written by | October 11, 2021

শাৰীৰ খুচুৰা ব্যৱসায়

×

Table of Content


ঘৰৰ পৰাই শাৰীৰ খুচুৰা ব্যৱসায় কেনেদৰে কৰিব 

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতক প্ৰতিনিধিত্ব কৰা নাৰীসকলে প্ৰায়েই শাৰীহে পৰিধান কৰা পৰিলক্ষিত হয়। শাৰী আমাৰ  দেশৰ নাৰীসকলৰ পৰিচয়ৰ আন এক কাৰক। বিভিন্ন ডিজাইনৰ, দীঘল টুকুৰাৰে বনোৱা সুন্দৰ পোছাক,অৱশ্যে সময়ৰ লগে লগে নতুন নতুন ৰূপত, ডিজাইন ত বজাৰত শাৰী উপলব্ধ হৈছে। সেয়ে চাহিদাও বৃদ্ধি পাইছে। বহুতো ক্ষুদ্ৰ ব্যৱসায়ীয়ে ইতিমধ্যে এই ব্যৱসায় আৰম্ভ কৰিছে। ঘৰত গৃহিণী সকলেও এই ব্যৱসায় ৰ প্ৰতি লালায়িত হৈছে। তেওঁলোকে পাইকাৰী ব্যৱসায়ীৰ পৰা নিজৰ এলেকাত বিক্ৰী কৰি ২০ ৰ পৰা ২৫শতাংশ লাভ লৈছে। এই ব্যৱসায় আৰম্ভ কৰিলে বজাৰৰ নতুনত্ব দিশটো ভালদৰে জনাটো উচিত। যাতে আপোনাৰ গ্ৰাহকক আকৰ্ষিত কৰিব পাৰে। তেহে চাহিদা বৃদ্ধি পাব আপোনাৰ যদিও দেখাত ব্যৱসায়টো তেনেই সৰল কিন্তু হাতে-কামে কৰাৰ সময়ত আপুনি ব্যৱসায় টোৰ প্ৰতি গুৰুত্ব ৰাখিব লাগিব।

 থলুৱা বজাৰৰ সম্প্ৰসাৰণ আৰু অৰ্থনৈতিক বিকাশৰ সুযোগ আদিয়ে নতুন প্ৰজন্মক ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰখনলৈ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিগত দশকত ক্ষুদ্ৰ উদ্যোগৰ লগতে অতি ক্ষুদ্ৰ উদ্যোগৰ বিকাশ আৰু অগ্ৰগতিয়ে নতুন প্ৰজন্মৰ মাজত উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতি আকৃষ্ট কৰাটো পৰিলক্ষিত হৈছে। যিটো দেশৰ অৰ্থনীতি তথা সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ বাবে এক আশাব্যঞ্জক ঘটনা।

আহক জানো কেনেদৰে শাৰীৰ খুচুৰা ব্যৱসায় কৰিব পাৰে

১)প্ৰডাক্টটো বাচনি কৰক 

এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এটা ব্যৱসায় আৰম্ভ কৰাৰ আগেয়ে সুপৰিকল্পিত এখন আঁচনি,মূলধনৰ প্ৰয়োজনীয়তা,উত্পাদিত সামগ্ৰীৰ বজাৰ,কেচাঁমালৰ উপলব্ধতা আদিৰ বিষয়ে বিতংকৈ জানি লোৱা দৰকাৰ।তদুপৰি ক্ষেত্ৰভিত্তিক অধ্যয়ন, ব্যৱসায়টোৰ যোগাত্মক দিশ, দুৰ্বলতা, সৃষ্টি হ’ব পৰা সুযোগ তথা ভাবুকি আদিৰ বিষয়ে সঠিকভাৱে জানি লোৱা উচিত।

ব্যৱসায় এটা সফল কৰাৰ বাবে আটাইতকৈ দৰকাৰী কথাটো হৈছে পেছাদাৰী মনোভাৱ আৰু ব্যৱসায়িক দৃষ্টিভঙ্গী। ভৱিষ্যত পৰিকল্পনা হৈছে আন এটা প্ৰয়োজনীয় দিশ। সময়ৰ লগে লগে ব্যৱসায়ত নতুন নতুন দিশ যোগ কৰি যাব লাগে। অন্যথা বজাৰৰ চাহিদা আৰু নতুন প্ৰযুক্তিৰ উদ্ভাৱনে বহু উদ্যোগ তথা ব্যৱসায়িক প্ৰতিযোগিতাৰ মাজত বৰ্তি থাকিবলৈ নিদিয়ে।

শাৰীৰ বহু ডিজাইন বজাৰত আছে, আপুনি তাৰপৰা বাচনি কৰিব লাগিব কেনে ডিজাইনৰ শাৰী আপুনি বিক্ৰী কৰিব।  প্ৰথমে মনত ৰাখিব আপোনাৰ ব্যৱসায়ৰ পৰিধি কিমান আৰু ই গ্ৰাহকক আকৰ্ষণ কৰিব পাৰিবনে? 

২) আপোনাৰ ব্যৱসায়ৰ আকাৰ নিৰ্ধাৰণ 

এই ব্যৱসায়ত বহু সুযোগ  আছে কিন্তু মনত ৰাখিব  আপুনি ঘৰৰপৰাহে ব্যৱসায়  আৰম্ভ কৰিছে সেয়ে গ্ৰাহকৰ পছন্দ অনুসৰি সামগ্ৰী আনিব।তেনেদৰেই  লাহে লাহে সৰুৰ পৰা ডাঙৰলৈ পৰিৱৰ্তিত কৰিব পাৰিব। এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ

৩) গৱেষণা কৰক 

শাৰীৰ খুচুৰা ব্যৱসায় সহজ কথা নহয়। এই ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে আপুনি যথেষ্ট গৱেষণা কৰাৰ প্ৰয়োজন। বিশেষকৈ বজাৰখনৰ বিষয়ে সকলোখিনি বুজ লোৱাটো উচিত। আপুনি গ্ৰাহকক কেনেদৰে আকৰ্ষণ কৰিব পাৰিব জানিব লাগিব। এগৰাকী  ভাল দোকানীৰ ব্যৱহাৰ,কিটিপ কায়দা শিকি লোৱা উচিত। গ্ৰাহকে কেনে বিচাৰে সেয়া জানি থোৱা ভাল। শাৰী ব্যৱসায়ৰ বাবে আপুনি ট্ৰেন্দ (নতুনত্ব ),কাপোৰৰ কোৱালিটি,প্ৰেজেন্টেছনৰ বিষয়ে  জানি লব লাগিব। দোকানী হিচাপে  দক্ষতা আৰু গাম্ভীৰ্যতা ৰখাটো উচিত। 

৪)লাইসেন্স আৰু অনুমতি পত্ৰ 

ভাৰতত যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এই দুয়োটা খুবেই প্ৰয়োজন। মনত ৰাখিব যাতে আপুনি চৰকাৰী অনুমতি পত্ৰ লাভ কৰে। ভৱিষ্যতে কোনো বিপদৰ সন্মুখীন নহয়। 

৫) সামগ্ৰী বোৰ ৰাখিবৰ বাবে ঠাই

যিহেতু আপুনি ভিন্ন ব্ৰেন্দৰ শাৰীবোৰ খুচুৰাকৈ বিক্ৰী কৰি আছে, সেইবোৰ ৰাখিবৰ বাবে আপোনাক10×15sq.ফুট ঠাইৰ প্ৰয়োজন। মনত ৰাখিব যে .শাৰীবোৰ যাতে ভালকৈ ৰখা হয়। ঘূণে ধৰা বা আন পোক পতংগৰ পৰা সাৱধানে ৰাখিব।

৬) গ্ৰাহকৰ পছন্দৰ প্ৰতি লক্ষ্য ৰাখিব

যিকোনো লঘু  উদ্যোগৰ বাবে  নিৰ্দিষ্ট গ্ৰাহকৰ আৱশ্যক। শাৰীৰ খুচুৰা ব্যৱসায় যিহেতু ঘৰৰ পৰা কৰিব ,সেয়ে  আপোনাৰ গ্ৰাহক প্ৰথমে হ‘ব ওচৰ চুবুৰীয়া বা আপোনাৰ এলেকাত থকা নাৰীসকল ।সিহঁতৰ পৰা সদায়েই প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিব। যাতে ভৱিষ্যতে আপোনাৰ ব্যৱসায় ভাল হয়। তেওঁ লোকৰ লগত সম্পৰ্ক বজাই ৰাখিব। 

৭) উপযুক্ত ডিষ্ট্ৰীবিউটৰ বিচাৰি লব 

আপোনাৰ ডিষ্ট্ৰীবিউটৰ জন এনে এজন হব লাগিব যি আপোনাক ন ন ট্ৰেন্দ ৰ শাৰীবোৰ আপোনাক সঠিক সময়ত যোগান ধৰিব পাৰে। মনত ৰাখিব যাতে কেতিয়াও আপোনাৰ গ্ৰাহক সকলে নতুন ট্ৰেন্দৰ শাৰী নাপায় উভতি নাযায়। 

৮) গ’ অনলাইন 

ঘৰত দোকান খুলিলে প্ৰথমতে ওচৰ চুবুৰীয়া আৰু আশে পাশে থকা মানুহৰ লগত সু সম্পৰ্ক গঢ়ি তুলিব লাগে।বজাৰৰ ক্ষেত্ৰত  আজিকালি ই কৰ্মাচে সকলো সহজ কৰি তুলিছে। এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী। ৱেবছাইটোত শাৰী সন্দৰ্ভত বিতং ভাৱে জনাব। আপোনাৰ ডেলিভাৰী এলেকাতো নিৰ্ধাৰণ কৰি লব। ৱেবছাইটো আকৰ্ষণীয় কৰি ৰাখিবৰ বাবে ভিন্ন ধৰণৰ সাজ সজ্জাৰে সজাই ৰাখিব। 

৯)কৌশলগত বিজ্ঞাপন 

মাৰ্কেটিং ৰ বাবে সাজু হব। আজিকালি ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলোৱা সহজ। কিয়নো ছচিয়েল মিডিয়াত আপোনাৰ চিনাকী ব্যক্তিৰ সংখ্যা বেছি। লগতে আপুনি অচিনাকি জনৰ লগতো চিনাকি হব পাৰে ছচিয়েল মিডিয়াৰ জৰিয়তে, সেয়ে এই মাধ্যমৰ সঠিক ব্যৱহাৰ কৰি আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰক। কৌশলগত ভাৱে আপুনি ঘৰৰ এজন ব্যক্তিক ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিব দিব। তেওঁক ছচিয়েল মিডিয়াৰ বন্ধু বান্ধৱক আপোনাৰ পেজটো শ্বেয়াৰ কৰিব দিব। আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক। ৰেহাইৰ সুবিধা আগবঢ়াওক। লিফটলেট, পাম্পলেট আদি প্ৰচাৰ পত্ৰিকাৰে বজাৰ দখলৰ চেষ্টা চলাওক। পাৰিলে হোৱাটছ এপৰ জৰিয়তে গ্ৰাহকক ৰেহাই মূল্য ৰ বিষয়ে অৱগত কৰিব। মনত ৰাখিব যাতে গ্ৰাহক আপোনাৰ ব্যৱহাৰত সন্তুষ্ট হৈ থাকে। 

১০)মূলধনৰ যোগাৰ 

এইটো প্ৰথম কৰণীয় আপোনাৰ ব্যৱসায়ৰ আৰম্ভণিৰ বাবে।এই ব্যৱসায়টো আৰম্ভ কৰাৰ পূৰ্বে ধনৰ আৱশ্যক। আপুনি বিনিয়োগ কৰিব পৰা বা আপোনাক ধনৰ যোগাৰ কৰি দিব পৰা ব্যক্তি,প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰক। 

দেখা গৈছে ভাৰতত ক্ষুদ্ৰ ব্যৱসায়ীয়ে এটা লক্ষ্য আৰু মনোবলেৰে  আগবাঢ়ি আহিছে।  মনত ৰাখিব যে আপোনাৰ প্ৰতিদ্বন্দী বৃহৎ বৃহৎ শ্বপিং মল বা প্ৰতিষ্ঠানবোৰ। কিন্তু কেতিয়াও আপুনি আপোনাৰ মনোবল নেহেৰুৱাব। সদায় ডিজাইন আৰু গুণগত মানদণ্ড ৰ ওপৰত গুৰুত্ব দিব আৰু পৰাপক্ষত এই ব্যৱসায়ৰ বিষয়ে আৰু শিকিবৰ চেষ্টা কৰিব। 

শুভকামনাৰে

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।