written by | October 11, 2021

ফটোগ্ৰাফী ব্যৱসায়

×

Table of Content


ফটোগ্ৰাফী ব্যৱসায় আৰম্ভ কেনেদৰে কৰিব 

এখন ফটো এহেজাৰ শব্দৰ দৰে। ফটো ফ্ৰেমত ৰখা ফটোগ্ৰাফ খনে স্মৃতিবোৰ উদঙাই দি নষ্টালজিক কৰি তুলিব পাৰে আপোনাক। স্মাৰ্ট ফোনৰ দিনত আমি ফোনটোৰ জৰিয়তে ফটো তুলি ফুৰো যদিও পেছাগত ফটোগ্ৰাফাৰ জৰিয়তে ফটো এখন উঠাৰ মজাই বেলেগ। ঘৰত কিবা অনুষ্ঠান পাতিলে সাধাৰণতে ফটো নিজে মোবাইলত উঠাই ফুৰাতো সম্ভৱ নহয়। সেয়ে এজন ফটোগ্ৰাফাৰ খুবেই প্ৰয়োজন। ফটোগ্ৰাফাৰজনে প্ৰতিটো মুহূৰ্তকে ফ্ৰেমত আবদ্ধ কৰি ৰাখিব পাৰে।বিশ্বৰ আন ঠাইৰ দৰে  ফটোগ্রাফী পেছাটোৱে আন পেছাৰ দৰে জনপ্রিয়তা লাভ কৰিছে সি কিম্বা প্ৰেছ ফটোগ্রাফী, ফেশ্বন ফটোগ্রাফী বা অন্য বিষয়ৰ ফটোগ্রাফীয়েই নহওক কিয়। আজি ফটোগ্রাফী কৰিও সমাজত নিজৰ স্থানৰ লগতে নিজৰ পৰিয়ালৰো ভালদৰে ভৰণ পোষণ কৰিব পাৰি। , বিশেষকৈ প্ৰেছ ফটোগ্রাফীৰ লগত জড়িত ব্যক্তি যথেষ্ট। কাৰণ এইক্ষেত্ৰত সংস্থান পোৱাটো সহজ। কাৰণ  প্ৰতিদিনে নতুন নতুন বাতৰি কাকতৰ জন্ম হৈ আছে। তদুপৰি ফেশ্বন ফটোগ্রাফী, মেৰেজ ফটোগ্রাফী, ইণ্ডাষ্ট্ৰিয়েল ফটোগ্রাফী, ডকুমেণ্টৰী ফটোগ্রাফী আদিতো যথেষ্ট কর্মসংস্থান পোৱাৰ সুবিধা আছে।আমাৰ  যথেষ্ট সংখ্যক বাতৰি কাকত থকাৰ বাবে প্ৰেছ ফটোগ্রাফী জনপ্রিয়। কিন্তু প্ৰেছ ফটোগ্ৰাফী কৰিবলৈ যথেষ্ট সাহস-ধৈৰ্যৰ প্ৰয়োজন। কাৰণ দেখা যায় প্ৰেছ ফটোগ্রাফী কৰিবলৈ দুর্গম-বিপজ্জনক ঠাইলৈও যাব লগা হয়। আৰু কেতিয়াবা ফটোগ্রাফাৰসকল যথেষ্ট বিপদৰ সন্মুখীন হোৱা দেখা যায়। কিন্তু যিসকলে এনেকুৱা বিপদ নেওচি আমাৰ সমাজ ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ আমাৰ সন্মুখত উদঙাই দিয়ে, তেওঁলোকে প্ৰশংসাৰ যোগ্য। 

জানো আহক ফটোগ্ৰাফীৰ ব্যৱসায় কেনেদৰে আৰম্ভণি কৰিব—

আপোনাৰ দক্ষতা বৃদ্ধি কৰক

এই ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে ফটোগ্ৰাফীৰ বিষয়ে জনাটো খুবেই জৰুৰী।ইয়াৰ বাবে আপুনি ডিপ্লমা কৰি জ্ঞান আহৰণ কৰিব পাৰিব । তেতিয়া আপুনি জানিব পাৰিব এই ব্যৱসায়ৰ বিষয়ে। সেইবোৰৰ বিষয়ে জানি লব যেনে আপুনি আপোনাৰ সেৱা আগবঢ়ায়।ইয়াৰ বাবে আপোনাক স্হানীয় সকলৰ লগত এটা সু সম্পৰ্ক গঢ়ি তুলিব। এই সকলোবোৰেত আপোনাৰ গ্ৰাহকক সন্তুষ্টি, বিশ্বাস আৰু সুৰক্ষা প্ৰদান কৰিব পাৰে। নিজৰ কামত পাৰদৰ্শী হ‘বলৈ বহু বছৰৰ অভিজ্ঞতা অৰ্জন কৰিব লাগিব।আপুনি জানিব লাগিব গ্ৰাহকক কিদৰে আকৰ্ষিত কৰিব পাৰি আৰু কেনে সামগ্ৰী তেওঁ লোকক দিব পাৰি।এই ব্যৱসায়টো সম্প্ৰসাৰণ ঘটিব যেতিয়া  আপোনাৰ সামগ্ৰীবোৰৰ মূল্যৰ ওপৰত আৰু সেই সামগ্ৰীসমূহে মানুহক আকৰ্ষিত কৰিব পাৰিছেনে নাই। 

আপোনাৰ ক্ষমতা

বজাৰত ফটোগ্ৰাফী ভিন্ন ধৰণৰ আছে ।প্ৰথমে আপুনি মন কৰিব লাগিব যে আপোনাৰ দক্ষতা কোনখিনিত আৰু কেনে সেৱা আগবঢাব পাৰিব। এই ব্যৱসায়টো সম্প্ৰসাৰণ ঘটিব আপোনাৰ সেৱাসমূহৰ মূল্যৰ ওপৰত আৰু সেই সমূহে মানুহক আকৰ্ষিত কৰিব পাৰিছেনে নাই। 

আকাৰ

সুচাৰুৰূপে ব্যৱসায় আগবঢ়োৱাৰ বাবে বিত্তীয় দিশটো খুউব গুৰুত্বপূৰ্ণ।এই ব্যৱসায়ৰ বাবে আপোনাক প্ৰয়োজন হ‘ব   সামগ্ৰী সমূহো। এনেবোৰ সামগ্ৰী কেনেদৰে ক‘ৰপৰা আনিব সেয়াও কিন্তু আপোনাৰ এক প্ৰত্যাহ্বান। সেয়ে সৰুৰ পৰা আৰম্ভ কৰি লাহে লাহে সম্প্ৰসাৰণৰ চেষ্টা কৰিব l

বজাৰ পয্যবেক্ষণ কৰক

যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে বজাৰ পৰ্যবেক্ষণ কৰাতো খুবেই জৰুৰী ।বজাৰৰ বিষয়ে একো তথ্য আপোনাৰ হাতত নাথাকিলে ব্যৱসায়টো বুজি পাবলৈ বহু সময় আপোনাক লাগিব আৰু তেনে কৰিলে আপোনাৰ ব্যৱসায়ত সহজে লাভ মুখ দেখা নাপাব ।সেয়ে বজাৰ পৰ্যবেক্ষণ কৰাতো খুবেই জৰুৰী ।এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। 

এডোখৰ ভাল ঠাই কাৰ্যালয়ৰ বাবে বাচনি কৰিব

আপোনাৰ ব্যৱসায়ৰ বাবে এডোখৰ ভাল ঠাই বাচনি কৰি লোৱাটো খুবেই জৰুৰী।  এই দিশটো মনত ৰাখিয়েই আপুনি আপোনাৰ ব্যৱসায়ৰ ঠাইডোখৰ নিৰ্বাচন কৰিব যাতে সেই ঠাইডোখৰত আপোনাৰ ব্যৱসায়েই আটাইতকৈ আকৰ্ষণীয় হয়। ঠাইডোখৰ  ভাড়ালৈ ও লব পাৰে বা ক্ৰয়ো কৰিব পাৰে  । য‘ত  জন সমাগম বেছি আৰু ব্যস্ততাপূৰ্ণ এলেকাত হয়।  কোনো শ্বপিং মলৰ তলত বা পৰ্যটকক আকৰ্ষিত কৰিব পৰা ঠাইত হয় যি ঠাইলৈ সঘনে উৎসাহী মানুহ, পৰ্যটকৰ সমাগম ঘটে। 

ডিজাইন আৰু সাজসজ্জা

ফটোগ্ৰাফীৰ ষ্টুডিঅ টো এনে ধৰণে সজাব যি আপোনাক লাভান্বিত কৰিব পাৰে ,ইয়াৰ বাবে দক্ষ ডিজাইনাৰৰ সহায় লব পাৰে ।ষ্টুডিঅটোত আলোকসজ্জা আৰু দেৱালৰ ৰং খুউব আকৰ্ষণীয় হোৱা উচিত ।আকৰ্ষণীয় আলোকসজ্জাই কলাৰ প্ৰতি ধাউতি বৃদ্ধি কৰিব আৰু অধিক গ্ৰাহকক আকৰ্ষিত কৰিব ।ইয়ে আপোনাৰ ব্যৱসায় সফল কৰাত সহায় কৰিব । আপোনাৰ ষ্টুডিঅটোলৈ মানুহৰ সমাগম বৃদ্ধি কৰিব । এনেদৰেই আপোনাৰ ষ্টুডিঅটো লাহে লাহে আপোনাৰ অঞ্চলত জনপ্ৰিয় হৈ উঠিব।

মূলধন

এজন ব্যৱসায়ীৰ সকলো ব্যৱসায়ৰ লগতে ব্যক্তিগত বিলবোৰ পৰিশোধ কৰাৰ বাবে পৰ্যাপ্ত অৰ্থ অথাৎ ধন থকা উচিত। ব্যৱসায়টো আৰম্ভ কৰাৰ পূৰ্বে ই পৰিয়ালৰ সদস্য, বন্ধুবান্ধৱ, আত্মীয় স্বজন সকলোৰে পৰা টকা পইচা ৰ ব্যৱস্থা কৰি লোৱা উচিত। অবাঞ্ছিত দিশ বা অপ্ৰয়োজনীয় দিশত টকা খৰছ কৰাতো অনুচিত।  এজন সফল ব্যৱসায়ীয়ে কেতিয়াও কোনো পৰিস্থিতি মগজুৰ পৰা তললৈ আহিব নিদিয়ে। সেয়ে সুচাৰুৰূপে ব্যৱসায় আগবঢ়োৱাৰ বাবে বিত্তীয় দিশ*টো খুউব গুৰুত্বপূৰ্ণ।

লাইসেন্স আৰু অনুমতি পত্ৰ 

ভাৰতত যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এই দুয়োটা খুবেই প্ৰয়োজন। মনত ৰাখিব যাতে আপুনি চৰকাৰী অনুমতি পত্ৰ লাভ কৰে। ভৱিষ্যতে কোনো বিপদৰ সন্মুখীন নহয়। ব্যৱসায়ৰ বহুতো অনুজ্ঞাপত্ৰ আছে। যেনে ব্যৱসায়ৰ নাম ৰেজিট্ৰেশ্যন, ঠাইডোখৰৰ অনুমতি পত্ৰ,জি এছ টি পঞ্জীকৰণ, ট্ৰেড লাইসেন্স আৰু বহুতো। এইবোৰ লাভ কৰাৰ পাছতহে ব্যৱসায় আৰম্ভ কৰিব পাৰে।

 ই কমাৰ্চ প্লেটফৰ্ম 

সময়ৰ লগে লগে মানুহৰ চাহিদা অনলাইনৰ প্ৰতি বৃদ্ধি পাইছে । ইয়াৰ বাবে এজন দক্ষ টেকনিচিয়ানৰ সহায় লব পাৰে।যি প্ৰতি সময়তে আপোনাৰ ৱেবছাইট কোনো সমস্যা নোহোৱাকৈ চলাব পাৰে ।এই ব্যৱস্হাই আপোনাৰ গ্ৰাহকৰ সুবিধা কৰিব। অনলাইনৰ ব্যৱস্হাটো খুউব মসৃণভাৱে সকলো বয়সৰ গ্ৰাহকৰ সুবিধা হোৱাকৈ ৰাখিব ।ই আপোনাৰ ব্যৱসায় আগবঢ়োৱাত সহায় কৰিব আৰু গ্ৰাহকৰ চাহিদা বৃদ্ধি কৰাব ।

ফটোগ্ৰাফীৰ কৰ্মশালা

ফটোগ্ৰাফীৰ কৰ্মশালা মাজে সময়ে  অনুষ্ঠিত কৰিব।ফটোগ্ৰাফী এটা কলা, সাধনা সেয়ে এনে ব্যৱসায়ৰ বাবে আপুনি কলাৰ সাধকো হব লাগিব। কৰ্মশালা অনুষ্ঠিত কৰিলে আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰ আৰু প্ৰসাৰ হব।

কৌশলগত প্ৰচাৰ

আপোনাৰ ব্যৱসায়ৰ বাবে ভাল এটা ৱেবছাইট বনাব। ছচিয়েল মিডিয়া ব্যৱহাৰ কৰক।বজাৰৰ ক্ষেত্ৰত  আজিকালি ই কৰ্মাচে সকলো সহজ কৰি তুলিছে। এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী।  আপোনাৰ ডেলিভাৰী এলেকাতো নিৰ্ধাৰণ কৰি লব।  আজিকালি ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলোৱা সহজ। আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক। ৰেহাইৰ সুবিধা আগবঢ়াওক। লিফটলেট, পাম্পলেট আদি প্ৰচাৰ পত্ৰিকাৰে বজাৰ দখলৰ চেষ্টা চলাওক। পাৰিলে হোৱাটছ এপৰ জৰিয়তে গ্ৰাহকক ৰেহাই মূল্য ৰ বিষয়ে অৱগত কৰিব। মনত ৰাখিব যাতে গ্ৰাহক আপোনাৰ ব্যৱহাৰত সন্তুষ্ট হৈ থাকে। 

 

এই ব্যৱসায়টো সদায়েই এটা সুনামেৰেহে চলে। আপোনাৰ ভাল ব্যৱহাৰ, মানুহৰ মাজত জনপ্ৰিয়তা বৃদ্ধি কৰিবৰ বাবে চেষ্টা চলাব।ফটোগ্ৰাফী কেৱল এক ব্যৱসায়েই নহয় ই এক কলাও।ভাল কামবোৰ সুচাৰুৰূপে কৰিলে সুনাম অৰ্জন কৰিবলৈ সক্ষম হব। সৰু কামবুলি অৱহেলা নকৰিব।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।