written by | October 11, 2021

ফাৰ্ণিচাৰৰ ব্যৱসায়।

×

Table of Content


ফাৰ্ণিছাৰৰ ব্যৱসায় আৰম্ভ কেনেদৰে কৰিব 

কাঠক আমি ভিন্ন ৰূপত ব্যৱহাৰ কৰিব পাৰো। কাঠৰ সামগ্ৰী ফাৰ্নিচাৰ হিচাপে ব্যৱহাৰ কৰো। ফাৰ্নিচাৰ এনে এক সামগ্ৰী যাক আমি বিচৰা ধৰণে ৰঙ ৰূপ দিব পাৰো। ইয়াৰ ভিতৰত বহিবৰ বাবে  চকী, চোফা, শুবলৈ বিচনা, খাবলৈ টেবুল অন্যতম। ফাৰ্নিচাৰৰ ইতিহাস বহু পুৰণি। তিনি হেজাৰ দুশ বছৰ পুৰণি ইজিপ্তত ফাৰ্নিচাৰৰ ব্যৱহাৰ হৈছিল। য‘ত  প্ৰথম ফাৰ্নিচাৰ ডিজাইন অঁকা আৰু বনোৱা হৈছিল। সেই সময়ৰ পৰা আজিলৈকে ইয়াৰ ভিন্ন ৰৃপ  দেখা গৈছে। ইয়াক আমি আমাৰ সুবিধা,স্হান আৰু ভিন্ন ধৰণত প্ৰস্তুত কৰি লৈছো।ঘৰ এটা সুন্দৰকৈ সজোৱাৰ ক্ষেত্ৰত আন কেতবোৰ দিশৰ লগতে ফাৰ্নিচাৰ বা আচবাবৰ বহু গুৰুত্ব থাকে।ঘৰৰ আৰ্হিৰ লগত মিলাকৈ ফাৰ্নিচাৰ কিনি সঠিকভাৱে সজোৱাৰ ক্ষেত্ৰত বহুতে ইন্টেৰিঅ‘ৰ ডিজাইনাৰৰ পৰামৰ্শ লয়।সুন্দৰকৈ ঘৰ এখন সজোৱাটো এটা কলা।এই কলাক ভিত্তি কৰি ব্যৱসায় গঢ় লৈ উঠিছে। আজিৰ দিনত ফাৰ্নিচাৰ ক্ৰয় কৰিব গ‘লে ভিন্ন মেটেৰিয়েলত উপলব্ধ হয়, যেনে প্লাষ্টিক,কাঠ ইত্যাদি। ফাৰ্নিচাৰ বনোৱা পদ্ধতিটো দীঘলীয়া য‘ত  কটা ,পকোৱা, গলাই দিয়াকে আদি কৰি বহুতো পদ্ধতি অৱলম্বন কৰা হয়। এই গোটেইবোৰৰ দ্বাৰা মাত্ৰ  ৫০ শতাংশ হে কাম হয় বাকী ৫০ শতাংশ বিক্ৰী কৰিলেহে সম্পূৰ্ণ হয়। 

জানো আহক এই ব্যৱসায় কেনেদৰে আৰম্ভণি কৰিব 

সঠিক পৰিকল্পনা 

প্ৰথমে আপুনি সিদ্ধান্ত লব লাগিব আপুনি খুচুৰা নে নিজা উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব। আপুনি অনলাইন নে অফলাইন ষ্ট‘ৰ কৰিব?যদি অফলাইন তেন্তে বঢ়িব পৰাকৈ নে কেৱল বিক্ৰী কৰাৰ চিন্তা আৰু যদি অনলাইন তেন্তে আপোনাৰ সামগ্ৰী বোৰ ক‘ত ৰাখিব আৰু কিমান পৰিধিৰ ভিতৰত আবদ্ধ কৰিব। সদায়েই মনত ৰাখিব যাতে এই ব্যৱসায় ৰ বাবে আপোনাৰ এটা সঠিক পৰিকল্পনা থাকে। এই ব্যৱসায়ত মূলধনৰ উপৰিও সামগ্ৰী সমূহ ৰখাটো কিছু চিন্তা জনক। ব্যৱসায় এটা সফল কৰাৰ বাবে আটাইতকৈ দৰকাৰী কথাটো হৈছে পেছাদাৰী মনোভাৱ আৰু ব্যৱসায়িক দৃষ্টিভঙ্গী। ভৱিষ্যত পৰিকল্পনা হৈছে আন এটা প্ৰয়োজনীয় দিশ। সময়ৰ লগে লগে ব্যৱসায়ত নতুন নতুন দিশ যোগ কৰি যাব লাগে। অন্যথা বজাৰৰ চাহিদা আৰু নতুন প্ৰযুক্তিৰ উদ্ভাৱনে বহু উদ্যোগ তথা ব্যৱসায়িক প্ৰতিযোগিতাৰ মাজত বৰ্তি থাকিবলৈ নিদিয়ে। নিয়োগৰ ক্ষেত্ৰতো ক্ষুদ্ৰ উদ্যোগে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এক সমীক্ষা মতে ক্ষুদ্ৰ উদ্যোগত বিনিয়োগ হোৱা প্ৰতি একলাখ টকাৰ বিপৰীতে প্ৰায় চাৰিজন মানুহে নিয়োগৰ সুবিধা লাভ কৰে।

বজাৰৰ পৰ্যবেক্ষণ কৰক 

ব্যৱসায়টো আৰম্ভ কৰাৰ পূৰ্বে  আপোনাৰ বজাৰ, চাহিদা, যোগান সকলোবোৰ কেনেকুৱা হব জানি লোৱাটো উচিত।   সেয়ে আপুনি ভালদৰে পৰ্যবেক্ষণ কৰক। আপোনাৰ আশে পাশে আৰু কোনোবা তেনে ব্যৱসায় আছে নেকি? কেনে ধৰণৰ সুবিধা আগবঢ়াইছে আৰু তেওঁলোকৰ  বিশেষত্ব কি সেয়াও জানিবলৈ চেষ্টা কৰিব। আপোনাৰ ব্যৱসায়টোৰ বিষয়ে নিজেও জানিব লাগিব। এই ব্যৱসায় লাভজনক আৰু বিনিয়োগো বেছি।

লাইসেন্স আৰু অনুমতি পত্ৰ 

ভাৰতত যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এই দুয়োটা খুবেই প্ৰয়োজন। মনত ৰাখিব যাতে আপুনি চৰকাৰী অনুমতি পত্ৰ লাভ কৰে। ভৱিষ্যতে কোনো বিপদৰ সন্মুখীন নহয়। ব্যৱসায়ৰ বহুতো অনুজ্ঞাপত্ৰ আছে। যেনে ব্যৱসায়ৰ নাম ৰেজিট্ৰেশ্যন, ঠাইডোখৰৰ অনুমতি পত্ৰ,জি এছ টি পঞ্জীকৰণ, ট্ৰেড লাইসেন্স আৰু বহুতো। এইবোৰ লাভ কৰাৰ পাছতহে ব্যৱসায় আৰম্ভ কৰিব পাৰে  ।

সঠিক ডিষ্ট্ৰীবিউটৰ বাচনি কৰক 

প্ৰথমতেই এইটো কৰণীয়। এই ব্যৱসায়  ডিষ্ট্ৰীবিউটৰ নোহোৱাকৈ খোলা টান। সেয়ে এখন তালিকা প্ৰস্তুত কৰক কি কি সেৱা আগবঢ়াব । ডিষ্ট্ৰীবিউটৰে যাতে আপোনাক উন্নত মানৰ সামগ্ৰীৰ যোগান ধৰিব পাৰে। যদিহে আপুনি সামগ্ৰীখিনি নিজেই প্ৰস্তুত কৰিছে তেন্তে কেঁচা সামগ্ৰীবোৰ সময়মতে আৰু কম দামত পাবৰ বাবে ও প্ৰয়োজন।মনত ৰাখিব যাতে আপোনাৰ গ্ৰাহকে সূদা হাতে উভতিব লগা নহয়।স্হানীয় বজাৰত আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ বিচাৰিব। মনত ৰাখিব আপুনি যদি গ্ৰাহকক কিবা প্ৰতিশ্ৰুতি দিয়ে তেন্তে সেয়া সদায়েই বজাই ৰাখিব। যিহেতু এই ব্যৱসায়  সুনামেৰেহে চলে।

স্হান আৰু প্ৰতিদ্বন্দী  বিশ্লেষণ কৰক 

স্হান ব্যৱসায়ৰ বাবে গুৰুত্বপূৰ্ণ।ভাল স্হানত বিপণী খন হ‘লে ব্যৱসায়ত মুনাফা আদায় কৰিবলৈ সহজ।আপোনাৰ ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে আপুনি আপোনাৰ নিদিষ্ট ঠাইডোখৰ লৈ গৈ ট্ৰেফিক, ব্যৱসায় ৰ গতিবিধি, বাহনৰ প্ৰকাৰ সকলো মন কৰিব লাগে যাতে আপোনাৰ ব্যৱসায় উত্তৰণ ঘটাত সহায় কৰিব পাৰে। আপুনি আপোনাৰ প্ৰতিদ্বন্দী ব্যৱসায়ীৰ পৰা আঁতৰি কেন্দ্ৰ স্হাপন কৰা উচিত যাতে আপোনাৰ ব্যৱসায়ে প্ৰতিদ্বন্দী ব্যৱসায়ীত একো প্ৰভাব পেলাব নোৱাৰে। আপোনাৰ বজাৰ আপুনি নিজৰ দমত লব পাৰে। আপোনাৰ প্ৰতিদ্বন্দী ক আপুনি বিশ্লেষণ কৰক আৰু এইটো চাওক  আপোনাৰ প্ৰতিদ্বন্দী য়ে কেনে ধৰণৰ সুবিধা আগবঢ়াইছে। প্ৰতিদিনে কিমান গ্ৰাহক তেওঁৰ বিপণীলৈ গৈছে আৰু কেনে ৰণনীতি ৰে ব্যৱসায় চলাইছে।এইটোও মন কৰিব যে আপোনাৰ প্ৰতিদ্বন্দী য়ে আগবঢ়োৱা সেৱা সমূহত গ্ৰাহক সন্তুষ্ট হব পাৰিছেনে নে তাতোকৈ অধিক সেৱা গ্ৰাহকে বিচাৰে। আপোনাৰ প্ৰতিদ্বন্দী য়ে ঋণ লৈ কাম কৰি আছে নে ঋণমুক্ত হৈ কৰি আছে।আপোনাৰ ব্যৱসায়ৰ আৰম্ভণিতেই আপুনি গ্ৰাহকৰ পৰা কম মূল্য লওক আৰু অধিক গ্ৰাহক আকৰ্ষিত কৰিবৰ বাবে কম লাভৰ মাৰ্জিন ৰাখক। গ্ৰাহক আৰু আপোনাৰ প্ৰতিদ্বন্দী ক বেছি সুবিধা  প্ৰদান কৰক ।লাহে লাহে যেতিয়া ব্যৱসায় বৃদ্ধি হব তেতিয়া আপুনি আপোনাৰ মূল্যও বঢ়াই দিব। তেতিয়া আপুনি বিশ্বাসী  গ্ৰাহক লাভ কৰিব আৰু মূল্য বৃদ্ধি কৰিলেও আপোনাকেই বেছি পছন্দ কৰিব, লাগিলে আপুনি মূল্য বৃদ্ধি নকৰক কিয়।

অনলাইন 

এখন  বিপণী খুলিবলৈ আপোনাৰ শক্তিশালী  স্হানীয় ব্যক্তিৰ লগত যোগাযোগ, সু সম্পৰ্ক থকাতো খুবেই জৰুৰী। প্ৰথমতে ওচৰ চুবুৰীয়া আৰু আশে পাশে থকা মানুহৰ লগত সু সম্পৰ্ক গঢ়ি তুলিব।এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী। ৱেবছাইটোত সামগ্ৰী  সন্দৰ্ভত বিতং ভাৱে জনাব। আপোনাৰ ডেলিভাৰী এলেকাতো নিৰ্ধাৰণ কৰি লব। ৱেবছাইটো আকৰ্ষণীয় কৰি ৰাখিবৰ বাবে ভিন্ন ধৰণৰ বস্তুৰে সজাই অনলাইনৰ ব্যৱস্হাটো খুউব মসৃণভাৱে সকলো  গ্ৰাহকৰ সুবিধা হোৱাকৈ ৰাখিব ।ই আপোনাৰ ব্যৱসায় আগবঢ়োৱাত সহায় কৰিব আৰু গ্ৰাহকৰ চাহিদা বৃদ্ধি কৰাব।

মাৰ্কেটিঙত গুৰুত্ব আৰোপ কৰক

যিকোনো ব্যৱসায় আৰম্ভ কৰিলে তাৰ মাৰ্কেটিং টো ভালদৰে জনা উচিত ।যিহেতু এটা ব্যৱসায়ৰ বাবে মাৰ্কেটিং গুৰুত্বপূৰ্ণ । এনে ব্যৱসায় আৰম্ভ কৰাৰ সময়ত এনে মানুহৰ সৈতে চিনাকী ৰখা ভাল যি আপোনাক গ্ৰাহক দিয়াত সহায় কৰে ।এনে সামগ্ৰী ভাল পোৱা মানুহৰ সহায়েৰে আপোনাৰ মাৰ্কেটিং হব পাৰে ।আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ উপৰিও ভিন্ন চছিয়েল মিডিয়াৰ মাধ্যমেৰে আপুনি আপোনাৰ মাৰ্কেটিং কৰিব পাৰে।বনাব। ছচিয়েল মিডিয়া ব্যৱহাৰ কৰক। এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী।আজিকালি ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলোৱা সহজ। আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক।মাজে মাজে ৰেহাই মূল্যত আপোনাৰ প্ৰডাক্টবোৰ দিব যাতে সেয়াই গ্ৰাহকক আকৰ্ষিত কৰিব পাৰে । গ্ৰাহকৰ প্ৰতিক্ৰিয়াও জানিবলৈ চেষ্টা কৰিব ।পাৰিলে হোৱাটছ এপ প্ৰফাইল বনাব আৰু তাত মাজে মাজে গ্ৰাহকক তেওঁলোকৰ প্ৰয়োজন অনুযায়ী অফাৰ দিব পাৰিব । তদুপৰি বিজ্ঞাপন দিয়াৰ ব্যৱস্হা কৰিব।

আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এই ব্যৱসায়টো আপোনাৰ বাবে নতুন,সেয়ে  বেয়া দিনৰ বাবেও সাজু থাকিব । সঠিক পৰিকল্পনা আৰু মাৰ্কেটিং কৰাৰ পাছতো কেতিয়াবা ব্যৱসায়ত উন্নতি নহয় তেতিয়া আপুনি ভালদৰে পৰ্যবেক্ষণ আৰু দৃঢ়প্ৰতিজ্ঞ হব। যিকোনো ব্যৱসায়ত ভাল বেয়া সকলো দিন আহে। আপুনি সংকল্প লৈ আগবাঢ়িব। যদিহে আপুনি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এইটো এটা সঠিক সময়।

 

—-শুভকামনাৰে

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।