্ৰেন্দটো আমাৰ দেশৰ প্ৰত্যেকটো মধ্যবিত্ত ঘৰৰ তেনেই চিনাকী এক সামগ্ৰী। এই সামগ্ৰীবোৰ ৰন্ধা,সামগ্ৰী ৰখা আৰু বাচন হিচাপেও ব্যৱহৃত হয়। তাপাৰৱেৰৰ উদ্ভাৱন আৰ্ল তাপাৰ নামৰ ৰসায়নবিদে কৰিছিল।তেল পৰিশোধন কৰোঁতে যিখিনি আৱৰ্জনা ওলাই তাৰ মাজৰ এবিধক কোৱা হয় পলি ইথাইলিন লাভা  তেওঁ সেইখিনি পুনৰ পৰিশোধন কৰি পাতল আৰু নভঙা কাপ প্লেট, বাতি আৰু গেছ মাস্ক দ্বিতীয় বিশ্ব যুদ্ধৰ বাবে বনাইছিল। পাছলৈ সেইখিনি লাভাক বতাহ সোমাব নোৱাৰা পাত্ৰ, বাহিৰলৈ ওলাই যাব নোৱাৰা ঢাকন থকা টেমাবোৰ বনায় যাৰ নাম দিয়ে তাপাৰৱেৰ। মাত্ৰ পাকঘৰত ব্যৱহাৰ কৰা সামগ্ৰী বনাই বেছি লাভ লব নোৱাৰি যিহেতু এনেবোৰে আন গ্ৰাহকক আকৰ্ষিত কৰাতো কঠিন। তাপাৰৱেৰে সেয়ে নিজৰ উৎপাদিত সামগ্ৰীক পোনপটীয়াকৈ বজাৰত বিক্ৰী কৰিবৰ বাবে উলিয়াই দিয়ে। ইয়াকে কোৱা হয় তাপাৰৱেৰ পাৰ্টী। এই পাৰ্টী বোৰত গৃহিণী সকলে এজন চেলছ এজেন্ট হিচাপে কাম কৰে। আপুনি যদি     অৰিজিনেল আৰু ভাল তাপাৰৱেৰ প্ৰডাক্টবোৰ ক্ৰয় কৰিব খোজে তেন্তে এই মহিলা সকলৰ পৰা ক্ৰয় কৰিব পাৰে। এই পদ্ধতিৰে তাপাৰৱেৰ আজি এশখন দেশত ব্যৱসায় কৰি বহু মহিলাক এটা উপাৰ্জনৰ পথ দিব পাৰিছে। আমাৰ দেশতো তাপাৰৱেৰৰ দ্বাৰা বহু মহিলা এজেন্ট হৈ এই ব্যৱসায়ৰ পৰা ভাল উপাৰ্জন কৰিব পাৰিছে। এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এটা ব্যৱসায় আৰম্ভ কৰাৰ আগেয়ে সুপৰিকল্পিত এখন আঁচনি,মূলধনৰ প্ৰয়োজনীয়তা, আদিৰ বিষয়ে বিতংকৈ জানি লোৱা দৰকাৰ।তদুপৰি ক্ষেত্ৰভিত্তিক অধ্যয়ন, ব্যৱসায়টোৰ যোগাত্মক দিশ, দুৰ্বলতা, সৃষ্টি হ’ব পৰা সুযোগ তথা ভাবুকি আদিৰ বিষয়ে সঠিকভাৱে জানি লোৱা উচিত।

ব্যৱসায় এটা সফল কৰাৰ বাবে আটাইতকৈ দৰকাৰী কথাটো হৈছে পেছাদাৰী মনোভাৱ আৰু ব্যৱসায়িক দৃষ্টিভঙ্গী। ভৱিষ্যত পৰিকল্পনা হৈছে আন এটা প্ৰয়োজনীয় দিশ। সময়ৰ লগে লগে ব্যৱসায়ত নতুন নতুন দিশ যোগ কৰি যাব লাগে। অন্যথা বজাৰৰ চাহিদা আৰু নতুন প্ৰযুক্তিৰ উদ্ভাৱনে বহু উদ্যোগ তথা ব্যৱসায়িক প্ৰতিযোগিতাৰ মাজত বৰ্তি থাকিবলৈ নিদিয়ে।

যদি আপুনি ঘৰত বহি অলপ মূলধনৰে এই ব্যৱসায় কৰিব খোজে নিম্নলিখিত কথা খিনিয়ে  আপোনাক পৰামৰ্শ প্ৰদান কৰিব ।

কেনেদৰে জড়িত হব 

তাপাৰৱেৰৰ এটা সুন্দৰ নিয়ম আছে  মাত্ৰ আপোনাক প্ৰয়োজন এটা পাৰ্টিৰ আয়োজন কৰা । প্ৰথমতে মূলধনৰ প্ৰয়োজন নাই। মাত্ৰ প্ৰয়োজন হব কিছু খোৱাৰ যোগাৰ আৰু  মানুহৰ সমাগম। এবাৰ যদি আপুনি তাপাৰৱেৰৰ এজেন্ট হব খোজে তেন্তে তাৰ মেনেজাৰে আপোনাক সামগ্ৰী ৰখা, ব্যৱহাৰ কৰা, শৃংখলাবদ্ধ কৰা ইত্যাদি ৰ বাবে আপোনাক নিজে যোগাযোগ কৰিব। মাত্ৰ এটা দিন ঠিক কৰক আৰু পাৰ্টীৰ আয়োজন কৰিব। তেতিয়া দেখা পাব আপোনাৰ কেনেদৰে সামগ্ৰী সমূহ বিক্ৰী হয় আৰু উপাৰ্জন কেনেদৰে আহে। 

ডিলাৰ বা কনচালটেন্ট কেনেদৰে হব

ডিলাৰ বা কনচালটেন্ট হবলৈ আপুনি “ষ্টাৰটাৰ কিট যাৰ মূল্য ৭০০ ৰ পৰা ১৩০০ টকাৰ ভিতৰত  এটা অৰ্ডাৰ কৰিব লাগিব। আপুনি সেই বস্তুবোৰত বাতি, শাকপাচলিৰ বাকলি গুচোৱা, তেল থব পৰা সামগ্ৰী,এখন গাইড বুক আৰু কিট বেগ লাভ কৰিব। এই সমূহ সামগ্ৰী আপোনাৰ আশে পাশে বিক্ৰী কৰি উপাৰ্জন কৰিব পাৰে। ষ্টাৰটাৰ কিট অৰ্ডাৰ দিয়াৰ ৪ সপ্তাহৰ মাজত আপুনি ৫০০০  মূল্যৰ সামগ্ৰীৰ অৰ্ডাৰ দিব লাগিব। সকলো বোৰ হৈ যোৱাৰ পাছত আপুনি এটা ডিলাৰ কোড পাব যাৰ সহায়ত আপুনি সামগ্ৰীবোৰ বিক্ৰী কৰিব পাৰিব। 

এটা সঠিক পৰিকল্পনা কৰক 

দেখাত খুউব সৰল যেন লাগিলেও সঠিক পৰিকল্পনাৰ অবিহনে এই ব্যৱসায়ত সফল হ‘ব নোৱাৰি। আপুনি জানিব লাগিব ইয়াৰ বজাৰ কেনে, কি সমস্যাৰ উদ্ভব হব পাৰে, কেনেদৰে সম্প্ৰসাৰণ কৰিব পাৰি, পাৰ্টীবোৰত কিমান খৰছ কৰিব, সকলো  ।আপোনাৰ দৰে ডিষ্ট্ৰীবিউট আন কত আছে বা লাভ ক‘ত কেনেকৈ হয় আৰু অধিক উপাৰ্জনৰ বাবে কিমান সময় লাগিব সকলো জানি বুজি লব। 

মূলধন সংগ্ৰহ 

পোনপ্ৰথমে আপুনি মূলধন সংগ্ৰহ কৰিব লাগিব। যদিও দেখাত খুউব সৰু ব্যৱসায়  যেন লাগিলেও আপোনাক মূলধনৰ আৱশ্যক হব। আপুনি কিছু ব্যক্তিৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তুলিব যাতে আপোনাৰ বিপদত তেওঁ লোকে সহায় কৰিব পাৰে।

গ্ৰাহক সংগ্ৰহ কৰক 

যিকোনো ব্যৱসায়ৰ বাবে গ্ৰাহক মূল এককথাত গ্ৰাহকৰ অবিহনে আপোনাৰ ব্যৱসায় অচল। তাপাৰৱেৰত আপোনাৰ গ্ৰাহক হব আপোনাৰ কাষৰীয়া গৃহিণীসকল আৰু তেওঁৰ আত্মীয় স্বজন,বন্ধু বান্ধৱীসকল। মনত ৰাখিব এটা ভাল প্ৰচাৰ চলোৱাতো খুবেই জৰুৰী। গ্ৰাহকে কি ভাল পায়, কেনে সামগ্ৰী বিচাৰে বুজিবলৈ চেষ্টা কৰিব।

সামগ্ৰী নিৰ্ধাৰণ কৰিব

যিহেতু তাপাৰৱেৰৰ বহু সামগ্ৰী আছে, সকলো সময়তে সকলো সামগ্ৰী লাভ নকৰে আৰু সকলো সামগ্ৰী আপুনি জমা ৰখাতো সম্ভৱ নহয় সেয়ে আপুনি প্ৰথমতে এই কথালৈ মন কৰিব যে আপোনাৰ গ্ৰাহকেৰ কেনে সামগ্ৰী পছন্দ কৰে। তাৰ পাছত সেই অনুযায়ী আপুনি সামগ্ৰীৰ অৰ্ডাৰ দিব পাৰিব। বিক্ৰী সোনকালে হোৱা সামগ্ৰীবোৰ বেছিকৈ ৰাখিব। অৰ্ডাৰৰ পূৰ্বে সাৱধান হওঁক। যি কোনো সামগ্ৰী নাৰাখিব। এই ব্যৱসায়টোত আপোনাৰ লাভ হোৱাতো নিশ্চিত কিন্তু আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কেনেধৰণে প্ৰডাক্টবোৰ ৰাখে ।গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ সামগ্ৰী বোৰ ৰাখিব। 

এজন উপযুক্ত ডিষ্ট্ৰীবিউটৰ বিচাৰি লব 

এজন উপযুক্ত ডিষ্ট্ৰীবিউটৰ বিচাৰি লব যি আপোনাক সময় মতে আৰু প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিব পাৰে। গ্ৰাহকে অৰ্ডাৰ দিয়াৰ পাছত যাতে সামগ্ৰী লাভ কৰাত পলম নহয়। 

টাৰ্গেট সম্পূৰ্ণ কৰিব 

এবাৰ তাপাৰৱেৰৰ এজেন্ট হোৱাৰ পাছত আৰু এজন সক্ৰিয় সদস্য হ‘বলৈ আপোনাৰ মাহেকীয়া টাৰ্গেট বোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। তাৰ বাবে গ্ৰাহকক আহ্বান জনোৱাতো জৰুৰী। মনত ৰাখিব যদিহে আপুনি এলেহুৱা হয় তেন্তে আপুনি সদস্য পদো হেৰোৱাব আৰু পৰিশ্ৰমৰ ধন অথলে যাব। 

ছচিয়েল মিডিয়া মাৰ্কেটিং 

ছচিয়েল মিডিয়া ব্যৱহাৰ কৰক।বজাৰৰ ক্ষেত্ৰত  আজিকালি ই  সকলো সহজ কৰি তুলিছে। এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী।  আপোনাৰ ডেলিভাৰী এলেকাতো নিৰ্ধাৰণ কৰি লব।  আজিকালি ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলোৱা সহজ। আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক। ৰেহাইৰ সুবিধা আগবঢ়াওক। লিফটলেট, পাম্পলেট আদি প্ৰচাৰ পত্ৰিকাৰে বজাৰ দখলৰ চেষ্টা চলাওক। পাৰিলে হোৱাটছ এপৰ জৰিয়তে গ্ৰাহকক ৰেহাই মূল্য ৰ বিষয়ে অৱগত কৰিব আৰু গ্ৰুপ বনাব। মনত ৰাখিব যাতে গ্ৰাহক আপোনাৰ ব্যৱহাৰত সন্তুষ্ট হৈ থাকে। তাপাৰৱেৰৰ ব্যৱসায় আন ব্যৱসায় ৰ দৰে নহয়।  এই ব্যৱসায় ত আপুনি আপোনাৰ সুবিধা অনুসৰি ভাল উপাৰ্জনৰ বাবে  ব্যৱসায়টো কৰিব পাৰে। ইয়াত মূলধন বিনিয়োগৰ পাছত খুউব সুন্দৰকৈ ঘৰৰ পৰা এই ব্যৱসায় কৰিব পাৰে। 

—-শুভকামনাৰে

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।