written by | October 11, 2021

গহনা ব্যৱসায়

×

Table of Content


গহণাৰ ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব 

মহিলা বা পুৰুষৰ এক আকর্ষণ হৈছে গহনা। পৰম্পৰাগতভাবে আমি দেখি আহিছো গহনা বা বিভিন্ন মণি, মুকুতা আদিৰ চাহিদা বা প্রয়োজনীয়তা। আমাৰ বিভিন্ন উৎসৱ বা বিভিন্ন অনুষ্ঠানত আমি দেখিবলৈ পাওঁ গহনাৰ চাহিদা। এতিয়া গহনা ডিজাইনিং এক পৰম্পৰাগতভাৱে চলি অহা ব্যৱসায় যদিও দেখা যায় যে   আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মণি-মুকুতা বা গহনা অলংকাৰৰ বজাৰ বৃদ্ধি পাবলৈ ধৰিছে। বিশ্বৰ ১০ খন অন্যতম দেশৰ (যিবোৰে অলংকাৰৰ বজাৰৰ লগত জড়িত) ভিতৰত ভাৰতৰ স্থান হৈছে অষ্টম। ভাৰতত ৩ লাখতকৈ বেছি ৰত্ন আৰু পাথৰ আছে। ২০১৯-২৩ চনৰ ভিতৰত এই বজাৰ ১০৩.০৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাব। সেয়ে এই ব্যৱসায়ত বিনিয়োগ কৰিলে লাভবান হ‘ব। এই ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে আপুনি ৰত্ন, পাথৰ আৰু জুৱেলাৰীৰ বিষয়ে প্ৰচুৰ জ্ঞান আহৰণ কৰিব লাগিব। এই বজাৰত যথেষ্ট প্ৰতিযোগিতা আছে। সেয়ে মনত ৰাখিব যাতে আপুনি পৰিশ্ৰমৰ মাধ্যমেৰেএই ব্যৱসায় বেছি লাভ লব পাৰিব। 

জানো আহক এই ব্যৱসায় কেনেদৰে আৰম্ভণি কৰিব  

এটা সঠিক পৰিকল্পনা কৰক 

এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী।  আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ।আপুনি অনলাইন নে অফলাইন ষ্ট‘ৰ কৰিব?যদি অফলাইন তেন্তে বঢ়িব পৰাকৈ নে কেৱল বিক্ৰী কৰাৰ চিন্তা আৰু যদি অনলাইন তেন্তে আপোনাৰ সামগ্ৰী বোৰ ক‘ত ৰাখিব আৰু কিমান পৰিধিৰ ভিতৰত আবদ্ধ কৰিব। সদায়েই মনত ৰাখিব যাতে এই ব্যৱসায় ৰ বাবে আপোনাৰ এটা সঠিক পৰিকল্পনা থাকে।বেয়া দিনৰ বাবেও সাজু থাকিব। 

সামগ্ৰী নিৰ্ধাৰণ কৰিব

যিহেতু গহণাৰ বজাৰত  বহু সামগ্ৰী আছে, সকলো সময়তে সকলো সামগ্ৰী লাভ নকৰে আৰু সকলো সামগ্ৰী আপুনি জমা ৰখাতো সম্ভৱ নহয় সেয়ে আপুনি প্ৰথমতে এই কথালৈ মন কৰিব যে আপোনাৰ গ্ৰাহকেৰ কেনে সামগ্ৰী পছন্দ কৰে। তাৰ পাছত সেই অনুযায়ী আপুনি সামগ্ৰীৰ অৰ্ডাৰ দিব পাৰিব। বিক্ৰী সোনকালে হোৱা সামগ্ৰীবোৰ বেছিকৈ ৰাখিব। অৰ্ডাৰৰ পূৰ্বে সাৱধান হওঁক। এই ব্যৱসায়টোত আপোনাৰ লাভ হোৱাতো নিশ্চিত কিন্তু আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কেনেধৰণে প্ৰডাক্টবোৰ ৰাখে ।গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ সামগ্ৰী বোৰ ৰাখিব।গহণাবোৰ সময়ৰ লগে লগে পৰিবৰ্তন হৈ থাকে ।মনত ৰাখিব যাতে পুৰণি ডিজাইন বোৰৰ উপৰিও নতুন ডিজাইনৰ গহণা  ৰাখিব। জুৱেলাৰী ব্যৱসায়ত নাক, কাণ ফুটোৱা সেৱাও উপলব্ধ থাকে। সেয়ে আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে এনেধৰণৰ গ্ৰাহকৰ প্ৰয়োজনীয়বা ভাল পোৱা সুবিধা বোৰ ৰাখিব। 

বজাৰৰ পৰ্যবেক্ষণ কৰক 

ব্যৱসায়টো আৰম্ভ কৰাৰ পূৰ্বে  আপোনাৰ বজাৰ, চাহিদা, যোগান সকলোবোৰ কেনেকুৱা হব জানি লোৱাটো উচিত।   সেয়ে আপুনি ভালদৰে পৰ্যবেক্ষণ কৰক। আনবোৰ গহণাৰ দোকানে কেনে ধৰণৰ সুবিধা আগবঢ়াইছে আৰু তেওঁলোকৰ গহণাৰ বিশেষত্ব কি সেয়াও জানিবলৈ চেষ্টা কৰিব। আপোনাৰ ব্যৱসায়টোৰ বিষয়ে নিজেও জানিব লাগিব। এই ব্যৱসায় লাভজনক আৰু বিনিয়োগো বেছি। তদুপৰি ই এক সাংস্কৃতিক হাব্ ও হয়। 

এডোখৰ ভাল ঠাই বাচনি 

এডোখৰ ভাল ঠাই বাচনি কৰি লোৱাটো খুবেই জৰুৰী। আজিৰ সময়ত গ্ৰাহকসকলে অনলাইন ত গহণা ক্ৰয় কৰে। যিহেতু তেনে প্ৰক্ৰিয়া তেনেই সহজ আৰু ভিন্ন ধৰণৰ সামগ্ৰী উপলব্ধ।এই দিশটো মনত ৰাখিয়েই আপুনি আপোনাৰ ব্যৱসায়ৰ ঠাইডোখৰ নিৰ্বাচন কৰিব যাতে সেই ঠাইডোখৰত আপোনাৰ ব্যৱসায়েই আটাইতকৈ আকৰ্ষণীয় হয়। ঠাইডোখৰ  ভাড়ালৈ ও লব পাৰে বা ক্ৰয়ো কৰিব পাৰে  ।মাত্ৰ ভাড়ালৈ লওঁতে আপুনি মন কৰিব যাতে আপোনাৰ উৎপাদিত সামগ্ৰীবোৰ শৃংখলাবদ্ধ ভাৱে সজাই আকৰ্ষণীয় কৰি  ৰাখিব এনে ঠাই নিৰ্ধাৰণ কৰিব পাৰি । য‘ত  জন সমাগম বেছি আৰু ব্যস্ততাপূৰ্ণ এলেকাত হয়। 

আন্তঃগাঁথনি আৰু আলোকসজ্জা 

এখন গহণাৰ বিপণীখন কাউন্টাৰ, শ্বেলফৰ লগতে সৰু সৰু এল ই ডি বাল্বৰে দোকানখন সজাবলৈ চেষ্টা সামগ্ৰীবোৰ ভাল আৰু শৃংখলাবদ্ধ ভাৱে ৰাখিব। গ্ৰাহকে কেনে সামগ্ৰী ভাল পায়  গ্ৰাহকৰ মনবোৰ জানিবলৈ চেষ্টা কৰিব। তেওঁলোক ৰ বহাৰ ব্যৱস্থা ও ৰাখিব। খুউব ধুনীয়াকৈ দোকানখনৰ সন্মুখ খিনি সজাব। আপোনাৰ  দোকানখনখনলৈ মানুহৰ সমাগম বৃদ্ধি কৰিব । এনেদৰেই আপোনাৰ দোকানখন লাহে লাহে আপোনাৰ অঞ্চলত জনপ্ৰিয় হৈ পৰিব ।

লাইসেন্স আৰু অনুমতি পত্ৰ 

ভাৰতত যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এই দুয়োটা খুবেই প্ৰয়োজন। মনত ৰাখিব যাতে আপুনি চৰকাৰী অনুমতি পত্ৰ লাভ কৰে। ভৱিষ্যতে কোনো বিপদৰ সন্মুখীন নহয়। ব্যৱসায়ৰ বহুতো অনুজ্ঞাপত্ৰ আছে। যেনে ব্যৱসায়ৰ নাম ৰেজিট্ৰেশ্যন, ঠাইডোখৰৰ অনুমতি পত্ৰ,জি এছ টি পঞ্জীকৰণ আৰু বহুতো। এইবোৰ লাভ কৰাৰ পাছতহে দোকান খুলিবলৈ পাৰিব।

ডিজাইন আৰু সাজসজ্জা

সাজসজ্জাৰ ওপৰত এই ব্যৱসায়টো খুউব নিৰ্ভৰশীল। আকৰ্ষণীয় আলোকসজ্জাই কলাৰ প্ৰতি ধাউতি বৃদ্ধি কৰিব আৰু অধিক গ্ৰাহকক আকৰ্ষিত কৰিব ।  ইয়ে আপোনাৰ ব্যৱসায় সফল কৰাত সহায় কৰিব ।এনে ধৰণে সজাব যি আপোনাক লাভান্বিত কৰিব পাৰে ,ইয়াৰ বাবে দক্ষ ডিজাইনাৰৰ সহায় লব পাৰে । আলোকসজ্জা আৰু দেৱালৰ ৰং খুউব আকৰ্ষণীয় হোৱা উচিত ।  এনেদৰেই লাহে লাহে আপোনাৰ অঞ্চলত জনপ্ৰিয় হৈ উঠিব।

গ’ অনলাইন 

এখন গহণাৰ বিপণী খুলিবলৈ আপোনাৰ শক্তিশালী  স্হানীয় ব্যক্তিৰ লগত যোগাযোগ, সু সম্পৰ্ক থকাতো খুবেই জৰুৰী। প্ৰথমতে ওচৰ চুবুৰীয়া আৰু আশে পাশে থকা মানুহৰ লগত সু সম্পৰ্ক গঢ়ি তুলিব।এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী। ৱেবছাইটোত সামগ্ৰী  সন্দৰ্ভত বিতং ভাৱে জনাব। আপোনাৰ ডেলিভাৰী এলেকাতো নিৰ্ধাৰণ কৰি লব। ৱেবছাইটো আকৰ্ষণীয় কৰি ৰাখিবৰ বাবে ভিন্ন ধৰণৰ বস্তুৰে সজাই অনলাইনৰ ব্যৱস্হাটো খুউব মসৃণভাৱে সকলো  গ্ৰাহকৰ সুবিধা হোৱাকৈ ৰাখিব ।ই আপোনাৰ ব্যৱসায় আগবঢ়োৱাত সহায় কৰিব আৰু গ্ৰাহকৰ চাহিদা বৃদ্ধি কৰাব

ছচিয়েল মিডিয়া মাৰ্কেটিং 

আপোনাৰ উৎপাদিত সামগ্ৰীবোৰ অনলাইন যোগে বিক্ৰী কৰিবৰ বাবে ভাল এটা ৱেবছাইট  ইয়াৰ বাবে এজন দক্ষ টেকনিচিয়ানৰ সহায় লব পাৰে।যি প্ৰতি সময়তে আপোনাৰ ৱেবছাইট কোনো সমস্যা নোহোৱাকৈ চলাব পাৰে ।আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ মাধ্যমৰে প্ৰচাৰ চলাওক। ৰেহাইৰ সুবিধা আগবঢ়াওক। লিফটলেট, পাম্পলেট আদি প্ৰচাৰ পত্ৰিকাৰে বজাৰ দখলৰ চেষ্টা চলাওক। পাৰিলে হোৱাটছ এপৰ জৰিয়তে গ্ৰাহকক ৰেহাই মূল্য ৰ বিষয়ে অৱগত কৰিব। মনত ৰাখিব যাতে গ্ৰাহক আপোনাৰ ব্যৱহাৰত সন্তুষ্ট হৈ থাকে।

যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এটা সঠিক পৰিকল্পনা কৰিব লাগে । গহণাৰ ব্যৱসায় এনে এক ব্যৱসায় যি গ্ৰাহক আৰু মালিকক উৎফুল্লিত কৰে। যিহেতু ইয়াৰ লগত মানুহৰ সুখ আৰু সমৃদ্ধি জড়িত হৈ থাকে। যদিহে আপুনি নতুন ব্যৱসায় এটাত সফলতা অৰ্জন কৰিব বিচাৰে তেন্তে সদায় ‘ৰিস্ক‘ লবৰ বাবে সাজু হৈ থাকিব। এই ব্যৱসায়টোত কিছু বছৰৰ সাধনা আৰু পৰিশ্ৰমে আপোনাক ভৱিষ্যতলৈ এজন সফল  ব্যৱসায়ী ৰূপে গঢ়ি তুলিব পাৰে। এটা ব্যৱসায়ৰ বাবে দৃঢ়তা আৰু সংকল্প লাগিব। ভাল বা বেয়া দুয়োটা দিনৰ বাবে সাজু থাকক। 

—শুভকামনাৰে

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।