written by | October 11, 2021

গাখীৰ বিতৰণ কৰাৰ ব্যৱসায়।

×

Table of Content


গাখীৰ(দুগ্ধ) ডিষ্ট্ৰীবিউশ্যনৰ ব্যৱসায় কেনেদৰে আৰম্ভণি কৰিব 

আমাৰ দেশত গৰুক খুউব সন্মান কৰা হয়।যিহেতু গৰুৰ পৰা আমি গাখীৰকে ধৰি বিভিন্ন সুবিধা লাভ কৰো। ভাৰত বিশ্বৰ আটাইতকৈ বেছি  গাখীৰ উৎপাদন কৰা দেশ।য‘ত প্ৰাচীন কালৰে পৰা গাখীৰ উৎপাদন হৈ আছে। ই আমাৰ অন্য এক  সংস্কৃতিও। গাখীৰক লৈ ইতিমধ্যে ভাৰতে খুউব সফলতাৰে ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। ইয়াত সকলোতকৈ বেছি উপভোক্তা , দুগ্ধজাত সামগ্ৰীসমূহৰো যথেষ্ট চাহিদা আছে। 

গাখীৰ এবিধ আদৰ্শ আহাৰ, ইয়াৰ উচ্চ পুষ্টিকাৰক মূল্য আছে। ই দেহ গঠনৰ কাৰণে মাংসসাৰ, হাড় গঠনৰ কাৰণে ধাতৱলোণ, স্বাস্থ্য ৰক্ষাৰ কাৰণে ভিটামিন আৰু শক্তি প্ৰদানৰ কাৰণে শৰ্কৰাৰ যোগান ধৰে। কিছুমান অত্যৱশ্যকীয় ফেটি এছিড যোগান ধৰাৰ উপৰিও গাখীৰত উপৰোক্ত নিউট্ৰিজেনসমূহ সহজে হজম হ’ব পৰাকৈ সানমিহলি হৈ থাকে। এই সকলোবোৰ ধৰ্মই গাখীৰক উঠি অহা শিশু, ডেকা, বৃদ্ধ আৰু ৰোগীৰ কাৰণে এবিধ অতি দৰকাৰী খাদ্য ৰুপে পৰিগণিত কৰিছে।

আমাৰ দেশত গাখীৰৰ ব্যৱসায় কৰা ব্ৰেন্দ সমূহ যেনে আমুল, মাডাৰলেণ্ড,চাঁছি আছে। যিসকলে গাখীৰৰ বৃহৎ ব্যৱসায় চলাই আছে। সেয়ে এওঁলোকে গ্ৰাহকক   গাখীৰ যোগান ধৰিবলৈ এটা দীঘলীয়া ডিষ্ট্ৰীবিউশ্যনৰ চেইন বনাই ৰাখে। এই চেইনদালে  উপভোক্তাৰ দুৱাৰ মুখত গাখীৰ উপলব্ধ হ‘বৰ বাবে ব্যৱস্থা কৰে। তেনেস্হলত গাখীৰ ডিষ্ট্ৰীবিউশ্যনৰ এই চেইনদালৰ সৈতে জড়িত হব পাৰে তেন্তে আপুনি এই ব্যৱসায় আৰম্ভ কৰিব পাৰিব।  এইটো এটা লোভনীয়  সুযোগ,সুযোগটো নেহেৰুৱাব ।এই ব্যৱসায়ৰ দ্বাৰা লাভান্বিত হ‘ব পাৰিব। 

চাও আহক এই ব্যৱসায় কেনেদৰে আৰম্ভণি কৰিব 

এটা সঠিক পৰিকল্পনা কৰক 

এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ।এই ব্যৱসায়টো কেনেধৰণৰ হব জানি লোৱাটো উচিত। আপুনি  খুচুৰা ব্যৱসায় কৰিব নে  বনোৱা ব্যৱসায় কৰিব?এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী।  তদুপৰি ক্ষেত্ৰভিত্তিক অধ্যয়ন, ব্যৱসায়টোৰ যোগাত্মক দিশ, দুৰ্বলতা, সৃষ্টি হ’ব পৰা সুযোগ তথা ভাবুকি আদিৰ বিষয়ে সঠিকভাৱে জানি লোৱা উচিত। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ।আপুনি ফোনত অৰ্ডাৰ লব নে অফলাইন ষ্ট‘ৰ কৰিব?যদি অফলাইন  তেন্তে আপোনাৰ কিমান পৰিধিলৈকে  কৰিব পাৰিব ।সদায়েই মনত ৰাখিব যাতে এই ব্যৱসায় ৰ বাবে আপোনাৰ এটা সঠিক পৰিকল্পনা থাকে।তদুপৰি ক্ষেত্ৰভিত্তিক অধ্যয়ন, ব্যৱসায়টোৰ যোগাত্মক দিশ, দুৰ্বলতা, সৃষ্টি হ’ব পৰা সুযোগ তথা ভাবুকি আদিৰ বিষয়ে সঠিকভাৱে জানি লোৱা উচিত।

সামগ্ৰী নিৰ্ধাৰণ কৰিব

বজাৰত বহু ধৰণৰ দুগ্ধজাত সামগ্ৰী আছে। আপোনাৰ মুখ্য সামগ্ৰী যদিও  গাখীৰ তথাপিও  গাখীৰৰ দ্বাৰা বনাব পৰা আন দুগ্ধজাত সামগ্ৰীসমূহো যেনে দৈ,লচ্ছী,চিজ, ঘি, ক্ৰীমো ৰাখিব। এই সকলো সামগ্ৰীৰ চাহিদা খুউব বেছি। কিন্তু আপুনি হে নিৰ্ধাৰণ কৰিব আৰু 

বিক্ৰী সোনকালে হোৱা সামগ্ৰীবোৰ বেছিকৈ ৰাখিব। অৰ্ডাৰৰ পূৰ্বে সাৱধান হওঁক।  এই ব্যৱসায়টোত আপোনাৰ লাভ হোৱাতো নিশ্চিত কিন্তু আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কেনেধৰণে প্ৰডাক্টবোৰ ৰাখে ।গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ সামগ্ৰী বোৰ ৰাখিব।যিহেতু গাখীৰৰ সামগ্ৰী সোনকালে নষ্ট হৈ যায় সেয়ে ততালিকে বিক্ৰী কৰিবলৈ চেষ্টা কৰিব। 

বিতৰণৰ(ডেলিভাৰী ) সন্ধান 

আপোনাৰ ব্যৱসায় আপোনাৰ গ্ৰাহকৰ সৈতে জড়িত কৰিবৰ বাবে ডেলিভাৰী সেৱা খুবেই জৰুৰী। মনত ৰাখিব যাতে এটা বিশ্বাসী ডেলিভাৰী প্ৰক্ৰিয়া ব্যৱহাৰ কৰে। এই প্ৰক্ৰিয়াটো ভালদৰে আৰু কিছুমান নীতি নিয়ম আৰু শৃংখলাবদ্ধ ভাৱে কাম কৰিব লাগে। ইয়াত কিন্তু কিবা খেলিমেলিৰ সৃষ্টি হ‘লে আপোনাৰ আৰু গ্ৰাহকৰ মাজৰ সম্পৰ্কটো বেয়া হৈ যাব পাৰে। গ্ৰাহকে আপোনাৰ সেৱা  তেতিয়া ভাল পাব যেতিয়া তেওঁ সময়ানুসৰি, শৃংখলাবদ্ধভাৱে এই সুবিধা লাভ কৰিব। যিহেতু গাখীৰ গ্ৰাহকে পুৱাৰ ভাগতে লয় সেয়ে মনত ৰাখিব যাতে আপুনি  তেওঁলোকক পুৱা সোনকালে ডেলিভাৰী দিব পাৰে। 

ই কমাৰ্চ মাধ্যম

যিহেতু আপুনি ডেলিভাৰী লগত জড়িত সেয়ে উপভোক্তা আৰু আপোনাৰ মাজত এটা সক্ৰিয় আৰু সহজ মাধ্যম ৰাখিব। যাৰ মাধ্যমেৰে আপোনাক তেওঁলোকে বিচৰা সামগ্ৰীৰ অৰ্ডাৰ দিব পাৰে। আপুনি এটাতকৈ বেছি সক্ৰিয়  নম্বৰটো থকা ফোন ব্যৱহাৰ কৰিব। মনত ৰাখিব যাতে গ্ৰাহক আপোনাৰ ব্যৱহাৰত সন্তুষ্ট হৈ থাকে আৰু অভিযোগ অনুযোগ দিব পাৰে বা গ্ৰহণ কৰিব পাৰে। 

বজাৰৰ পৰ্যবেক্ষণ কৰক 

মনত ৰাখিব এই ব্যৱসায়ত কিছু আশংকা থাকে । গাখীৰ ততালিকে বেয়া হোৱা সামগ্ৰী। সেয়ে গাখীৰ সাৱধানে ৰাখিবlগাখীৰৰ ব্যৱসায়ৰ বিষয়ে কিছু জ্ঞান আহৰণ কৰিব।আপোনাৰ বজাৰ, চাহিদা, যোগান সকলোবোৰ কেনেকুৱা হব জানি লোৱাটো উচিত।   সেয়ে আপুনি ভালদৰে পৰ্যবেক্ষণ কৰক। নজৰ দিব যাতে আপোনাৰ সামগ্ৰী নষ্ট হৈ নাযায়।  

আপোনাৰ  গ্ৰাহকক বুজক 

সদায় গ্ৰাহকৰ প্ৰয়োজন টো বুজিবলৈ চেষ্টা কৰিব। তেওঁ লোকে কি ভাল পায়, কি বিচাৰে সেয়া ও জানিবলৈ চেষ্টা কৰিব। তাৰ বাবে উন্নত ষ্টক ৰাখিব। তেওঁ লোকৰ প্ৰতিক্ৰিয়া বোৰ জানিবলৈ চেষ্টা কৰিব।  অন্যথা আপুনি লাভৰ পৰা বঞ্চিত হব।

মূলধন

এজন ব্যৱসায়ীৰ সকলো ব্যৱসায়ৰ লগতে ব্যক্তিগত বিলবোৰ পৰিশোধ কৰাৰ বাবে পৰ্যাপ্ত অৰ্থ অথাৎ ধন থকা উচিত। ব্যৱসায়টো আৰম্ভ কৰাৰ পূৰ্বে ই পৰিয়ালৰ সদস্য, বন্ধুবান্ধৱ, আত্মীয় স্বজন সকলোৰে পৰা টকা পইচা ৰ ব্যৱস্থা কৰি লোৱা উচিত। অবাঞ্ছিত দিশ বা অপ্ৰয়োজনীয় দিশত টকা খৰছ কৰাতো অনুচিত।  এজন সফল ব্যৱসায়ীয়ে কেতিয়াও কোনো পৰিস্থিতি মগজুৰ পৰা তললৈ আহিব নিদিয়ে। সেয়ে সুচাৰুৰূপে ব্যৱসায় আগবঢ়োৱাৰ বাবে বিত্তীয় দিশটো খুউব গুৰুত্বপূৰ্ণ।

লাইসেন্স আৰু অনুমতি পত্ৰ 

ইয়াৰ বাবে লাইচেঞ্চ লোৱাতো খুবেই জৰুৰী। এই ব্যৱসায় কৰিবলৈ  চৰকাৰৰ পৰা বহু ধৰণৰ  অনুমতি লব লাগে। প্ৰথমে আপুনি অনুমতি লব লাগিব ঘৰৰ মালিকৰ পৰা(যদিহে ভাৰা) , জি এছ টি পঞ্জীকৰণ,এফ এছ এছ এ আই ৰ পৰা অনুমতি লোৱা আৰু বহুতো। এইবোৰ লাভ কৰাৰ পাছতহে ব্যৱসায় আৰম্ভ কৰিব পাৰিব।

এডোখৰ ভাল ঠাই বাচনি 

এডোখৰ ভাল ঠাই বাচনি কৰি লোৱাটো খুবেই জৰুৰী। বহু এনে দোকান থকা ঠাইৰ পৰা কিছু নিলগত আপুনি আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠান টো আৰম্ভ কৰক। অথাৎ বাচনি কৰক। প্ৰতিদ্বন্দী থাকিলেও যদিহে এলেকাটোত জনবহুল হয় তেন্তে তেনে স্হান বাচনি কৰিব পাৰে।ঠাইডোখৰ  ভাড়ালৈ ও লব পাৰে ।মাত্ৰ ভাড়ালৈ লওঁতে আপুনি মন কৰিব যাতে আপোনাৰ উৎপাদিত সামগ্ৰীবোৰ ভালদৰে ৰাখিব পাৰি।যিমান ব্যৱসায় আছে তাত লাভ বা লোকচান হয়। গাখীৰৰ ব্যৱসায়ো এনে এক ব্যৱসায়। যিহেতু গাখীৰ প্ৰত্যেকটো পৰিয়ালৰ বাবে আৱশ্যক। সেয়ে ইয়াৰ চাহিদা কেতিয়াও নকমে। মাত্ৰ মনত ৰাখিব  আপুনি পৰিশ্ৰম আৰু দৃঢ়ভাৱে সংকল্প লৈ এই ব্যৱসায়  আগবাঢ়িব।

—–শুভকামনাৰে

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।