written by | October 11, 2021

ট্ৰেভেল এজেঞ্জীৰ ব্যৱসায়

×

Table of Content


ট্ৰেভেল এজেন্সীৰ ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব 

কলেজৰ শেষৰটো ছেমিষ্টাৰত এটা সপোন থাকে, গোৱা ফুৰিবলৈ যোৱাৰ, ঠিক ‘দিল চাহতা হ্যে ‘ ছবিখনৰ দৰে। আমি নাজানো এই সপোন কিমান বাস্তৱায়িত হয়। অৱশ্যে এই বছৰ কোনো ভ্ৰমণেই সম্ভৱ নহ‘ল। কিয়নো কৰ‘ণা মহামাৰীৰ সন্ত্ৰাসৰ বাবে। ভ্ৰমণ আমাৰ বহুতৰে নিয়মীয়া চখ৷ দেশ বা বিদেশ য’তেই হওক বছৰত এবাৰ পৰিয়াল বা বন্ধুবৰ্গৰ লগত ভ্ৰমণ কৰিলে দৈনন্দিন জীৱন যাত্ৰাত সতেজতাৰ অনুভৱ হয় আৰু কৰ্মৰ বাবে নতুন উদ্যম লাভ কৰা যায়৷ সঠিক আঁচনিলৈ আগতীয়াকৈ ভ্ৰমণৰ পৰিকল্পনা কৰিলে ভ্ৰমণ সুখদায়ক আৰু মিতব্যয়ী হয়। ভ্ৰমণ কৰাৰ আগতে  যিহেতু ঘৰৰ পৰা আঁতৰলৈ যায় সেয়ে পৰিকল্পনা সালসলনি ঘটিব পাৰে। যেনে ধৰক হোটেল অপছন্দ, টিকট কনফাৰ্ম নোহোৱা ইত্যাদি ইত্যাদি নানা সমস্যাৰ সন্মুখীন হ‘ব পাৰে। এই সকলোবোৰ তেওঁলোকৰ লগতহে ঘটে যিজনে সঠিক পৰিকল্পনা নকৰে। তেনে স্হলত ট্ৰেভেল এজেন্ট এজনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। ট্ৰেভেল এজেন্টৰ পৰা যিসকলে বুকিং কৰে লাগতিয়াল সকলো সুবিধা বাজেটতে লাভ কৰে। ট্ৰেভেল উদ্যোগটো বিশ্বৰ এটা বৃহৎ উদ্যোগ। য‘ত বছৰি ২.৩ ত্ৰিলিয়ন ইউ এছ ডলাৰৰ ব্যৱসায় হয়। লাহে লাহে এই ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটিব ধৰিছে যিহেতু কৰ‘ণাৰ প্ৰভাৱ লাহে লাহে কমি আহিছে। ট্ৰেভেল এজেন্সীবোৰ আমাৰ বাবে এজন গাইডৰ দৰে। যাৰ দ্বাৰা আমাৰ ভ্ৰমণ এটা ভাল স্মৃতি হিচাপে আজীৱন ৰৈ যায়। 

আপুনি যদি এই বিশাল ব্যৱসায়ৰ অংশীদাৰ হব খোজে তেন্তে নিম্নলিখিত নিবন্ধ ভালদৰে পঢ়িব আৰু কিদৰে এই ব্যৱসায় আৰম্ভ কৰিব পাৰে বুজি লওক 

বজাৰৰ পৰ্যবেক্ষণ কৰক 

ব্যৱসায়টো আৰম্ভ কৰাৰ পূৰ্বে  আপোনাৰ বজাৰ, চাহিদা, যোগান সকলোবোৰ কেনেকুৱা হব জানি লোৱাটো উচিত।   সেয়ে আপুনি ভালদৰে পৰ্যবেক্ষণ কৰক। আপোনাৰ আশে পাশে আৰু কোনোবা ট্ৰেভেল এজেন্সীৰ ব্যৱসায় আছে নেকি? কেনে ধৰণৰ সুবিধা আগবঢ়াইছে আৰু তেওঁলোকৰ  বিশেষত্ব কি সেয়াও জানিবলৈ চেষ্টা কৰিব। আপোনাৰ ব্যৱসায়টোৰ বিষয়ে নিজেও জানিব লাগিব। এই ব্যৱসায় লাভজনক আৰু বিনিয়োগো বেছি।লগতে  আপুনি আপোনাৰ ব্যৱসায়টো ঘৰুৱা নে আন্তঃৰাষ্ট্ৰীয় কৰে সেয়াও মন কৰিব।এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এটা ব্যৱসায় আৰম্ভ কৰাৰ আগেয়ে সুপৰিকল্পিত এখন আঁচনি,মূলধনৰ প্ৰয়োজনীয়তা, আদিৰ বিষয়ে বিতংকৈ জানি লোৱা দৰকাৰ।

আপোনাৰ দক্ষতা বৃদ্ধি কৰক

এই ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে  ভ্ৰমণ সংস্কৃতিৰ বিষয়ে জনাটো খুবেই জৰুৰী।ইয়াৰ বাবে আপুনি ডিপ্লমা কৰি জ্ঞান আহৰণ কৰিব পাৰিব । তেতিয়া আপুনি জানিব পাৰিব এই ব্যৱসায়ৰ বিষয়ে। সেইবোৰ ঠাই বা দেশবিলাকৰ বিষয়ে জানি লব য‘ত আপুনি আপোনাৰ সেৱা আগবঢ়ায়।ইয়াৰ বাবে আপোনাক স্হানীয় যোগাযোগ যেনে হোটেল, পৰ্যটক গাইড,ৰেষ্টুৰেন্টৰ লগত এটা সু সম্পৰ্ক গঢ়ি তুলিব। এই সকলোবোৰেত আপোনাৰ গ্ৰাহকক সন্তুষ্টি, বিশ্বাস আৰু সুৰক্ষা প্ৰদান কৰিব পাৰে। নিজৰ কামত পাৰদৰ্শী হ‘বলৈ বহু বছৰৰ অভিজ্ঞতা অৰ্জন কৰিব লাগিব।আপুনি জানিব লাগিব গ্ৰাহকক কিদৰে আকৰ্ষিত কৰিব পাৰি আৰু কেনে সামগ্ৰী তেওঁ লোকক দিব পাৰি।এই ব্যৱসায়টো সম্প্ৰসাৰণ ঘটিব যেতিয়া  আপোনাৰ সামগ্ৰীবোৰৰ মূল্যৰ ওপৰত আৰু সেই সামগ্ৰীসমূহে মানুহক আকৰ্ষিত কৰিব পাৰিছেনে নাই। 

আকাৰ আৰু প্ৰকৃতি 

এই ব্যৱসায়ৰ বাবে আপোনাক প্ৰয়োজন উপযুক্ত ধন থাকিব লাগিব। ট্ৰেভেল এজেন্সী খোলাৰ আগত ইয়াৰ আকাৰ আৰু প্ৰকৃতি নিৰূপণ কৰি লব। আপুনি ইন্টাৰনেশ্বনেল পেকেজত নে ঘৰুৱা  পেকেজত কাম কৰিব?আপোনাৰ ট্ৰেভেল এজেন্সীৰ ব্যৱসায় অনলাইনো কৰিব নেকি? মনত ৰাখিব এই ব্যৱসায় কমিশ্যনত হে চলে। সেয়ে সদায় মূল টকাটো  পোনপটীয়াকৈ সেৱা আগবঢ়োৱা পক্ষই হে লাভ কৰে। সেয়ে ইয়াৰ সবিশেষ আগতীয়াকৈ জানি লোৱাটো উচিত। 

লাইসেন্স আৰু অনুমতি পত্ৰ 

ভাৰতত যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এই দুয়োটা খুবেই প্ৰয়োজন। মনত ৰাখিব যাতে আপুনি চৰকাৰী অনুমতি পত্ৰ লাভ কৰে। ভৱিষ্যতে কোনো বিপদৰ সন্মুখীন নহয়। ব্যৱসায়ৰ বহুতো অনুজ্ঞাপত্ৰ আছে। যেনে ব্যৱসায়ৰ নাম ৰেজিট্ৰেশ্যন, ঠাইডোখৰৰ অনুমতি পত্ৰ,জি এছ টি পঞ্জীকৰণ, ট্ৰেড লাইসেন্স আৰু বহুতো। এইবোৰ লাভ কৰাৰ পাছতহে ব্যৱসায় আৰম্ভ কৰিব পাৰে  । 

এডোখৰ ভাল ঠাই কাৰ্যালয়ৰ বাবে বাচনি কৰিব

আপোনাৰ কাৰ্যালয়ৰ বাবে এডোখৰ ভাল ঠাই বাচনি কৰি লোৱাটো খুবেই জৰুৰী।  এই দিশটো মনত ৰাখিয়েই আপুনি আপোনাৰ ব্যৱসায়ৰ ঠাইডোখৰ নিৰ্বাচন কৰিব যাতে সেই ঠাইডোখৰত আপোনাৰ ব্যৱসায়েই আটাইতকৈ আকৰ্ষণীয় হয়। ঠাইডোখৰ  ভাড়ালৈ ও লব পাৰে বা ক্ৰয়ো কৰিব পাৰে  । য‘ত  জন সমাগম বেছি আৰু ব্যস্ততাপূৰ্ণ এলেকাত হয়।  কোনো শ্বপিং মলৰ তলত বা পৰ্যটকক আকৰ্ষিত কৰিব পৰা ঠাইত হয় যি ঠাইলৈ সঘনে উৎসাহী মানুহ, পৰ্যটকৰ সমাগম ঘটে। 

মূল্যৰ বিপৰীতে সুবিধা 

মানুহেষ কাকো কেতিয়াও বেছি টকা দিব নোখোজে। তেওঁ লোকৰ বাবে আপুনি এজন সেৱা আগবঢ়োৱা এজেন্টহে, যি টকাৰ বিনিময়ত তেওঁলোকক সুবিধা আগবঢ়াইছে। সেয়ে আপুনি আপোনাৰ সেৱাৰ মূল্য পৰিমাণতকৈ অধিক নকৰিব। আপুনি আগবঢ়োৱা সুবিধা অনুসৰি মূল্য সলনি কৰিব পাৰে। 

ই কমাৰ্চ প্লেটফৰ্ম 

সময়ৰ লগে লগে মানুহৰ চাহিদা অনলাইনৰ প্ৰতি বৃদ্ধি পাইছে । ইয়াৰ বাবে এজন দক্ষ টেকনিচিয়ানৰ সহায় লব পাৰে।যি প্ৰতি সময়তে আপোনাৰ ৱেবছাইট কোনো সমস্যা নোহোৱাকৈ চলাব পাৰে ।এই ব্যৱস্হাই আপোনাৰ গ্ৰাহকৰ সুবিধা কৰিব। অনলাইনৰ ব্যৱস্হাটো খুউব মসৃণভাৱে সকলো বয়সৰ গ্ৰাহকৰ সুবিধা হোৱাকৈ ৰাখিব ।ই আপোনাৰ ব্যৱসায় আগবঢ়োৱাত সহায় কৰিব আৰু গ্ৰাহকৰ চাহিদা বৃদ্ধি কৰাব ।

ছচিয়েল মিডিয়া আৰু মাৰ্কেটিং 

আপোনাৰ সামগ্ৰীবোৰ অনলাইন যোগে বিক্ৰী কৰিবৰ বাবে ভাল এটা ৱেবছাইট বনাব। ছচিয়েল মিডিয়া ব্যৱহাৰ কৰক।বজাৰৰ ক্ষেত্ৰত  আজিকালি ই কৰ্মাচে সকলো সহজ কৰি তুলিছে। এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী। আজিকালি ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলোৱা সহজ। আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক। ৰেহাইৰ সুবিধা আগবঢ়াওক। লিফটলেট, পাম্পলেট আদি প্ৰচাৰ পত্ৰিকাৰে বজাৰ দখলৰ চেষ্টা চলাওক। পাৰিলে হোৱাটছ এপৰ জৰিয়তে গ্ৰাহকক ৰেহাই মূল্য ৰ বিষয়ে অৱগত কৰিব। মনত ৰাখিব যাতে গ্ৰাহক আপোনাৰ ব্যৱহাৰত সন্তুষ্ট হৈ থাকে।

এটা  ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এই ব্যৱসায়টো আপোনাৰ বাবে নতুন,সেয়ে  বেয়া দিনৰ বাবেও সাজু থাকিব । সঠিক পৰিকল্পনা আৰু মাৰ্কেটিং কৰাৰ পাছতো কেতিয়াবা ব্যৱসায়ত উন্নতি নহয় তেতিয়া আপুনি ভালদৰে পৰ্যবেক্ষণ আৰু দৃঢ়প্ৰতিজ্ঞ হব। যিকোনো ব্যৱসায়ত ভাল বেয়া সকলো দিন আহে। আপুনি সংকল্প লৈ আগবাঢ়িব। যদিহে আপুনি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এইটো এটা সঠিক সময়।

—শুভকামনাৰে

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।