written by | October 11, 2021

উপহাৰৰ দোকানৰ ব্যৱসায়

×

Table of Content


উপহাৰ সামগ্ৰীৰ ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব

উপহাৰৰ জৰিয়তে আমি আমাৰ মৰম, ভালপোৱা আৰু উদাৰতা আনৰ প্ৰতি প্ৰকাশ কৰিব পাৰো। উপহাৰ দিয়া আৰু উপহাৰ লোৱা এটা সুখৰ অনুভৱ। উপহাৰ পোৱাৰ মানুহজন মুখখন উৎফুল্লিত হৈ পৰে যেতিয়া কোনোজনৰ পৰা তেওঁ এটা উপহাৰ লাভ কৰে।  উপহাৰ দিয়া আৰু উপহাৰ লোৱা পৰম্পৰাটো আদি কালৰে পৰা চলি আহিছে। আমি দেখিবলৈ পাওঁ যে আগৰ দিনৰ ৰজা মহাৰাজসকলে আনৰ প্ৰতি শ্ৰদ্ধা বা চেনেহ উপহাৰৰ মাধ্যমেৰে প্ৰকাশ কৰিছিল। অতীতৰ উপহাৰবোৰৰ স্হান এতিয়া নতুন সামগ্ৰী, নতুন পদাৰ্থই লৈছে। ইয়াত ফুল, শ্ব‘ পিচ, কাৰ্ড আৰু বহু ধৰণৰ বিলাসী সামগ্ৰী ও অন্তভূক্ত হৈছে। নতুন টেকনলজি আৰু পদ্ধতিৰে আমি আমাৰ প্ৰিয় ব্যক্তি সকলৰ লগত সম্পৰ্ক বোৰ গঢ়ি তুলিছো কিন্তু তেওঁৰভাল দিনত আমি উপস্থিত হব নোৱাৰিলেও এটা  উপহাৰে কিন্তু বিশেষ ভূমিকা পালন কৰে। এয়া জন্মদিন,বিয়া বা আন ভাল দিনো হব পাৰে। সেয়ে উপহাৰৰ ব্যৱসায়ে সময়ৰ লগে লগে ভিন্ন ৰূপ ধাৰণ কৰিছে আৰু এটা নতুন ব্যৱসায়ৰ পথ মোকলাই দিছে। ভিন্ন ধৰণৰ ই কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে আপুনি আপোনাৰ প্ৰিয়জনৰ বাবে উপহাৰ  বিশ্বৰ যিকোনো ঠাইলৈ  প্ৰেৰণ কৰিব পাৰে। সাম্প্ৰতিক সময়ত প্ৰতিবছৰে   ৬.৫ বিলিয়ন লোকে উপহাৰ ক্ৰয় কৰে। ইয়াৰ মাজৰ ৭১ শতাংশ বয়স্ক ব্যক্তি উপহাৰৰ সৈতে পেকিঙো ক্ৰয় কৰে। ভাৰতৰ বজাৰত উপহাৰৰ ব্যৱসায় ২০২৫ চনলৈ ১৫৯ মিলিয়ন  হোৱাৰ সম্ভাৱনা আছে। সেয়ে এই ব্যৱসায় এটা লাভজনক ব্যৱসায় হিচাপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। ইয়াত নতুন বিনিয়োগকাৰীয়ে বিনিয়োগ কৰিব খুজিছে। 

জানো আহক এই ব্যৱসায় কেনেদৰে আৰম্ভণি কৰিব 

সামগ্ৰী নিৰ্ধাৰণ কৰিব

যিহেতু উপহাৰৰ বজাৰত  বহু সামগ্ৰী আছে, সকলো সময়তে সকলো সামগ্ৰী লাভ নকৰে আৰু সকলো সামগ্ৰী আপুনি জমা ৰখাতো সম্ভৱ নহয় সেয়ে আপুনি প্ৰথমতে এই কথালৈ মন কৰিব যে আপোনাৰ গ্ৰাহকে কেনে সামগ্ৰী পছন্দ কৰে। তাৰ পাছত সেই অনুযায়ী আপুনি সামগ্ৰীৰ অৰ্ডাৰ দিব পাৰিব। উপহাৰ সদায়েই বতৰ উৎসৱ আৰু সময়ৰ লগে লগে পৰিবৰ্তন হৈ থাকে। বিক্ৰী সোনকালে হোৱা সামগ্ৰীবোৰ বেছিকৈ ৰাখিব। অৰ্ডাৰৰ পূৰ্বে সাৱধান হওঁক। এই ব্যৱসায়টোত আপোনাৰ লাভ হোৱাতো নিশ্চিত কিন্তু আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কেনেধৰণে প্ৰডাক্টবোৰ ৰাখে ।গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ সামগ্ৰী বোৰ ৰাখিব।সামগ্ৰীবোৰ সময়ৰ লগে লগে পৰিবৰ্তন হৈ থাকে ।মনত ৰাখিব যাতে পুৰণি ডিজাইন বোৰৰ উপৰিও নতুন ডিজাইনৰ  ৰাখিব। সেয়ে আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে এনেধৰণৰ গ্ৰাহকৰ প্ৰয়োজনীয় বা ভাল পোৱা সুবিধা বোৰ ৰাখিব।

এডোখৰ ভাল ঠাই বাচনি 

এডোখৰ ভাল ঠাই বাচনি কৰি লোৱাটো খুবেই জৰুৰী। আজিৰ সময়ত গ্ৰাহকসকলে অনলাইন ত উপহাৰ  ক্ৰয় কৰে। যিহেতু তেনে প্ৰক্ৰিয়া তেনেই সহজ আৰু ভিন্ন ধৰণৰ সামগ্ৰী উপলব্ধ।এই দিশটো মনত ৰাখিয়েই আপুনি আপোনাৰ ব্যৱসায়ৰ ঠাইডোখৰ নিৰ্বাচন কৰিব যাতে সেই ঠাইডোখৰত আপোনাৰ ব্যৱসায়েই আটাইতকৈ আকৰ্ষণীয় হয়। ঠাইডোখৰ  ভাড়ালৈ ও লব পাৰে বা ক্ৰয়ো কৰিব পাৰে  ।মাত্ৰ ভাড়ালৈ লওঁতে আপুনি মন কৰিব যাতে আপোনাৰ  সামগ্ৰীবোৰ শৃংখলাবদ্ধ ভাৱে সজাই আকৰ্ষণীয় কৰি  ৰাখিব এনে ঠাই নিৰ্ধাৰণ কৰিব পাৰি । য‘ত  জন সমাগম বেছি আৰু ব্যস্ততাপূৰ্ণ এলেকাত হয়।

এটা সঠিক পৰিকল্পনা কৰক 

এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী।  আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ।আপুনি অনলাইন নে অফলাইন ষ্ট‘ৰ কৰিব?যদি অফলাইন তেন্তে বঢ়িব পৰাকৈ নে কেৱল বিক্ৰী কৰাৰ চিন্তা আৰু যদি অনলাইন তেন্তে আপোনাৰ সামগ্ৰী বোৰ ক‘ত ৰাখিব আৰু কিমান পৰিধিৰ ভিতৰত আবদ্ধ কৰিব। সদায়েই মনত ৰাখিব যাতে এই ব্যৱসায় ৰ বাবে আপোনাৰ এটা সঠিক পৰিকল্পনা থাকে।বেয়া দিনৰ বাবেও সাজু থাকিব।

আন্তঃগাঁথনি আৰু আলোকসজ্জা 

আপোনাৰ  বিপণীখন কাউন্টাৰ, শ্বেলফৰ লগতে সৰু সৰু এল ই ডি বাল্বৰে দোকানখন সজাবলৈ চেষ্টা সামগ্ৰীবোৰ ভাল আৰু শৃংখলাবদ্ধ ভাৱে ৰাখিব। গ্ৰাহকে কেনে সামগ্ৰী ভাল পায়  গ্ৰাহকৰ মনবোৰ জানিবলৈ চেষ্টা কৰিব। তেওঁলোক ৰ বহাৰ ব্যৱস্থা ও ৰাখিব। খুউব ধুনীয়াকৈ দোকানখনৰ সন্মুখ খিনি সজাব। আপোনাৰ  দোকানখনখনলৈ মানুহৰ সমাগম বৃদ্ধি কৰিব । এনেদৰেই আপোনাৰ দোকানখন লাহে লাহে আপোনাৰ অঞ্চলত জনপ্ৰিয় হৈ পৰিব ।

লাইসেন্স আৰু অনুমতি পত্ৰ 

ভাৰতত যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এই দুয়োটা খুবেই প্ৰয়োজন। মনত ৰাখিব যাতে আপুনি চৰকাৰী অনুমতি পত্ৰ লাভ কৰে। ভৱিষ্যতে কোনো বিপদৰ সন্মুখীন নহয়। ব্যৱসায়ৰ বহুতো অনুজ্ঞাপত্ৰ আছে। যেনে ব্যৱসায়ৰ নাম ৰেজিট্ৰেশ্যন, ঠাইডোখৰৰ অনুমতি পত্ৰ,জি এছ টি পঞ্জীকৰণ আৰু বহুতো। এইবোৰ লাভ কৰাৰ পাছতহে দোকান খুলিবলৈ পাৰিব।

সঠিক ডিষ্ট্ৰীবিউটৰ বাচনি কৰক 

প্ৰথমতেই এইটো কৰণীয়। এই ব্যৱসায়  ডিষ্ট্ৰীবিউটৰ নোহোৱাকৈ খোলা টান। সেয়ে এখন তালিকা প্ৰস্তুত কৰক কি কি সেৱা আগবঢ়াব । ডিষ্ট্ৰীবিউটৰে যাতে আপোনাক উন্নত মানৰ সামগ্ৰীৰ যোগান ধৰিব পাৰে। যদিহে আপুনি সামগ্ৰীখিনি নিজেই প্ৰস্তুত কৰিছে তেন্তে কেঁচা সামগ্ৰীবোৰ সময়মতে আৰু কম দামত পাবৰ বাবে ও প্ৰয়োজন।মনত ৰাখিব যাতে আপোনাৰ গ্ৰাহকে সূদা হাতে উভতিব লগা নহয়।স্হানীয় বজাৰত আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ বিচাৰিব। মনত ৰাখিব আপুনি যদি গ্ৰাহকক কিবা প্ৰতিশ্ৰুতি দিয়ে তেন্তে সেয়া সদায়েই বজাই ৰাখিব। যিহেতু এই ব্যৱসায়  সুনামেৰেহে চলে।

অনলাইন 

এখন উপহাৰৰ বিপণী খুলিবলৈ আপোনাৰ শক্তিশালী  স্হানীয় ব্যক্তিৰ লগত যোগাযোগ, সু সম্পৰ্ক থকাতো খুবেই জৰুৰী। প্ৰথমতে ওচৰ চুবুৰীয়া আৰু আশে পাশে থকা মানুহৰ লগত সু সম্পৰ্ক গঢ়ি তুলিব।এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী। ৱেবছাইটোত সামগ্ৰী  সন্দৰ্ভত বিতং ভাৱে জনাব। আপোনাৰ ডেলিভাৰী এলেকাতো নিৰ্ধাৰণ কৰি লব। ৱেবছাইটো আকৰ্ষণীয় কৰি ৰাখিবৰ বাবে ভিন্ন ধৰণৰ বস্তুৰে সজাই অনলাইনৰ ব্যৱস্হাটো খুউব মসৃণভাৱে সকলো  গ্ৰাহকৰ সুবিধা হোৱাকৈ ৰাখিব ।ই আপোনাৰ ব্যৱসায় আগবঢ়োৱাত সহায় কৰিব আৰু গ্ৰাহকৰ চাহিদা বৃদ্ধি কৰাব।

ছচিয়েল মিডিয়া মাৰ্কেটিং 

আপোনাৰ উৎপাদিত সামগ্ৰীবোৰ অনলাইন যোগে বিক্ৰী কৰিবৰ বাবে ভাল এটা ৱেবছাইট  ইয়াৰ বাবে এজন দক্ষ টেকনিচিয়ানৰ সহায় লব পাৰে।যি প্ৰতি সময়তে আপোনাৰ ৱেবছাইট কোনো সমস্যা নোহোৱাকৈ চলাব পাৰে ।আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ মাধ্যমৰে প্ৰচাৰ চলাওক। ৰেহাইৰ সুবিধা আগবঢ়াওক। লিফটলেট, পাম্পলেট আদি প্ৰচাৰ পত্ৰিকাৰে বজাৰ দখলৰ চেষ্টা চলাওক। পাৰিলে হোৱাটছ এপৰ জৰিয়তে গ্ৰাহকক ৰেহাই মূল্য ৰ বিষয়ে অৱগত কৰিব। মনত ৰাখিব যাতে গ্ৰাহক আপোনাৰ ব্যৱহাৰত সন্তুষ্ট হৈ থাকে।

এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এই ব্যৱসায়টো আপোনাৰ বাবে নতুন,সেয়ে  বেয়া দিনৰ বাবেও সাজু থাকিব । সঠিক পৰিকল্পনা আৰু মাৰ্কেটিং কৰাৰ পাছতো কেতিয়াবা ব্যৱসায়ত উন্নতি নহয় তেতিয়া আপুনি ভালদৰে পৰ্যবেক্ষণ আৰু দৃঢ়প্ৰতিজ্ঞ হব। যিকোনো ব্যৱসায়ত ভাল বেয়া সকলো দিন আহে। আপুনি সংকল্প লৈ আগবাঢ়িব। যদিহে আপুনি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এইটো এটা সঠিক সময়।

—শুভকামনা

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।