written by | October 11, 2021

প্ৰিণ্টিং তথা জেৰক্সৰ ব্যৱসায়

×

Table of Content


জেৰক্স দোকানৰ ব্যৱসায় কেনেদৰে আৰম্ভণি কৰিব 

যিকোনো এটা ব্যৱসায় আৰম্ভ কৰিবলৈ সাহসৰ প্ৰয়োজন। যিহেতু দেশৰ অৰ্থনীতি আৰু নিবনুৱা হাৰ এই দুয়োটা দিশতেই ভাৰাক্ৰান্ত তেনে স্হলত বহু লোক ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহিছে। বহু ধৰণৰ ব্যৱসায় আছে য‘ত কম   বিনিয়োগৰ প্ৰয়োজন। জেৰক্স দোকানৰ ব্যৱসায় এটা এনে ব্যৱসায় যি ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি কৰ্মৰত বা সাধাৰণ মানুহৰ সৈতে জড়িত হৈ থাকে। আমাৰ দেশত যিহেতু ভাল প্ৰিন্টিং মেচিন আৰু ভাল প্ৰিন্টাৰৰ দাম বেছি সেয়ে অধিক লোকে এইটো বহন কৰিব নোৱাৰে। আমি দেখিবলৈ পাওঁ বহু কম পৰিমাণৰহে এনে ব্যৱসায় বজাৰত উপলব্ধ। বিদ্যালয়ৰ প্ৰজেক্ট, কলেজৰ প্ৰজেক্ট , অফিচৰ কিছুমান প্ৰিন্টিং কাম, ডাঙৰ বেনাৰ শ্বিট আদি বনাবৰ বাবে আমাক প্ৰিন্টিং (জেৰক্স )ৰ প্ৰয়োজন। এইটো এনে এক ব্যৱসায় য‘ত আপুনি সঠিক পৰিকল্পনা,পৰিশ্ৰম আৰু মূলধনেৰে আৰম্ভ কৰি ভাল লাভ লব পাৰে। মনত ৰাখিব যদিহে ইয়াৰ বাবে আপুনি সঠিক পৰিকল্পনা নকৰে তেন্তে বিপদত পৰিব।

জানো আহক এই ব্যৱসায় কেনেদৰে আৰম্ভণি কৰিব পাৰি –

এটা সঠিক পৰিকল্পনা কৰক 

এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ।এই ব্যৱসায়টো কেনেধৰণৰ হব জানি লোৱাটো উচিত। এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী।  এই ব্যৱসায় আৰম্ভ কৰাৰ আগেয়ে আপুনি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জ্ঞান আহৰণ কৰিব লাগিব। তদুপৰি ক্ষেত্ৰভিত্তিক অধ্যয়ন, ব্যৱসায়টোৰ যোগাত্মক দিশ, দুৰ্বলতা, সৃষ্টি হ’ব পৰা সুযোগ তথা ভাবুকি আদিৰ বিষয়ে সঠিকভাৱে জানি লোৱা উচিত। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। সদায়েই মনত ৰাখিব যাতে এই ব্যৱসায় ৰ বাবে আপোনাৰ এটা সঠিক পৰিকল্পনা থাকে।তদুপৰি ক্ষেত্ৰভিত্তিক অধ্যয়ন, ব্যৱসায়টোৰ যোগাত্মক দিশ, দুৰ্বলতা, সৃষ্টি হ’ব পৰা সুযোগ তথা ভাবুকি আদিৰ বিষয়ে সঠিকভাৱে জানি লোৱা উচিত।

আকাৰ নিৰ্ধাৰণ কৰিব 

জেৰক্স দোকানৰ ব্যৱসায় আৰম্ভ কৰাৰ সময়ত এইটো বিবেচনা কৰাৰ প্ৰয়োজন যে আপোনাৰ দোকানৰ পৰা গ্ৰাহকে  কেনেধৰণৰ  সুবিধা লাভ কৰিব। এই ব্যৱসায়ত বিভিন্ন ৰকমৰ পৰিসেৱা আছে।আপোনাৰ দোকানখন সৰুকৈ স্হানীয় বজাৰ বা কাৰ্যালয়ৰ কাষত দিব।আপুনি দোকানখন কেনেদৰে দিয়ে সেয়া আপুনি বিবেচনা কৰিব ।

সামগ্ৰী নিৰ্ধাৰণ কৰিব

আপুনি কেৱল প্ৰিন্টিঙেই কৰিব নে টাইপিঙো কৰিব। আপুনি টাইপিষ্টো নিয়োগ কৰিব নেকি টাইপিঙৰ বাবে? সেয়ে প্ৰথমে বাচি লব আপুনি কি কি সেৱা আগবঢ়াব। বহু প্ৰিন্টিং দোকানীয়ে ষ্টেশ্যনেৰী সামগ্ৰী ও ৰাখে। বিক্ৰী সোনকালে হোৱা সামগ্ৰীবোৰ বেছিকৈ ৰাখিব। অৰ্ডাৰৰ পূৰ্বে সাৱধান হওঁক। যি কোনো সামগ্ৰী নাৰাখিব। এই ব্যৱসায়টোত আপোনাৰ লাভ হোৱাতো নিশ্চিত কিন্তু আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কেনেধৰণে প্ৰডাক্টবোৰ ৰাখে । 

এডোখৰ ভাল ঠাই বাচনি 

এডোখৰ ভাল ঠাই বাচনি কৰি লোৱাটো খুবেই জৰুৰী। প্ৰতিদ্বন্দী থাকিলেও যদিহে এলেকাটোত জনবহুল হয় তেন্তে তেনে স্হান বাচনি কৰিব পাৰে।ঠাইডোখৰ  ভাড়ালৈ ও লব পাৰে ।মাত্ৰ ভাড়ালৈ লওঁতে আপুনি মন কৰিব যাতে আপোনাৰ  সামগ্ৰীবোৰ ভালদৰে ৰাখিব পাৰি।ইয়াৰ বাবে এটা সৰু কোঠালী ১০×১৫ফুটৰ হে আৱশ্যক। যিমান ব্যৱসায় আছে তাত লাভ বা লোকচান হয়।  ইও এনে এক ব্যৱসায়।  মাত্ৰ মনত ৰাখিব  আপুনি পৰিশ্ৰম আৰু দৃঢ়ভাৱে সংকল্প লৈ যাতে এই ব্যৱসায়ত আগবাঢ়ে।

সৰঞ্জাম

এই ব্যৱসায় কৰিবৰ বাবে জৰুৰী সামগ্ৰীসূহৰো প্ৰয়োজন। প্ৰিন্টাৰ,জেৰক্স মেচিন,কম্পিউটাৰ, কেবল আৰু বহুতো। মনত ৰাখিব যি বোৰ সামগ্ৰী ৰাখিলে আপুনি লাভান্বিত হ‘ব পাৰে তেনে সামগ্ৰী ও সা সৰঞ্জামবোৰ আপুনি যোগাৰ কৰিব। ব্যৱসায় সম্প্ৰসাৰণৰ লগে লগে  হোৱাৰ লগে লগে ঠাই বঢ়াই নিব লাগিব । অন্যথা অসুবিধাৰ সৃষ্টি কৰিব। এই ব্যৱসায়ত ডাঙৰ প্ৰিন্টাৰৰ পৰা আৰম্ভ কৰি সাধাৰণ কেবল এডাললৈকে প্ৰয়োজন হয়। 

মূলধন

এজন ব্যৱসায়ীৰ সকলো ব্যৱসায়ৰ লগতে ব্যক্তিগত বিলবোৰ পৰিশোধ কৰাৰ বাবে পৰ্যাপ্ত অৰ্থ অথাৎ ধন থকা উচিত। ব্যৱসায়টো আৰম্ভ কৰাৰ পূৰ্বে ই পৰিয়ালৰ সদস্য, বন্ধুবান্ধৱ, আত্মীয় স্বজন সকলোৰে পৰা টকা পইচা ৰ ব্যৱস্থা কৰি লোৱা উচিত।সেয়ে সুচাৰুৰূপে ব্যৱসায় আগবঢ়োৱাৰ বাবে বিত্তীয় দিশটো খুউব গুৰুত্বপূৰ্ণ।

আন্তঃগাঁথনি

এখন দোকান আৰম্ভ কৰিলে   কাউন্টাৰ, শ্বেলফৰ  ইত্যাদিৰ প্ৰয়োজন হব। সামগ্ৰীবোৰ ভাল আৰু শৃংখলাবদ্ধ ভাৱে ৰাখিব। গ্ৰাহকে কেনে সামগ্ৰী ভাল পায়  গ্ৰাহকৰ মনবোৰ জানিবলৈ চেষ্টা কৰিব। তেওঁলোকৰ বহাৰ ব্যৱস্থা ও ৰাখিব। গ্ৰাহক  আপোনাৰ দোকানলৈ আহিলে নিয়াৰিকৈ কামবোৰ কৰিবৰ বাবে  বহাৰ ব্যৱস্থা কৰিব। 

লাইসেন্স আৰু অনুমতি পত্ৰ 

ভাৰতত যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এই দুয়োটা খুবেই প্ৰয়োজন। মনত ৰাখিব যাতে আপুনি চৰকাৰী অনুমতি পত্ৰ লাভ কৰে। ভৱিষ্যতে কোনো বিপদৰ সন্মুখীন নহয়। ব্যৱসায়ৰ বহুতো অনুজ্ঞাপত্ৰ আছে। যেনে ব্যৱসায়ৰ নাম ৰেজিট্ৰেশ্যন, ঠাইডোখৰৰ অনুমতি পত্ৰ,জি এছ টি পঞ্জীকৰণ আৰু বহুতো। এইবোৰ লাভ কৰাৰ পাছতহে দোকান খুলিবলৈ পাৰিব।

সঠিক ডিষ্ট্ৰীবিউটৰ বাচনি কৰক 

প্ৰথমতেই এইটো কৰণীয়। এই ব্যৱসায়  ডিষ্ট্ৰীবিউটৰ নোহোৱাকৈ খোলা টান। সেয়ে এখন তালিকা প্ৰস্তুত কৰক কি কি সেৱা আগবঢ়াব । ডিষ্ট্ৰীবিউটৰে যাতে আপোনাক উন্নত মানৰ কাগজ ভিন্ন আকাৰত যেনে এ ফ‘ৰ,এ থ্ৰী, এ ৱান ইত্যাদি যোগান ধৰিব পাৰে।মনত ৰাখিব যাতে আপোনাৰ গ্ৰাহকে সূদা হাতে উভতিব লগা নহয়।স্হানীয় বজাৰত আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ বিচাৰিব। মনত ৰাখিব আপুনি যদি গ্ৰাহকক কিবা প্ৰতিশ্ৰুতি দিয়ে তেন্তে সেয়া সদায়েই বজাই ৰাখিব। যিহেতু এই ব্যৱসায়  সুনামেৰেহে চলে। 

মাৰ্কেটিং 

আপোনাৰ সামগ্ৰীবোৰ অনলাইন যোগে বিক্ৰী কৰিবৰ বাবে ভাল এটা ৱেবছাইট বনাব।আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী।গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক। ৰেহাইৰ সুবিধা আগবঢ়াওক। লিফটলেট, পাম্পলেট আদি প্ৰচাৰ পত্ৰিকাৰে বজাৰ দখলৰ চেষ্টা চলাওক। পাৰিলে হোৱাটছ এপৰ জৰিয়তে গ্ৰাহকক ৰেহাই মূল্য ৰ বিষয়ে অৱগত কৰিব।সৰুকৈ ঠায়ে ঠায়ে হৰ্ডিং আৰু বেনাৰো লগাব।

এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এই ব্যৱসায়টো আপোনাৰ বাবে নতুন,সেয়ে  বেয়া দিনৰ বাবেও সাজু থাকিব । সঠিক পৰিকল্পনা আৰু মাৰ্কেটিং কৰাৰ পাছতো কেতিয়াবা ব্যৱসায়ত উন্নতি নহয় তেতিয়া আপুনি ভালদৰে পৰ্যবেক্ষণ আৰু দৃঢ়প্ৰতিজ্ঞ হব। যিকোনো ব্যৱসায়ত ভাল বেয়া সকলো দিন আহে। আপুনি সংকল্প লৈ আগবাঢ়িব। যদিহে আপুনি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এইটো এটা সঠিক সময়।

শুভকামনাৰে

 

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।