written by | October 11, 2021

ডিজিটেল প্ৰিণ্টিংৰ ব্যৱসায়

×

Table of Content


ডিজিটেল প্ৰিণ্টিং ব্যৱসায় কিদৰে আৰম্ভ কৰিব পাৰি

বৰ্তমান ব্যৱসায়ৰ ক্ষেত্ৰত আটাইতকৈ লাভবান হ’ব পৰা এটা ব্যৱসায় হৈছে ডিজিটেল প্ৰিণ্টিং।

ইয়াৰ বছৰি বৃদ্ধিৰ হাৰ ৪.৪ শতাংশ। যদি কোনো এজন ব্যক্তিৰ ডিজাইনৰ ক্ষেত্ৰত নিচা আছে, তেন্তে তেওঁ ডিজিটেল প্ৰিণ্টিং ব্যৱসায় আৰম্ভ কৰিব পাৰে। ইয়াৰ দ্বাৰা আলোচনী, লেবেল, বিজ্ঞাপন দিয়া, ব্যৱসায়িক টিকট অথবা যিকোনো কাপোৰত আঁক বাক বা ডিজাইন দিব পাৰি। বৰ্তমান সময়ত এই ব্যৱসায়ৰ পৰিসীমা যথেষ্ট ভাবে বৃদ্ধি পাইছে।

ডিজিটেল প্ৰিণ্টিং কি? 

ডিজিটেল প্ৰিণ্টিং সেৱা মুলতঃ শিক্ষা জগত আৰু ব্যৱসায়ৰ লগত জড়িত। অফছেট প্ৰিণ্টিং হ্ৰাস পোৱাৰ পাছত বৰ্তমান ডিজিটেল প্ৰিণ্টিঙৰ ব্যৱহাৰ প্ৰচুৰ পৰিমাণে বৃদ্ধি পাইছে। ফটো, PDF , MS WORDৰ তথ্য আদি, কাপোৰ, কেনভাছ, কাগজ অথবা আন বহুতো সামগ্ৰীত এই পদ্ধতিৰ দ্বাৰা ছপা কৰি উলিয়াব পাৰি। 

এই পদ্ধতিত জুলীয়া চিয়াঁহী আৰু টোনাৰ ব্যৱহাৰ কৰা হয়। এই পদ্ধতিৰ দ্বাৰা বহুত বেলেগ ধৰণৰ তথ্য  ছপা কৰি উলিয়াব পাৰি। ই গ্ৰাহকৰ ব্যক্তিগত প্ৰয়োজন পূৰাবলৈ সক্ষম হৈছে। উদাহৰণ স্বৰূপে, ব্যক্তিগত নাম , পৰিচয়, কুপন নম্বৰ আৰু বিভিন্ন ধৰণৰ ব্যক্তিগত তথ্য আদি। ইয়াৰ এটা সুবিধা হ’ল যে ই অতি কম খৰচী আৰু যথেষ্ট সময় লাঘৱ কৰিব পৰা ব্যৱসায়। কম্পিউটাৰৰ তথ্য সমূহ সম্পূৰ্ণ হৈ উঠাৰ পিছত ” প্ৰিণ্ট” মাৰিলে সকলো তথ্য কাগজত ছপা হৈ ওলাই আহে। ইয়াত কোনো ধাতুৰ পাত বা আন পদ্ধতি ব্যৱহৃত নহয়। আটাইতকৈ দৰকাৰী তথা সুবিধাৰ কথাটো এই যে ইয়াত খুবেই কম সময়ত বহুত তথ্য পাবলৈ সক্ষম হোৱা যায়। 

ডিজিটেল প্ৰিণ্টিং ব্যৱসায় কিয় আৰম্ভ কৰিব লাগে?

ডিজিটেল প্ৰিণ্টিং ব্যৱসায় আৰম্ভ কৰিবলৈ নূন্যতম ধনৰ প্ৰয়োজন হয়। ইয়াত প্ৰিণ্টিং প্ৰেছ, লেপটপ বা কম্পিটাৰ, কাটাৰ, ডিজাইন ছফ্টৱেৰ, চিয়াঁহীৰ প্ৰয়োজন হয়। 

যদি খুব কম ধনেৰে ব্যৱসায়টো আৰম্ভ কৰিব লগা হয়, তেন্তে আমি কামটো ঘৰতেই আৰম্ভ কৰিব পাৰোঁ। প্ৰিণ্টিং দোকান এখনে ব্যৱসায়ৰ যথেষ্ট আয়ৰ বৃদ্ধি কৰে কিয়নো ইয়াত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ, ধাতুৰ পাত আৰু বিশেষ অন্য একো বস্তু মিশ্ৰণৰ প্ৰয়োজন নহয়। বেলেগ ছপা ব্যৱস্থতকৈ ই বহু খিনি সহজ লভ্য আৰু ব্যক্তিগত। তদুপৰি ইয়াত ব্যৱহৃত ৰং বোৰ স্পষ্ট আৰু স্থায়ী। গ্ৰাহকৰ ইচ্ছা অনুসৰি বেলেগ বেলেগ ধৰণৰ ৰং অথবা উচ্চ মানৰ কাগজ ব্যৱহাৰ কৰিব পাৰি আৰু গ্ৰাহকৰ পছন্দ মতে ডিজাইন বা ফ্ৰেমিং কৰিব পাৰি। ইয়াত শুকান চিয়াঁহীও ব্যৱহাৰ কৰিব পাৰি।

এই ব্যৱসায়ৰ দ্বাৰা বিজ্ঞপন, ব্যৱসায়িক তথ্য, কেতেলগ আৰু বুক্লেট, বিভিন্ন ছবি থকা কাগজ( লেবেল) আলোচনী, ব্যৱসায়িক কাৰ্ড, বিয়াৰ চিঠি, পোষ্ট কাৰ্ড আদি ছপা কৰাৰ ক্ষেত্ৰত বিশেষ ভাবে লাভবান হব পাৰি। ইয়াৰ লগতে কাপোৰ, বেগ, আদিত নিজৰ পছন্দ অনযায়ী ডিজাইন দি লব পাৰি। এই ধৰণৰ কাৰ্যই মানুহৰ মনবোৰ অধিক উৎফুল্লিত কৰে আৰু এনেকুৱা বস্তু পাবলৈ হাবিয়াস জন্মে যাৰ ফলত এই ব্যৱসায়ৰ লাভ যথেষ্ট বৃদ্ধি পায় অৰ্থাৎ ইয়াৰ পৰিসৰ শিক্ষা জগতৰপৰা পেছাগত জগতলৈ আগ বাঢ়ি যায়। 

ডিজিটেল প্ৰিণ্টিং ব্যৱসায়ৰ আঁচনিৰ পৰিকল্পনা: 

যিকোনো ব্যৱসায় এটা আৰম্ভ কৰিবলৈ প্ৰথম পদক্ষেপ হৈছে ইয়াৰ উচিত পৰিকল্পনা। প্ৰথমতে চিন্তা  কৰা উচিত যে এইটো ঘৰত নে নিজাববীয়াকৈ দোকান খুলি আৰম্ভ কৰিব। এই  

ব্যৱসায়ৰ আৰম্ভণিৰ বাবে অতি কমেও ১,৫০,০০০ টকাৰ প্ৰয়োজন হয় আৰু সেই পৰিমাণ বহু কথাৰ ওপৰত নিৰ্ভৰ কৰে। যেনে: সৰু সুৰা ছপা মেচিন, আচবাব, প্ৰিন্টাৰ আৰু অন্যান্য সামগ্ৰী ক্ৰয়ৰ ওপৰত নিৰ্ভৰ কৰে।

গ্ৰাহকৰ বয়স আৰু প্ৰয়োজনৰ ওপৰত এই ব্যৱসায় যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰে। উদাহণস্বৰূপে, প্ৰিণ্টেদ চোলা যুব সকলৰ মাজত বিক্ৰী কৰিব পাৰি। ডিজাইন বোৰ সসৃষ্ট বা আনৰ পৰা ক্ৰয় কৰি আনিব পাৰি। 

সকলো পৰিকল্পনা হোৱাৰ পাছত ব্যৱসায় গঢ় দিয়া উচিত। লেবেল আৰু ডিজিটেল প্ৰিন্তিং পেকেজে বৰ্তমান ১৩.৬ শতাংশ বাৰ্ষিক  হাৰত বৃদ্ধি পাইছে (২০২০)। ঠিক তেনেদৰে চোলা প্ৰিন্টিঙৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ হৈছে ৬.৩ শতাংশ। ব্যৱসায়ী জনৰ সামাজিক সেৱাৰ ওপৰত এই ব্যৱসায়ৰ লাভ লোকচান নিৰ্ভৰ কৰে। ইয়াৰ লগতে কোম্পানী সমূহৰ লগতো ব্যৱসায়ীজনৰ এটা ভাল সম্পৰ্ক থাকিব লাগিব। যিবোৰ কোম্পানীৰ পৰা কম খৰছত ৰং, টোনাৰ, উচ্চ মানৰ ছপা কাগজ, খাম আদি আনিব পাৰি, তেনে কোম্পানীৰ লগত ব্যৱসায়ীজনে ভালদৰে উঠা বহা কৰিব লাগে।

ব্যৱসায় খুলিবলৈ চৰকাৰৰ পৰা অনুজ্ঞা পত্ৰ আৰু অনুমতি লব লাগে। ব্যৱসায়ৰ আইন গত নাম জাৰী কৰণ অতি প্ৰয়োজন। ব্যৱসায়ীজনে নিজাকৈ অথবা আনৰ লগত লগ হৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে। যদি ছপাৰ দোকান খুলিব বিচৰা হয়, তেন্তে চাৰ্টিফিকেট অফ অকুপাচন ৰ দৰকাৰ হয়। অনলাইন যোগে ব্যৱসায় আৰম্ভ কৰিব বিচাৰিলে এই প্ৰমাণ পত্ৰৰ প্ৰয়োজন নহয়। ব্যৱসায়ীজনে ৰিতাইল চেল লাইচেঞ্চ আৰু টেক্স ৰেজিষ্টাৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন।

ডিজিটেল প্ৰিণ্টিং পৰিকল্পনা হৈছে এনে এক

পৰিকল্পনা যত ডিজিটেল প্ৰিণ্টিং ৰ দিশত আগবাঢ়িব পৰা সকলো কথা সন্নিৱিষ্ট হৈ থাকে। ইয়াৰে অন্তৰ্গত কিছুমান প্ৰয়োজনীয় তথ্য হৈছে – 

১) সৰু, মধ্যমীয়া আৰু দীঘলীয়া ব্যৱসায়ৰ লক্ষ্য থকা উচিত। 

২) সেই ব্যৱসায়ৰ লক্ষ্যসমূহত উপনীত হ’বলৈ ডিজিটেল ভাবে কিছু উন্নত মানৰ কৌশল আয়ত্ব কৰা উচিত।

৩) ব্যৱসায়ত ব্যৱহৃত পথ সমূহৰ বিষয়ে তথ্য অৰ্জন কৰিব লাগে।

৪) ব্যৱসায়িক কৰ্ম আৰু ব্যৱসায়িক দিশত উন্নতিৰ বাবে নিৰ্দিষ্ট পৰিকল্পনা থাকিব লাগে।

৫) নিজৰ সম্পত্তিৰ সামৰ্থ্য অনুযায়ী ধন সমূহ কামত খুটোৱাব লাগে।

৬) ব্যৱসায়িক সফলতাৰ বাবে নিৰ্দিষ্ট‌ সময় সূচী আৰু তালিকা প্ৰস্তুত ৰাখিব লাগে।

৭) নিজৰ সেৱা কাৰ্যৰ প্ৰতি গ্ৰাহকসকলক আকৰ্ষিত তথা পতিয়ন নিয়াৰ যত্ন কৰিব লাগে। গ্ৰাহকসকলে যাতে সেৱাকাৰ্যটো সম্পূৰ্ণ ৰূপে ভাল পায়, তাৰ প্ৰতিও নজৰ ৰখা উচিত।

৮) নিজৰ গ্ৰাহকসকলক সন্তুষ্ট কৰিবলৈ নিজৰ কাৰ্য তথা কৌশল সমূহ পৰিকল্পিনতভাৱে ভাবে হাতত লব লাগে কাৰণ গ্ৰাহকসকলেই ব্যৱসায়ৰ প্ৰকৃত ভেটি।

৯) নিজৰ ব্যৱসায়ৰ খুব ভালদৰে ভাগ বতৰা কৰি লব লাগে যাতে প্ৰতিটো পৰ্যায়ত ইয়াৰ এক নিৰ্দিষ্ট ভাল মূল্য থাকে।

১০) নিজৰ কৌশলসমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ পিছত তাৰ ফলাফলৰ সঠিক বিশ্লেষণ কৰা উচিত। প্ৰতিটো পৰ্যায়ত ফলাফলৰ বিশ্লেষণ কৰা কাৰ্যই নিজৰ ব্যৱসায় সাফল্যৰ শিখৰলৈ লৈ যাব পাৰে। 

উপৰোক্ত তথ্য সমূহ ভালদৰে মনত ৰাখিহে ডিজিটেল প্ৰিণ্টিং পৰিকল্পনা হাতত লব লাগে।

সকলো কাম সঠিক ভাবে কৰিব লাগে, কোনো  কামত সুৰুঙা ৰাখিব নালাগে। বিভিন্ন ধৰণৰ জানি বা নাজানি কৰা গাফিলতিৰ বাবে নিজৰ ব্যৱসায়ৰ স্তৰৰ অৱনতি ঘটিব পাৰে।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।