written by | October 11, 2021

সাধাৰণ দোকানৰ বাবে এইচ এচ এন আৰু এন আই চি কোড

×

Table of Content

৩.এইচ এচ এন আৰু এন আই চি কোড কি আৰু সাধাৰণ দোকানক কেনেদৰে সহায় কৰে।

বিভিন্ন স্তৰৰ ব্যৱসায়ৰ বাবে চৰকাৰৰ কিছুমান নীতি নিৰ্ধাৰণ কৰা আছে। পঞ্জীয়ন কৰা আৰু নকৰাকৈ সৰু আৰু  মধ্যমীয়া প্ৰতিষ্ঠান ৪২.৫০ মিলিয়ন।আচৰিত হব লগা কথা এইটোৱে  যে দেশৰ  ৯৫% মুঠ উদ্যোগিক ইউনিটৰ প্ৰায় ৪০% ওোকে কাম কঐি আছে। এই উদ্যোগ সমূহে যথেষ্ট কাম কৰি আছে আৰু এইবোৰৰ  প্ৰণালীবদ্ধ হিচাপ ৰাখিবৰ বাবে কৰ ৰাজহ, সামগ্ৰীৰ দাম আৰু কৰৰ বাবে কিছুমান কোডৰ ব্যৱস্থা কৰা হৈছে যেনে নেচনেল ইণ্ডাষ্ট্ৰিয়েল ক্লাচিফিকেচন কোড(এন আই চি) আৰু হাৰম’নাইজড চিষ্টেম নমেনক্লেচাৰ (এইচ এচ এন).সৰু ব্যৱসায় আৰু জি এচ টিৰ বাবে এই কোডসমূহ বাধ্যতামূলক। দেখাত জটিল যেন লাগিলেও খুচুৰা ব্যৱসায়ীৰ কাম ই সহজ কৰে যাতে সামগ্ৰীৰ ওপৰত সঠিক জি এচ টি লগাব পাৰে আৰু কোনো খেলিমেলি নহয়।

এই কোড বোৰ অলপ বুজো আহক

নেচনেল ইণ্ডাষ্ট্ৰিয়েল ক্লাচিফিকেচন কোড(এন আই চি) এটা পৰিসাংখ্যিক  পৰ্যায় যিয়ে বিভিন্ন অৰ্থনৈতিক কাম-কাজৰ তথ্য ৰাখে । ৰাষ্ট্ৰৰ সম্পত্তিত কেনেদৰে অৰ্থনৈতিক কাম-কাজে অৰিহণা যোগাইছে  এই কোডটো সেই কাৰণে বনোৱা হৈছে।

দা ডিপাট্টমেণ্ট অফ পলিচী এণ্ড প্ৰমোচনৰ প্ৰেছ নোট ৪(২০১৪ চিৰিজ) তাৰিখ ২৬ জুন ২০১৪ত সিদ্ধান্ত লৈছিল যে এন আই চি ১৯৮৭  সংস্কৰণৰ পৰা এন আই চি ২০০৮ লৈ সলনি কৰিব। তেতিয়াৰ পৰা সকলো কোম্পানীয়ে এন আই চি ২০০৮ মানি চলি আছে।

এন আই চি ২০০৮ আন্তৰ্জাতিক বৰ্গীকৰণৰ লগত 

ভালদৰে খাপ খায়। এইটোৱে পঞ্জীয়নৰ বাধ্যতাক মসৃণভাৱে আগবাঢ়ি যোৱাত সহায় কৰে।

এন আই চি কত কত ব্যৱহাৰ হয়?

১)উদ্যোগ আধাৰ

মাইক্ৰ,স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ ডেভেলপমেণ্ট এক্ট,২০০৬ ৰ ভিতৰত উদ্যোগ আধাৰ এটা পঞ্জীয়নৰ নম্বৰ। উদ্যোগ আধাৰৰ বাবে আবেদন কৰোতে এন আই চি কোড দাখিল কৰিব লাগে।

২)কোম্পানী পঞ্জীয়ন/এল এল পি পঞ্জীয়ন

এটা কোম্পানী অথবা এল এল পি সন্নিবিষ্ট কৰিবলৈ , তেওলোকে মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰচৰ  পৰ্টেলত পঞ্জীয়ন কৰিব লাগে। পঞ্জীয়নৰ সময়ত এন আই চি কোডৰ প্ৰয়োজন।

বাজেটৰ সময়ত বহুতো লাভজনক আচনিৰ কথা উল্লেখ কৰে। গতিকে এই সুবিধা পাবলৈ সৰু অথবা ডাঙৰ কোম্পানীয়ে চৰকাৰৰ লগত পঞ্জীয়ন কৰিব লাগে।এই প্ৰক্ৰিয়াটো সহজ কৰিবলৈ আৰু দেশৰ বিভিন্ন উদ্যোগক ভাগ কৰিবলৈ এন আই চিৰ প্ৰয়োজন যিয়ে চৰকাৰ আৰু ব্যৱসায়ীৰ কাম সহজ কৰে। সাধাৰণ দোকানৰ গৰাকী যিয়ে ডাঙৰ উদ্যোগৰ লগত কষ্ট কৰিব লগা হয় তেওলোকৰ এটা স্থিৰ নম্বৰ থাকে যাৰ সহায়ত তেওলোকে সহজে পঞ্জীয়ন কৰিব পাৰে আৰু সুবিধাসমূহ পাব পাৰে।

হাৰম’নাইজড চিষ্টেম নমেনক্লেচাৰ

হাৰম’নাইজড চিষ্টেম নমেনক্লেচাৰ এটা ছটা সংখ্যাৰ নম্বৰ যিয়ে ৫০০০ তকৈও অধিক সামগ্ৰীক  শ্ৰেণী বিভাগ কৰিছে, যুক্তিগত আৰু আইনীভাৱে এনেদৰে ভাগ কৰা হৈছে যাতে সমগ্ৰ বিশ্বতে গ্ৰহণ কৰা হয়।

ৱৰল্ড কাষ্টমচ অৰ্গেনাইজেচনে বিভিন্ন কামঐ বাবে সামগ্ৰীৰ শ্ৰেণী বিভাগ কৰিবলৈ আন্তৰ্জাতিক হাৰম’নাইজড চিষ্টেম নমেনক্লেচাৰ ১৯৮৮ চনত উলিয়াইছিল  যাতে শৃংখলাবদ্ধভাৱে সমগ্ৰ বিশ্বতে মানি চলা হয়।

হাৰম’নাইজড চিষ্টেম নমেনক্লেচাৰ এটা সামগ্ৰীৰ ওপৰত থকা কৰ প্ৰক্ৰিয়াৰ বাবে ব্যৱহৃত হয় । দাবীৰ ক্ষেত্ৰত কৰা হিচাপ -নিকাচতো ইয়াৰ ব্যৱহাৰ হয়।

১৯৭১ চনৰ পৰাই ভাৰত ৱৰল্ড কাষ্টমচ অৰ্গেনাইজেচনৰ সদস্য। আৰম্ভণিতে আৱকাৰী শুল্ক আৰু আইনৰ বাবে ছটা সংখ্যাৰ হাৰম’নাইজড চিষ্টেম নমেনক্লেচাৰেৰে ব্যৱসায়ীক পৃথক কৰা হৈছিল। এই কোড আৰু সুসংজ্ঞাবদ্ধ কৰিবলৈ আৰু দুটা সংখ্যা যোগ দি আঠটা সংখ্যাৰ কোড বনোৱা হল।

ভাৰতত প্ৰায় সকলো সামগ্ৰী হাৰম’নাইজড চিষ্টেম নমেনক্লেচাৰৰ অন্তৰ্ভূক্ত যিয়ে জি এচ টি গণনা কৰাত সহায় কৰে।এই নম্বৰে বৰ্তমান ভেল্যু এডেড টেক্স(ভেট)   শ্ৰেণী বিভাগ কৰাত সহায় কৰে।

ভাৰতত জি এচ টি অহাৰ লগে লগে সাধাৰণ দোকানৰ ব্যৱসায়ীৰ মাজত  বিভ্ৰাটৰ সৃষ্টি কৰিছিল এইকাৰণে যে তেওলোকৰ সামগ্ৰীসমূহৰ কোনো বিভাজন নাচিল। এইয়া স্থানীয় আৰু দৰ-দামো হয়, গতিকে সামগ্ৰী বিধ কি কৰৰ ভিতৰত পৰিব সেইয়া এক ডাঙৰ কাম  আছিল।হাৰম’নাইজড চিষ্টেম নমেনক্লেচাৰে এই কাম সহজ কৰি তুলিলে । গাণণিক প্ৰক্ৰিয়াত স্বয়ংক্ৰিয়ভাৱে বস্তুৰ দামৰ বিপৰীতে জি এচ টিৰ কৰ আহি গল। সমগ্ৰ প্ৰক্ৰিয়াটো সহজ হৈ পৰিল। গতিকে সঠিক হাৰম’নাইজড চিষ্টেম নমেনক্লেচাৰ পঞ্জীয়নৰ সমজত দিয়াটো দৰকাৰী। চিগনেট ফেচ আদিৰ দৰে গাণণিক চিষ্টেমবোৰে হাৰম’নাইজড চিষ্টেম নমেনক্লেচাৰ নম্বৰ দিয়াৰ লগে লগে বাকী কামবোৰ নিজেই কৰি লয়।

জি এচ টি ৰিটাৰ্ণবোৰ স্বয়ংক্ৰিয়।সামগ্ৰীৰ বিৱৰণ আপলোড কৰাটো ব্যৱসায়ীৰ বাবে কঠিন। গতিকে হাৰম’নাইজড চিষ্টেম নমেনক্লেচাৰে ব্যৱসায়ীৰ পঞ্জীয়ন নম্বৰৰ পৰাই সকলো আহৰণ কৰি লয়। 

হাৰম’নাইজড চিষ্টেম নমেনক্লেচাৰৰ বাবে সামগীৰ বিশদ বিৱৰণ আপলোড নকৰিলেও হয়। ইয়াৰ দাৰা সময় ৰাহি হয় আৰু জি এচ টি ৰিটাৰ্ণও সহজ হয়।

চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত এই কোড আৰু নম্বৰসমূহৰ জড়িয়তে ব্যৱসায়িক নিয়মাৱলী চেক কৰা হয় যাতে তাত কোনো নিয়ম উলংঘাকাৰী থাকিব নোৱাৰে। ইয়াত জটিলতা থাকিব পাৰে কিন্তু এবাৰ নিয়মসমূঘ বুজাৰ পিছত ব্যৱসায়ীজনৰ বহুত কাম সহজ হৈ পৰে।প্ৰণালীবদ্ধ এই নিয়ম সমূহ অহাৰ পিছত সাধাৰণ দোকানবোৰেও ব্যৱসায়ৰ বাবে চৰকাৰে দিয়া সুবিধাবোৰ লব পাৰিছে।গ্ৰাহকেও চৰকাৰৰ এই নিয়মবোৰ জানিব লাগে যাতে কোনো ক্ষেত্ৰতে এই কোড আৰু নম্বৰৰ নীতি উলংঘন নহৈ কলা ব্যৱসায় নহয়।ভাৰতত ব্যৱসায় কৰিবলৈ আৰু দোকানৰ উন্নতিৰ বাবে এই নিয়ম পালন কৰাটো গুৰুত্বপূৰ্ণ। এটি কোডৰ মাজতেই যেতিয়া
আটাইখিনি বিবৰণ সোমাই থাকে আৰু ই আপোনাৰ ব্যৱসায়ত লাভ দিয়াৰ বাহিৰেও অন্য বহু ক্ষেত্ৰত আপোনাৰ সহায়ক হয়। সামগ্ৰীৰ বিশদ তথ্য ৰ বাহিৰেও আপোনাৰ এই কোডৰ জৰিয়তে আন্তৰ্জাতিক পৰ্যায়তো নানান ধৰণৰ সুবিধা লব পাৰে । প্ৰযুক্তিবিদ্যাৰ এই সময়ত সকলোখিনি  যেতিয়া কম্পিউটাৰ ৰ যোগেদি অনলাইন ব্যৱস্থাত হয় তেতিয়া আপুনি আপোনাৰ ব্যৱসায়ৰ সমস্ত তথ্যৰ বাবে আৰু বেলেগকৈ একো কৰিব নালাগে। এটা মাত্ৰ কোডেই আপোনাৰ ব্যৱসায়ৰ প্ৰাইমেৰী কী  হিচাপে সকলো কৰে।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।