৫.গেলামাল দোকানৰ লাভ বঢ়াবলৈ 5টা ব্যৱসায়িক মন্ত্ৰ
সমগ্ৰ বিশ্ব এতিয়া মহামাৰীৰ কবলত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত অকল স্বাস্থ্য,অনাময় আৰু গেলামাল বস্তুক অন্তৰ্ভূক্ত কৰা হৈছে। বিশ্বৰ সৰ্বদিশ বন্ধ কিন্তু অকল আমাৰ ওচৰতে থকা গেলামালৰ দোকানখনে আমাৰ সকলো প্ৰয়োজন পূৰণ কৰিছে।সংক্ৰমিত হোৱাৰ আশংকা তেওলোকৰো আছিল তথাপি তেওলোকে আমাক বস্তুও যোগান ধৰিছে আৰু লাভ ও অৰ্জন কৰিছে। অকল এইটো ব্যৱসায়েই চলি আছিল। গেলামাল দোকান, এখন সৰু দোকান যিয়ে খাদ্য সামগ্ৰীৰ লগতে অন্য অত্যাৱশ্যকীয় সামগ্ৰীও বিক্ৰী কৰে।দেখাত লাভজনক যেন নালাগিলেও ইয়াৰে যথেষ্ট প্ৰসাৰ আৰু সম্ভাৱনা আছে।আমাৰ আটাইৰে এখন চিনাকী গেলামাল দোকান আছে যাক আমি বিশ্বাস কৰিব পাৰো।এইয়া বহু বছৰ পুৰণি আৰ চকুৰ আগতে আমাক ডাঙৰ হোৱাও দেখিছে।গতিকে, যেতিয়াই আপুনি গেলামাল দোকাআ খোলাৰ পৰিকল্পনা কৰে অথবা লাভ অৰ্জন কৰিব বিচাৰে তেনেহলে এইটো ভাৱক যে এই দোকানৰ ব্যৱসায় কেনেদৰে আৰম্ভ হৈছিল আৰু তাত কি কৌশল আৰু আবেগ জড়িত হৈ আছে।
আহক চাও আপোনাৰ গেলামাল দোকানৰ লাভ কেনেদৰে বৃদ্ধি কৰিব পাৰি।
অনলাইন ব্যৱস্থা কৰক
ডিজিটেও যুগত আপোনৰ দোকানখনক অনলাইন ৰূপ দিয়ক। অফলাইন গ্ৰোচাৰী দোকান খনত গুণগত মানদণ্ডৰ বাবে ইতিমধ্যেই এক লাভজনক ব্যৱসায়। কিন্তু যেতিয়াই ইয়াক অনলাইন ৰূপ দিয়া হব মানুহে ঘৰৰ পৰাই অৰ্ডাৰ আৰু পেমেণ্ট কৰিব পাৰিব। হোৱাটচএপ অথবা পেজৰ লিংক দি নিজৰ বন্ধু বৰ্গকো এই বিষয়ে জনাব পাৰে।এইটোৱে আপোনাৰ বাবে অনেক বিকল্প আনিব আৰু গেলামাল দোকানখনক এক ডাঙৰ ব্যৱসায়লৈ পৰিৱৰ্তন কৰিব।
ডিজিটেল যুগত প্ৰতিটো বস্তুৱেই মানুহে সময় ৰাহি হোৱাকৈ আৰু একো কষ্ট নোহোৱাকৈ অনায়াসে বিচাৰে।আজৰি পৰত এনেয়েও যেতিয়া সম্ভাব্য গ্ৰাহক এজনে অনলাইনত নিজৰ কাৰণে কিবা বস্তু বিচাৰে তেনে স্থলত তেও আপোনাৰ দোকানৰ বস্তুও অনলাইনত চাব বিচাৰিব পাৰে। গতিকে কিমান তথ্য সমৃদ্ধ আৰু আকৰ্ষণীয়কৈ আপুনি অনলাইনত তাক উপস্থাপন কৰিব বিচাৰিছে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। গ্ৰাহকক আকৰ্ষিত কৰিবলৈ ব্যৱসায়ী হিচাপে তেওলোকৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দি ডিজিটেল মাৰ্কেটিংৰ ওপৰতো গুৰুত্ব দিয়া উচিত। প্ৰতিদ্বন্দ্বী বহুত কিন্তু তাৰ মাজতো নিজে অদ্বিতীয় হৈ থিয় হব লাগিব।
ডেলিভাৰী আৰু বস্তু আহৰণৰ সুবিধা
দোকানৰ ওচৰৰ যিখিনি আপোনাৰ নিয়মিত গ্ৰাহক তেওলোকলৈ ফ্ৰী ডেলিভাৰীৰ ব্যৱস্থা কৰিব পাৰে। লগতে তেওলোকৰ অৰ্ডাৰ আৰু ফোনকলৰ ওপৰত নিৰ্ভৰ কৰি বস্তুখিনি উঠাই ঘৰলৈ ডেলিভাৰী দিয়াৰ ব্যৱস্থা কৰিব পাৰে। এইদৰে তেওলোকৰ সময়ো ৰাহি হব আৰু দোকানত ভীৰ ও কম হব। মহামাৰীৰ পিছৰ সময়ছোৱাত স্বাস্থ্য আৰু সুৰক্ষাৰ এয়া এক উচিত উপায়। অনলাইন এপটো এনেভাৱে বনাব যাতে তাত ডেলীভাৰীৰ নানান অপচন থাকে কাৰণ চাকৰি কৰা বহু লোকে দিনত ঘৰত ডেলীভাৰী লোৱা সময় নাপায়। তেওলোকৰ বাবে সন্ধিয়া বা ৰাতি অলপ দেৰীলৈকে ডেলীভাৰীৰ ব্যৱস্থি কৰক। ইয়াৰ বাবে আপোনাৰ ব্যৱসায়ত অতিৰিক্ত যি মানুহৰ প্ৰয়োজন হব সেইয়া আপুনি পাৰ্ট- টাইম কাম কৰা মানুহ লব পাৰে। কোনোবাই আপোনাৰ কাৰণে সংস্থাপন ও পাব আৰু আপোনাৰো কাম হব।
চছিয়েল মিডিয়াৰ উপস্থিতি আৰু বিপণন
বিভিন্ন সামাজিক মাধ্যমত উপস্থাপন কৰাৰ লগতে ফেচবুক আৰু ইনষ্টাগ্ৰামত গেলামাল দোকানৰ ব্যৱসায়ৰ পেজ খোলক যাতে গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে। চাৰ্চ ইঞ্জিন অপ্টিমাইজেচনৰ জৰিয়তে এই সামগ্ৰী বিচৰাত সহায় কৰক। এয়া এক এনেকুৱা বিনিয়োগ যি কেতিয়াও অথলে নাযায়।এটা হোৱাটচ এপ নম্বৰ ৰাখিব যাতে গ্ৰাহকৰ সংস্পৰ্শত সদায় ৰাখিব পাৰে। আপোনাৰ পৰা সামগ্ৰী কিনা গ্ৰাহকে অন্যকো এই বিষয়ে অৱগত কৰিব। কেতিয়াবা আপুনি কিছুমান অফাৰৰ জড়িয়তেও গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে। লগতে দোকানলৈ অহা মানুহক এখনকৈ প্ৰচাৰ পত্ৰিকা দিয়ক যাতে তেওলোকে আপোনাৰ অফলাইন আৰু অনলাইন দুয়োবিধ ব্যৱসায়ৰ কথা গম পায়। মাজে মাজে আপোনাৰ পেজত অফাৰ বা ডিচকাউণ্ট আদি হঠাতে ঘোষণা কৰিব পাৰে। ফলত সেই সময়টোৰ কাৰণে গ্ৰাহকে আপোনাৰ সেৱা লবলৈ আগ্ৰহী হৈ পৰিব। নতুন বস্তু আপোনাৰ দোকানত অহাৰ লগে লগে পেজত আপডেট দিয়ক যাতে মানুহে গম পায় আৰু ঠিক তেনেদৰে মানুহৰ পৰাও পৰামৰ্শ বিচাৰক যাতে আৰু কি বস্তু দোকানত ৰাখিব পাৰি
।
সঠিক সময় আৰু ঠাই
দোকানখন সোনকালে খোলক।প্ৰায়ভাগ চুপাৰ মাৰ্কেটৰ নিৰ্দিষ্ট সময় থাকে খোলা আৰু বন্ধ কৰাৰ। কিন্তু আপুনি যদি সোনকালে খোলে গ্ৰাহকৰ এটা বিশ্বাস আহিব যে আপুনি ব্যৱসায়টো লৈ ছিৰিয়াচ।এইটোৱে আপোনাৰ দোকানত সম্ভাৱ্য গ্ৰাহক বঢ়াব। বহুত বেছি দোকান থকা ঠাইত আপুনি দোকান নিদিব।গেলামাল দোকানত দৈনন্দিন প্ৰয়োজন হোৱা বস্তু কিনিব পায় আৰু এটা অঞ্চলৰ মানুহে সেইখন দোকানৰ পৰাই বস্তু কিনে যিহেতু এটা বিশ্বাস গঢ় লৈ উঠে। গতিকে এনেকুৱা এটা ঠাইত দোকান খন খোলক যত গেলামাল দোকান বেছি নাই।
জনবসতিপূৰ্ণ অঞ্চলত দোকান ঢেৰ থাকিব পাৰে কিন্তু আপুনি স্বকীয়তাৰে আপোনাৰ দোকানখন তাত প্ৰতিষ্ঠা কৰিব পাৰে। ভাল গুণাগুণৰ বস্তুৱে গ্ৰাহকক আকৰ্ষিত কৰে।
আপোনাৰ গ্ৰাহকক বুজক
গ্ৰাহকৰ প্ৰয়োজনত গুৰুত্ব দিয়ক। কোনবিধ সামগ্ৰী গ্ৰাহকৰ বাবে বেছি প্ৰয়োজন আৰু তাৰ বিভিন্নতাৰ ওপৰত মন কৰক। গুণগত মানদণ্ড অক্ষুণ্ণ ৰাখি ষ্টক সৰহকৈ ৰাখক। গ্ৰাহকৰ সেৱাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু তেওলোকৰ সমস্যা আৰু প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিব। গেলামাল দোকানত সাধাৰণতে মণিহাৰী বস্তু নাথাকে কিন্তু তাৰেও যদি ৰাখিব বিচাৰিছে তেনেহলে সম্ভাৱ্য গ্ৰাহকৰ কথা ভাৱক।
অনলাইনত যেতিয়াই তেতিয়াই গ্ৰাহকে অৰ্ডাৰ দিব পাৰে। সেইবাবে সামগ্ৰী মজুত থকাটো অতি দৰকাৰী। যিবিধ সামগ্ৰীৰ বিক্ৰী বেছি হয় সেইটোৰ ষ্টক বেছি কৰক। অনলাইনত অৰ্ডাৰ দিয়াটো সুবিধা আৰু ডেলীভাৰীৰ চিন্তা নাই। গতিকে সৰহকৈ অৰ্ডাৰ দিয়াটো পৰিলক্ষিত হয়।
এখন গেলামাল দোকান বিশ্বাস আৰু সম্পৰ্কৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে। আপুনি এবাৰ সেইখিনি আয়ত্ত কৰি লোৱাৰ পিছত গ্ৰাহকে আপোনাৰ লগতেই থাকি এই বস্তু কিনা প্ৰক্ৰিয়াটো বৃদ্ধি কৰে।আপোনাৰ চৌপাশে থকা মানুহবোৰে যেতিয়াই এখন গেলামাল দোকানৰ বিষয়ে জানিব বিচাৰে যে তাত কি কি পায় তাৰ বিষয়ে কথা পাতে তেতিয়াই আপুনি এই সুবিধাটো লব পাৰে। আজিকালি চৰকাৰৰ নানান আচনিৰ অধীনত ব্যৱসায়ত সহায় লব পাৰে।আৰম্ভণিতে এই ব্যৱসায়ে বিকাশ হবলৈ কিছু সময় ললেও লাহে লাহে লাভ অৰ্জন কৰাৰ যথেষ্ট সুবিধা আছে। এবাৰ ব্যৱসায়টো আৰম্ভ কৰাৰ পিছত প্ৰসাৰ কৰাটো।ডাঙৰ কথা নহয়।শুভেচ্ছা থাকিল